ছাণ্টাক্লজ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
১৮৮১ চনত থমাছ নাষ্টৰ দ্বাৰা ছাণ্টাক্লজৰ চিত্ৰণ
ছাণ্টাক্লজৰ আধুনিক অৱয়ব, য'ত তেওঁ শিশু সকলৰ পৰা বৰদিনৰ আশাবোৰ শুনে আৰু পূৰণ কৰে

ছাণ্টাক্লজ (ইংৰাজী: Santa Claus) জন এপ'কেলিপছ চেন্ট জৰ্জে হত্যা কৰা চেন্ট নিকোলাছৰ সৈতে জড়িত যে চেন্ট নিকোলাছে এগৰাকী শ্বহীদ মহিলা এজন বুঢ়া মানুহে চান্টাক্লজ আৰু চয়তান খ্ৰীষ্ট বিৰোধী যীচু খ্ৰীষ্টৰ বিৰোধী নাম লয় জগতৰ অন্তলৈকে জগতলৈ দ্বিতীয়বাৰৰ আগমনৰ বিষয়ে। হ'ল বৰদিনৰাতি সৰু ল'ৰা-ছোৱালীলৈ উপহাৰ লৈ আহে বুলি কল্পিত, পকা দাঢ়ি-চুলি আৰু শুভ্ৰ পোছাক পৰিহিত এজন বুঢ়া। ছাণ্টাক্লজৰ চৰিত্ৰৰ বিষয়ে প্ৰাচীন কালৰপৰা বিভিন্ন ধাৰণা প্ৰচলিত আছে। তেওঁক মহিলা, শিশু, দুখীয়া আদি লোকসকলক বিপদত ৰক্ষা কৰিবলৈ ঈশ্বৰে পঠিয়াইছিল বুলি ভবা হয়।[1]

ইতিহাস[সম্পাদনা কৰক]

এটা কাহিনী অনু্সৰি ইটালীৰ মায়াবা নগৰৰ বিছপ, নিকোলাছ নামৰ এজন বৃদ্ধ ভদ্ৰলোকে চতুৰ্থ শতিকাৰ বৰদিন এটাত ৰাতি বাটলৈ ওলাই আহি সকলোকে আনন্দ দিবৰ বাবে যীশু পৃথিৱীলৈ নামি আহিছে বুলি চিঞৰি চিঞৰি কণ কণ ল'ৰা-ছোৱালীবোৰক লজেন, টফি আদি উপহাৰ বিলাই দি আৰ্শীবাদ দিছিল। এই ঘটনাৰ পিছৰ পৰাই সকলোৰে মুখে মুখে কেৱল বৃদ্ধ নিকোলাছৰ কথা। এইদৰেই শুভ্ৰ পোছাক আৰু মুখভৰা বগা দাঢ়িৰে বৃদ্ধ নিকোলাছ কিংবদন্তি হৈ পৰিল। নিকোলাছৰ মৃত্যুৰ পাছত ধৰ্মগুৰু পোপে তেওঁক ছেইণ্ট উপাধি প্ৰদান কৰে। বিছপ নিকোলাছ ছেইণ্ট নিকোলাছ নামেৰে জনাজাত হৈ পৰিল। পাছত ইংৰাজীৰ St. (ছেইণ্ট) শব্দৰ পৰিবৰ্তন হৈ ছাণ্টা (Santa) হ'ল আৰু নিকোলাছৰ প্ৰথম আখৰটো হেৰাই মাথোঁন থাকিল ক্লজ (Claus); ছেইণ্ট নিকোলাছ ছাণ্টাক্লজ ৰূপে জনাজাত হৈ পৰিল।[1]

খ্ৰিষ্টমাছ ফাদাৰ[সম্পাদনা কৰক]

ছাণ্টাক্লজক খ্ৰিষ্টমাছ ফাডাৰ বুলিও কোৱা হয়। ইউৰোপ বা অন্য দেশৰ শিশুসকলে বিশ্বাস কৰে যে বৰদিনৰ ৰাতি ছাণ্টাক্লজ আহি তেওঁলোকৰ বাবে বিভিন্ন উপহাৰ দি থৈ যায়। সেয়েহে শিশুসকলে ছিমনি, দুৱাৰমুখ আদিত নিজৰ জোতা, মোজা, মোনা আদি ওলমাই থৈ দিয়ে, যাতে খ্ৰিষ্টমাছ ফাডাৰে সেইবোৰত তেওঁলোকৰ বাবে উপহাৰ দি থৈ যাব পাৰে। শিশুসকলৰ বিশ্বাস অটুট ৰাখিবলৈ তেওঁলোকৰ মাক-দেউতাকে সেইবোৰত তেওঁলোকৰ মনৰ পছন্দৰ বস্তুবোৰ সুমুৱাই থয়। ইটালী, জাৰ্মানী, ফ্ৰান্স আদি দেশত ঘৰৰে এজন সদস্যই ছাণ্টাক্লজৰ দৰে ভেশ ধৰি বৰদিনৰ মেলত (Christmas Party) উপহাৰ বিলাই ফুৰে।[1]

চিত্ৰৰ ভঁৰাল[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 "জ্ঞানাঞ্জন". প্ৰান্তিক খণ্ড ৩৩শ বছৰ (২য় সংখ্যা): পৃষ্ঠা ৬৫. ১৬ - ৩১ ডিছেম্বৰ ২০১৩.