ছামুৰাই

অসমীয়া ৱিকিপিডিয়াৰ পৰা

ছামুৰাই (ইংৰাজী: Samurai) সকল প্ৰাচীন জাপানৰ এটা যোদ্ধা জাতি। জাপানী ভাষাত ছামুৰাই শব্দৰ অৰ্থ হ'ল "যি কতৰ্ব্য পালন কৰে"। ইতিহাসবিদসকলৰ মতে ছামুৰাই হ'ল মূলত: 'বুচি' বা 'বুচিয়ান' নামৰ যুদ্ধপ্ৰিয় এটা দল। তেওঁলোক অৱশ্যে সকলো সময়তে যুদ্ধক লৈ ব্যস্ত নাথাকে। আন সময়ত খেতি-বাতিও কৰে।[1]

১৮৬০ দশকত অংকন কৰা ছামুৰাইৰ এখন চিত্ৰ

বিশেষত্ব[সম্পাদনা কৰক]

এজন ছামুৰাই পুত্ৰ,জন্মসূত্ৰেই ছামুৰাই হ'ব নোৱাৰে। প্ৰকৃত ছামুৰাইৰ কিছুমান বিশেষত্ব থাকে। সেই বিশেষ গুণ আৰু ক্ষমতা অৰ্জন কৰিব পাৰিলেহে তেওঁক ছামুৰাই বুলি কোৱা হয়। ছামুৰাইসকলে তৰোৱাল চালনা,জুডো আৰু ধনুবিৰ্দ্যাক সমৰকলাৰ অন্তৰ্ভুক্ত কৰি লৈছিল। তেওঁলোক কিন্তু হিংসুক নাছিল। কাৰণ তেওঁলোকৰ বাণী আছিল - "এশবাৰ যুদ্ধ কৰা বা জয় কৰা ডাঙৰ কথা নহয়,বিনাযুদ্ধে শত্ৰুক বশ কৰাহে প্ৰকৃত লক্ষ্য হোৱা উচিত"। এজন প্ৰকৃত ছামুৰাই সমৰকলাত পাৰ্গত হোৱাৰ উপৰিও প্ৰত্যুৎপন্নমতি গুণসম্পন্ন আৰু গভীৰ চিন্তা কৰিব পৰাও হ'ব লাগে। প্ৰাচীন কিছুসংখ্যক জাপানী গ্ৰন্থত ছামুৰাইসকলৰ যুদ্ধকৌশলৰ উল্লেখ আছে। তেনে এখন গ্ৰন্থ হ'ল - "বুকে চো হাত্তো"। ছামুৰাইসকলে বিশ্বাস কৰে যে সাহসেই জীৱন।[1]

ইতিহাস[সম্পাদনা কৰক]

Iron helmet and armor with gilt bronze decoration, Kofun era, 5th century. Tokyo National Museum.

ইতিহাসত,৯৩০ খ্ৰিষ্টাব্দৰ শেষৰ ফালে জাপানত সৰ্বপ্ৰথম এটি বিশেষ যোদ্ধা জাতিৰ উল্লেখ পোৱা যায়। অৱশ্যে তাৰো আগেয়ে চতুৰ্থ আৰু সপ্তম শতাব্দীৰ জাপানৰ কিছু কিছু অঞ্চলত তেওঁলোকৰ সন্ধান পোৱা গৈছিল। ৯৩০ খ্ৰিষ্টাব্দমানত এটা ক্ষমতাশালী যোদ্ধা জাতি হিচাপে ছামুৰাইসকলে নিজৰ অস্তিত্ব ঘোষণা কৰে।[1]

সমৰকলাৰ প্ৰকাৰ[সম্পাদনা কৰক]

শ্ৰেষ্ঠ ছামুৰাই যোদ্ধাসকলে অনেক চিন্তা আৰু পৰিশ্ৰমৰ যোগেদি জাপানৰ সমৰকলাক উন্নত আৰু পৰিশীলিত কৰিছিল। তেওঁলোকে সমৰকলাক তিনিটা শ্ৰেণীত ভাগ কৰিছিল -

  1. হত্যাৰ মাধ্যমত আক্ৰমণ-প্ৰতিৰোধ
  2. আঘাতৰ মাধ্যমত আক্ৰমণ-প্ৰতিৰোধ
  3. হত্যা বা আঘাত অবিহনেই আক্ৰমণ-প্ৰতিৰোধ

প্ৰচাৰ[সম্পাদনা কৰক]

আগ্নেয়াস্ত্ৰৰ ব্যৱহাৰ বাঢ়ি অহাৰ পাছত ছামুৰাইসকলৰ সামৰিক কলা-কৌশল অপ্ৰাসংগিক হৈ পৰিল। ছামুৰাইসকলক প্ৰথমে বিশ্ববিখ্যাত কৰি তোলে জাপানৰ চিত্ৰ পৰিচালক আকিৰা কুৰোছাৱাৰ "ছেভেন ছামুৰাই" নামৰ ছবিখনে। তাৰ পাছতো কুৰোছাৱাই "কাগেমুছা" নামৰ এখন ছবিত ছামুৰাইক প্ৰতিষ্ঠা কৰিছিল। ছামুৰাই সম্পৰ্কীয় আন এখন ছবি হ'ল "ৰেড ছান"।[1]

চিত্ৰভঁৰাল[সম্পাদনা কৰক]



তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 1.3 "জ্ঞানাঞ্জন". প্ৰান্তিক খণ্ড ৩৩শ বছৰ (১ম সংখ্যা): পৃষ্ঠা ৬৪. ১ - ১৫ ডিছেম্বৰ ২০১৩. 

লগতে পঢ়ক[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]