জগদীশ মুখী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
জগদীশ মুখী
অসমৰ ৰাজ্যপাল
কাৰ্যকাল
৩০ ছেপ্টেম্বৰ ২০১৭ – ২০ ফেব্ৰুৱাৰী ২০২৩
পূৰ্বসূৰী বানৱাৰীলাল পুৰোহিত
উত্তৰসূৰী গুলাব চান্দ কাটাৰিয়া
আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ উপ-ৰাজ্যপাল
কাৰ্যকাল
আগষ্ট ২০১৬ – ছেপ্টেম্বৰ ২০১৭
পূৰ্বসূৰী এ. কে. সিং
উত্তৰসূৰী দেৱেন্দ্ৰ কুমাৰ যোশী
ব্যক্তিগত তথ্য
জন্ম
জগদীশ মুখী

১ ডিচেম্বৰ, ১৯৪২ (৮১ বছৰ)
দ্বাজল, ডেৰা গাজি খান, পঞ্জাব, ব্ৰিটিছ ভাৰত (বৰ্তমান পঞ্জাব, পাকিস্তান)
ৰাষ্ট্ৰীয়তা ভাৰতীয়
শিক্ষা পিএইছডি (বিত্ত)
শিক্ষানুষ্ঠান কুৰুক্ষেত্ৰ বিশ্ববিদ্যালয়
দিল্লী বিশ্ববিদ্যালয়

জগদীশ মুখী (ইংৰাজী: Jagdish Mukhi) এজন ভাৰতীয় ৰাজনীতিবিদ আৰু অসমৰ ২৮তম ৰাজ্যপাল।[1][2] তেওঁ ভাৰতীয় জনতা পাৰ্টি আৰু ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সদস্য। অসমৰ ৰাজ্যপাল নিযুক্ত হোৱাৰ আগতে তেওঁ আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ উপ-ৰাজ্যপাল হিচাপে কৰ্মৰত আছিল। ইয়াৰ আগতে তেওঁ দিল্লী চৰকাৰৰ বিত্ত, পৰিকল্পনা, অৱকাৰী আৰু কৰ আৰু উচ্চ শিক্ষা মন্ত্ৰী হিচাপে সেৱা আগবঢ়াইছিল।

প্ৰাৰম্ভিক জীৱন[সম্পাদনা কৰক]

১৯৪২ চনৰ ১ ডিচেম্বৰ তাৰিখে দ্বাজল,ডেৰা গাজি খানত এক পঞ্জাবী পৰিয়ালত জগদীশ মুখীৰ জন্ম হৈছিল। চাৰি বছৰ বয়সত ১৯৪৭ ৰ দেশ বিভাজনৰ বাবে তেওঁৰ পৰিয়াল ভাৰতলৈ গুচি আহি সহনাত নিগাজীকৈ থাকিবলৈ লয়।[3]

তেওঁ ১৯৫৬ চনত ৰাজস্থানৰ অলৱাৰ জিলাৰ ৰাজ ঋষি কলেজৰ পৰা বাণিজ্য শাখাত স্নাতক ডিগ্ৰী লাভ কৰে। তাৰপিছত ১৯৬৭ চনত দিল্লী বিশ্ববিদ্যালয়ৰ পৰা তেওঁ বাণিজ্যৰ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।[3][4]তেওঁৰ ৰাজনৈতিক জীৱন আৰম্ভ হোৱাৰ আগলৈ তেওঁ দিল্লী বিশ্ববিদ্যালয়ৰ অন্তৰ্গত ছহিদ ভগৎ সিং কলেজত অধ্যাপক ৰূপে কাৰ্যনিৰ্বাহ কৰিছিল।[3] ১৯৯৫ চনৰ অক্টোবৰ মাহৰ তেওঁ কুৰুক্ষেত্ৰ বিশ্ববিদ্যালয়ৰ পৰা বিত্ত বিভাগত পিএইছডি ডিগ্ৰী লাভ কৰে।[4]

১৯৭০ চনত তেওঁ প্ৰেম গ্ৰভাৰৰ লগত বিবাহপাশত আবদ্ধ হয়। তেওঁ এগৰাকী সমাজ সেৱিকা আৰু মহিলা জাগৃতি সংঘৰ সদস্যা। তেওঁৰ এজন পুত্ৰ আৰু এগৰাকী কন্যা আছে।[3][4]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]