জগন্নাথ বৰুৱা মহাবিদ্যালয়

অসমীয়া ৱিকিপিডিয়াৰ পৰা
জগন্নাথ বৰুৱা মহাবিদ্যালয়
জে বি কলেজ
মূলমন্ত্ৰ (motto) না হি জ্ঞানেন সদৃশম্ পৱিত্ৰমিহা বিদ্যতে
স্থাপিত ১৯৩০ চনৰ ১৯ আগষ্ট তাৰিখ
অধ্যক্ষ বিমল বৰা
স্থান যোৰহাট, অসম
স্থানীয় নাম জে বি কলেজ
ভুক্তি ডিব্ৰুগড় বিশ্ববিদ্যালয়
ৱেবছাইট http://www.jbcollege.net/


জগন্নাথ বৰুৱা মহাবিদ্যালয় বা চমুকৈ জে বি কলেজ (ইংৰাজী: Jagannath Barooah College) অসমযোৰহাট জিলাৰ পুৰণি শিক্ষানুষ্ঠানসমূহৰ ভিতৰত অন্যতম। ই উজনি অসমৰ প্ৰথমখন মহাবিদ্যালয়। যোৰহাট চহৰৰ মাজমজিয়াতে বৰপাত্ৰ আলিত যোৰহাট কাছাৰী ময়দানৰ ঠিক সন্মুখতে মহাবিদ্যালয়খন অৱস্থিত। জগন্নাথ বৰুৱা মহাবিদ্যালয়ক NAAC-ৰ A গ্ৰেড (CGPA মান ৩.১১) প্ৰদান কৰা হৈছে[1]

ইতিহাস[সম্পাদনা কৰক]

উজনি অসম মহাবিদ্যালয় (Upper Assam College) নামেৰে ১৯৩০ চনৰ ১৯ আগষ্ট তাৰিখে মহাবিদ্যালয়খন স্থাপন কৰা হৈছিল। সেই বছৰৰে ৪ ছেপ্টেম্বৰ তাৰিখৰ আলোচনা সভাত মহাবিদ্যালয়খনৰ পৰিচালনা সমিতিয়ে লোৱা সিদ্ধান্তমৰ্মে শিক্ষানুষ্ঠানখনৰ নাম যোৰহাট মহাবিদ্যালয় ৰখা হয়। ১৯৩৮ চনত পুনৰ এক সিদ্ধান্তমৰ্মে এই নাম সলাই উজনি অসমৰ প্ৰথমগৰাকী গ্ৰেজুৱেট জগন্নাথ বৰুৱাৰ নামত ৰখা হয়। অনুষ্ঠানটোৰ বাবে ভূমি আৰু বৰ্ত্তমানৰ কাৰ্যালয় ভৱন 'বৰপাত্ৰ কুটীৰ' দান কৰিছিল জগন্নাথ বৰুৱাৰ নাতি মুৰুলীধৰ বৰুৱাই।


প্ৰতিস্থাপকসকল[সম্পাদনা কৰক]

জে বি কলেজৰ প্ৰতিস্থাপক মূৰব্বী তথা অধ্যক্ষ আছিল পণ্ডিত কৃষ্ণকান্ত সন্দিকৈ। সহকাৰী শিক্ষকসকল আছিল ক্ৰমে তুলসী নাৰায়ণ শৰ্মা, যজ্ঞেশ্বৰ শৰ্মা, ফণীধৰ দত্ত, প্ৰফুল্ল প্ৰাণ চাংকাকতী আৰু গুণগোবিন্দ দত্ত। এইকেইগৰাকী শিক্ষক আৰু ১৪ গৰাকী বিদ্যাৰ্থীৰে কলিকতা বিশ্ববিদ্যালয়ৰ তত্বাৱধানত মহাবিদ্যালয়খনত আই.এ. (Intermediate of Arts) শ্ৰেণীসমূহ আৰম্ভ কৰা হৈছিল। পিছলৈ ক্ৰমে আই. কম. (I. Com.), কলা শাখাৰ স্নাতক, বাণিজ্যৰ স্নাতক, আই. এছ. ছি. (I. Sc.) আৰু বিজ্ঞানৰ স্নাতক শ্ৰেণীসমূহ খোলা হয়। ১৯৪৮ চনত এই মহাবিদ্যালয় গৌহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত হয় আৰু শেষত ১৯৬৫ চনত ডিব্ৰুগড় বিশ্ববিদ্যালয় স্থাপন হোৱাৰ লগে লগে মহাবিদ্যালয়খনৰ পাঠ্যক্ৰম ইয়াৰ আওঁতালৈ আহে।

অধ্যক্ষৰ তালিকা[সম্পাদনা কৰক]

১৯৩০ চনৰপৰা ২০১২ চনলৈকে মহাবিদ্যালয়খনত মুঠতে সোতৰজন অধ্যক্ষই কাৰ্যনিৰ্বাহ কৰিছে।[2]

ক্ৰমিক নং অধ্যক্ষ কাৰ্যকাল
কৃষ্ণকান্ত সন্দিকৈ ১৯৩০-১৯৪৮
তুলসী নাৰায়ণ শৰ্মা ১৯৪৮-১৯৫২
গুণগোবিন্দ দত্ত ১৯৫২-৯৬৪
এন. চি. গোস্বামী ১৯৬৪-১৯৭৪
কৃষ্ণচন্দ্ৰ কাকতি ১৯৭৪-১৯৭৯
কে. পি. চাংকাকতী ১৯৭৯-১৯৮২
বি. কে. মিশ্ৰ ১৯৮২-১৯৮৩
মাণিকলাল ফুকন ১৯৮৩-১৯৯৫
মুকুল চন্দ্ৰ চলিহা ১৯৯৫-১৯৯৬
১০ আৰ. কে. বৰুৱা ১৯৯৬-১৯৯৮
১১ জি. দাস ১৯৯৮-২০০০
১২ জে. চি. বৰা ২০০০-২০০০
১৩ আৰ. এছ. আগৰৱালা ২০০০-২০০১
১৪ ড° অঞ্জনা চলিহা ২০০১-২০০৩
১৫ ড° এন. জি. গোস্বামী ২০০৩-২০০৬
১৬ ড° বিজয় চন্দ্ৰ শৰ্মা ২০০৬-২০১১
১৭ বিমল বৰা ২০১১-

বিভাগসমূহ[সম্পাদনা কৰক]

বৰপাত্ৰ কুটীৰ

মহাবিদ্যালয়খনত বৰ্ত্তমান তলত উল্লিখিত ১৯ টা বিভাগ আছে।

  1. অসমীয়া
  2. অৰ্থনীতি বিজ্ঞান
  3. ইতিহাস
  4. ইংৰাজী
  5. উদ্ভিদ বিজ্ঞান
  6. কম্পিউটাৰ বিজ্ঞান
  7. গণিত
  8. তৰ্কবিজ্ঞান আৰু দৰ্শন
  9. পদাৰ্থ বিজ্ঞান
  10. পৰিসংখ্যা বিজ্ঞান
  11. প্ৰাণীবিজ্ঞান
  12. বাণিজ্য
  13. বাংলা
  14. ভূগোল
  15. ভূতত্ব
  16. ৰসায়ন বিজ্ঞান
  17. ৰাজনীতি বিজ্ঞান
  18. সংস্কৃত
  19. হিন্দী

পাঠ্যক্ৰম[সম্পাদনা কৰক]

জগন্নাথ বৰুৱা মহাবিদ্যালয়ত উচ্চতৰ মাধ্যমিক, স্নাতক আৰু স্নাতকোত্তৰ পাঠ্যক্ৰম ব্যৱস্থা আছে। তলৰ তালিকাত বৰ্তমানে উপলব্ধ পাঠ্যক্ৰমৰ উল্লেখ আছে:

উচ্চতৰ মাধ্যমিক[3][সম্পাদনা কৰক]

    • কলা
    • বিজ্ঞান
    • বাণিজ্য

স্নাতক পাঠ্যক্ৰম[4][সম্পাদনা কৰক]

কলা শাখা

  • সাধাৰণ ইংৰাজী (General English)
  • আধুনিক ভাৰতীয় ভাষা (Modern Indian Language (MIL))
    • অসমীয়া
    • হিন্দী
    • বাংলা
    • বৈকল্পিক ইংৰাজী (আধুনিক ভাষাৰ পৰিৱৰ্তে)
  • অৰ্থনীতি বিজ্ঞান
  • ৰাজীনীতি বিজ্ঞান
  • দৰ্শন
  • ভূগোল
  • পৰিসংখ্যা বিজ্ঞান
  • বুৰঞ্জী
  • গণিত
  • কাৰ্যকৰী ইংৰাজী (Functional English)
  • বৈকল্পিক অসমীয়া (Elective Assamese)
  • বৈকল্পিক হিন্দী (Elective Hindi)
  • সংস্কৃত

(মেজৰ পাঠ্যক্ৰম: বাংলা, হিন্দী, বৈকল্পিক অসমীয়া, কাৰ্যকৰী ইংৰাজী এই চাৰিটা বিষয়ৰ বাহিৰে ওপৰত উল্লেখিত প্ৰতিটো বিষয়তে মেজৰ পাঠ্যক্ৰম উপলব্ধ।)

বিজ্ঞান শাখা

  • পদাৰ্থ বিজ্ঞান
  • ৰসায়ন বিজ্ঞান
  • গণিত
  • পৰিসংখ্যা বিজ্ঞান
  • ভূতত্ত্ব বিজ্ঞান
  • উদ্ভিদ বিজ্ঞান
  • প্ৰাণী বিজ্ঞান
  • ইলেকট্ৰ'নিক্‌ছ
  • কম্পিউটাৰ বিজ্ঞান

(ইয়াৰে ইলেকট্ৰনিক্‌ছ আৰু কম্পিউটাৰ বিজ্ঞান বিষয়ত মেজৰ পাঠ্যক্ৰম উপলব্ধ নহয়। অইন প্ৰতিটো বিভাগতে মেজৰ পাঠ্যক্ৰম আছে।)

  • পেছাদাৰী পাঠ্যক্ৰম:[5]
    • কম্পিউটাৰ ব্যৱহাৰৰ স্নাতক (Bachelor of Computer Application)
    • তথ্য-প্ৰযুক্তি বিজ্ঞান স্নাতক (B.Sc. IT)

বাণিজ্য শাখা

  • সাধাৰণ স্নাতক পাঠ্যক্ৰম
  • মেজৰ: একাউন্টিঙ এণ্ড ফাইনেঞ্চ, মাৰ্কেটিঙ

স্নাতকোত্তৰ পাঠ্যক্ৰম[6][সম্পাদনা কৰক]

  • ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনত
    • ভূগোল
    • দৰ্শন
  • ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ দূৰৱৰ্তী শিক্ষাৰ অধীনত
    • বাণিজ্য
    • অৰ্থনীতি
    • ৰাজনীতি
    • বুৰঞ্জী
    • অসমীয়া
    • গণিত
    • সমাজবিজ্ঞান
    • কম্পিউটাৰ ব্যৱহাৰৰ স্নাতকোত্তৰ ডিপ্ল'মা (Post-graduate Diploma course in Computer Application (PGDCA))


অন্যান্য সা-সুবিধাসমূহ[সম্পাদনা কৰক]

পুথিভঁৰাল[সম্পাদনা কৰক]

প্ৰতিস্থাপক অধ্যক্ষ পণ্ডিত কৃষ্ণকান্ত সন্দিকৈৰ নামানুসৰি মহাবিদ্যালয়ৰ পুথিভঁৰালৰ নাম কৃষ্ণকান্ত সন্দিকৈ পুথিভঁৰাল ৰখা হৈছে। ২০১১ চনৰ তথ্য অনুসৰি ইয়াত ৩৬,১৭৪ খন পাঠ্যপুথি, ১০,৪৮৬ খন সহায়ক গ্ৰন্থ থকাৰ লগতে অসমীয়া, হিন্দী, আৰু ইংৰাজী ভাষাৰ ৭২ খন ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় সংবাদ পত্ৰিকা আৰ ১৬ খন স্থানীয় তথা ৰাষ্ট্ৰীয় দৈনিক গ্ৰন্থাগাৰলৈ লোৱা হয়।[7]

গৱেষণাগাৰ[সম্পাদনা কৰক]

বিজ্ঞান শাখাৰ বিভাগসমূহৰ একোটা আছুতীয়া গৱেষণাগাৰৰ লগতে কাৰ্যকৰী ইংৰাজী বিভাগৰ এক ভাষিক গৱেষণাগাৰ আছে।[7]

ইয়াৰ উপৰিও শিক্ষানুষ্ঠানখনৰ এটা ছাত্ৰাবাস, এটা ছাত্ৰীনিবাস, এক ইনড'ৰ ষ্টেডিয়াম (ফণীধৰ দত্ত খেলঘৰ), এটা ব্যায়ামগাৰ আৰু দুখন কেন্টিন আছে।

আলোচনী[সম্পাদনা কৰক]

মহাবিদ্যালয়খনৰ বাৰ্ষিক মুখপত্ৰ হৈছে জেবিয়ান। মূল প্ৰাচীৰ পত্ৰিকা স্পন্দনৰ উপৰিও ১৯ টা বিভাগৰ প্ৰতিটোৰে একোখনকৈ প্ৰাচীৰ পত্ৰিকা আছে। লগতে প্ৰয়াস, তৰংগ ইত্যাদি বাৰ্ষিক হাতেলিখা আলোচনীও অন্যতম সংযোজন।

মহাবিদ্যালয়ৰ গীত[সম্পাদনা কৰক]

জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ প্ৰতীকত থকা "Light that never fails" শীৰ্ষক বিষয়বস্তুৰ আধাৰত মহাবিদ্যালয়ৰ সোণালী জয়ন্তী উদযাপনৰ সময়ৰ পৰা 'জ্যোতিৰ শিখা এই অনিৰ্বাণ' শীৰ্ষক গীত মহাবিদ্যালয়ৰ গীতৰূপে গ্ৰহণ কৰা হয়। গীতৰ গীতিকাৰ অমিয়ধৰ বৰুৱা, ৰোহিণীধৰ বৰুৱা আৰু যতীন্দ্ৰকুমাৰ বৰগোহাঞি আৰু সুৰকাৰ অমিয়ধৰ বৰুৱা।[8]

জ্যোতিৰ শিখা এই অনিৰ্বাণ জ্ঞানৰ শিখা এই অনিৰ্বাণ অনিৰ্বাণ পোহৰৰ মহা অভিযান।।

সত্য সুন্দৰ জ্ঞানেৰে মহান বিনাশি অসুন্দৰ আন্ধাৰ অজ্ঞান সোণোৱালী অতীতত জনাই প্ৰণাম নতুন প্ৰভাৰ পথে হ'ম আগুৱান।।

কলা-কৃষ্টি জ্ঞান-বিজ্ঞান সাধনাৰ লক্ষ্য জন কল্যাণ প্ৰজ্বলিত হওক জুৰি চিৰকাল জ্ঞানৰ শিখা চিৰ জ্যোতিষ্মান।।

মহাবিদ্যালয়ৰ সকলোবোৰ অনুষ্ঠানৰ আৰম্ভণিতে গীতটো পৰিবেশন কৰা হয়।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. [http://www.naac.gov.in/sites/naac.gov.in/files/Reaccreditation.pdf List of Institutions Re-Accredited by NAAC (on March 10, 2012)] আহৰণ কৰা তাৰিখ: ২১-০৭-২০১২
  2. Academic Calendar 2011-2012. Jagannath Barooah College
  3. জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ ৱেবচাইট, আহৰণ কৰা তাৰিখ: ২১-০৭-২০১২
  4. জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ ৱেবচাইট, আহৰণ কৰা তাৰিখ: ২১-০৭-২০১২
  5. জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ ৱেবচাইট, আহৰণ কৰা তাৰিখ: ২১-০৭-২০১২
  6. জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ ৱেবচাইট, আহৰণ কৰা তাৰিখ: ২১-০৭-২০১২
  7. 7.0 7.1 Jagannath Barooah College, UG & PG Prospectus (2010-2011
  8. জেবিয়ান, জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ বাৰ্ষিক মুখপত্ৰ, ৬৯তম্ সংখ্যা, ২০০৭-২০০৮ বৰ্ষ

বাহ্যিক সংযোগ[সম্পাদনা কৰক]