জন্মদিন

অসমীয়া ৱিকিপিডিয়া -ৰ পৰা
জন্মদিন উদযাপন

জন্মদিন (ইংৰাজী: Birthday) হৈছে পঞ্জিকা অনুযায়ী মানুহৰ জন্মগ্ৰহণৰ দিৱস। সাধাৰণতে জন্মবাৰ্ষিকীত জন্মদিন উৎসৱৰ মাধ্যমেৰে পালন কৰা হয়। সাধাৰণতে বছৰৰ এটি নিৰ্দিষ্ট মাহৰ নিৰ্দিষ্ট তাৰিখত শিশুৰ বাবে সিহঁতৰ পিতৃ-মাতৃ, আত্মীয়-স্বজন বা ব্যক্তিসকলৰ দ্বাৰা উদযাপিত হয় এই দিৱসটোত। অৰ্থাৎ, বছৰৰ নিৰ্দিষ্ট দিনত জন্মগ্ৰহণকাৰী শিশু বা ব্যক্তিৰ জন্ম উপলক্ষে যি আনন্দময় উৎসৱ-আয়োজনৰ পৰিবেশ সৃষ্টি কৰা হয়, সেয়াই জন্মদিন নামেৰে আখ্যায়িত কৰা হয়। সাধাৰণতে শিশুবোৰক কেন্দ্ৰ কৰিয়েই এই অনুষ্ঠানৰ আয়োজন কৰা হয়। ইয়াৰ বাহিৰেও, বিশ্বৰ বিভিন্ন দেশৰ কিশোৰ-কিশোৰী, যুৱক-যুৱতীসহ বৃদ্ধ-বৃদ্ধাসকলেও জন্মদিন পালন কৰে। জন্মদিন উদযাপনৰ প্ৰধান মাধ্যম শুভেচ্ছা জ্ঞাপন।

মানৱীয় গুণাৱলীৰ অধিকাৰী মানুহ আবেগপ্ৰৱণ জাতি হিচাপে চিহ্নিত। মূলতঃ মাতৃ গৰ্ভৰ পৰা ভূমিষ্ঠ শিশুৰ এক বছৰ সম্পূৰ্ণ হোৱাৰে পৰাই জন্মদিনৰ আয়োজন কৰা হয়। সন্তান বা ব্যক্তিৰ তাৰ জন্মদিৱসটিৰ গুৰুত্ব, সামাজিক প্ৰেক্ষাপটত চিহ্নিতকৰণ আৰু লোকসকলৰ লগত পৰিচিত কৰাটো ইয়াৰ অন্যতম উদ্দেশ্য। নতুবা পিতৃ-মাতৃ আদৰৰ হিচাপে শিশুটোক সন্তুষ্ট আৰু সুখী কৰাৰ বাবেওঁ জন্মদিন পালন কৰা হয়। কেতিয়াবা কেতিয়াবা বেচৰকাৰী পৰ্যায়ত কোন প্ৰতিষ্ঠানৰ উৎপত্তিৰ তাৰিখক কেন্দ্ৰ কৰি পৰৱৰ্তী বছৰবোৰত নিৰ্দিষ্ট তাৰিখে জন্মদিনৰ আয়োজন কৰে। সেইদিনা প্ৰতিষ্ঠানৰ পৰিবেশ অত্যন্ত আনন্দময় আৰু উৎফুল্ল হৈ থাকে। কৰ্মকৰ্তা-কৰ্মচাৰীসহ সংশ্লিষ্টসকলৰ মাজত বিপুল উৎসাহ-উদ্দীপনা, আনন্দ-স্ফূৰ্তিৰ বহিঃপ্ৰকাশ দেখা যায়। যেতিয়া ব্যক্তিৰ বয়স মাহৰ নিৰ্দিষ্ট তাৰিখ আৰু বছৰৰ একেই পৰ্যায়ত অৱস্থান কৰে তেতিয়া তাক মহা জন্মদিন বা লাকী বাৰ্থডে (Lucky Birthday), চেম্পেইন ডে অথবা ষ্টাৰ বাৰ্থডে নামে অভিহিত কৰা হয়।[1]

ছৱিত এটা কেকৰ যোগেদি ৬৪তম জন্মদিন পালন কৰা দেখা গৈছে

সূচী

[সম্পাদনা কৰক] হিচাপ

যাৰ জন্ম ২০১০ চনত, পৰৱৰ্তী বছৰ অৰ্থাৎ ২০১১-ত তাৰ প্ৰথম জন্মবাৰ্ষিকী উদযাপিত কৰা হয়। প্ৰথম জন্ম বাৰ্ষিকী হলেও এইটো তাৰ ২য় জন্মদিৱস। প্ৰথম জন্ম বাৰ্ষিকী বা ২য় জন্ম দিৱসত এজনৰ বয়স ১ হয়। সেয়ে দ্বিতীয় বছৰত কৰে। যিসকলৰ জন্ম জৰ্জিয়ান পঞ্জিকাৰ ফেব্ৰুৱাৰী মাহৰ ২৯ তাৰিখত তাৰ জন্মদিন কেৱল লিপইয়াৰতহে উদযাপন কৰা সম্ভৱ। অৰ্থাত তেওঁলোকে চাৰিবছৰৰ অন্ততহে এটা জন্মদিন পালন কৰিব পাৰে।

[সম্পাদনা কৰক] জন্মদিৱসত কৰণীয় বিষয়সমূহ

[সম্পাদনা কৰক] প্ৰধান উপকৰণ সংগ্ৰহ

মমবাতি জ্বলাই জন্মদিন উদযাপনৰ এটা প্ৰচলিত দৃশ্য

জন্মদিনত মমবাতি (Candle), বেলুন (Ballon) আৰু কেক (Cake) আদি অত্যাৱশ্যকীয় উপকৰণ হিচাপে অনেকদিনৰে পৰাই বিবেচিত হৈ আহিছে। অৰ্ডাৰ দি তৈয়াৰ কৰা কেকবোৰত সাধাৰণতে ব্যক্তিৰ নাম থাকে আৰু চাৰিওদিশে বা মাজখণ্ডত বয়সৰ লগত মিলাই ৰাখি মমবাতিৰ সংখ্যা নিৰ্ধাৰণ কৰে। ইয়াৰ উপৰিও মিঠাই, বিস্কুট, কলা, চাহ-কফি-কোমল পানীয়, ক্ৰীম, দৈ ইত্যাদিৰ ব্যৱস্থা কৰা হয়। মমবাতিত শিখা প্ৰজ্জ্বলনৰ পিছত ছুৰীৰে কেক কাটি শিশু বা ব্যক্তিসকলৰ মুখত দিয়াৰ মাধ্যমেৰে জন্মদিন আৰম্ভ হয়। পৰৱৰ্তীসময়ত কেকৰ বাকী অংশ টুকুৰা টুকুৰ কৰি আমন্ত্ৰিত অতিথিসকলক দিয়া হয়।

[সম্পাদনা কৰক] নিমন্ত্ৰণ প্ৰদান আৰু আমন্ত্ৰণ

গুৰুত্ব অনুযায়ী পূৰ্বৰ পৰাই নিৰ্দ্ধাৰিত জন্মদিনৰ কাৰ্ডৰ মাধ্যমেৰে আমন্ত্ৰিত অতিথিসকলত জ্ঞাত কৰে। কাৰ্ডত জন্মদিনৰ সংখ্যা, কেতিয়া, আপ্যায়ণ, পিতৃ-মাতৃ, আত্মীয়-স্বজনৰ পৰিচিতিসহ শিশু বা ব্যক্তিৰ ছবি থাকে। ইয়াৰ বাহিৰেও দৈনিক কাকত কিছুমানত বিজ্ঞাপনৰ অংশত ছবিসহ শিশু বা ব্যক্তিৰ দীৰ্ঘায়ু কামনা কৰি শুভেচ্ছা বাণী লিখা দেখা যায়। কিছুসংখ্যকে প্ৰতিবেশীসকলক মৌখিকভাৱেই জন্মদিনৰ নিমন্ত্ৰণ কৰা পৰিলক্ষিত হয়।

[সম্পাদনা কৰক] আয়োজনৰ বাবে আৰ্থিক স্বচ্ছলতা

নতুন পোছাক পৰিধান কৰা শিশু নতুবা ব্যক্তিৰ বাবে জন্মদিন একান্ত পালনীয় বিষয়। ইয়াৰ বাহিৰেও, নিমন্ত্ৰিত ব্যক্তিসকলক নিজৰ স্বাচ্ছন্দ্য আৰু ৰুচি অনুসৰি পোছাক পিন্ধি আহে। পৰিবাৰ নাইবা প্ৰতিষ্ঠানিক আৰ্থিক স্বচ্ছলতাৰ উপৰত নিৰ্ভৰ কৰি জন্মদিনৰ আয়োজন কৰা হয়। সাধাৰণতে স্বচ্ছল পৰিবাৰসমূহে জন্মদিন অনুষ্ঠানৰ আয়োজন কৰে। ফলত সেইদিনা সৃষ্ট জন্মদিন উৎসৱটো বেছ জাক-জমকপূৰ্ণ হৈ পৰে।

[সম্পাদনা কৰক] জন্মদিনৰ গান

Happy birthday.ogg
জনপ্ৰিয় ইংৰাজী সংগীত ’হেপ্পী বাৰ্থ দে টু ইউ’

জনপ্ৰিয় গান হিচাপে জন্মদিনত “হেপ্পী বাৰ্থ ডে টু ইউ” গানটোৰ বহুল ব্যৱহাৰ লক্ষ্য কৰা হয়। ভাৰতত হিন্দী চলচ্চিত্ৰৰ "বাৰ বাৰ যে দিন আয়ে বাৰ বাৰ দিল য়ে গায়ে, তু জীয়ে হাজাৰো চাল" আৰু বাংলা সঙ্গীত “জন্মদিনে কি আৰ দেব তোমায় উপহাৰ / বাংলায় নাও ভালোবাসা, হিন্দিতে নাও পেয়াৰ”; “জন্মদিন আজ, গলাটা ছেড়ে গা” অথবা “এলো এক অচেনা বছৰ”; বা বাংলাদেশত, বাংলাত, মাইলস বেণ্ডৰ "আজ জন্মদিন তোমাৰ" ইত্যাদি গানৰ ব্যাপক ব্যৱহাৰ কৰা হয়।

[সম্পাদনা কৰক] জন্মদিনৰ উপহাৰ

আগতে ডাকযোগে জন্মদিনৰ কাৰ্ড প্ৰেৰণ কৰা হৈছিল যিটো বৰ্তমান দিনবোৰত প্ৰগতি আৰু আধুনিক প্ৰযুক্তিৰ প্ৰভাৱত পৰি প্ৰায় হেৰাই যোৱাৰ উপক্ৰম হৈছে। ব্যক্তি আৰু পৰিবেশৰ উপৰত নিৰ্ভৰ কৰি আমন্ত্ৰিত অতিথিসকলে পুতলা, নগদ ধন বা অনান্য উপহাৰ আদি আদান-প্ৰদান কৰা দেখা যায়। কিছুসংখ্যক লোকে অতিথিসকলক নিমন্ত্ৰন যাঁচোতে, মৌখিকভাৱে বা কাৰ্ডত জন্মদিনৰ উপহাৰ নানিবলৈকো অনুৰুধ কৰা দেখা যায়।

[সম্পাদনা কৰক] ধৰ্মীয় প্ৰেক্ষাপটত জন্মদিন

শিশুৰ জন্মদিনত হিন্দু ধৰ্মাৱলম্বীসকলে প্ৰাধান্যতা লক্ষ্য কৰা যায়। ইয়াৰ বাদেও, ইছলাম, খ্ৰীষ্টান, বৌদ্ধ ধৰ্মৰ অনুসৰণকাৰীসহ বিভিন্ন ধৰ্মৰ লোকসকলে জন্মদিন পালন কৰে। শিশুকে প্ৰসাধনসামগ্ৰী আৰু তিলক-চন্দন দি সজোৱাৰ পাছত ধান, দূৰ্বা আৰু উলুধ্বনিৰ সহযোগত উজ্জ্বল আলোক পৰিস্ফূটন দেখা যায়। অনুষ্ঠানটোক স্মৰণীয় কৰি ৰাখিবৰ বাবে কেমেৰা আৰু ভিডিঅৰ ব্যৱস্থা কৰা হয় যাতে পিছত সেয়া চাই স্মৃতিৰোমন্থণ কৰিব পাৰি। গান-বাজনা, নৃত্য, মুকাভিনয়, কৌতুক বা যাদু প্ৰদৰ্শশনীসহ অনান্য লঘূ বিনোদনৰ ব্যৱস্থাও থাকে।

জন্মদিনৰ টুপী পৰিহিত এজনী ছোৱালী

[সম্পাদনা কৰক] পৌৰাণিক দিশত জন্মদিনৰ মাহাত্ম্য

শাস্ত্ৰীয় বিৱৰণ আৰু জ্যোতিষ গণনাৰ ভিত্তিত লোক বিশ্বাস অনুযায়ী ভগৱান শ্ৰীকৃষ্ণৰ জন্ম হৈছিল ৩২২৮ খ্ৰীষ্টপূৰ্বাব্দৰ ১৮ অথবা ২১ জুলাই দিনটোত। সেয়ে এই দিনটো জন্মাষ্টমী নামেৰে পৰিচিত। ভাদ আৰু মাঘ মাহৰ শুক্ল চতুৰ্থীক গণেশ চতুৰ্থী বোলা হয়। হিন্দু বিশ্বাসত এই দিনটোত ভগৱান গণেশৰ জন্মদিন।

হিন্দু ধৰ্মত দ্বাদশ অথবা ত্ৰয়োদশ বছৰত জন্মদিন পালিত হয় ‘পৈত পৰিধান উৎসৱ’ হিচাপে। বয়স পূৰ্তিত শিশু এটাক দীঘল সূতাৰ কুণ্ডলী কান্ধৰ একাষে পৰিধান কৰাই। এই উৎসৱটি উপনয়ণ নামে স্বীকৃত, আনহাতে অসমত ইয়াক লগুণদিয়নী বোলা হয়। হিন্দুসকলৰ বৰ্ণপ্ৰথাত উচ্চতৰ বৰ্ণ হিচাপে ব্ৰাহ্মণ পৰিবাৰৰ সংস্কৃতিত এই উৎসৱটি মূলতঃ বালকৰ ক্ষেত্ৰত প্ৰযোজ্য।[2]

[সম্পাদনা কৰক] যোগ্যতা অৰ্জনৰ মাপকাঠি

মূলতঃ ১৪ বছৰৰ পৰা ২১ বছৰলৈকে জন্মদিন পূৰ্তিবোৰৰ মাধ্যমত পৃথিৱীৰ বিভিন্ন দেশত শিশু-কিশোৰ বিভিন্ন ধৰণৰ যোগ্যতা অৰ্জনৰ অন্যতম ভিত্তিসূচক হিচাপে কাম কৰে। তাৰ মাজৰ -

  • ৬ বছৰ বয়সত ১ম শ্ৰেণীত ভৰ্তি;
  • ১৬ বছৰ সম্পূৰ্ণ হোৱাত সামৰিক বাহিনীতে যোগদান;
  • ১৮ বছৰ সম্পূৰ্ণ হোৱাত নাগৰিক অধিকাৰ হিচাপে ভোটাধিকাৰ প্ৰয়োগ অন্যতম;
  • নাৰী আৰু পুৰুষৰ ক্ষেত্ৰত যথাক্ৰমে ১৮ আৰু ২১ বছৰত বিবাহ কৰাৰ অধিকাৰসহ
  • অনান্য নিৰ্দিষ্ট বয়সসীমাত মদ পান আৰু ধূমপান কৰাৰ অধিকাৰ, লটাৰীৰ টিকেট ক্ৰয়, ড্ৰাইভিং লাইচেঞ্চ প্ৰাপ্তি, নিৰ্বাচনত প্ৰাৰ্থীত্বৰ আবেদন অন্যতম।[3]

[সম্পাদনা কৰক] ৰাষ্ট্ৰীয়ভাৱে জন্মদিনত ছুটি আৰু ইয়াৰ ব্যৱহাৰ

ঐতিহাসিকভাবে স্বীকৃত ধৰ্মীয় ব্যক্তিত্ব, জাতীয় বীৰ বা প্ৰতিষ্ঠাতাৰ সম্মানৰ অৰ্থে দেশসমূহে চৰকাৰী ছুটি প্ৰদান কৰে। যেনে -

[সম্পাদনা কৰক] ব্যতিক্ৰমধৰ্মী জন্মদিন

[সম্পাদনা কৰক] শিক্ষানুৰাগী আৰু সমৰ্থকসকলৰ দ্বাৰা জন্মদিন পালন

[সম্পাদনা কৰক] দিন বিভ্ৰাট

যাৰ জন্মদিন ফেব্ৰুৱাৰী মাহৰ ২৯ তাৰিখ, সেইসকলে পৰৱৰ্তী জন্মদিনটোৰ বাবে চাৰিটা বছৰৰ পিছত অৰ্থাৎ লিপইয়াৰ বা অধিবৰ্ষৰ দিনটোলৈ ৰ’ব লগা হয়।

[সম্পাদনা কৰক] জন্ম তাৰিখৰ ব্যৱহাৰ

স্বাধীন দেশবোৰত প্ৰতিজন নাগৰিকৰ বাবে পৰিচয় পত্ৰত বেংক হিচাব নং, শিক্ষাগত চনদসহ দৈনন্দিন জীৱনত অনেক কাগজপত্ৰৰেই নাম, ঠিকনা, তেজৰ গ্ৰুপসহ জন্মদিন বা তাৰিখৰ তথ্য উল্লেখ কৰা থাকে।

[সম্পাদনা কৰক] তথ্যসূত্ৰ

[সম্পাদনা কৰক] গ্ৰন্থসূত্ৰ

  • Curtis Regan, Dian (March 1991). The Class With the Summer Birthdays. Henry Holth & Co. ISBN 978-0-8050-1657-4.

[সম্পাদনা কৰক] বাহ্যিক সংযোগ

ব্যক্তিগত সৰঞ্জাম
নামস্থান

বিকল্পসমূহ
কাৰ্য্যসমূহ
দিশ-নিৰ্দেশনা
সা-সঁজুলি
আন ভাষাত