জয়মতী

অসমীয়া ৱিকিপিডিয়া -ৰ পৰা
জয়মতী

জয়মতী চলচ্চিত্ৰত নাম ভূমিকাত আইদেউ সন্দিকৈ
জন্ম মেচাগড় মাদুৰী গাঁও, শিৱসাগৰ জিলা
মৃত্যু জেৰেঙা পথাৰ, শিৱসাগৰ জিলা
দাম্পত্যসঙ্গী গদাপাণি
সন্তান লাই, লেচাই
পিতৃ-মাতৃ লাইথেপেনা বৰগোহাঞি আৰু চন্দ্ৰদাৰু

জয়মতী কুঁৱৰী (১৭শ শতিকা) আছিল আহোমতুংখুঙীয়া ফৈদৰ কোঁৱৰ গদাপাণিৰ পত্নী। পতি আৰু দেশৰ হকে জীৱন ত্যাগ কৰাৰ বাবে জয়মতী অসম বুৰঞ্জীৰ এক উল্লেখনীয় চৰিত্ৰ।[1] যেতিয়া এক বিশেষ ৰাজনৈতিক পৰিস্থিতিত পৰি গদাপাণিয়ে ৰজাৰ সৈন্যৰ পৰা পলাই ফুৰিবলগীয়া হৈছিল, জয়মতীয়ে তেওঁৰ ঠিকনা ৰজাৰ সৈন্যক নকৈ বহুদিন ধৰি চাওদাঙৰ শাস্তি খাই মৃত্যুবৰণ কৰিছিল।[2] জয়মতীৰ পুত্ৰ ৰুদ্ৰ সিংহ‍ই পৰৱৰ্তী সময়ত মাতৃয়ে শাস্তি লভি মৃত্যুবৰণ কৰা স্থানত জয়সাগৰ নামে এটা পুখুৰী খন্দায় আৰু জয়দৌল নিৰ্মাণ কৰোৱায়। এই কাহিনীটোক কেন্দ্ৰ কৰিয়েই জ্যোতিপ্ৰসাদ আগৰৱালাই ১৯৩৫ চনত প্ৰথম অসমীয়া চলচ্চিত্ৰ জয়মতী নিৰ্মাণ কৰিছিল। ২০০৬ চনত পুনৰ মঞ্জু বৰাৰ পৰিচালনাৰে জয়মতী নামেৰেই আন এখন চলচ্চিত্ৰ নিৰ্মাণ কৰা হয়। অৱশ্যে কোনো কোনো বুৰঞ্জীবিদে জয়মতীৰ অস্তিত্বক লৈ সন্দেহ প্ৰকাশ কৰি আহিছে।[3]

সূচী

[সম্পাদনা কৰক] বংশ-পৰিয়াল

বেছিসংখ্যক বুৰঞ্জীবিদৰ মতে জয়মতীৰ পিতৃ আছিল আহোম ৰাজ্যৰ বিষয়ববীয়া লাইথেপেনা বৰগোহাঞি আৰু মাতৃ চন্দ্ৰদাৰু।[3] লাইথেপেনাৰ পিতৃ আছিল লালুকসেন ফুকন আৰু চন্দ্ৰদাৰুৰ পিতৃ আছিল লেচাই বৰগোঁহাই। শিৱসাগৰৰ পৰা ন কিল'মিটাৰ আঁতৰৰ মেচাগড় মাদুৰী গাঁৱত জয়মতীৰ জন্ম হৈছিল।[2] ড° সূৰ্যকুমাৰ ভূঞাৰ 'অসম বুৰঞ্জী' উল্লেখ থকা এটা গীতৰ মতে লাইথেপেনা বৰগোহাঞিৰ পত্নী আছিল ১২ গৰাকী, পুত্ৰ আছিল ২৪ জন আৰু জয়মতীৰ সৈতে কন্যা সন্তান আছিল ১৩ গৰাকী। বৰগোহাঞিৰ পূৰ্বপুৰুষে চুকাফাই অসমলৈ আহি ৰাজ্য স্থাপন কৰা সময়ৰে পৰা বিষয়বাব আৰু মন্ত্ৰীত্ব লাভ কৰি আহিছিল। গদাধৰ সিংহই জয়মতীক বিয়া পতাৰ উপৰিও ল'ৰাৰজা চুলিক্‌ফাইও বৰগোহাঞিৰ আন এগৰাকী কন্যাক বৰকুঁৱৰী পাতিছিল।[3]

[সম্পাদনা কৰক] বিবাহ

কিংবদন্তীমতে এদিন গোবৰ ৰজাৰ পুত্ৰ গদাপাণি কোঁৱৰ মাদুৰীত থকা লাইথেপেনা বৰগোহাঞিৰ ঘৰত উপস্থিত হ'ল। শক্তিশালী যুৱক গদাপাণিৰ খোৱা-লোৱাৰ পৰিমাণো বেছি আছিল। দুপৰীয়া ভোক আৰু ভাগৰত গদাপাণিয়ে বৰগোহাঞিৰ ঘৰত সোমাই যি আছে খাবলৈ বিচাৰিলে। জয়মতী আছিল বৰগোহাঞিৰ জীয়ৰীকেইজনীৰ ভিতৰত ডাঙৰ। গতিকে আলহী সোধাৰ দায়িত্ব জয়মতীৰ ওপৰত পৰিল। জয়মতীয়ে লৰালৰিকৈ গদাপাণিক পঁইতা ভাত আৰু ভাজি খাবলৈ দিলে। আহাৰ গ্ৰহণ কৰি গদাপাণি সন্তুষ্ট হ'ল আৰু জয়মতীৰ সেৱা-সত্‍কাৰ দেখি অভিভূত হ'ল। এই চিনাকীৰ আলমতে পিছলৈ পিতৃ, পৰিয়াল সকলোৰে অনুমতি সাপেক্ষে গদাপাণি আৰু জয়মতীৰ চকলং প্ৰথামতে বিবাহ সম্পন্ন হয়।[3]

[সম্পাদনা কৰক] ৰাজনৈতিক কন্দল

১৬৭০ চনত চক্ৰধ্বজ সিংহৰ মৃত্যু আৰু ১৬৮১ চনত গদাধৰ সিংহৰ ৰাজাভিষেকৰ মাজৰ সময়ছোৱাত ৰাজপাতত ছজন বেলেগ বেলেগ ৰজা অধিষ্ঠিত হৈছিল। ডেবেৰা বৰবৰুৱাই ষড়যন্ত্ৰ কৰি উদয়াদিত্য সিংহৰ হত্যা কৰোৱাৰ পিছত ৰাজ্যত কুশাসনৰ পাতনি মেলে।[4] প্ৰতিদ্বন্দীসকলক হত্যা কৰা হ'ল, প্ৰভাৱশালী কোঁৱৰসকলৰ অঙ্গক্ষত কৰা হ'ল আৰু ৰাজবিষয়াক ইচ্ছামতে আঁতৰাই পঠোৱা হ'ল। আন কিছুমান বিষয়াই ৰাজধানীলৈ গৈ ডেবেৰাক ধৰি মৃত্যুদণ্ড বিহে আৰু তেওঁলোকৰ পছন্দৰ কোঁৱৰা এজনক ৰাজপাটত বহুৱায়। প্ৰধান মন্ত্ৰী আতন বৰগোহাঁইয়ে ৰাজনৈতিক পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনে। তেওঁক দুবাৰকৈ ৰজা হোৱাৰ প্ৰস্তাৱ দিয়া হৈছিল যদিও অস্বীকাৰ কৰে। আতন বৰগোহাঁই আৰু গুৱাহাটীৰ ৰাজবিষয়া লালুকসোলা বৰফুকনৰ মাজত মতাদৰ্শ আৰু ৰাজনৈতিক প্ৰতিদ্বন্দিতা বাঢ়ি আহে।

লালুকসোলা বৰফুকনে ৰাজশক্তি অধিকাৰ ৰখাৰ স্বাৰ্থত বঙ্গৰ শাসক চুলতান আজমতৰাৰ লগত গুৱাহাটী মোগলৰৰ হাতলৈ হস্তান্তৰ কৰাৰ চক্ৰান্ত কৰে।[5] বিনিময়ত তেওঁক চাৰি লাখ টকা আৰু স্বৰ্গদেউ হোৱাৰ সহায় কৰাৰ প্ৰতিশ্ৰুতি দিয়া হয়। সেইমতেই তেওঁ ১৬৭৯ চনত গুৱাহাটী নবাব মনচুৰ খানৰ হাতত সঁপি দিয়ে যাক চুলতানে ফৌজাদাৰ পাতে। ইয়াৰ পিছত লালুকসোলা দলেবলে গড়গাঁৱলৈ গৈ আতন বৰগোহাঁইক হত্যা কৰে আৰু চৈধ্য বছৰীয়া চুলিক্‌ফা বা ল'ৰা ৰজাক নামত স্বৰ্গদেউ পাতে। তেওঁ নিজৰ পাঁচ বছৰীয়া কন্যাক ল'ৰা ৰজালৈ বিয়া দিয়ে আৰু 'বুঢ়াফুকন' নামৰ নতুন পদ এটা সৃষ্টি কৰি ৰজাৰ হৈ শাসনভাৰ চম্ভালে। প্ৰতিদ্বন্দিতাৰ আশঙ্কা কৰি তেওঁ অঙ্গত খুঁত থকা কোঁৱৰ ৰজা হ'ব নোৱাৰা নিয়মৰ সুযোগ লৈ ৰজা হোৱাৰ উপযুক্ত কোঁৱৰসকলক শাস্তি বিহাত লিপ্ত হয়।[4]

[সম্পাদনা কৰক] আত্মত্যাগ

জয়মতীয়ে বিশ্বাস কৰিছিল যে লালুকসোলাৰ স্বেচ্ছাচাৰী শাসনৰ ওৰ পেলাই গদাপাণিয়ে এদিন ৰাজ্যলৈ শান্তি ঘূৰাই আনিব পাৰিব। সেইবাবে ৰজাৰ চোৰাংচোৱাই ধৰাৰ আগতেই তেওঁ গদাপাণিক ঘৰ এৰি পলাই যাবলৈ অনুৰোধ কৰে। বুৰঞ্জীৰ মতে ঘৰ এৰি যাওঁতে গ্দাপাণিয়ে পত্নী জয়মতী আৰু দুই পুত্ৰ লাই-লেচাইক এৰি গৈছিল। কিন্তু হৰকান্ত বৰুৱাৰ মতে গদাপাণিয়ে জয়মতীৰ লগত পলাই গৈ অৰণ্যত সৰু ঘৰ এটা সাজি আছিলগৈ। কিন্তু সেই ঠাইত ৰজাৰ সৈন্য উপস্থিত হোৱাত জয়মতীৰ অনুৰোধত তেওঁ পলাই যায়। এইখিনি কথাৰ উল্লেখ আন কোনো বুৰঞ্জীত নাই।[3] ঘৰৰ পৰা পলাই গৈ গদাপাণি কেইদিনমান মেটেকাত বগী বৰপোহাৰীৰ ঘৰত আছিলগৈ। তাৰ পিছত তেওঁ নগা পাহাৰত আশ্ৰয় লয়।[6]

গদাপাণিক বিচাৰি নাপাই ৰজাৰ সৈন্যই জয়মতীকে ধৰি নিয়ে। ৰাজসভাত থিয় কৰাই সোধ-পোচ কৰাৰ পিছতো গদাপাণিৰ ঠিকনা নাপাই লালুকসোলাই ভাবিলে যে পত্নীক ৰাজহুৱাকৈ অত্যাচাৰ কৰিলে গদাপাণিয়ে নিজেই আহি ধৰা দিব। সেইমতে জেৰেঙা পথাৰত কোটকোৰা গছত বান্ধি লৈ চাওদাঙৰ হতুৱাই জয়মতীক নানা প্ৰকাৰৰ শাস্তি প্ৰদান কৰা হ'ল।[1] ইয়াৰ পিছতো জয়মতীয়ে স্বামীৰ বাতৰি ক'বলৈ অমান্তি হয়। এই শাস্তিৰ বাতৰি গদাপাণিৰ কাণত পৰাত তেওঁ ছদ্মবেশেৰে নগা পাহাৰৰ পৰা জেৰেঙা পথাৰলৈ আহে। এজন অচিনাকী মানুহৰ ৰূপত তেওঁ জয়মতীক শাস্তি খোৱাতকৈ স্বামীৰ কথা কৈ দিবলৈ অনুৰোধ কৰে। কিন্তু জয়মতীয়ে তেওঁক চিনিব পাৰি আঁতৰি যাবলৈ কয়। ১৪ দিনৰ নিৰ্যাতন সহ্য কৰি ১৬০১ শকৰ ১৩ চ'ত বা ১৬৭৯ খ্ৰীষ্টাব্দৰ ২৭ মে'ত জয়মতীৰ মৃত্যু হয়।[2]

দুতিৰাম হাজৰিকাৰ 'অসমৰ পদ্য বুৰঞ্জী'ত উল্লেখ থকা মতে লাই-লেচাইৰ লগতে জয়মতীৰ এগৰাকী কন্যাও আছিল। তাইকো মাকৰ লগত চাওদাঙে হত্যা কৰিছিল।[3] আনহাতে ড° সূৰ্যকুমাৰ ভূঞাৰ মতে মৃত্যুৰ সময়ত জয়মতী সগৰ্ভা আছিল।

[সম্পাদনা কৰক] গদাধৰ সিংহ আৰু ৰুদ্ৰসিংহৰ শাসন

জয়মতীৰ মৃত্যুৰ দুবছৰ পিছত ল'ৰাৰজাৰ স্বেচ্ছাচাৰী শাসনৰ অন্ত পেলাই ১৬৮১ খ্ৰীষ্টাব্দত গদাপাণি আহোম ৰাজ্যৰ ৰজা হয়। তেওঁ টাই নাম চুপাত্‌ফা আৰু হিন্দু নাম গদাধৰ সিংহ গ্ৰহণ কৰে। ১৬৮১ চনৰ পৰা ১৬৯৬ চনলৈ তেওঁৰ শাসনকালত অসমৰ শান্তি ঘূৰি আহে। প্ৰথমেই তেওঁ গুৱাহাটীৰ পৰা মনচুৰ খানক আঁতৰাবলৈ সৈন্য পঠিয়ায়। ১৬৮২ চনত ইটাখুলিৰ ৰণত আহোমসকলে মোগলৰ পৰা গুৱাহাটী পুনৰুদ্ধাৰ কৰে।

গদাধৰ সিংহৰ পিছত ১৬৯৬ খ্ৰীষ্টাব্দত তেওঁৰ বৰপুত্ৰ লাই ৰাজপাটত উঠি চুখ্ৰুংফা বা ৰুদ্ৰ সিংহ নাম লয়। তেওঁক আহোমৰ শ্ৰেষ্ঠ ৰজা বুলি অভিহিত কৰা হয়।[5] মাকৰ স্মৃতি ৰক্ষাৰ্থে তেওঁ ১৬৯৭ খ্ৰীষ্টাব্দত জেৰেঙা পথাৰৰ ঠাইটুকুৰাত জয়সাগৰ পুখুৰী খন্দোৱায় আৰু তাৰ পাৰতে জয়দৌল নিৰ্মাণ কৰোৱায়।[2] ৰুদ্ৰসিংহই ১৭০৪-০৫ চনত জয়সাগৰ পুখুৰীৰ পাৰত শিৱ মন্দিৰৰ সন্মুখত ফাকুৱা দৌলো সজায়। কোৱা হয় যে জয়মতীৰ স্মৃতিতে মৈদামৰ দৰে এইটো নিৰ্মাণ কৰাই ভিতৰত তেওঁৰ মূৰ্ত্তি প্ৰতিষ্ঠা কৰা হৈছিল।[উদ্ধৃতিৰ প্ৰয়োজন]

[সম্পাদনা কৰক] ঐতিহ্য

জয়মতীৰ আত্মত্যাগে সমাজলৈ সুস্থিৰতা ঘূৰাই অনাৰ লগতে জাতীয় জীৱনৰ প্ৰতিটো দিশলৈ সুস্থিৰতা আনে।[7] অসমত প্ৰতি বছৰৰ ১৩ চ'ত তাৰিখে (২৭ মাৰ্চ) জয়মতীৰ এই মহান ত্যাগক স্মৰণ কৰি সতী জয়মতী দিৱস অনুষ্ঠিত কৰা হয়। শেহতীয়াকৈ অসম চৰকাৰে জয়মতীৰ নামত ২০১৩ চনৰ পৰা এটা বঁটা প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।[8]

[সম্পাদনা কৰক] লগতে চাওক

[সম্পাদনা কৰক] তথ্যসূত্ৰ

  1. 1.0 1.1 হিৰণ্ময়ী দত্ত (মাৰ্চ ২৭, ২০১২). "জয়মতী দিৱস উপলক্ষে". দৈনিক বাতৰি আজিৰ দৈনিক বাতৰি. সংগ্ৰহ কৰা হৈছে: মাৰ্চ ২৮, ২০১২.
  2. 2.0 2.1 2.2 2.3 Dr Kathita Hatibaruah (March 27, 2008). "Remembering Sati Joymoti". Assam Tribune The Assam Tribune. (Web link). সংগ্ৰহ কৰা হৈছে: March 28, 2012.
  3. 3.0 3.1 3.2 3.3 3.4 3.5 হেমন্ত কুমাৰ ভৰালী (২০০১). এহেজাৰ বছৰৰ এশগৰাকী অসমীয়া. গুৱাহাটী: চিত্ৰলেখা পাব্লিকেশ্বন্‌ছ. পৃষ্ঠা. ১২১-১২৫. 
  4. 4.0 4.1 "Sukhaangpha (1923) to Rudra Singha (1714)". Assam Chronicle. February 28, 2011. http://www.assamchronicle.com/node/7. Retrieved April 18, 2012. 
  5. 5.0 5.1 "Assam in the Ahom Age (1228-1826)". Govt. of Assam. http://online.assam.gov.in/history1?webContentId=173375. Retrieved April 18, 2012. 
  6. "History of Assam: The Medieval Period". Govt. of Assam. http://online.assam.gov.in/web/guest/historyofassam?webContentId=109376. Retrieved April 18, 2012. 
  7. প্ৰীতিমা চাংমাই নেওগ (March 15, 2012). "অসমৰ জাতীয় জীৱনলৈ জয়মতীৰ অৱদান". Xahitya.org. http://www.xahitya.org/2012/03/15/%E0%A6%85%E0%A6%B8%E0%A6%AE%E0%A7%B0-%E0%A6%9C%E0%A6%BE%E0%A6%A4%E0%A7%80%E0%A7%9F-%E0%A6%9C%E0%A7%80%E0%A7%B1%E0%A6%A8%E0%A6%B2%E0%A7%88-%E0%A6%9C%E0%A7%9F%E0%A6%AE%E0%A6%A4%E0%A7%80%E0%A7%B0/. Retrieved April 19, 2012. 
  8. "Assam Govt. to Introduce Award after Ahom Princess Joymati". Northeast today. February 1, 2012. http://www.northeasttoday.in/our-states/assam/assam-govt-to-introduce-award-after-ahom-princess-joymati/. Retrieved April 19, 2012. 
ব্যক্তিগত সৰঞ্জাম
নামস্থান

বিকল্পসমূহ
কাৰ্য্যসমূহ
দিশ-নিৰ্দেশনা
সা-সঁজুলি
আন ভাষাত