জয়মতী (১৯৩৫ চলচ্চিত্ৰ)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
জয়মতী

জয়মতীৰ দৃশ্য
পৰিচালক জ্যোতিপ্ৰসাদ আগৰৱালা
প্ৰযোজক জ্যোতিপ্ৰসাদ আগৰৱালা
লেখক 'সতী জয়মতী' নামৰ নাটক, নাট্যকাৰ: লক্ষ্মীনাথ বেজবৰুৱা
অভিনয়ত আইদেউ সন্দিকৈ,
ফুনু বৰুৱা (পৰশুৰাম বৰুৱা)
সংগীত পৰিচালক জ্যোতিপ্ৰসাদ আগৰৱালা
চিত্ৰগ্ৰহণকাৰী ভুপাল শঙ্কৰ মেহতা
পৰিবেশক চিত্ৰলেখা মুভিটোন
দেশ ভাৰত
ভাষা অসমীয়া


জয়মতী, ১৯৩৫ চনত মুক্তি পোৱা, প্ৰথমখন অসমীয়া কথাছবিলক্ষ্মীনাথ বেজবৰুৱাৰ ১৭ শতিকাৰ অসমৰ 'সতী জয়মতী' নাটকৰ ওপৰত ভিত্তি কৰি, জ্যোতিপ্ৰসাদ আগৰৱালাই এই ছবিখন প্ৰযোজনা আৰু পৰিচালনা কৰিছিল। আইদেউ সন্দিকৈয়ে এই ছবিত মূল নায়িকাৰ চৰিত্ৰত অভিনয় কৰিছিল। ১৯৩৩ চনত ছবিখনৰ কাম আৰম্ভ কৰা হয় আৰু মুক্তি দিয়া হয় ১৯৩৫ চনত। এই ছবিৰ মূল ছুটিং ভোলাগুৰি চাহবাগিচাত জ্যোতিপ্ৰসাদে সজাই লোৱা 'চিত্ৰবন ষ্টুডিঅ'ত কৰা হৈছিল। [1] ১৯৩৫ চনত 'চিত্ৰলেখা মুভিটোন'ৰ বেনাৰত এই ছবিখন মুক্তি দিয়া হয়।

এতিয়া আংশিক ভাৱেহে পোৱা এই ছবিখন ভাৰতৰ তৃত্বীয়খন সবাক ছবি ([2] আৰু প্ৰথমখন ৰাজনৈতিক আৰু বাস্তৱবাদী ধাৰাৰ ছবি বুলি অভিহিত কৰিব কৰা হৈছে।[3] ছবিখনক আংশিক ভাৱে আলটাফ মজিদে উদ্ধাৰ কৰিছে।[4]

কাহিনী সাৰাংশ[সম্পাদনা কৰক]

সোতৰ শতিকাৰ অসম বুৰঞ্জীৰ এটি অধ্যায়ৰ ওপৰত ভেঁজা দি নিৰ্মান কৰা এই কথাছবিখনত জয়মতীৰ কাহিনী দৰ্শোৱা হৈছে। নিজৰ ৰাজপাট নিষ্কণ্টক কৰিবলৈ বৰফুকন লালুকসোলাৰ নিৰ্দেশত ল'ৰা ৰজাই ৰাজ্যৰ কোঁৱৰ সকলৰ অংগক্ষত কৰাৰ নিৰ্দেশ দিয়ে। এই অত্যাচাৰৰপৰা হাত সাৰিবলৈ তুংখুঙীয়া ফৈদৰ কোঁৱৰ গদাপানি ৰাজ্য এৰি নগা পাহাৰত গৈ আশ্ৰয় লয়। গদাপানিক বিচাৰি নাপাই তেখেতৰ বতৰা বিচাৰি তেখেতৰ পত্নী জয়মতীজেৰেঙা পথাৰত কেবাদিনলৈ অত্যাচাৰ চলোৱা হয়। কাহিনীটো বুৰঞ্জীমূলক হ'লেও ছবিখনত ইয়াক সমকালীন ভাৰতবৰ্ষৰ ৰাজনৈতিক পৰিস্থিতিৰ লগত তুলনা কৰা দেখা যায়।

'জয়মতী' নিৰ্মাণৰ আঁৰৰ কাহিনী[সম্পাদনা কৰক]

Screenshot Joymati (ডালিমীৰ ৰূপত স্বৰ্গজ্যোতি দত্ত)

ইংলেণ্ডৰপৰা উভতি অহাৰ সময়ত জ্যোতিপ্ৰসাদে ৬ মাহৰ বাবে ইউ. এফ. এ. ষ্টুডিঅ'ত (Universum Film AG Studio) চলচিত্ৰ নিৰ্মাণৰ কলা-কৌশল শিকি লয়। অসমলৈ আহি তেওঁ নিজৰ ছবিৰ বাবে জয়মতীৰ কাহিনীটো সমল কৰি ভোলাগুৰি চাহ বাগিচাত চিত্ৰবন ষ্টুডিঅ' স্থাপন কৰে। তাতেই দুটা কেম্পত পুৰুষ আৰু মহিলাৰ বাবে পৃথকে চলচ্চিত্ৰত অভিনয়ৰ কলা-কৌশল শিকোৱা হয়। ছবিৰ কাৰিকৰী কামৰ বাবে লাহোৰৰপৰা কলা-কুশলী আহিছিল। চলচিত্ৰৰ ফিল্ম পৰিস্ফুটণৰ বাবে কলিকতাৰ বাবে বৰফ অনোৱা হৈছিল। ঢাকাত ছবিখনৰ সম্পাদনাৰ কাম কৰা হয়। আৰু তাতেই জ্যোতিপ্ৰসাদে জানিবলৈ পায় যে ছুটিঙৰ সময়ত বাণীবদ্ধ কৰা শব্দবিলাক অহা নাই। জ্যোতিপ্ৰসাদে তেতিয়া শব্দ-ষ্টুডিঅ' ভাৰালৈ লৈ নিজেই কেবা গৰাকীও শিল্পীৰ মাত কথা বাণীবদ্ধ কৰে। তেখেতে হেনো এদিনতে ছ হাজাৰ ফুট ৰীল বাণীবদ্ধ কৰিছিল। [5]

কাহিনীৰ পচ্ছাদপট[সম্পাদনা কৰক]

জয়মতী আছিল আহোমৰ কোঁৱৰ গদাপানিৰ পত্নী। ১৬৭৯ চনৰপৰা ১৬৮১ চনলৈ স্বৰ্গদেউ চুলিক্‌ফা (ল'ৰাৰজা)-ই লালুক সোলাৰ নিৰ্দেশত ৰাজ্যৰ কোঁৱৰসকলৰ অংগহানিৰ নিৰ্দেশ দিয়ে। অংগক্ষত থকা কোঁৱৰে ৰাজপাটত বহাত বাধা আছিল বাবেই এই আদেশ দিয়া হৈছিল। গদাপানি পলাই যায়। কেবাখনো সত্ৰত আৰু কাষৰীয়া নগা পাহাৰ আৰু অন্যান্য জনজাতীয় গাঁৱত আশ্ৰয় লৈ গদাপানিয়ে প্ৰাণ ৰক্ষা কৰে। কোঁৱৰ গদাপানিক বিচাৰি উলিয়াব নোৱাৰি চুলিক্‌ফাৰ সৈন্যই তেখেতৰ পত্নী জয়মতীক ধৰি লৈ যায় আৰু গিৰিয়েকৰ বতৰা দিবলৈ অত্যাচাৰ আৰম্ভ কৰে। জেৰেঙা পথাৰত চলা কেইবাদিনো জোৰা এই অত্যাচাৰৰ পাছত জয়মতীৰ মৃত্যু হয়। জয়মতীৰ আত্মত্যাগে পাছলৈ ভাল ফল দেখুৱায়। ১৬৮০ চনত লালুক সোলাক হত্যা কৰা হয়। ৰজাঘৰৰ ডা-ডাঙৰীয়া সকলে যোগ্য কোঁৱৰ এজন বিচাৰি গদাপানিক বিচাৰি পঠিয়ায়। গাৰো পাহাৰত আশ্ৰয় লৈ থকা গদাপানিয়ে সৈন্য -সামন্ত গোটাই ল'ৰাৰজাৰ হাতৰপৰা শাসন ভাৰ নিজৰ হাতলৈ আনে। জয়মতীৰ আত্মত্যাগৰ বাবে জনপ্ৰবাদত তেওঁক সতী বুলি মানি লোৱা হয়।

ৰাইজৰ সঁহাৰি[সম্পাদনা কৰক]

১৯৩৫ চনৰ ১০ মাৰ্চ তাৰিখে ছবিখন মুক্তি দিয়া হয় 'ৰৌনক মহল'ত। ছবিখনৰ উদ্ঘাটন কৰিছিল সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাই। গুৱাহাটীকুমাৰ ভাস্কৰ নাট্য মন্দিৰত ছবিখন মুক্তি দিয়া হয়। ছবিখনে দৰ্শকৰ সঁহাৰি লাভ কৰাত ব্যৰ্থ হয় আৰু বহুত লোকচান ভৰিবলগীয়া হয়।

জয়মতীৰ চলচিত্ৰ শৈলী[সম্পাদনা কৰক]

অসমীয়া সমাজ আৰু বুৰঞ্জীৰ সমল লৈ নিৰ্মিত জয়মতীত ৰাছিয়ান চলচিত্ৰৰ মন্তাজৰ প্ৰকাশ দেখা পোৱা যায়। দ্ৰূত সলনি হোৱা কেমেৰাৰ শ্বট, বিশেষ ভাৱে নিৰ্মান কৰা ছেট, আৰু কলা নিৰ্দেশনাত ব্যৱহৃত প্ৰতিকী ব্যঞ্জনাই জ্যোতিপ্ৰসাদৰ কলাত্মক বিবেচনাবোধৰ পৰিচয় দিয়ে।

কাৰিকৰী কথা[সম্পাদনা কৰক]

সৰ্বমুঠ ৪২৬৭.২০ মিটাৰ দীঘল ফিল্মত এই ছবিখন তোলা হৈছিল।

'জয়মতী'ৰ চিত্ৰগ্ৰহণ[সম্পাদনা কৰক]

প্ৰথম অসমীয়া চলচ্চিত্ৰৰ নিৰ্মাতা জ্যোতিপ্ৰসাদ আগৰৱালা

জয়মতীৰ অন্তৰ্দৃশ্যৰ চিত্ৰগ্ৰহনৰ বাবে জ্যোতিপ্ৰসাদে গহপুৰৰ কাষৰ ভোলাগুৰি চাহ বাগিচাত 'চিত্ৰবন' নাম দি এটা ষ্টুডিঅ' নিৰ্মান কৰি লয়। এই ষ্টুডিঅ' নিৰ্মানত থলুৱা সামগ্ৰীৰে থলুৱা আৰ্হিৰ ঘৰ সাজি লোৱা হৈছিল। বাঁহজাঁপি, পহু আৰু ম'হৰ শিং আৰু নগা যাঠীৰে জ্যোতিপ্ৰসাদে ষ্টুডিঅ'ৰ ভিতৰৰ আহোম ৰাজচ'ৰা সাজি লৈছিল। পুৰণি অসমীয়া সাজ-বাছনো গোটাই লৈছিল। লাহোৰৰপৰা শব্দযন্ত্ৰী হিচাপে আহিছিল ফৈজী ভাতৃদ্বয়, নিজৰ আৱিস্কাৰ 'ফৈজী ছাউণ্ড ছিষ্টেম' লৈ। কেমেৰা অনা হৈছিল কলিকতাৰ 'মেহতা'ৰপৰা।

১৯৩৩ চনৰ ডিচেম্বৰ মাহত কলা-কুশলী সকল 'চিত্ৰবন'ত জমা হ'বলৈ ধৰে। তাতেই তেওঁলোক আটাইৰে থকা-খোৱাৰ বন্দবস্ত কৰা হৈছিল। ফিল্ম পৰিস্ফুটনৰ বাবে তাতেই ৰসায়ানাগাৰ গঢ়ি লোৱা হৈছিল।

নটসূৰ্য ফণী শৰ্মাৰ আত্মজীৱনীত পোৱা অনুসৰি চিত্ৰবন অকল ষ্টুডিঅ'ই নাছিল , তাত চিনেমা সম্পৰ্কীয় পাঠদানো কৰা হৈছিল। ফিল্মৰ পৰিস্ফূটনৰ কাম-কাজ, সম্পাদনা, কেমেৰাৰ স্থান ইত্যাদিৰ ওপৰত জ্যোতিপ্ৰসাদে তেওঁলোকক শিকাইছিল। অভিনয়ৰ বাহিৰেও নৃত্য-গীত, শৰীৰ চৰ্চা আদিয়ো কৰোৱা হৈছিল।

ভোলাগুৰি চাহ বাগিছাত অসমৰ প্ৰথম চলচ্চিত্ৰ ষ্টুডিঅ’

ছবিৰ ছুটিঙৰ কাম ১৯৩৪ চনত আৰম্ভ কৰা হৈছিল যদিও কেইদিন পাছতেই বন্ধ কৰি দিয়া হয়। কাৰণ জয়মতীৰ বাবে এগৰাকী উপযুক্ত অভিনেত্ৰী বিচাৰি পোৱা হোৱা নাছিল। অৱশেষত তেওঁ গোলাঘাটৰ ওচৰৰ গাঁৱ এখনত আইদেউ সন্দিকৈক বিচাৰি পায়। দ্বিতীয়বাৰ আৰম্ভ কৰাৰ পাছতো ডাৱৰীয়া বতৰৰ বাবে ছেগা-ছোৰোকাকৈহৈ ছুটিঙ কৰিব পৰা গৈছিল। ১৯৩৪ চনৰ আগষ্ট মাহত ছবিৰ ছুটিঙৰ কাম শেষ হয়। জ্যোতিপ্ৰসাদে নিজেই সম্পদনা কৰি ১৯৩৫ চনত ছবিখন মুক্তি দিয়ে।

অভিনয়ত[সম্পাদনা কৰক]

"জয়মতী"ৰ এটা দৃশ্য
জয়মতীৰ সম্পদনাৰ কামত জ্যোতিপ্ৰসাদ আগৰৱালা।'
  • ফুনু বৰুৱা
  • আইদেউ সন্দিকৈ
  • মোহিনী ৰাজকুমাৰী
  • স্বৰ্গজ্যোতি দত্ত (বিয়াৰ পাছত স্বৰ্গজ্যোতি বৰুৱা)
  • মনোভিৰাম বৰুৱা
  • ফণী শৰ্মা
  • স্নেহ চন্দ্ৰ বৰুৱা
  • নৰেন বৰদলৈ
  • ৰানা বৰুৱা
  • চামচুল হক
  • ৰাজেন বৰুৱা
  • পুতুল হক
  • প্ৰতাপ বৰুৱা
  • ৰাজকুমাৰী গোহাই
  • সুবৰ্ণৰেখা শইকীয়া (সেউতীৰ চৰিত্ৰত)
  • ললিত মোহন চৌধুৰী
  • বনমালী দাস
  • প্ৰফুল্ল চন্দ্ৰ বৰুৱা
  • কমলা প্ৰসাদ আগৰৱালা

ছবিখনৰ পুনৰুদ্ধাৰ[সম্পাদনা কৰক]

দ্বিতীয় বিশ্বযুদ্ধৰ পাছত এই ছবিখন হেৰাই যোৱা বুলি ভবা হৈছিল যদিও, ১৯৭০ চনৰ প্ৰথমভাগত জ্যোতিপ্ৰসাদৰ সৰু ভাতৃ হৃদয়ানন্দ আগৰৱালাই ছবিখনৰ সাতোটা ৰীল গেৰেজ ঘৰত পৰি থকা আৱিস্কাৰ কৰে। ড. ভূপেন হাজৰিকাৰ লগ লাগি ১৯৭৬ চনত 'ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আৰু জয়মতী' নামে এখন তথ্য চিত্ৰ নিৰ্মান কৰি সেই অংশটো ছবিখনত ব্যৱহাৰ কৰে। এই ৰৈ যোৱা অংশৰপৰাই আল্‌টাফ মজিদে ছবিখন আংশিক ভাৱে উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

চিত্ৰবন ষ্টুডিঅ'ৰ বৰ্তমান অৱস্থা[সম্পাদনা কৰক]

গহপুৰৰ পৰা প্ৰায় দহ কিলোমিটাৰ পশ্চিমে অৱস্থিত ভোলাগুৰি চাহ বাগিচাত এতিয়াও 'চিত্ৰবন'ৰ অৱশেষ আছে।

আৰু চাওক[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. Tamuli, Babul (2002) The making of Joymoti, The Assam Tribune. আহৰণ কৰা তাৰিখ: ৫ এপ্ৰিল, ২০১২
  2. Jyoti Prasad Agarwala and his films
  3. Mazid, Altaf (2006), Joymoti : The first radical film of India, Himal Magazine, March 2006.
  4. Interview with Altaf Mazid, Restoring Joymoti, Himal Magazine, March 2006.
  5. Bora, Prafulla Prasad: "Film Making in Assam", The Brahmaputra Beckons, 1982.

বাহ্যিক সংযোগ[সম্পাদনা কৰক]