জল প্ৰদূষণ

অসমীয়া ৱিকিপিডিয়াৰ পৰা

'পানী প্ৰদূষণ(ইংৰাজীWater Pollution)'বিশুদ্ধ পানী জীৱজগতৰ এক অপৰিহাৰ্য উপাদান৷ পানীৰ অবিহনে জীৱই জীৱন নিৰ্বাহ কৰিব নোৱাৰে৷ এই পানীৰ উৎসসমূহ হ’ল সাগৰ,নদী,হ্ৰদ,পুখুৰী,খাল,বিল,ভূগৰ্ভৰ পানী আৰু জলীয় বাষ্প৷ খোৱাৰ বাবে উপযোগী পানীত পৰ্যাপ্ত পৰিমাণৰ পৌষ্টিক উপাদান যেনে খনিজ লৱণসমূহ থকাটো প্ৰয়োজন৷ উল্লেখযোগ্য যে বিশ্বৰ মুঠ প্ৰাকৃতিক খোৱা পানীৰ উৎসৰ শতকৰা ৬০ ভাগ আমেৰিকা আৰু কানাডাৰ জলধাৰাসমূহত মজুত আছে৷ যেতিয়া কোনো প্ৰাকৃতিক কাৰণত নাইবা মানুহৰ কাৰ্যকলাপৰ ফলত জৈৱ,অজৈৱ,নাইবা জৈৱিক(Organic,Inorganic or Biological)কাৰকবোৰৰ প্ৰভাৱত পানীৰ সাধাৰণ গুণাগুণ বিনষ্ট হৈ মানুহৰ গ্ৰহণৰ অনুপযোগী হয় তেতিয়া তেনে পানীক দূষিত পানী আৰু যি পদ্ধতিত পানী দূষিত হয় তাক পানী প্ৰদূষণ (Water pollution) বোলা হয়৷ বিশ্ব স্বাস্থ্য সংস্থাৰ ১৯৯৩ চনৰ এক সমীক্ষা মতে,ভাৰতৰ সকলো ৰোগৰ শতকৰা ১১ভাগ আৰু সোঁচৰা ৰোগৰ ২১ ভাগ উদ্ভৱ হয় প্ৰদূষিত পানীৰ কাৰণেই৷ বৰ্তমান ভাৰতৰ ৭০% নদী আৰু জান-জুৰিয়ে প্ৰদূষিত পানী বহন কৰি আছে৷ [1]

পানী প্ৰদূষণৰ কাৰক[সম্পাদনা কৰক]

Millions depend on the polluted Ganges river

যিহেতু পানীয়ে বহুতো জৈৱ আৰু অজৈৱ যৌগ দ্ৰবীভূত কৰিব পাৰে সেইবাবে পানী প্ৰদূষণৰ বাবে অতি স্পৰ্শকাতৰ৷

ঔদ্যোগিক প্ৰদূষণ কাৰক(Industrial pollution)

কল-কাৰখানাৰপৰা নিৰ্গত হোৱা ধাতৱ পদাৰ্থবিলাক বৰষুণৰ পানীয়ে মাটিৰ ওপৰিভাগৰ পৰা উটুৱাই নি নৈ,বিল,পুখুৰী নাইবা ডাঙৰ জলাশয় আদিত পেলাই দি পানী প্ৰদূষিত কৰে৷ কাৰণ এই ধাতৱ পদাৰ্থবিলাকত ক্লৰি’ন,কষ্টিক ছ’ডা,ফেনল,ছায়েনাইড,এম’নিয়া,পাৰা,সীহ,তাম,আৰ্ছেনিক,কেডমিয়াম প্ৰভৃতি বিষাক্ত পদাৰ্থ থাকে৷ ঔষধ কাৰখানাৰ পৰা নি:সৃত নানাবিধ ৰাসায়নিক পদাৰ্থয়েও পুখুৰী তথা নদীৰ পানী প্ৰদূষিত কৰে৷[1]

নগৰীকৰণ(Urbanisation)

জনসংখ্যা বৃদ্ধিৰ লগে লগে নগৰীকৰণ বৃদ্ধি হৈ গৈ আছে৷ চহৰ বা নগৰৰ মানুহৰ ঘৰত দৈনিক সৃষ্টি হোৱা আৱৰ্জনাবোৰ প্ৰায়েই নদ-নদী,পুখুৰী আদি জলাশয়ত নিক্ষেপ কৰা হয়৷ এই আৱৰ্জনাসমূহৰ ভিতৰত প্লাষ্টিক,পলিথিন বেগ,ৰবৰ,ধূলি-বালি,ঘৰচীয়া প্ৰাণীৰ মলমূত্ৰ,কাগজ,ৰন্ধন প্ৰণালীত ব্যৱহাৰ নোহোৱা অলাগতীয়াল পদাৰ্থসমূহ,ঔষধ আদিয়েই প্ৰধান৷ এইবোৰে পানীত নানা ৰাসায়নিক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰি পানী দূষিত কৰে ফলত তাত থকা প্ৰাণীৰ মৃত্যু হয়৷

Point source pollution – ShipyardRio de Janeiro.
কৃষিকাৰ্য্যৰ পৰা প্ৰদূষণ(Agricultural pollution)

জনসংখ্যা বৃদ্ধিৰ লগে লগে মাটিৰ অভাৱত অলপ মাটিতে অধিক শস্য লাভৰ আশাত নানা ধৰণৰ মাৰাত্মক কীটনাশক,আগাছানাশক(Herbicide) নাইবা সাৰ ব্যৱহাৰ কৰা হয়৷ শস্যই গ্ৰহণ কৰাৰ পিছত বহুতো ৰাসায়নিক দ্ৰব্য মাটিত ৰৈ যায়৷ বৰষুণৰ পানীয়ে সেইবোৰ উটুৱাই নি পুখুৰী,নদী,বিল বা আন জলাশয়ত পেলাই পানী দূষিত কৰে৷

যান-বাহনৰ দ্বাৰা প্ৰদূষণ(Automobile pollution)

নদী,হ্ৰদ,সাগৰ আদিত চলা যান-বাহন বোৰৰ পৰা ওলোৱা তৈলজাতীয় বিষাক্ত পদাৰ্থই পানী প্ৰদূষণ কৰে৷ যুদ্ধ বিগ্ৰহৰ কাৰণেই হওক বা দূৰ্ঘটনাগ্ৰস্ত হোৱাৰ কাৰণতেই হওক বহু হাজাৰ টন তেল কঢ়িয়াই অনা তেলবাহী জাহাজ সাগৰত নিমজ্জিত হোৱাৰ কাৰণে সাগৰৰ পানী প্ৰদূষিত হয়৷

Muddy river polluted by sediment. Photo courtesy of United States Geological Survey.
তেজষ্ক্ৰিয় পদাৰ্থৰ দ্বাৰা –প্ৰদূষণ(Radio- active pollution)

আনবিক চুলা আৰু পাৰমাণবিক বিষ্ফোৰণৰ ফলত বায়ুমণ্ডলত নানাবিধ তেজষ্ক্ৰিয় পদাৰ্থৰ সৃষ্টি হয়৷ বৰষুণৰ লগত এই তেজষ্ক্ৰিয় পদাৰ্থবোৰ নদী,হ্ৰদ,সাগৰ নতুবা আন জলাশয়ত পৰি তাৰ পানী প্ৰদূষিত কৰে৷ সাগৰত কৰা নানাধৰণৰ পাৰমাণবিক পৰীক্ষাৰ ফলতো সাগৰৰ পানী প্ৰদূষিত হয়৷ তাৰোপৰি পৰীক্ষাগাৰ,চিকিৎসালয়,আণবিক শক্তিৰ উদ্যোগ আদিৰ পৰা ওলোৱা আৱৰ্জনাটো তেজষ্ক্ৰিয় পদাৰ্থ থাকে৷ সেয়েহে এই আৱৰ্জনাবোৰ কোনো জলাশয়ত পেলালে তাৰ পানী দূষিত হয়৷

Macroscopic Pollution in Parks Milwaukee, WI
The Vermont Yankee Nuclear Power Plant discharges heated water to the Connecticut River.
তাপীয় প্ৰদূষক(Thermal pollution)

নদীৰ ওপৰত গঢ়ি উঠা কিছুমান উদ্যোগত নদীৰ পানী গৰম বস্তু ঠাণ্ডা কৰাত ব্যৱহাৰ কৰা হয়৷ পিছত গৰম হৈ পৰা এই পানীখিনি পুনৰ নদীত পেলাই দিয়া হয়৷ এই গৰম পানীয়ে জলজ পৰিবেশ বিনষ্ট কৰি পানী দূষিত কৰে৷[1]

A manhole cover unable to contain a sanitary sewer overflow.

পানী প্ৰদূষণৰ প্ৰভাৱ(Effects of water pollution)[সম্পাদনা কৰক]

পানী প্ৰদূষণৰ ফলত জীৱজগত বিভিন্ন ধৰণে ক্ষতিগ্ৰস্ত হব পাৰে৷

  1. খাল,নৰ্দমা,পুখুৰী,বিল,নদী আদিৰ প্ৰদূষিত পানীত অসংখ্য ৰোগ সৃষ্টিকাৰী বেক্টেৰিয়া আৰু অণুজীৱৰ সৃষ্টি আৰু বিকাশ হয়৷ এই পানীৰ দ্বাৰা সংক্ৰমিত প্ৰধান ৰোগসমূহ হ’ল টাইফয়েড,কলেৰা বিভিন্ন ধৰণৰ পেটৰ ৰোগ যেনে – আমাশয়,এমিবিছিছ ইত্যাদি৷
  2. ঔদ্যোগিক ক্ষেত্ৰৰ পৰা নি:ক্ষিপ্ত হোৱা আৰ্ছেনিক,সীহ,পাৰা আদি প্ৰাণীৰ বাবে ক্ষতিকাৰক আৰু ইয়ে প্ৰাণীৰ স্নায়ুৰোগ সৃষ্টি কৰে৷
  3. মৃত উদ্ভিদদেহৰ পচনৰ সময়ত যথেষ্ট পৰিমাণে পানী আৰু অক্সিজেনৰ প্ৰয়োজন হয়৷ ফলত পানীত থকা অক্সিজেনৰ পৰিমাণ কমি যায় আৰু ইয়ে জলচৰ প্ৰাণীবোৰৰ কাৰণে মৃত্যু কঢ়িয়াই আনে৷ আনহাতে ,মৃত দেহৰ পচনৰ সময়ত হোৱা অতিমাত্ৰা দুৰ্গন্ধই বায়ুমণ্ডলৰ কাৰ্বন-ডাই-অক্সাইডৰ পৰিমাণ বৃদ্ধি কৰে যাৰ ফলত পানীৰ PH ৰ পৰিমাণ সলনি হয়৷
  4. ডি.ডি.টি,ৰ দৰে কীটনাশকবিলাক পানীত দ্ৰবীভূত নহয় যদিও শৰীৰৰ লিপিড অংশৰ প্ৰতি ইয়াৰ আসক্তি সৰ্বাধিক৷ এই যৌগবোৰ জীৱৰ দেহত জমা হয় আৰু খাদ্য শৃঙ্খলৰ মাজেৰে এটা প্ৰাণীৰ পৰা আনটো প্ৰাণীলৈ পৰিবাহিত হয়৷ ডি.ডি.টি.ৰ প্ৰভাৱত চৰাইৰ কণীৰ খোলা পাতল হয়৷
  5. পাৰা আৰু কেডমিয়াম প্ৰদূষণে মানুহৰ লগতে জীৱ-জন্তুৰ দেহটো নানা ৰোগৰ সৃষ্টি কৰে৷ কেডমিয়ামে মানুহৰ ইটাই-ইটাই(Itai-Itai) ৰোগৰ সৃষ্টি কৰে৷ এই ৰোগ হ’লে অস্থিৰ বিষ তথা যকৃত নাইবা হাওঁফাওঁৰ কৰ্কট ৰোগহয়৷ ১৯৫২ চনত জাপানৰ ঔদ্যোগিক ক্ষেত্ৰৰ পৰা নিৰ্গত হোৱা পাৰাই প্ৰদূষিত কৰা মিনিমাটা অখ্যাতত(Bay) সাগৰীয় মাছ সেৱন কৰাৰ ফলত মানুহৰ মিনিমাটা ৰোগ(Minimata Disease) হৈছিল৷ এই ৰোগৰ লক্ষণসমূহ হ’ল –ৰোগীজনৰ ভৰি, ওঁঠ আৰু জিভা ফুলি উঠে আৰু চকুৰ দৃষ্টিশক্তি কমি যায়৷
  6. ফ্ল’ৰাইডযুক্ত পানী বেছিকৈ সেৱন কৰিলে অস্থি ফ্ল’ৰছিছ ৰোগ হয়৷
  7. নাইট্ৰেট অতি বিষাক্ত প্ৰদূষক৷ নাইট্ৰেট যুক্ত পানী সেৱন কৰিলে গৰ্ভজাত শিশুৰ মৃত্যু হয়৷[1]


পানী প্ৰদূষণ নিয়ন্ত্ৰণৰ উপায়(Control of water pollution)[সম্পাদনা কৰক]

পানী প্ৰদূষণ ৰোধ কৰিবলৈ কোনো এটা নিৰ্দিষ্ট ফৰ্মুলা বা আহিলা নাই৷ কিন্তু নানা ধৰণৰ প্ৰযুক্তিবিদ্যা,নিয়ম আৰু আইনৰ ঐক্যবদ্ধ সহযোগত পানী প্ৰদূষণ নিয়ন্ত্ৰণ কৰিব পৰা যায়৷

  1. উদ্যোগ,নলা-নৰ্দমা আদিৰ পানীৰ লগত অহা বৰ্জিত দ্ৰব্যসমূ্হ পৃথকীকৰণ প্ৰক্ৰিয়াৰে পৃথক কৰা প্ৰয়োজন৷ ইয়াৰ পিছত পানীত দ্ৰবীভূত হৈ থকা বিষাক্ত পদাৰ্থ আৰু অনুজীৱবোৰ পৰিশোধন প্ৰক্ৰিয়াৰ(Filtration) দ্বাৰা পৃথক কৰিহে নদী বা পুখুৰীত নিষ্কাশিত কৰিব লাগে৷
  2. কীটনাশক দৰৱ ব্যৱহাৰৰ পৰিৱৰ্ত্তে কীটৰ জৈৱিক নিয়ন্ত্ৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰিব লাগে৷
  3. গোবৰ গেছ প্ৰকল্প স্থাপন কৰি বৰ্জিত মলমূত্ৰ নাইবা আন আন পদাৰ্থসমূহৰ পুনৰাবৰ্তন কৰা প্ৰয়োজন৷
  4. প্ৰাকৃতিক পানীৰ উৎসবিলাক ভালদৰে সংৰক্ষণ কৰা উচিত৷ কল-কাৰখানা সমূহ এই উৎসবিলাকৰ পৰা আঁতৰত থকাটো প্ৰয়োজন৷
  5. নদ-নদী পুখুৰী আদিত গাধোৱা নতুবা কাপোৰ ধোৱাৰ পৰা বিৰত থাকিব লাগে৷
  6. বৰষুণৰ পানী খাল নাইবা নলা-নৰ্দমাৰ জৰিয়তে নিৰ্দিষ্ট ঠাইলৈ বৈ যাবলৈ দিব লাগে যাতে ই খোৱা পানীৰ উৎসবিলাক দূষিত নকৰে৷
  7. বনানীকৰণৰ যোগেদি মাটিৰ খহনীয়া ৰোধ কৰিব লাগে৷
  8. উদ্যোগসমূহে যাতে বৰ্জিত পদাৰ্থসমূহ পানীত পেলাই পানী প্ৰদূষিত কৰিব নোৱাৰে তাৰ বাবে আইন প্ৰণয়ন কৰিব লাগে৷[1]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 1.3 1.4 দীপালী দাস (২য় সংস্কৰণ ২০১২). পৰিবেশ অধ্যয়ন. ISBN 81-85-916-100-4.