জাতি নেউল

অসমীয়া ৱিকিপিডিয়াৰ পৰা
জাতি নেউল
Adult in the wild (Hyderabad, India)
সংৰক্ষণ স্থিতি
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Animalia
পৰ্ব: Chordata
শ্ৰেণী: Mammalia
বৰ্গ: Carnivora
পৰিয়াল: Herpestidae
উপপৰিয়াল: Herpestinae
গণ: Urva
প্ৰজাতি: U. edwardsii
বৈজ্ঞানিক নাম
Urva edwardsii
É. Geoffroy Saint-Hilaire, 1818
Indian grey mongoose range

জাতি নেউল (ইংৰাজী: Indian grey mongoose, বৈজ্ঞানিক নাম-Urva edwardsii) নেউলৰ এটা প্ৰজাতি৷ ই প্ৰধানকৈ ভাৰত, পাকিস্তান, নেপাল, শ্ৰীলংকা কে ধৰি এছিয়া মহাদেশৰ অন্যান্য অঞ্চলসমূহত পোৱা যায়৷

বিৱৰণ[সম্পাদনা কৰক]

জাতি নেউলৰ দেহৰ আকাৰ মধ্যমীয়া, ছালৰ ৰং ৰঙচুৱা মুগা, ঠেং কেইটা ক'লা চানেকীয়া (Blackish) আৰু ভোবোৰা (bushy) নেজডালৰ আগটো বগা৷[2] ইয়াৰ দেহৰ দৈৰ্ঘ্য প্ৰায় ৩৬-৪৫ ছে:মি: আৰু নেজৰ দৈৰ্ঘ্য ৪৫ ছে:মি:৷ জাতি নেউলৰ দেহৰ ওজন প্ৰায় ০.৯-১.৭ কিলোগ্ৰাম৷ ইয়াৰ মতাবোৰৰ দেহৰ আকাৰ মাইকী নেউলতকৈ ডাঙৰ হয়৷

বাসস্থান[সম্পাদনা কৰক]

জাতি নেউলে মুকলি অৰণ্য, কাইঁটীয়া জোপোাহা, খেতি-পথাৰ আদি অঞ্চলত বাস কৰে৷ ই গাঁত খান্দি, নাইবা শিলাময় অঞ্চলত শিলৰ ফাঁকত বাস কৰে৷

আচৰণ[সম্পাদনা কৰক]

জাতি নেউল চিকাৰত পটু আৰু ক্ষিপ্ৰ৷ তাৰোপৰি ই গছতো অতি ক্ষিপ্ৰতাৰে বগাব পাৰে৷ ইয়াক সাধাৰণতে অকলশৰে বা যোৰ পাতি চৰা দেখা যায়৷

খাদ্য[সম্পাদনা কৰক]

নিগনি, সাপ, চৰাইৰ কণী-পোৱালি, জেঠী আৰু অন্যান্য অমেৰুদণ্ডী প্ৰাণীসমূহ নেউলৰ প্ৰধান খাদ্য৷

আলোকচিত্ৰৰ ভঁৰাল[সম্পাদনা কৰক]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. Choudhury, A., Wozencraft, C., Muddapa, D., Yonzon, P., Jennings, A. & Geraldine, V. (2011). "Herpestes edwardsii". IUCN Red List of Threatened Species. Version 2011.2. International Union for Conservation of Nature. http://www.iucnredlist.org/apps/redlist/details/41611। আহৰণ কৰা হৈছে: 18 January 2012.  Database entry includes a brief justification of why this species is of least concern
  2. কীৰ্তিনাথ মহন্ত (২০১৩). অৰণ্য জীৱনৰ ৰোমাঞ্চকৰ কাহিনী. বনলতা. পৃষ্ঠা. ১৪৫-১৪৯. 

সাঁচ:Carnivora