জীবনানন্দ দাস

অসমীয়া ৱিকিপিডিয়াৰ পৰা
জীবনানন্দ দাস
ছদ্মনাম 'শ্ৰী', 'কালপুৰুষ'
পেচা কবি, ঔপন্যাসিক,গল্পকাৰ, প্ৰবন্ধকাৰ, দাৰ্শনিক, গীতিকাৰ,
ৰাষ্ট্ৰীয়তা ভাৰতীয়
সময় বঙ্গীয় নবজাগৰণ
উল্লেখনীয় কৰ্মৰাজী ঝৰা পালক, ৰূপসী বাংলা, ধূসৰ পাণ্ডুলিপি, মহাপৃথিৱী, বনলতা সেন
উল্লেখযোগ্য বঁটা ৰবীন্দ্ৰ-স্মৃতি পুৰস্কাৰ
সাহিত্য অকডেমি পুৰস্কাৰ
দাম্পত্যসংগী লাবণ্য দেৱী
সন্তান মঞ্জুশ্ৰী, সমৰানন্দ


জীবনানন্দ দাস (জন্ম: ১৮ ফেব্ৰুৱাৰী, ১৮৯৯, বৰিশাল - মৃত্যু: ২২ অক্টোবৰ, ১৯৫৮, বঙ্গাব্দ ৬ ফাগুণ, ১৩০৫- কাতি, ১৩৬১) বিংশ শতাব্দীৰ অন্যতম প্ৰধান আধুনিক বাংলা কবি। তেওঁ বাংলা কাব্যজগতত আধুনিকতাৰ পথ প্ৰদৰ্শকসকলৰ মাজত অগ্ৰগণ্য। মৃত্যুৰ পাছৰ পৰা আৰম্ভ কৰি বিংশ শতাব্দীৰ শেষ ধাপত তেওঁ জনপ্ৰিয়তা অৰ্জন কৰিবলৈ আৰম্ভ কৰে আৰু ১৯৯৯ চনত যেতিয়া তেওঁৰ জন্ম শতবাৰ্ষিকী পালন কৰা হৈছিল তেতিয়ালৈ তেওঁ বাংলা সাহিত্যৰ জনপ্ৰিয়তম কবিত পৰিণত হৈছিল। তেওঁ প্ৰধানত: কবি হ’লেও বহুসংখ্যক প্ৰবন্ধ-নিবন্ধও ৰচনা আৰু প্ৰকাশ কৰিছিল। ১৯৫৮ চনত অকাল মৃত্যুৰ আগলৈকে গোপনে তেওঁ ১৪ খন উপন্যাস আৰু ১০৮ টা চুটিগল্প ৰচনা কৰে যিবোৰৰ এটাও জীৱিত অৱস্থাত প্ৰকাশ হোৱা নাছিল। চৰম দৰিদ্ৰতাৰ মাজেৰে তেওঁ জীৱন পাৰ কৰিছিল। বিংশ শতাব্দীৰ শেষৰফালে অতুলনীয়ভাৱে বাংলা কবিতাত তেওঁ প্ৰভাৱ পৰিলক্ষিত হৈছে। ৰবীন্দ্ৰৰ পাছতেই তেওঁ বাংলা ভাষাৰ প্ৰধান কবি হিচাবে সৰ্বসাধাৰণৰ মাজত স্বীকৃত।

জীৱন বৃত্তান্ত[সম্পাদনা কৰক]

শৈশৱ[সম্পাদনা কৰক]

জীবনানন্দ দাসৰ জন্ম হয় ১৮৯৯ চনত বাংলাদেশৰ দক্ষিণ প্ৰান্তৰ জিলা চহৰ বৰিশালত। তেওঁৰ পূৰ্বপুৰুষসকল ঢাকা জিলাৰ বিক্ৰমপুৰ পৰগণাৰ নিবাসী আছিল। তেওঁৰ পিতামহ সৰ্বানন্দ দাসগুপ্তই (১৯৩৮-৮৫) বিক্ৰমপুৰৰ পৰা আহি বৰিশালত থিতাপি লয়হি।[1] সৰ্বানন্দ দাসগুপ্ত জন্মসূত্ৰে হিন্দু আছিল; পাছত ব্ৰাহ্ম ধৰ্মত দীক্ষা লয়। তেওঁ বৰিশালৰ ব্ৰাহ্মসমাজ আন্দোলনৰ প্ৰাথমিক পৰ্য্যায়ত অংশগ্ৰহণ কৰিছিল আৰু তেওঁ মানৱহিতৈষী কামকাজবোৰৰ কাৰণে সমাদৃত হৈছিল।[2] জীবনানন্দৰ দেউতাক সত্যানন্দ দাসগুপ্ত সৰ্বানন্দৰ দ্বিতীয় পুত্ৰ আছিল। সত্যানন্দ দাসগুপ্ত (১৮৬৩-১৯৪২) আছিল বৰিশাল ব্ৰজমোহন স্কুলৰ শিক্ষক, প্ৰবন্ধক, বৰিশাল ব্ৰাহ্ম সমাজৰ সম্পাদক আৰু ব্ৰাহ্মসমাজৰ মুখপত্ৰ "ব্ৰাহ্মবাদী"ৰ প্ৰতিষ্ঠাতা সম্পাদক।

জীবনানন্দৰ মাতৃ কুসুমকুমাৰী দাস আছিল কবি। তেওঁৰ সুপৰিচিত কবিতা "আদৰ্শ ল’ৰা" ( আমাৰ দেশৰ সেই ল’ৰা কেতিয়া ওলাব/ যাৰ বাবে কথা নহয় কৰ্মহে ডাঙৰ হ’ব) আজিও বংগৰ শিশুশ্ৰেণীৰ পাঠ্য। জীবনানন্দ পিতৃ-মাতৃৰ জ্যেষ্ঠ সন্তান আছিল। তেওঁ ঘৰত মতা নাম আছিল মিলু। তেওঁৰ ভায়েক আশোকানন্দ দাসে ১৯০৮ত আৰু ভনীয়েক সুচৰিতা দাসে ১৯১৫ চনত জন্মগ্ৰহণ কৰে। দেউতাক কম বয়সতেই স্কুলত ভৰ্তি হোৱাৰ বিৰোধী আছিল কাৰণে মাকৰ ওচৰতেই বাল্যশিক্ষাৰ আৰম্ভণি হয়। ৰাতিপুৱা শুই উঠিয়েই পিতৃৰ কণ্ঠত উপনিষদৰ আবৃত্তি আৰু মাতৃৰ গান শুনিছিল। লাজুকীয়া স্বভাৱৰ আছিল যদিও তেওঁৰ খেলা ধূলা, ভ্ৰমণ আৰু সাঁতোৰৰ অভ্যাস আছিল। তেওঁ সৰু কালতে এবাৰ কঠিন অসুখত ভোগে। স্বাস্থ্য উদ্ধাৰৰ বাবে মাতৃ আৰু মাতামহ ধেমেলীয়া গীতৰ ৰচক চন্দ্ৰনাথৰ লগত লক্ষ্নৌ, আগ্ৰা, দিল্লী আদি ঠাই ভ্ৰমণ কৰে। ১৯০৮ চনৰ জানুৱাৰীত আঠ বছৰ বয়সত মিলুক ব্ৰজমোহন স্কুলৰ পঞ্চম শ্ৰেণীত ভৰ্তি কৰোৱা হয়। স্কুলত থকা সময়তেই তেওঁ বাংলা আৰু ইংৰাজীত ৰচনা কৰিবলৈ শিকে। তাৰোপৰি ছবি অঁকাতো তেওঁৰ ৰাপ আছিল। ১৯১৫ চনত তেওঁ ব্ৰজমোহন বিদ্যালয়ৰ পৰাই প্ৰথম বিভাগত মেট্ৰিকুলেচন পৰীক্ষা পাচ কৰে। দুবছৰ পাছত ব্ৰজমোহন কলেজৰ পৰাই ইণ্টাৰমিডিয়েট পৰীক্ষাত পূৰ্বৰ ফলাফলৰ পুনৰাবৃত্তি ঘটায়। ইয়াৰ পাছত তেওঁ কলকাতা বিশ্ববিদ্যালয়ত ভৰ্তি হ’বৰ বাবে বৰিশাল এৰে।

কলকাতা জীৱন: প্ৰথম পৰ্ব[সম্পাদনা কৰক]

জীবনানন্দই কলকাতাৰ নামকৰা প্ৰেচিডেন্সি কলেজত নামভৰ্তি কৰে। ১৯১৯ চনত তেওঁ এই কলেজৰ পৰাই ইংৰাজীত অনাৰ্চ সহ বি.এ পাচ কৰে। সেই বছৰেই ব্ৰাহ্মবাদী আলোচনীৰ বহাগ সংখ্যাত তেওঁৰ প্ৰথম কবিতা ছপা হয়। কবিতাটোৰ নাম আছিল “বৰ্ষ আবাহন”। কবিতাটোত কবিৰ নাম ওলোৱা নাছিল। কেবল সন্মানসূচক শ্ৰী শব্দটো লিখা আছিল। কিন্তু আলোচনীৰ বৰ্ষপূৰ্তিৰ সম্পূৰ্ণ সূচীত তেওঁৰ পূৰা নাম ছপা হয়: শ্ৰী জীবনানন্দ দাসগুপ্ত, বি.এ। ১৯২১ চনত কলকাতা বিশ্ববিদ্যালয়ত দ্বিতীয় বিভাগত মাষ্টাৰ ডিগ্ৰী অৰ্জন কৰে। তেওঁ কিছুদিন আইনশাস্ত্ৰও অধ্যয়ন কৰিছিল। সেই সময়ত তেওঁ হেৰিচন ৰ’ডৰ প্ৰেচিডেন্সি কলেজৰ হোষ্টেলত বাস কৰিছিল। কিন্তু পৰীক্ষাৰ ঠিক আগে আগে তেওঁ বেচিলাৰী ডায়েৰীয়াত আক্ৰান্ত হয় যাৰ ফলত তেওঁ প্ৰস্তুতি বাধাগ্ৰস্ত হয়। ১৯২২ চনত জীবনানন্দই কলকাতা চিটি কলেজত অধ্যাপনা আৰম্ভ কৰে আৰু আইনশাস্ত্ৰৰ অধ্যয়ন এৰি দিয়ে।

সাহিত্যচৰ্চা আৰু জীৱনসংগ্ৰাম[সম্পাদনা কৰক]

জীবনানন্দৰ সাহিত্যিক জীৱন বিকশিত হ’বলৈ আৰম্ভ কৰে। ১৯২৫ চনৰ জুনত দেশবন্ধু চিত্তৰঞ্জন দাসৰ মৃত্যু হোৱাত জীবনানন্দই তেখেতৰ স্মৃতিত “দেশবন্ধুৰ প্ৰয়াণত” নামৰ এটা কবিতা ৰচনা কৰে যিটো বঙ্গবাণী আলোচনীত প্ৰকাশ হয়। কবিতাটোৱে পাচত তেওঁৰ প্ৰথম কাব্য সংকলন “ঝৰা পালক”ত স্থান পায়। কবিতাটো পঢ়ি কবি কালিদাস ৰায়ে মন্তব্য কৰিছিল যে “ এই কবিতাটো নিশ্চয় কোনো প্ৰতিষ্ঠিত কবিৰ ছদ্মনামৰ ৰচনা”। ১৯২৫ চনত তেওঁৰ প্ৰথম প্ৰবন্ধ “স্বৰ্গীয় কালিমোহন দাসৰ শ্ৰাদ্ধবাহৰত” নামৰ প্ৰবন্ধটো ব্ৰাহ্মবাদী আলোচনীত একেলেঠাৰিয়ে তিনিটি সংখ্যাত ধাৰাবাহিক হিচাবে প্ৰকাশিত হয়। সেই বছৰেই “কল্লোল” আলোচনীত “নীলিমা” নামৰ কবিতাটো প্ৰকাশ হয় আৰু অনেক তৰুণ কাব্যৰসিকৰ দৃষ্টি আকৰ্ষণ কৰে। লাহে লাহে কলকাতা, ঢাকা আৰু অন্যান্য ঠাইৰ বিভিন্ন সাহিত্য আলোচনীসমূহত তেওঁ লেখা প্ৰকাশ পাবলৈ ধৰিলে। যিবোৰৰ মাজত সেই সময়ৰ সুবিখ্যাত আলোচনী কল্লোল, কালি ও কলম, প্ৰগতি আদিও আছে। ১৯২৭ চনত কবিৰ প্ৰথম কাব্যগ্ৰন্থ “ঝৰা পালক” প্ৰকাশিত হয়। সেই সময়ৰ পৰাই তেওঁ তেওঁৰ উপাধি দাসগুপ্তৰ সলনি দাস লিখিবলৈ লয়।

প্ৰথম কাব্যগ্ৰন্থ প্ৰকাশৰ কেইমাহমানৰ পাছতেই তেওঁ চিটি কলেজৰ চাকৰিটো হেৰুৱায়। ধৰ্মীয় উত্সৱক কেন্দ্ৰ কৰি কলেজখনত ছাত্ৰ অসন্তোষে দেখা দিয়ে। ফলস্বৰূপে কলেজত ছাত্ৰৰ নাম ভৰ্তিৰ হাৰ আশংকাজনকভাৱে কমি যায়। জীবনানন্দ আছিল কলেজৰ শিক্ষকসকলৰ মাজত কনিষ্ঠতম। সেয়ে আৰ্থিক অসুবিধাত পৰি কলেজ কৰ্তৃপক্ষই তেওঁকেই চাকৰিৰ পৰা বিদায় দিয়ে। কলকাতাৰ সাহিত্য চক্ৰতো সেই সময়ত তেওঁ কবিতাই কঠোৰ সমালোচনাৰ মুখামুখি হয়। সেই সময়ৰ প্ৰখ্যাত সাহিত্য সমালোচক কবি সাহিত্যিক সজনীকান্ত দাসে “শনিবাৰেৰ চিঠি“ আলোচনীত তেখেতৰ ৰচনাৰ নিৰ্দয় সমালোচনা কৰে। কলকাতাত কৰিবৰ জোখাৰে কোনো কাম নাপায় কবিয়ে সৰু চহৰ বাগেৰহাটৰ প্ৰফুল্ল চন্দ্ৰ কলেজত শিক্ষক হিচাবে যোগদান কৰে। কিন্তু তিনিমাহ পাছতেই তেওঁ কলকাতালৈ প্ৰত্যাবৰ্তন কৰে। এই সময়ত তেওঁ চৰম অৰ্থনৈতিক দুদৰ্শাত ভুগিছিল। জীৱনধাৰণৰ কাৰণে তেওঁ টিউচন কৰিছিল আৰু লগতে বিভিন্ন শিক্ষা প্ৰতিষ্ঠানত চাকৰিৰ সন্ধান কৰিছিল। ১৯২৯ চনৰ ডিচেম্বৰত তেওঁ দিল্লীৰ ৰামযশ কলেজত অধ্যাপক হিচাবে যোগদান কৰে। ইফালে বৰিশালত পৰিয়ালৰফালৰ পৰা বিয়াৰ যো-জা কৰিছিল আৰু ১৯৩০ চনৰ ৯ মে তাৰিখে তেওঁ লাবণ্য দেৱীৰ লগত বৈবাহিক বান্ধোনত বান্ধ খায়। বিয়া হৈছিল ঢাকাত, ব্ৰাহ্ম সমাজৰ ৰামমোহন লাইব্ৰেৰীত। বিয়াৰ পাছত তেওঁ আৰু দিল্লীলৈ ঘৄৰি নগ’ল। ফলস্বৰূপে তেওঁ তাৰ চাকৰিটো হেৰুৱায়। ইয়াৰ পাছত প্ৰায় পাঁচ বছৰ কাল কৰ্মহীন অৱস্থাত কটায়। মাজতে কিছুদিন ইঞ্চিউৰেঞ্চ কোম্পানীৰ এজেণ্ট হিচাবে কাম কৰে। সৰু ভায়েকৰ পৰা টকা ধাৰলৈ লৈ ব্যৱসায় কৰাৰো চেষ্টা কৰে কিন্তু কোনোটো স্থায়ী নহ’ল।

১৯৩১ চনত কবিৰ প্ৰথম সন্তান মঞ্জুশ্ৰীৰ জন্ম হয়। প্ৰায় সেই সময়ত তেওঁৰ “কেম্প” কবিতাটো সুধীন্দ্ৰনাথ দত্তৰ সম্পাদিত “পৰিচয়” আলোচনীত প্ৰকাশিত হয় আৰু লগে লগেই কলকাতাৰ সাহিত্য সমাজৰ ব্যাপক সমালোচনাৰ চিকাৰ হয়। কবিতাটোৰ বিষয়বস্তু আছিল জোনাক নিশাত হৰিণাৰ চিকাৰ। অনেকেই কবিতাটো পাঠ কৰি অশ্লীল বুলি চিহ্নিত কৰে। তেওঁ তেওঁৰ বেকাৰত্ব, সংগ্ৰাম আৰু হতাশাৰ এই সময়ত যথেষ্ট সংখ্যক ছুটি গল্প আৰু উপন্যাস ৰচনা কৰিছিল। কিন্তু তেওঁৰ জীৱিত কালত সেইবোৰৰ প্ৰকাশ নহ’ল।

১৯৩৪ চনত তেওঁ এলানি গীতিকবিতা ৰচনা কৰে আৰু যিবোৰ পৰৱৰ্তীকালত তেওঁৰ ৰূপহী বাংলা কাব্যৰ প্ৰধান অংশ আছিল। তেওঁ মৃত্যুৰ পাছত সকলোবোৰ সামৰি ১৯৫৭ চনত “ৰূপহী বাংলা“ কাব্যগ্ৰন্থখন প্ৰকাশিত কৰা হয়।

বৰিশাললৈ প্ৰত্যাৱৰ্তন[সম্পাদনা কৰক]

১৯৩৫ চনত জীবনানন্দে তেওঁৰ পুৰণা শিক্ষা প্ৰতিষ্ঠান ব্ৰজমোহন কলেজলৈ ঘূৰি যায় যিখন তেতিয়া কলকাতা বিশ্ববিদ্যালয়ৰ অধীনত আছিল। তেওঁ তাত ইংৰাজী বিভাগৰ প্ৰভাষক হিচাবে যো্গ দিয়ে। সেই সময়ত কলকাতাত বুদ্ধদেৱ বসু, প্ৰেমেন্দ মিত্ৰ আৰু সমৰ সেনে এখন নতুন কবিতালোচনী উলিওৱাৰ যো-জা কৰিছিল যাৰ নাম দিছিল “কবিতা”। আলোচনীখনৰ প্ৰথম সংখ্যাতেই জীবনানন্দৰ “মৃত্যুৰ আগে” নামৰ কবিতাটোৱে ঠাই পায়। কবিতাটো পাঠ কৰি ৰবীন্দ্ৰনাথ ঠাকুৰে বুদ্ধদেৱলৈ লিখা এখন চিঠিত মন্তব্য কৰিছিল যে কবিতাটো “চিত্ৰৰূপময়”। কবিতা আলোচনীৰ দ্বিতীয় সংখ্যাত (পুহ ১৩৪২ সংখ্যা, ডিচে. ১৯৩৪/ জানু. ১৯৩৫) তেওঁৰ কিংবদন্তিতুল্য বনলতা সেন নামৰ কবিতাটো প্ৰকাশ পায়। এই ১৮ শাৰীৰ কবিতাটো বৰ্তমান বাংলা ভাষাৰ আটাইতকৈ জনপ্ৰিয় কবিতাৰ অন্যতম হিচাবে পৰিগণিত। তাৰ পাছৰ বছৰত জীবনানন্দৰ দ্বিতীয় কাব্যগন্থ “ধূসৰ পাণ্ডুলিপি” প্ৰকাশ পায়। ইয়াৰ মাজতে জীবনানন্দই বৰিশালতেই সকলোবোৰ থানথিত লগাই লৈছিল। ১৯৩৬ চনৰ নবেম্বৰত তেওঁ পুত্ৰ সমৰানন্দৰ জন্ম হয়। ১৯৩৮ চনত ৰবীন্দ্ৰনাথে “বাংলা কাব্য পৰিচয়” নামৰ এখন কবিতা সংকলন সম্পাদন কৰে আৰু ইয়াত জীবনানন্দৰ “মৃত্যুৰ আগে” কবিতাটোৱে স্থান পায়। ১৯৩৯ চনত আবু চৈয়দ আয়ুব আৰু হীৰেন্দ্ৰনাথ মুখোপাধ্যায়ৰ সম্পাদনাত আৰু এখন গুৰুত্বপূৰ্ণ কবিতা সংকলন প্ৰকাশ পায় । ইয়াত জীবনানন্দৰ চাৰিটা কবিতা-“পাখিৰা”, “শকুন”, “বনলতা সেন” আৰু “নগ্ন নিৰ্জন হাত” অন্তৰ্ভুক্ত হয়। ১৯৪২ চনত কবিৰ পিতৃবিয়োগ হয় আৰু সেইবছৰেই তেওঁৰ তৃতীয় কাব্যগ্ৰন্থ “বনলতা সেন” প্ৰকাশিত হয়। কিতাপখন বুদ্ধদেৱ বসুৰ কবিতা ভৱনত “এক পইচাৰ এটা চিৰিজ”ৰ অংশ হিচাবে প্ৰকাশিত হয়। ইয়াৰ পৃষ্ঠাসংখ্যা আছিল ষোল্ল। বুদ্ধদেৱ বসু আছিল জীবনানন্দৰ অন্যতম পৃষ্ঠপোষক আৰু তেওঁৰ সম্পাদিত কবিতা আলোচনীতেই জীবনানন্দৰ বহুসংখ্যক কবিতা ছপা হয়। ১৯৪৪ চনত তেওঁৰ চতুৰ্থ কাব্যগ্ৰন্থ “মহাপৃথিৱী” প্ৰকাশ পায়। ইয়াৰ আগৰ তিনিখন কাব্যগ্ৰন্থ তেওঁ নিজৰ পইচাৰে প্ৰকাশ কৰিছিল কিন্তু “মহাপৃথিৱী”ৰ কাৰণে তেওঁ প্ৰকাশক পায়। দ্বিতীয় বিশ্বযুদ্ধকালীন সময়ত প্ৰকাশিত এই কবিতাসমূহত যুদ্ধৰ ছাপ সু-স্পষ্ট।

কলকাতা জীৱন: চুড়ান্ত পৰ্ব[সম্পাদনা কৰক]

দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত ভাৰতৰ স্বাধীনতা আন্দোলন প্ৰবল হৈ উঠে। জিন্নাৰ নেতৃত্বত মুছলিম নেতৃবৃন্দই মুছলমানসকলৰ বাবে পৃথক ৰাষ্ট্ৰ গঠনৰ দাবী তোলে। ইয়াৰ ফলত বাংলা দ্বিখণ্ডিত হোৱাটো অৱশ্যম্ভাবী হৈ পৰে। কাৰণ ইয়াৰ পূব অংশত মুছলমানসকলৰ সংখ্যাগৰিষ্ঠতা আছিল আৰু পশ্চিমাংশত হিন্দুসকল আছিল সংখ্যাগৰিষ্ঠ।

১৯৪৭ ত দেশ বিভাজনত বাংলাৰ পূব অংশত সেইসময়ত বিভত্স সংঘৰ্ষই দেখা দিয়ে। জীবনানন্দই সকলো সময়তে সাম্প্ৰদায়িক সম্প্ৰীতিৰ সপক্ষে মাত মাতিছিল। ১৯৪৬ চনত কলকাতাত আকৌ যেতিয়া হিন্দু-মুছলমানৰ সংঘৰ্ষ হয় তেতিয়া তেওঁ “১৯৪৬-৪৭“ কবিতাটো লিখে। দেশবিভাজনৰ কিছু আগেয়ে তেওঁ বি.এম কলেজৰ পৰা ছুটি লৈ কলকাতালৈ যায়। পাছলৈ তেওঁ আৰু পূৰ্ববঙ্গলৈ উভতি নগ’ল। কলকাতাত তেওঁ কেইবামাহো স্বৰাজ কাকতৰ দেওবৰীয়া সাহিত্য বিভাগৰ সম্পাদনা কৰিছিল। ১৯৪৮ চনত তেওঁ দুখন উপন্যাস লিখে-“মাল্যবান” আৰু “সুতীৰ্থ”। কিন্তু আগৰবোৰৰ দৰেই এই দুখনো প্ৰকাশ নকৰিলে। এই বছৰেই ডিচেম্বৰত তেওঁ পঞ্চম কাব্যগ্ৰন্থ “ সাতটি তাৰাৰ তিমিৰ” প্ৰকাশিত হয়। একেই মাহতে তেওঁৰ মাতৃ কুসুমকুমাৰী দাসৰ মৃত্যু ঘটে। ইতিমধ্যে জীবনানন্দই কলকাতাৰ সাহিত্য সমাজত নিজৰ এখন সুকীয়া আসন দখল কৰি লৈছিল। তেওঁ “সমকালীন সাহিত্য কেন্দ্ৰ” নামৰ এটা সংস্থাৰ উপ-সভাপতি নিৰ্বাচিত হয় আৰু এই সংস্থাৰ মুখপত্ৰ “দ্বন্দ” আলোচনীৰ অন্যতম সম্পাদক নিযুক্ত হয়। মাজতে তেওঁ কিছুকাল খড়গপুৰ কলেজতো অধ্যাপনা কৰে। ১৯৫২ চনত তেওঁৰ জনপ্ৰিয় কবিতাৰ পুথি “বনলতা সেন“ চিগনেট প্ৰেছত পৰিবৰ্ধিত আকাৰে প্ৰকাশিত হয়। পুথিখনে পাঠকৰ সহাঁৰি লাভ কৰে আৰু নিখিল বঙ্গ ৰবীন্দ্ৰ সাহিত্য সন্মিলনত ঘোষিত “ৰবীন্দ্ৰ স্মৃতি পুৰস্কাৰো” লাভ কৰে। ১৯৫৪ চনৰ মে মাহত প্ৰকাশিত হয় “জীবনানন্দ দাসৰ শ্ৰেষ্ঠ কবিতা”। কিতাপখনে ১৯৫৫ চনত ভৰত চৰকাৰ সাহিত্য অকাডেমি পুৰস্কাৰ লাভ কৰে।

কৰ্মজীৱন[সম্পাদনা কৰক]

অধ্যাপনাৰ কামতেই তেওঁৰ কৰ্মজীৱনৰ সূচনা আৰু সমাপ্তি। এম.এ পাচ কৰাৰ পাছত কলকাতাত কলেজৰ হোষ্টেলৰ থকাৰ প্ৰয়োজনতেই তেওঁ আইন পঢ়িবলৈ আৰম্ভ কৰিছিল। এই সময়ত তেওঁ ১৯২২ চনত কলকাতাৰ ব্ৰাহ্মসমাজৰ দ্বাৰা পৰিচালিত চিটি কলেজত টিউটৰ হিচাবে শিক্ষকতা আৰম্ভ কৰিছিল। ১৯২৮ ত সৰস্বতী পূজাক লৈ গোলমাল হোৱাত অন্যান্য কেইজনমান শিক্ষকৰ লগতে তেওঁকো কলেজ কতৃপক্ষই চাকৰিৰ পৰা বিদায় দিয়ে। জীৱনৰ শেষ ভাগত কিছুদিনৰ কাৰণে কলকাতাৰ এখন দৈনিক কাকত স্বৰাজৰ সাহিত্য বিভাগৰ সম্পাদনাত নিযুক্ত হৈছিল। তেওঁ বৰ্তমান বাংলাদেশ আৰু ভাৰতৰ বহুকেইখন শিক্ষাপ্ৰতিষ্ঠানত অধ্যাপনা কৰিছিল। তাৰ ভিতৰত আছে- চিটি কলেজ, কলকাতা (১৯২২-১৯২৮), বাগেৰহাট কলেজ, খুলনা (১৯২৯), ৰামযশ কলেজ, দিল্লী (১৯৩০-৩১), ব্ৰজমোহন কলেজ, বৰিশাল (১৯৩৫-১৯৪৮), খড়গপুৰ কলেজ, (১৯৫১-১৯৫২), বড়িশা কলেজ (অধুনা,’বিবেকানন্দ কলেজ’, কলকাতা)(১৯৫৩), আৰু হাওৰা গাৰ্লচ কলেজ, কলকাতা (১৯৫৩-১৯৫৪)। তেওঁৰ কৰ্মজীৱন খু্ব এটা মসৃণ নাছিল। চাকৰি তথা জীৱিকাৰ অভাৱে তেওঁ আমৃত্যু কষ্ট দিলে। এটা চাকৰিৰ বাবে তেওঁ দুৱাৰে দুৱাৰে ঘূৰিছিল। স্ত্ৰী লাবণ্য দাসে স্কুলত শিক্ষকতা কৰি জীৱিকাৰ অভাৱ কিছু লাঘৱ কৰিছিল। ১৯৫৮ চনত অকাল মৃত্যুৰ সময়ত তেওঁ হাওৰা গাৰ্লচ কলেজত শিক্ষকতা কৰি আছিল। দুবাৰ দীঘলীয়া বেকাৰ অৱস্থাত তেওঁ ইঞ্চিউৰেঞ্চ কোম্পানীৰ এজেণ্ট হিচাবে কাম কৰিছিল আৰু মূলতঃ গৃহ শিক্ষকতা কৰি ঘৰ চলায়। ইয়াৰ উপৰি দুবছৰমান ব্যৱসায় কৰাৰ চেষ্টাও কৰিছিল। দৰিদ্ৰতা আৰু অভাৱ তেওঁৰ কৰ্মজীৱনৰ ছাঁৰ দৰে আছিল।

সাহিত্যিক জীৱন[সম্পাদনা কৰক]

সম্ভৱত: মাক কুসুমকুমাৰী দেৱীৰ প্ৰভাৱত ল’ৰা কালৰ পৰাই তেওঁ পদ্য লিখিবলৈ আৰম্ভ কৰে। ১৯১৯ চনত তেওঁ লিখা কবিতা এটা প্ৰকাশ হয়। এইটোৱে তেওঁৰ প্ৰথম প্ৰকাশিত কবিতা। কবিতাটোৰ নাম “বৰ্ষা আবাহন”। এইটো ব্ৰাক্ষ্মবাদী আলোচনীৰ ১৩২৫ চনৰ বহাগ সংখ্যাত প্ৰকাশিত হৈছিল। তেতিয়া তেওঁ জীবনানন্দ দাসগুপ্ত নামেৰে লিখিছিল। ১৯২৭ চনৰ পৰা তেওঁ জীবনানন্দ দাস বুলি লিখাৰ আৰম্ভ কৰে। ১৯২৫ চন ১৬ জুনত দেশবন্ধু চিত্তৰঞ্জন দাসৰ মৃত্যু হোৱাত তেওঁ “দেশবন্ধুৰ প্ৰয়াণত” শিৰোনামাৰে এটা কবিতা লিখিছিল যিটো বংগবাণী আলোচনীৰ ১৩৩২ চনৰ শাওন সংখ্যাত প্ৰকাশিত হৈছিল। কিন্তু দীনেশৰঞ্জন দাসৰ সম্পাদিত “কল্লোল” আলোচনীৰ ১৩৩২ (১৯২৬ চন) ফাগুণ সংখ্যাত তেওঁৰ “নীলিমা” শীৰ্ষক কবিতাটো প্ৰকাশিত হয় যেন আধুনিক বাংলা কবিতাৰ জগতত তেওঁ অন্নপ্ৰাশনহে হয়! জীৱিতকালত তেওঁৰ ৭খন কাব্যগ্ৰন্থ প্ৰকাশিত হয়। প্ৰথম প্ৰকাশিত “ঝৰা পালক” নামৰ কাব্যগ্ৰন্থত তেওঁৰ প্ৰকৃত কবিত্বশক্তি ফুটি উঠা নাছিল; বৰং ইয়াত কবি নজৰুল ইছলাম, মোহিতলাল মজুমদাৰ আৰু সত্যেন্দ্ৰনাথ দত্তৰ প্ৰত্যক্ষ প্ৰভাৱ পৰিলক্ষিত হয়। কিন্তু খুব সোনকালে তেওঁ স্বকীয়তা অৰ্জন কৰিছিল। দীঘলীয়া ব্যৱধানত প্ৰকাশিত দ্বিতীয় কাব্য সংকলন “ধূসৰ পাণ্ডুলিপি”ত তেওঁৰ স্বকীয় কাব্য কৌশল পৰিস্ফুট হৈ উঠে। বাংলা সাহিত্য জগতত তেওঁৰ বৈশিষ্ট্যবোৰ আলোচনাৰ বিষয় হৈ উঠে। শেষৰ ফালৰ কবিতাত অৰ্থনিৰ্মলতাৰ অভাৱ আছিল। “সাতটি তাৰাৰ তিমিৰ”ৰ প্ৰকাশ হোৱাৰ পাছতেই তেওঁৰ বিৰুদ্ধে দুৰ্বোধ্যতাৰ অভিযোগ উঠে। নিজৰ কবিতাৰ অপমূল্যায়নক লৈ জীবনানন্দ খুব চিন্তিত হৈছিল। তেওঁ নিজেই স্ব-ৰচনাৰ অৰ্থ-নিৰূপন কৰাৰ অভিপ্ৰায় ব্যক্ত কৰিছিল যদিও শেষাৱধি সেয়া সম্ভৱ হৈ নুঠিল। কিন্তু কবি নিজেই নিজৰ ৰচনাৰ কাঢ়া সমালোচক আছিল। গতিকে চাৰে আঠ শতাধিক কবিতা লিখিলেও তেওঁ জীৱিতকালত মাত্ৰ ২৬২ টা কবিতাহে বিভিন্ন কাকত-আলোচনী আৰু কাব্যসংকলনত প্ৰকাশ কৰিবৰ বাবে দিছিল। এনেকি “ৰূপহী বাংলা”ৰ সম্পূৰ্ণ পাণ্ডুলিপি প্ৰস্তুত থকা স্বত্তেও জীবনানন্দ দাসে প্ৰকাশ কৰা সিদ্ধান্ত ল’ব পৰা নাছিল। তেওঁ এই কাব্যগন্থৰ নাম দিছিল “বাংলা ত্ৰস্ত নীলিমা” যিখন তেওঁৰ মৃত্যুৰ পাছত আৱিষ্কৃত হয় আৰু “ৰূপহী বাংলা” নামেৰে প্ৰকাশিত হয়। মৃত্যুৰ পাছত আৰু কেইবাটাও পাণ্ডুলিপি আৱিষ্কৃত হয় যিবোৰ “বেলা অবেলা কালবেলা” নামেৰে প্ৰকাশিত হয়। জীৱিতকালত তেওঁৰ একমাত্ৰ পৰিচয় আছিল কবি। অৰ্থৰ প্ৰয়োজনত তেওঁ কিছুসংখ্যক প্ৰবন্ধ লিখিছিল আৰু প্ৰকাশো কৰিছিল। কিন্তু গোপনে প্ৰচুৰ গল্প আৰু উপন্যাস লিখিছিল, যিবোৰৰ এটাৰো প্ৰকাশৰ ব্যৱস্থা কৰা নাছিল। এইবোৰৰ বাহিৰেও ষাঠি-পয়ষষ্ঠিটাৰ বেচি “লিটাৰেৰী নোটচ্‌” লিখিছিল যাৰ অধিকাংশ এতিয়াও (২০০৯) প্ৰকাশ হোৱা নাই।

স্বীকৃতি আৰু সমালোচনা[সম্পাদনা কৰক]

জীৱিতকালত অসাধাৰণ কবি হিচাবে পৰিচিত হ’লেও তেওঁ খ্যাতি অৰ্জন কৰিব পৰা নাছিল। ইয়াৰ কাৰণে তেওঁৰ প্ৰচাৰবিমুখতাও দায়ী। তেওঁ আপোনভোলা মানুহ আছিল। কিন্তু মৃত্যুৰ পাছতেই তেওঁ বাংলা ভাষাৰ অধুনিক কবিতাৰ পথপ্ৰদৰ্শকসকলৰ এজন হিচাবে স্বীকৃতি পায়। জীবনানন্দ দাসৰ জীৱনক লৈ বাংলা ভাষাত প্ৰচুৰ গ্ৰন্থ ৰচনা কৰা হৈছে, এতিয়াও হৈয়ে আছে। ইয়াৰ বাহিৰেও ইংৰাজীত তেওঁৰ জীৱনৰ ভিত্তিত ক্লিনটন বি চিলিয়ে “এ পোয়েট এপাৰ্ট” নামৰ গ্ৰন্থ ৰচনা কৰিছে। ইংৰাজীৰ বাহিৰেও ফৰাচীসহ কেইবাটাও ইউৰোপীয় ভাষালৈ তেওঁৰ কবিতা অনুদিত হৈছে। যদিও তেওঁ সৰ্বাধিক কবি হিচাবে পৰিচিত কিন্তু মৃত্যুৰ পাছৰ পৰা ২০০৯ চনলৈকে তেওঁৰ যি বিপুল পাণ্ডুলিপি উদ্ঘাটিত হৈছে তাৰ মাজত উপন্যাস সংখ্যা ১৪ আৰু গল্পৰ সংখ্যা শতাধিক।

পুৰস্কাৰ[সম্পাদনা কৰক]

নিখিলবঙ্গ ৰবীন্দ্ৰ সাহিত্য সন্মিলনত ১৯৫২ চনত পৰিবৰ্তিত চিগনেট সংস্কৰণ বনলতা সেন কাব্য গ্ৰন্থই বাংলা ১৩৫৯ৰ শ্ৰেষ্ঠ কাব্যগ্ৰন্থ হিচাবে পুৰস্কৃত হয়। কবিৰ মৃত্যুৰ পাছত ১৯৫৫ চনত ফেব্ৰুৱাৰী মাহত জীবনানন্দ দাসৰ শ্ৰেষ্ঠ কবিতা (১৯৫৪)ই সাহিত্য অকাডেমি পুৰস্কাৰ লাভ কৰে।

মৃত্যু[সম্পাদনা কৰক]

১৪ অক্তোবৰ ১৯৫৪ তাৰিখে কলকাতাৰ বালিগঞ্জত এক ট্ৰাম দুৰ্ঘটনাত তেওঁ আহত হয়। ট্ৰামৰ চেপাত তেওঁৰ শৰীৰ পিষ্ট হৈ গৈছিল। ভাঙি গৈছিল ডিঙি, উৰু আৰু বুকুৰ কামি হাড়। গুৰুতৰভাৱে আহত জীবনানন্দৰ চিঞৰ শুনি ওচৰৰ চাহ দোকানৰ মালিক চুনীলাল আৰু অন্যান্যসকলে তেওঁক উদ্ধাৰ কৰে। শম্ভূনাথ পণ্ডিত হাস্পতালত তেওঁ ভৰ্তি কৰোৱা হয়। এই সময়ত ড: ভূমেন্দ্ৰ গুহ সহ অনেক তৰুণ কবিয়ে জীবনানন্দৰ সুচিকিত্সাৰ কাৰণে প্ৰাণে পণে চেষ্টা কৰিছিল। কবি সাহিত্যিক সজনীকান্ত দাসে এই বিষয়ত বিশেষ উদ্যোগ গ্ৰহণ কৰিছিল। তেওঁ অনুৰোধক্ৰমেই তদানীন্তন মুখ্যমন্ত্ৰী ডা: বিধানচন্দ্ৰ ৰায়ে কবিক দেখা কৰিবলৈ আহিছিল আৰু আহত কবিৰ সুচিকিত্সাৰ নিৰ্দেশ দিছিল। তত্স্বত্তেও চিকিত্সা্ৰ বিশেষ কোনো উন্নতি হোৱা নাছিল। এই সময়ত পত্নী লাবণ্য দাসক তেওঁৰ কাষত বেচি দেখা পোৱা নগৈছিল। তেওঁ টালিগঞ্জত চিনেমাৰ কামত ব্যস্ত আছিল। জীবনানন্দৰ অৱস্থা ক্ৰমাৎ জটিলতাৰ পিনে ঢাল খায়। শেষত কবি নিউমোনিয়াত আক্ৰান্ত হয়। চিকিত্সকসকলৰ সকলো প্ৰচেষ্টা বিফল কৰি ২২ অক্তোবৰ ১৯৫৪ তাৰিখে নিশা ১১বাজি ৩৫ মিনিটত কলকাতাৰ শম্ভূনাথ পণ্ডিত হাস্পতালত তেওঁ মৃত্যু হয়। আব্দুল মান্নান চৈয়দ-সহ কোনো কোনোৱে ধাৰণা কৰে যে আত্মহত্যাৰ প্ৰবণতাই আছিল এই দুৰ্ঘটনাৰ মূল কাৰণ। জীবনানন্দৰ গৱেষক ডা: ভূমেন্দ্ৰ গুহই ভাবিছিল জাগতিক নি:সহায়তাই কবিক মানসিকভাৱে দুৰ্বল কৰি তুলিছিল আৰু তেওঁৰ জীৱনস্পৃহা শূন্য কৰি পেলাইছিল। মৃত্যুচিন্তাই কবিৰ মনত বাস কৰিছিল। তেওঁ প্ৰায়ে ট্ৰাম দুৰ্ঘটনাত মৃত্যুৰ কথা ভাবিছিল। কলকাতাত যোৱা এশবছৰত ট্ৰাম দুৰ্ঘটনাত মৃত্যুৰ সংখ্যা আছিল মাত্ৰ এটা আৰু সেয়া আন কাৰো নহয় কবি জীবনানন্দ দাসৰ। কিন্ত প্ৰত্যক্ষদৰ্শীৰ মতে সেই সময়ত দুই হাতে দুই থোক ডাব লৈ ট্ৰাম লাইন পাৰ কৰিছিল কবিয়ে। আত্মহত্যাৰ সিদ্ধান্ত লৈ দুই হাতে দুই থোক ডাব লৈ ঘৰলৈ ঘূৰি অহা ৰাস্তাত ট্ৰাম লাইনত পৰি দিয়াতো খুব এটা গ্ৰহণযোগ্য যুক্তি নহয়।

গ্ৰন্থ তালিকা[সম্পাদনা কৰক]

কাব্যগ্ৰন্থ[সম্পাদনা কৰক]

জীবনানন্দৰ কাব্যগ্ৰন্থসমূহৰ প্ৰকাশকাল সম্পৰ্কে প্ৰণিধানযোগ্য যে কেইবাখনো কাব্যগ্ৰন্থৰ একাধিক পৰিবৰ্ধিত সংস্কৰণ প্ৰকাশিত হৈছিল। তলত কেবল প্ৰথম প্ৰকাশনৰ বছৰ উল্লেখ কৰা হৈছে। তৰা চিন থকা সমূহ মৃত্যুৰ পাছত প্ৰকাশিত গ্ৰন্থ।

  • ঝৰা পালক (১৯২৭)
  • ধূসৰ পাণ্ডুলিপি (১৯৩৬)
  • বনলতা সেন (১৯৪২, কবিতাভবন সংস্কৰণ)
  • মহাপৃথিবী (১৯৪৪)
  • সাতটি তাৰাৰ তিমিৰ (১৯৪৮)
  • বনলতা সেন (১৯৫২, চিগনেট প্ৰেছ সংস্কৰণ)
  • জীবনানন্দ দাশেৰ শ্ৰেষ্ঠ কবিতা (১৯৫৪)
  • ৰূপসী বাংলা (১৯৫৭)*
  • বেলা অবেলা কালবেলা (১৯৬১)*
  • সুদৰ্শনা (১৯৭৪)*
  • আলো পৃথিবী (১৯৮১) *
  • মনোবিহঙ্গম*
  • অপ্ৰকাশিত একান্ন (১৯৯৯) *

প্ৰবন্ধগ্ৰন্থ[সম্পাদনা কৰক]

  • কবিতাৰ কথা (১৯৫৫)
  • জীবনানন্দ দাসৰ প্ৰবন্ধ সমগ্ৰ (১৯৯০, সম্পাদকঃ ফয়জুল লতিফ চৌধুৰী])*

উপন্যাস[সম্পাদনা কৰক]

  • মাল্যবান (১৯৭৩)*
  • সুতীৰ্থ (১৯৭৭)
  • চাৰজন (২০০৪: সম্পাদকঃ ভূমেন্দ্ৰ গুহ আৰু ফয়সাল শাহৰিয়াৰ)*

গল্পগ্ৰন্থ[সম্পাদনা কৰক]

  • জীবনানন্দ দাসৰ গল্প (১৯৭২, সম্পাদনা: সুকুমাৰ ঘোষ আৰু সুবিনয় মুস্তাফী)
  • জীবনানন্দ দাসৰ শ্ৰেষ্ঠ গল্প (১৯৮৯, সম্পাদনা: আব্দুল মান্নান চৈয়দ)

পত্ৰসংকলন[সম্পাদনা কৰক]

  • জীবনানন্দ দাসৰ পত্ৰাবলী (বাংলা ১৩৮৫, সম্পাদকঃ দীপেনকুমাৰ ৰায়)
  • জীবনানন্দ দাসৰ পত্ৰাবলী (১৯৮৬, সম্পাদকঃ আব্দুল মান্নান চৈয়দ)

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. Das, P. 2003, পৃষ্ঠা 1
  2. Das, P. 2003, পৃষ্ঠা 6

বাহ্যিক সংযোগ[সম্পাদনা কৰক]