১৪ জুন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(জুন ১৪ৰ পৰা পুনঃনিৰ্দেশিত)


১০ ১১ ১২ ১৩ ১৪ ১৫
১৬ ১৭ ১৮ ১৯ ২০ ২১ ২২
২৩ ২৪ ২৫ ২৬ ২৭ ২৮ ২৯
৩০  

১৪ জুন (ইংৰাজী: 14 June) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৬৫তম (অধিবৰ্ষত ১৬৬তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২০০টা দিন বাকী থাকে। বুৰঞ্জীৰ পাতত আজিৰ দিনটোৰ কেইটামান উল্লেখযোগ্য ঘটনা হ’ল -

ঘটনাৱলী[সম্পাদনা কৰক]

  • ১৯২৬ - পৃথিৱীৰ বৃহত্তম দ্ৰুত ব্ৰিডাৰ নিউক্লিয় ৰিয়েক্টৰ ছুপাৰহেমিক্স কাৰ্যক্ষম কৰা হৈছিল ১৯২৬ বৰ্ষৰ আজিৰ দিনটোতে।
  • ১৯৭৫ - ৰুছদেশৰ মহাকাশযান ভেনেৰা—১০ উৎক্ষেপন কৰা হৈছিল ১৯৭৫ চনৰ আজিৰ দিনটোতে।
  • ১৯৯১ - চনৰ আজিৰ দিনটোতে ৰাছিয়াৰ ঐতিহাসিক চহৰ লেলিনগ্ৰেডৰ নাম সলনি কৰি নতুন নাম ছেণ্ট পিটাৰ্ছৰ্বাগ দিয়া হয়।
  • ১৯৯৯ - থাবো মবেকি দক্ষিণ আফ্ৰিকাৰ নতুন ৰাষ্ট্ৰপতি হয় ১৯৯৯ চনৰ আজিৰ দিনটোতে।
  • ২০০২ - হামিদ কাৰজা আফগানিস্তানৰ ৰাষ্ট্ৰপতি হয় ২০০২ চনৰ আজিৰ দিনটোতে।
  • ২০০২ - ভাৰতৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী ৰূপে বাওঁ মৰ্চাৰ লক্ষ্মী ছেহগালৰ নাম প্ৰস্তাৱিত হয় ২০০২ চনৰ আজিৰ দিনটোতে।
  • ২০০৩ - ফুটবল জগতৰ তাৰকা ডেভিদ বেকহামক ইংলেণ্ডৰ ৰাণীৰ অৰ্ডাৰ অব ব্ৰিটিছ এম্পায়াৰ সন্মান প্ৰদান কৰে ২০০৩ চনৰ আজিৰ দিনটোতে।
  • ২০০৪ - চনত প্ৰথমবাৰৰ বাবে বিশ্ব স্বাস্থ্য সংস্থায়ে ৰক্তদানৰ মহত্ত্বৰ বিষয়ে সজাগতা সৃষ্টিৰ উদ্দেশ্যে আৰু স্বেচ্ছাসেৱক ৰক্তদাতাসমূহক জীৱনদায়িনী তেজৰ দানৰ বাবে ধন্যবাদসূচক আচৰণৰ বাবে বিশ্ব ৰক্তদাতা দিৱস উদযাপন কৰিছিল।
  • ২০১৩ - চিম্পল গগৈৰ পৰিচালনাৰে, জিতুমণি টেৰণৰ প্ৰযোজনাৰে তুমি যদি কোৱা নামৰ কথাছবিখন মুক্তি পাইছিল ২০১৩ বৰ্ষৰ আজিৰ দিনটোতে।

জন্ম[সম্পাদনা কৰক]

  • ১৯০৯ - ই এম এছ নাম্বুডিৰিপদ, তেখেতে ১৯৬৭ চনত কেৰালাত প্ৰথমখন কমিউনিষ্ট চৰকাৰ গঠন কৰিছিল। তেখেতৰ জন্ম হৈছিল কেৰালাৰ পালঘাটত।
  • ১৯২৯ - চে গোৱেৰা, আৰ্জেণ্টেনীয় মাৰ্ক্সবাদী বিপ্লৱী।
  • ১৯৫২ - কিৰণ খেৰ, ভাৰতীয় ৰাজনৈতিক নেতা।
  • ১৯৫৯ - পীতাম্বৰ দেৱ গোস্বামী, আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ। জন্ম স্থান - ডিব্ৰুগড় জিলাৰ দুলীয়াজনৰ সমীপৰ বিজয় মাহামৰা সত্ৰ।

মৃত্যু[সম্পাদনা কৰক]

  • ১৯৪৬ - জন ল'গি বেয়াৰ্ড, টেলিভিছন আৱিষ্কাৰক।
  • ১৯৫৭ - মোজাম্মিল হক, অসমৰ মাধ্যম আন্দোলনৰ প্ৰথম শ্বহীদ।
  • ১৯৬৮ - ছালভাটোৰ কোৱাছিমডোৰ, ইটালীৰ প্ৰখ্যাত কবি, সমালোচক নোবেল বিজয়ী। তেওঁক ইটালীৰ কাব্য-সাহিত্যৰ মুকুট বিহীন সম্ৰাট ৰূপে অভিহত কৰা হয়।
  • ১৯৮৮ - ইভা আচাও, অসমীয়া অভিনেত্ৰী। (জন্ম: ১০ এপ্ৰিল, ১৯৪০)
  • ২০০৬ - সুৰিন্দৰ কৌৰ, ভাৰতীয় কণ্ঠশিল্পী তথা গীতিকাৰ।
  • ২০১১ - সুপ্ৰভা দেৱী, অসমৰ প্ৰথম মহিলা চলচ্চিত্ৰ পৰিচালিকা আৰু প্ৰযোজিকা। তাই ‘নয়নমণি’ নামৰ কথাছবিখন পৰিচালনা কৰিছিল। (জন্ম: ২৪ ডিচেম্বৰ, ১৯৩৭)
  • ২০২০ - সুশান্ত সিং ৰাজপুত, ভাৰতীয় অভিনেতা।

দিৱস[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]