জেতুকা পাতৰ দৰে (চলচ্চিত্ৰ)
| জেতুকা পাতৰ দৰে | |
|---|---|
![]() |
|
| পৰিচালক | যদুমণি দত্ত |
| প্ৰযোজক | মো: নুৰুল ছুলতান |
| চিত্ৰনাট্য | মুনিন বৰুৱা |
| কাহিনী | চৈয়দ আব্দুল মালিক |
| ভিত্তি | জেতুকা পাতৰ দৰে (উপন্যাস) |
| অভিনয়ত | আইমী বৰুৱা ৰাগ ঐনিতম বিষ্ণু খাৰঘৰীয়া কপিল বৰা |
| সংগীত পৰিচালক | পলাশ গগৈ |
| চিত্ৰগ্ৰহণকাৰী | সিদ্ধাৰ্থ বৰুৱা |
| ষ্টুডিঅ’ | মইনা ইণ্ডাষ্ট্ৰিয়েল কো-অপাৰেটিভ ছ'ছাইটি লিমিটেড |
| পৰিবেশক | সংগম পিকচাৰচ, গুৱাহাটী |
| মুক্তি | ১৯ আগষ্ট, ২০১১ |
| দৈৰ্ঘ্য | ৯০ মিনিট |
| দেশ | ভাৰত |
| ভাষা | অসমীয়া |
জেতুকা পাতৰ দৰে (ইংৰাজী নাম: Enchanting, Challenging... The Life) হৈছে, ২০১১ চনৰ ১৯ আগষ্ট তাৰিখে মুক্তি লাভ কৰা এখন অসমীয়া বোলছবি। ছবিখনৰ পৰিচালক যদুমণি দত্ত। চৈয়দ আব্দুল মালিকৰ একে নামৰ উপন্যাসৰ ওপৰত আধাৰিত এই বোলছবিখনে '৫৮-তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ পুৰস্কাৰ'ৰ 'শ্ৰেষ্ঠ অসমীয়া ছবি'ৰ সন্মান লাভ কৰিছিল[1]।
সূচী |
ছবিৰ কাহিনী [সম্পাদনা কৰক]
১৯৭০ৰ দশকত অসমৰ আওহতীয়া গাওঁ এখন ছবিৰ কাহিনীৰ পৃষ্ঠভূমি। গাঁওৰ সহজ মানুহখিনিক শোষণৰ বলি হয় ঠিকাদাৰ যমুনা হাজৰিকাৰ। ঘাট-মাউৰা ৰাধা মোমায়েক নকুলৰ ঘৰত থাকে। মাক-দেউতাক নোহোৱা ৰজতো থাকে তেখেতৰ ঘৰতেই। ডাঙৰ হৈ অহাৰ পাছত ৰজতক নকুলে ঘৰৰপৰা দূৰৈত বেলেগে ঘৰ সাজি দিয়ে। কিন্তু ৰাধা আৰু ৰজতৰ মাজৰ মৰম সৰুকালিৰ দৰেই থাকে। ৰাধাই পঢ়া-শুনাৰ বাবে চহৰলৈ আহে। চহৰৰ দুজন প্ৰফেছাৰ আৰু ৰাধাক সাঙুৰি গাঁওত কিছুমান গুজব ওলায়। ৰাধাই গাওঁলৈ ঘূৰি আহি গাঁৱবাসীৰ হিতাৰ্থে ৰজতক লগত লৈ সমবায় ভিত্তিত কিছুমান কাম আৰম্ভ কৰে। ঠিকাদাৰ যমুনা হাজৰিকা আৰু পুত্ৰই ৰাধাহঁতৰ কামত বিধি-পথালি দিয়ে। তেওঁলোকে নিৰ্মান কৰা বান্ধৰ পানী ভাঙি গাঁৱত বানপানী হয়। পানীয়ে বুৰাই ৰখা গাঁওবাসীৰ লগত ৰাধায়ো উপব্ধি কৰে জীৱনৰ কিছুমান কঠিন সত্য।
অভিনয়ত [সম্পাদনা কৰক]
- আইমী বৰুৱা
- ৰাগ ঐনিতম
- বিষ্ণু খাৰঘৰীয়া
- বিকি
- কপিল বৰা
- ৰাজকুমাৰ
- অৰুণ হাজৰিকা
- পবিত্ৰ বৰুৱা
- জয়ন্ত ভাগৱতী
- গুণ মহন্ত
- দিলীপ ৰঞ্জন দত্ত
- পদ্মৰাগ গোস্বামী
কাৰিকৰী খুঁটি-নাটি [সম্পাদনা কৰক]
- ফিল্ম: ৩৫ মিমি
- পৰ্দাৰ অনুপাত: ১:১.৬৬
নিৰ্মাণ [সম্পাদনা কৰক]
প্ৰথম চলচ্চিত্ৰ অগ্নিসাক্ষীৰ বাণিজ্যিক সফলতা আৰু নতুন পৰিচালকৰ শিতানত দুটাকৈ বঁটা লাভ কৰাৰ পাছত "জেতুকা পাতৰ দৰে" হ'ল যদুমণি দত্ত পৰিচালিত দ্বিতীয়খন চলচ্চিত্ৰ। বোলছবিখনৰ বিষয়ে তেওঁ কয় যে, "সমাজৰ নিম্নশ্ৰেণীৰ ওপৰত চলি থকা দুৰ্নীতি, শোষণ আৰু জাতি-ধৰ্ম অনুসৰি বিভাজন ইত্যাদিৰ পৰা আমাৰ সমাজখনক মুক্ত কৰাৰ কাৰণে নতুন প্ৰজন্মৰ দৃঢ় মানসিকতাই হৈছে চলচ্চিত্ৰখনৰ মূল ভেঁটি। বোলছবিখনৰ যোগেদি দৰ্শকসকলে ভুক্তভোগীসকলৰ দুখ-বেদনা অনুভৱ কৰাটো মই বিচাৰোঁ।"[2]
উপন্যাসখনত কোৱা গোলাঘাট জিলাৰ দেৰগাঁৱতে চলচ্চিত্ৰখনৰ শ্বুটিং সম্পন্ন হয়। ছবিখনত দেখুওৱা বানপানীৰ দৃশ্যটোও প্ৰকৃত বানপানী।
মুক্তি [সম্পাদনা কৰক]
চলচ্চিত্ৰ মহোৎসৱ [সম্পাদনা কৰক]
২০১১ চনৰ ২৩ এপ্ৰিল তাৰিখে প্ৰথম গান্ধীনগৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত (২১ এপ্ৰিল - ২৪ এপ্ৰিল, ২০১১) প্ৰদৰ্শন কৰা হয়।[3] গোৱাত অনুষ্ঠিত দক্ষিণ ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱতো (১৫ ছেপ্তেম্বৰ - ১৮ ছেপ্তেম্বৰ, ২০১১) বোলছবিখন প্ৰদৰ্শন কৰা হয়।[4] দুয়োটা উপলক্ষতে বোলছবিখন উপস্থাপন কৰিবলৈ পৰিচালককো আমন্ত্ৰণ জনোৱাআ হৈছিল।
সমালোচকৰ দৃষ্টিত [সম্পাদনা কৰক]
বোলছবিখনে চলচ্চিত্ৰ সমালোচকৰপৰা উচ্চ প্ৰশংসা লাভ কৰে। নিয়মীয়া বাৰ্তাৰ উৎপল মেনাই পৰিচালকক প্ৰশংসা কৰি কয় যে পৰিচালকে কাহিনীটো কেমেৰাৰ ভাষাৰে আকৰ্ষণীয়কৈ দাঙি ধৰিছে। তেওঁ আইমী বৰুৱা আৰু ৰাগ ঐনিতমৰ অভিনয়কো ভূয়সী প্ৰশংসা কৰে।[5] গ্লেমাৰহীন ৰাধাৰ চৰিত্ৰত কৰা আইমী বৰুৱাৰ অভিনয় তেওঁৰ এতিয়ালৈকে শ্ৰেষ্ঠ অভিনয় বুলি বহু সমালোচকে বিবেচনা কৰে।
পুৰস্কাৰ [সম্পাদনা কৰক]
২০১০ চনত বোলছবিখনে অসমীয়া ভাষাৰ শ্ৰেষ্ঠ বোলছবিৰ শিতানত ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে।
২০১১ চনৰ প্ৰাগ চিনে এৱাৰ্ডত বোলছবিখনে ৯ টা বিভাগত মনোনয়ন লাভ কৰে আৰু ৪ টা বিভাগত বিজয়ী হয়।
| বৰ্ষ | পুৰস্কাৰ | বিভাগ | মনোনীত ব্যক্তি | ফলাফল | তথ্যসূত্ৰ |
|---|---|---|---|---|---|
| ২০১০ | ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা | অসমীয়া ভাষাৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ | নূৰুল চুলতান, যদুমণি দত্ত | বিজয়ী | [1] |
| 2011 | প্ৰাগ চিনে এৱাৰ্ড | শ্ৰেষ্ঠ অভিনেত্ৰী | আইমী বৰুৱা | বিজয়ী | |
| শ্ৰেষ্ঠ সম্পাদনা | ৰূপম কলিতা | বিজয়ী | |||
| শ্ৰেষ্ঠ নেপথ্য গায়িকা | অনিন্দিতা পাল ("বিফল চকুপানীৰে") | বিজয়ী | |||
| শ্ৰেষ্ঠ গীতিকাৰ | হেমন্ত দত্ত ("বিফল চকুপানীৰে") | বিজয়ী | |||
| শ্ৰেষ্ঠ অভিনেতা | ৰাগ ঐনিতম | মনোনীত | |||
| শ্ৰেষ্ঠ সহ-অভিনেতা | অৰুণ হাজৰিকা | মনোনীত | |||
| শ্ৰেষ্ঠ নেপথ্য গায়ক | জুবিন গাৰ্গ ("পুৱাৰ হাঁহিত") | মনোনীত | |||
| শ্ৰেষ্ঠ কলা নিৰ্দেশক | যদুমণি দত্ত | মনোনীত | |||
| শ্ৰেষ্ঠ চিত্ৰগ্ৰহণকাৰী | সিদ্ধাৰ্থ বৰুৱা | মনোনীত |
সংগীত [সম্পাদনা কৰক]
| জেতুকা পাতৰ দৰে | |
|---|---|
| পলাশ গগৈৰ ছাউণ্ডট্ৰেক | |
| মুক্তি | ৩১, জুলাই, ২০১১ |
| মুঠ দৈৰ্ঘ্য | ৪৪:৪৬ |
| ৰেকৰ্ড লেবেল | ৰিজিঅ'নেল মিউজিক চেণ্টাৰ (RMC) |
বোলছবিখনৰ সংগীত পৰিচালনা পলাশ গগৈৰ। ২০১১ চনৰ ৩১ জুলাইৰ দিনা দ্বীপেন বৰুৱাই গুৱাহাটীত শ্ৰাব্য এলবামটো উন্মোচন কৰে।[6] এলবামটোত মুঠ ১০ টা গীত আছে, যদিও ইয়াৰে ২ টা গীতহে বোলছবিখনত ব্যৱহাৰ কৰা হৈছিল। ছবিখনত ব্যৱহাৰ কৰা গীত দুটি হ'ল পুৱাৰ হাঁহিত আৰু বিফল চকুপানীৰে।
| গীতৰ তালিকা | ||||||||||
|---|---|---|---|---|---|---|---|---|---|---|
| ক্ৰমিক নং | শিৰোনাম | গায়ক-গায়িকা | দৈৰ্ঘ্য | |||||||
| 1. | "পুৱাৰ হাঁহিত" | জুবিন গাৰ্গ | ৩:৪৪ | |||||||
| 2. | "এবাৰ সোধানা (দ্বৈত)" | শান্তা উজীৰ, সীমান্ত শেখৰ | ৪:৩১ | |||||||
| 3. | "পলকতে" | দীক্ষু | ৫:০০ | |||||||
| 4. | "পখিলা পৰিছে" | জুবিন গাৰ্গ | ৩:০১ | |||||||
| 5. | "আই তোৰে" | চয়নিকা ভূঞা | ৪:৫২ | |||||||
| 6. | "নাজিতৰা" | দীক্ষু | ৩:৪৮ | |||||||
| 7. | "পুৱাৰ হাঁহিত (দ্বৈত)" | জুবিন গাৰ্গ, শান্তা উজীৰ | ৩:৪৫ | |||||||
| 8. | "এবাৰ সোধানা" | শান্তা উজীৰ | ৪:৩০ | |||||||
| 9. | "শীতল শীতল" | দীক্ষু, জুবলী | ৫:৩৮ | |||||||
| 10. | "বিফল চকুপানীৰে" | অনিন্দিতা পাল | ৫:৫৭ | |||||||
|
মুঠ দৈৰ্ঘ্য:
|
৪৪:৪৬ | |||||||||
তথ্য সংগ্ৰহ [সম্পাদনা কৰক]
- ↑ 1.0 1.1 58th National Film Awards Announced
- ↑ Director's Statement
- ↑ Schedule of Gandhinagar International Film Festival 2011
- ↑ Schedule of South Asian Film Festival
- ↑ "RoughCut by Utpal Mena" - Niyamiya Barta, May 11, 2011 [Page 16]
- ↑ "Jetuka Pator Dore Audio CD released" - Ajir Dainik Batori, August 01, 2011 [Page 2]
