জ্ঞাননাথ বৰা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
জ্ঞাননাথ বৰা
জন্ম ২০ মাৰ্চ, ১৮৯০ (১৩৪ বছৰ)
গুৱাহাটী, অসম
মৃত্যু ৩০ নৱেম্বৰ, ১৯৬৮ (৭৮ বছৰ)
ভাষা অসমীয়া
ৰাষ্ট্ৰীয়তা ভাৰতীয়
নাগৰিকত্ব ভাৰত ভাৰত

জ্ঞাননাথ বৰা (ইংৰাজী: Gyannath Bora; ১৮৯০ - ১৯৬৮) এগৰাকী কবি, প্ৰৱন্ধকাৰ আৰু শিক্ষাবিদ আছিল। গুৱাহাটী একতা সভাৰ অন্যতম প্ৰতিষ্ঠাতা আৰু সম্পাদক আছিল। অসম ছাত্ৰ সন্মিলনৰ তৃত্বীয় অধিবেশনৰ প্ৰধান সম্পাদক হৈছিল। ১৯৬৮ চনত তেজপুৰত অনুষ্ঠিত অসম সাহিত্য সভা অধিবেশনৰ সভাপতি আছিল। সভাপতিৰ কাৰ্যকাল শেষ নৌহওঁতেই এখেতৰ মৃত্যু হয়।

জন্ম আৰু শিক্ষাজীৱন[সম্পাদনা কৰক]

জ্ঞাননাথ বৰাৰ জন্ম ১৮৯০ চনত গুৱাহাটীত হৈছিল। এখেতৰ পিতৃৰ নাম আছিল সত্যনাথ বৰা আৰু মাতৃৰ নাম ভুবনমোহিনী। গুৱাহাটীতে স্কুলীয়া শিক্ষা আৰম্ভ কৰা জ্ঞাননাথে ১৯১৬ চনত কটন কলেজৰ পৰা বি.এ. আৰু ১৯২০ চনত "আৰ্ল ল কলেজ"ৰ পৰা বি.এল পাছ কৰে। তাৰ পাছত গুৱাহাটীতে উকীলৰ কাম আৰম্ভ কৰে।[1]

কৰ্মজীৱন[সম্পাদনা কৰক]

গুৱাহাটীত পাঁচ বছৰ কাল উকীল হিচাপে কাম কৰাৰ পাছত ১৯২৭ চনত কলিকতালৈ যায় আৰু ১৯৪৭ চনলৈ কলিকতা উচ্চ নায়্যালয়ত ওকালতি কৰে। ১৯৫১ চনত গুৱাহাটীত ল কলেজৰ অধ্যক্ষ নিযুক্ত হয় আৰু ১৯৫৮ চনলৈ এই পদতে কাম কৰে।[1]

সাহিত্যিক অৱদান[সম্পাদনা কৰক]

ছাত্ৰজীৱনত কবিতা ৰচনাত মনোনিবেশ কৰা জ্ঞাননাথ বৰাৰ কবিতা 'উষা'-ত প্ৰকাশ পাইছিল। পাছলৈ বাঁহী, আৱাহন, মণিদীপ আদি আলোচনীত ৰাজনৈতিক আৰু সাহিত্যিক বিষয়ৰ ওপৰত প্ৰৱন্ধ লিখিছিল। অসমীয়াৰ উপৰিও ইংৰাজী ভাষাটো তেখেতে প্ৰৱন্ধ ৰচনা কৰিছিল। এলডুছ হাক্সলি-ৰ "The Brave New World"ৰ গ্ৰন্থ 'নতুন পৃথিৱী' নাম দি অসমীয়া ভাঙনি কৰিছিল ।[1]

১৮৬৮ চনত তেজপুৰত হোৱা অসম সাহিত্য সভাৰ সভাপতি আছিল। কিন্তু কাৰ্যকাল শেষ হোৱাৰ আগতেই ১৯৬৮ চনৰ ৩০ নৱেম্বৰ তাৰিখে জ্ঞাননাথ বৰাৰ মৃত্যু হয়।[1]

সাংগঠনিক কাম-কাজ[সম্পাদনা কৰক]

জ্ঞাননাথ বৰা গুৱাহাটী একতা সভাৰ অন্যতম প্ৰতিষ্ঠাতা আৰু প্ৰথম সম্পাদক আছিল। অসম ছাত্ৰ সন্মিলনৰ লগতো জড়িত আছিল আৰু ১৯১৮ চনত বহা ইয়াৰ তৃত্বীয় অধিবেশনৰ প্ৰধান সম্পাদক নিযুক্ত আছিল। অসম ৰাজ্যিক মহাসভাৰ সভাপতিৰ দায়িত্বও বহন কৰিছিল।[1]

সাহিত্যিক কৰ্ম[সম্পাদনা কৰক]

  • আলোচনাত্মক
    • অসমত বিদেশী (১৯২২)
    • যুগতত্ব (১৯২৪)
    • শ্ৰীহট্ট বিচ্ছেদ (১৯৩৫)
    • অসমীয়া পুৰণি সাহিত্য (১৯৫০)
    • A Plea For Sanskrit As National Language (১৯৫৪)
    • Provincialism (১৯৫৫)
    • আধুনিক অসমীয়া সাহিত্য (১৯৬০)
  • অনুবাদ
    • নতুন পৃথিৱী (১৯৪৫) (The New World-ৰ অসমীয়া ভাঙনি)

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 1.3 1.4 বৰ্মন, শিৱনাথ (২০০০). অসমীয়া জীৱনী অভিধান. চ'ফিয়া প্ৰেছ এণ্ড পাব্লিচাৰ্ছ প্ৰা: লি:, গুৱাহাটী. পৃ: ১০৭