জ্যোতিপ্ৰসাদ আগৰৱালা
| ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা |
|
|---|---|
| জন্ম | ১৭ জুন, ১৯০৩ তামোলবাৰী চাহ বাগিছা, ডিব্ৰুগড়, অসম |
| মৃত্যু | ১৭ জানুৱাৰী, ১৯৫১ জ্যোতি ভাৰতী, তেজপুৰ, অসম |
| পেচা | গীতিকাৰ নাট্যকাৰ লেখক আৰু প্ৰথম অসমীয়া বোলছবি নিৰ্মাতা |
| সক্ৰিয় হৈ থকা সময় | ১৯৩২-১৯৫১ |
| দাম্পত্যসঙ্গী | দেৱযানী ভূঞা |
| সন্তান | চিন্ময় আগৰৱালা বিশ্বেন্দু আগৰৱালা জয়শ্ৰী জ্ঞানশ্ৰী সত্যশ্ৰী হেমাশ্ৰী মনশ্ৰী |
| পিতৃ-মাতৃ | পৰমানন্দ আগৰৱালা কিৰণময়ী আগৰৱালা |
জ্যোতিপ্ৰসাদ আগৰৱালা (ইংৰাজী: Jyotiprasad Agarwala; ১৯০৩ - ১৯৫১) অসমৰ এগৰাকী গীতিকাৰ, নাট্যকাৰ, লেখক আৰু বোলছবি নিৰ্মাতা৷ অসমীয়া ভাষা-সাহিত্যৰ কবিতা, নাটক, প্ৰৱন্ধ, সমালোচনা, শিশুসাহিত্য, আদি সকলা দিশতে তেখেতে বৰঙণি আগবঢ়াই গৈছে৷ অসমীয়া সংস্কৃতিলৈ তেখেতৰ অৱদানৰ বাবে তেখেতক "ৰূপকোঁৱৰ" বুলি কোৱা হয় । ১৯৩৫ চনত তেখেতে প্ৰথম অসমীয়া চলচ্চিত্ৰ "জয়মতী" নিৰ্মাণ কৰে। তেখেতৰ মৃত্যু তিথি ১৭ জানুৱাৰীক "শিল্পী দিৱস" ৰূপে পালন কৰা হয় [1]।
সূচী |
জন্ম [সম্পাদনা কৰক]
১৯০৩ চনৰ ১৭ জুনত উজনি অসমৰ ডিব্ৰুগড় জিলাত অৱস্থিত মদাৰখাত মৌজাৰ তামোলবাৰী চাহ বাগিছাত জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্ম হয়।[2] তেখেতৰ পিতৃ আছিল পৰমানন্দ আগৰৱালা আৰু মাক আছিল কিৰণময়ী আগৰৱালা। চন্দ্ৰকুমাৰ আগৰৱালা সম্বন্ধত আছিল তেখেতৰ খুড়া। তেখেতৰ পূৰ্বপুৰুষ নবৰংগৰাম আগৰৱালা ১৮১১ চনত ৰাজস্থানৰ মাৰৱাৰ অঞ্চলৰ পৰা অসমলৈ আহিছিল।
শিক্ষা [সম্পাদনা কৰক]
অসম আৰু কলিকতাৰ বিভিন্ন বিদ্যালয়ত শিক্ষা লাভ কৰাৰ পিছত ১৯২১ চনত দ্বিতীয় বিভাগত মেট্ৰিকুলেচনত ঊত্তীৰ্ণ হয় আৰু কলিকতাৰ নেচনেল কলেজৰ পৰা আই.এ. দ্বিতীয় বৰ্ষৰ পঢ়া সাং কৰে। তাৰপিছত ১৯২৬ চনত জ্যোতিপ্ৰসাদে অৰ্থনীতিত উচ্চ শিক্ষাৰ বাবে এডিনবাৰ্গলৈ যায় কিন্তু পঢ়া শেষ নকৰাকৈয়ে ১৯৩০ চনত উভতি আহে। ঘূৰি অহাৰ পথত জাৰ্মানীত তেখেতে সাত মাহৰ বাবে চলচ্চিত্ৰ নিৰ্মাণৰ প্ৰশিক্ষণো লয়। [3]
অন্যান্য [সম্পাদনা কৰক]
ঘৰলৈ উভতি আহি জ্যোতিপ্ৰসাদ আগৰৱালা ভাৰতৰ স্বাধীনতা আন্দোলনত জঁপিয়াই পৰে আৰু ১৯৩২ চনত ১৫ মাহৰ বাবে কাৰাবাস খাটে। শিলচৰ জেইলত টাইফইড ৰোগত ভুগা সত্বেও তেখেতে কৰাবাস সম্পূৰ্ণ কৰে। ১৯৩৩ চনৰ শেষৰফালে তেখেতে ভোলাগুৰি চাহ বাগিছাত চিত্ৰবন ষ্টুডিঅ' স্থাপন কৰি প্ৰথম অসমীয়া বোলছবি "জয়মতী"ৰ চিত্ৰগ্ৰহণ আৰম্ভ কৰে। লক্ষ্মীনাথ বেজবৰুৱাৰ কাহিনীৰ ওপৰত আধাৰিত এই ছবিখনে ১৯৩৫ চনত মুক্তি লাভ কৰে।[3][2] জয়মতীৰ পৰা হোৱা ব্যৱসায়িক লোকচানৰ জোৰা মাৰিবলৈ তেখেতে ১৯৩৯ চনত দ্বিতীয়খন অসমীয়া চলচ্চিত্ৰ "ইন্দ্ৰমালতী নিৰ্মাণ কৰে। [4] ১৯৪১ চনৰ পৰা জ্যোতিপ্ৰসাদ পুনৰ স্বাধীনতা আন্দোলনৰ লগত জড়িত হৈ পৰে।
ব্যক্তিগত জীৱন [সম্পাদনা কৰক]
১৯৩৬ চনত দেৱযানী ভূঞাৰ লগত তেখেতৰ বিবাহ সম্পন্ন হয়।
মৃত্যু [সম্পাদনা কৰক]
১৯৫১ চনৰ ১৭ জানুৱাৰীত তেজপুৰৰ পকীত জ্যোতিপ্ৰসাদ আগৰৱালাৰ কৰ্কট ৰোগত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল মাত্ৰ ৪৮ বছৰ ।
সাহিত্য-চৰ্চা [সম্পাদনা কৰক]
গল্প [সম্পাদনা কৰক]
|
কবিতা [সম্পাদনা কৰক]উপন্যাস [সম্পাদনা কৰক]
অন্যান্য গ্ৰন্থ [সম্পাদনা কৰক]
|
শিশু-সাহিত্য [সম্পাদনা কৰক]
তেখেতে তেৰটামান শিশু উপযোগী কবিতা লিখি থৈ গৈছে। ইয়াৰ ভিতৰত উল্লেখযোগ্য হৈছে "কম্পুৰ সপোন"।
কলা-সংস্কৃতিলৈ অৱদান [সম্পাদনা কৰক]
চলচ্চিত্ৰ [সম্পাদনা কৰক]
জ্যোতিপ্ৰসাদ আগৰৱালাক অসমীয়া চলচ্চিত্ৰৰ জনক বুলি অভিহিত কৰা হয়।[5] তেখেতে একক প্ৰচেষ্টাৰে প্ৰথম আৰু দ্বিতীয়খন অসমীয়া বোলছবি নিৰ্মাণ কৰিছিল।
- জয়মতী (১৯৩৫)
- ইন্দ্ৰমালতী (১৯৩৯)
গীত [সম্পাদনা কৰক]
জ্যোতিপ্ৰসাদে প্ৰায় ৩০০ মান গীত ৰচনা কৰি নিজে সুৰ দিছিল। সেইবোৰক "জ্যোতি সংগীত" বুলি কোৱা হয়।
নাটক [সম্পাদনা কৰক]
- শোণিত কুঁৱৰী (১৯২৬)[2]
- কাৰেঙৰ লিগিৰী (১৯৩৭)
- লভিতা (১৯৪৮)
- ৰূপালীম (১৯৬০)
- নিমাতী কইনা (১৯৬৪)
- সোণ পখিলী (১৯৬৪)
- খনিকৰ (১৯৭৭)
- কনকলতা
- সুন্দৰকোঁৱৰ
অতিৰিক্ত তথ্য [সম্পাদনা কৰক]
- অসমীয়া সাহিত্য আৰু বোলছবি জগতলৈ আগবঢ়োৱা অৱদানৰ বাবে ২০০৪ চনত ১৭ জুন তাৰিখে ভাৰত চৰকাৰে আগৰৱালাৰ এটা স্মৃতিৰক্ষামূলক এটা ডাকটিকট মুকলি কৰে। এই টিকটটোৰ মূল্য পাঁচ টকা।
লগতে চাওক [সম্পাদনা কৰক]
তথ্য সংগ্ৰহ [সম্পাদনা কৰক]
- ↑ "Jyoti Prasad Agarwala, Indian Theatre Artist". Indianetzone.com. http://www.indianetzone.com/28/jyoti_prasad_agarwala_indian_theatre_artist.htm। আহৰণ কৰা হৈছে: 2013-01-31.
- ↑ 2.0 2.1 2.2 2.3 2.4 Chandra Bhushan (1 January 2005). Assam. Gyan Publishing House. পৃষ্ঠা. 150–158. ISBN 978-81-7835-352-4. http://books.google.com/books?id=p_n-naXpdhkC&pg=PA151। আহৰণ কৰা হৈছে: 28 November 2012.
- ↑ 3.0 3.1 Jyotiprasad Agarawala, www.rupaliparda.com
- ↑ দাস, অৰুণলোচন (২০০১) । 'এবাৰ উভতি চাওঁ' । শিশুসাৰথি প্ৰকাশন। গুৱাহাটী।
- ↑ "Jyoti Prasad Agarwala - Rupkonwar Jyotiprasad Agarwala of Assam". Onlinesivasagar.com. http://onlinesivasagar.com/movies/jyotiprasad-agarwala.html। আহৰণ কৰা হৈছে: 2013-01-31.
