জৱাহৰ নৱোদয় বিদ্যালয়

অসমীয়া ৱিকিপিডিয়াৰ পৰা
জৱাহৰ নৱোদয় বিদ্যালয়
অৱস্থান
সমগ্ৰ ভাৰতত
প্ৰাথমিক তথ্যসমূহ
প্ৰকাৰ ৰাজহুৱা
নীতি প্ৰজ্ঞানম্‌ ব্ৰহ্ম
প্ৰতিষ্ঠাকাল ১৯৮৫
শ্ৰেণী ষষ্ঠ শ্ৰেণীৰপৰা দ্বাদশ শ্ৰেণীলৈকে
ছাত্ৰৰ সংখ্যা ১,৮০,৩৯১ (৩১ মাৰ্চ, ২০০৭ - অৰ তথ্যমতে)[1]
কেম্পাছৰ আকাৰ ৫ একৰ (২০,০০০ বৰ্গ মিটাৰ)
কেম্পাছ গ্ৰামাঞ্চল
অন্তৰ্ভূক্তি কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদ
তথ্যসমূহ ৫৬৫ খন (৩১ মাৰ্চ, ২০০৭ - অৰ তথ্যমতে)
ৱেবছাইট

জৱাহৰ নৱোদয় বিদ্যালয় (ইংৰাজী: Jawahar Navodaya Vidyalaya) হৈছে ভাৰত চৰকাৰৰ মানৱ সম্পদ বিকাশ মন্ত্ৰালয়ৰ দ্বাৰা পৰিচালিত এক আবাসিক বিদ্যালয় ব্যৱস্থা। তামিলনাডু ৰাজ্যক বাদ দি ভাৰতৰ বাকী সকলো ৰাজ্য আৰু কেন্দ্ৰ শাসিত প্ৰদেশতে বিভিন্ন জিলাত এই বিদ্যালয় আছে। নৱোদয় বিদ্যালয় সমিতি নামৰ এখন সমিতিয়ে এই বিদ্যালয় সমূহৰ পৰিচালনা কৰে। এই বিদ্যালয় ব্যৱস্থাৰ মূখ্য বৈশিষ্ট্যটো হৈছে, অৰ্থ-সামাজিক দিশত দুৰ্বল পৰিয়াল বিলাকৰপৰা (বিশেষকৈ গ্ৰামাঞ্চলৰ) তীক্ষ্ণ মেধাসম্পন্ন শিশু সকলক বাছি আনি এক বিশ্বমানৰ পৰিৱেশত ৰাখি তেওঁলোকক উচ্চ মানদণ্ডৰ শিক্ষা প্ৰদান কৰা[1]। এই বিদ্যালয় সমূহত শিক্ষালাভ কৰিবৰ বাবে এজন ছাত্ৰই এটা দেশভিত্তিক বাছনি পৰীক্ষাত উত্তীৰ্ণ হ'ব লাগে। এই পৰীক্ষাটো প্ৰত্যেক বছৰে বিদ্যালয় থকা জিলাসমূহত অনুষ্ঠিত কৰা হয়।

৩১ মাৰ্চ, ২০০৭-অৰ তথ্যমতে ভাৰতত ৫৬৫ খন জৱাহৰ নৱোদয় বিদ্যালয় আছে। এখন জিলাত সাধাৰণতে এখন জৱাহৰ নৱোদয় বিদ্যালয় থাকে।

লক্ষ্য[সম্পাদনা কৰক]

  • সামাজিক ন্যায় আৰু সমতাৰ মাজেৰে উত্তম সম্পদ বিকাশ
  • দেশৰ বিভিন্ন অঞ্চলৰ মেধাসম্পন্ন শিশুসকলক (বিশেষকৈ গ্ৰামাঞ্চলৰ) উত্তম শিক্ষাপ্ৰদানৰ জৰিয়তে ৰাষ্ট্ৰীয় একতাৰ বিকাশ আৰু এনে শিশুসকলৰ ক্ষমতাৰ পূৰ্ণ বিকাশ
  • ভাল গুণসম্পন্ন আধুনিক শিক্ষাপ্ৰদান, য'ত সামৰি লোৱা হয় সংস্কৃতি আৰু ঐতিহ্যৰ শিক্ষা, পৰিৱেশ বিষয়ক শিক্ষা, শাৰিৰীক শিক্ষা, দুঃসাহসিক ক্ৰীড়া ইত্যাদি
  • ত্ৰিভাষিক মাধ্যমত শিক্ষা প্ৰদানৰ জৰিয়তে এইটো নিশ্চিত কৰা যে প্ৰতিজন ছাত্ৰ-ছাত্ৰীয়েই যাতে তিনিটা ভাষাৰ ওপৰত এক পৰ্য্যাপ্ত দখল থাকে
  • অভিজ্ঞতা আৰু সুবিধাৰ বিতৰন আৰু বহুল প্ৰচাৰৰ যোগেদি এখন জিলাত সামগ্ৰিক শৈক্ষিক মানদণ্ড উন্নয়নৰ কেন্দ্ৰবিন্দু হিচাপে কাম কৰা[1]

বাছনি প্ৰক্ৰিয়া[সম্পাদনা কৰক]

জৱাহৰ নৱোদয় বিদ্যালয়ত প্ৰৱেশৰ বাবে বছৰি জিলা আৰু ব্লক ভিত্তিত সমগ্ৰ ভাৰতত এলানি বাছনি পৰীক্ষা আয়োজন কৰা হয়। এই পৰীক্ষাৰ প্ৰশ্নকাকত কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদৰ দ্বাৰা কৰা হয়। প্ৰশ্নকাকত খন বস্তুনিষ্ঠ হয় আৰু ইয়াক তৈয়াৰ কৰোঁতে এইটো লক্ষ্য ৰখা হয় যাতে গ্ৰামাঞ্চলৰ শিশু সকলৰ প্ৰশ্ন বিলাক বুজি পোৱাত কোনো অসুবিধা নহয়।

জৱাহৰ নৱোদয় বিদ্যালয়ৰ সমূহ আসনৰ ৭৫% আসন গ্ৰামাঞ্চলৰ শিশুৰ কাৰনে সংৰক্ষিত। জিলা খনৰ অনুসূচীত জাতি আৰু জনজাতি জনসংখ্যাৰ অনুপাতৰ ওপৰত নিৰ্ভৰ কৰি তেওঁলোকৰ বাবেও সংৰক্ষন থাকে, এই অনুপাত এই শ্ৰেণীকেইটাৰ জনসংখ্যাৰ ৰাষ্ট্ৰীয় গড় অনুপাততকৈ কমকৈ কেতিয়াও লোৱা নহয়। এক তৃতীয়াংশ আসন ছোৱালীৰ বাবে সংৰক্ষিত আৰু ৩% আসন অন্যভাৱে সক্ষম শিশুসকলৰ বাবে[1]

বিদ্যালয় ব্যৱস্থা[সম্পাদনা কৰক]

জৱাহৰ নৱোদয় বিদ্যালয় এখন আৱাসিক শিক্ষানুষ্ঠান আৰু ইয়াত ল'ৰা-ছোৱালীৰ সহ-শিক্ষা প্ৰদান কৰা হয়। ছাত্ৰ-ছাত্ৰীৰ বাবে অতি উচ্চ মানদণ্ডৰ আবাসৰ ব্যৱস্থা থাকে। এজন ছাত্ৰ বা ছাত্ৰীৰ দৈনন্দিন প্ৰয়োজনৰ সকলো সুবিধা বিদ্যালয় পৰিসৰত উপলব্ধ হয়।

জৱাহৰ নৱোদয় বিদ্যালয়ত ষষ্ঠ শ্ৰেণীৰ পৰা শিক্ষাদান আৰম্ভ কৰা হয় আৰু দ্বাদশ শ্ৰেণীলৈকে শিক্ষাদান কৰা হয়। শেহতীয়াকৈ, ইয়াত নৱম আৰু একাদশ শ্ৰেণীটো ছাত্ৰ-ছাত্ৰীৰ প্ৰৱেশৰ ব্যৱস্থা কৰা হৈছে। এই বিদ্যালয়ত কোনো সুবিধাৰে বাবে মাচুল দিয়াৰ প্ৰয়োজন নাছিল, কিন্তু বৰ্তমান নৱম শ্ৰেণীৰপৰা দ্বাদশ শ্ৰেণীলৈকে ছাত্ৰসকলে মাহিলী ২০০ টকাকৈ বিদ্যালয় বিকাশ নিধিৰ বাবে এক মাচুল দিব লাগে। অনূসূচীত জাতি, অনূসূচীত জনজাতি, ছোৱালী, অন্যভাৱে সক্ষম আৰু দাৰিদ্ৰ্য সীমাৰেখাৰ তলৰ পৰিয়ালৰ ছাত্ৰ ছাত্ৰীসকলক এই মাচুলৰপৰা ৰেহাই দিয়া হয়[1]

শিক্ষা[সম্পাদনা কৰক]

জৱাহৰ নৱোদয় বিদ্যালয়ত কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদৰ শৈক্ষিক পঞ্জী মানি চলা হয়। শিক্ষাৰ মাধ্যম হিচাপে তিনিটা ভাষা ব্যৱহাৰ কৰা হয় আৰু তিনিওটা ভাষাকে সমান গুৰুত্ব প্ৰদান কৰা হয়। এই তিনিটা ভাষা হৈছে ইংৰাজী, হিন্দী আৰু ৰাজ্যিক ভাষাটো[1]

এই বিদ্যালয় সমূহত মুখ্য বিষয় সমূহৰ বাহিৰেও ক্ৰীড়া, সংগীত, কম্পিউটাৰ বিজ্ঞান, সামাজিক গঠনমূলক কৰ্ম আদিৰ শিক্ষা প্ৰদান কৰা হয়। এই সকলো বিলাক বিষয়ৰ বাবে প্ৰয়োজনীয় সকলো আন্তঃগাঠনি বিদ্যালয় সমূহত পৰ্য্যাপ্ত পৰিমানে যোগান ধৰা হয়। এই বিষয় বিলাকত ছাত্ৰ ছাত্ৰীৰ উৎকৰ্ষ সাধন কৰিবৰ কাৰনে একো একোখন ৰাজ্য বা অঞ্চলৰ জৱাহৰ নৱোদয় বিদ্যালয় সমূহৰ মাজত প্ৰত্যেক বছৰে এই বিষয়বিলাকৰ বিভিন্ন প্ৰতিযোগিতাৰ আয়োজন কৰা হয়।

বিদ্যালয় সমূহৰ পৰিচালনা[সম্পাদনা কৰক]

ভাৰত চৰকাৰৰ মানৱ সম্পদ বিকাশ মন্ত্ৰালয়ৰ মাধ্যমিক আৰু উচ্চ শিক্ষা বিভাগৰ নৱোদয় বিদ্যালয় সমিতিৰ দ্বাৰা এই বিদ্যালয় সমূহৰ পৰিচালনা কৰা হয়। পৰিচালনাৰ সুবিধাৰ কাৰনে সমগ্ৰ ভাৰতক আঠটা ক্ষেত্ৰলৈ ভাগ কৰি প্ৰত্যেক ক্ষেত্ৰতে একোটাকৈ ক্ষেত্ৰীয় কাৰ্যালয় স্থাপন কৰা হৈছে। প্ৰত্যেকখন বিদ্যালয়ৰ বাবে একোখনকৈ বিদ্যালয় পৰিচালনা সমিতি আৰু উপদেষ্টা সমিতি থাকে। জিলাৰ উপায়ুক্ত গৰাকীয়ে এই সমিতি কেইখনত অধ্যক্ষতা কৰে। জিলাখনৰ বিশিষ্ট লোক সকলৰপৰা কিছু সংখ্যক লোকক এই সমিতি কেইখনত লোৱা হয়। নৱোদয় বিদ্যালয় সমিতিৰ বৰ্তমান ক্ষেত্ৰীয় কাৰ্যালয় সমূহ এইকেইখন ঠাইত অৱস্থিত:

নৱোদয় বিদ্যালয় সমিতিৰ মূখ্য কাৰ্যালয়ৰ বৰ্তমান ঠিকনা : এ'-২৮, কৈলাশ কলনী, নতুন দিল্লী - ১১০০৪৮ [1]

শিক্ষাৰ্থী পৰিভ্ৰমণ ব্যৱস্থা[সম্পাদনা কৰক]

জৱাহৰ নৱোদয় বিদ্যালয় সমূহৰ আন এক উল্লেখযোগ্য বৈশিষ্ট হৈছে নৱম মান শ্ৰেণীত কৰা এবছৰীয়া শিক্ষাৰ্থীৰ বদলিকৰন। এই যোজনাৰ অধীনত, একোখন বিদ্যালয়ৰ নৱম মান শ্ৰেণীৰ ৩০% ছাত্ৰ ছাত্ৰীক ভাৰতৰ বেলেগ এক অংশৰ অন্য এখন বিদ্যালয়লৈ এবছৰৰ বাবে পঠোৱা হয়। এই বদলি কৰোঁতে ভাষাৰ কথা লক্ষ্য ৰখা হয়, কোনো এক নিৰ্দিষ্ট ভাষিক অঞ্চলৰ ছাত্ৰ ছাত্ৰীক এক সম্পূৰ্ন বেলেগ ভাষিক অঞ্চললৈ পঠোৱা হয়। এই প্ৰক্ৰিয়াৰ মূল লক্ষ্য হ'ল ৰাষ্ট্ৰীয় একতাৰ মজবুতীকৰন আৰু ছাত্ৰ ছাত্ৰীৰ মানসিক পৰিসৰৰ বিস্তাৰ ঘটোৱা।

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 1.3 1.4 1.5 1.6 "Overview". http://www.navodaya.gov.in/welcome%20sbs.htm। আহৰণ কৰা হৈছে: 2 December 2011. 

বাহ্যিক লিংক[সম্পাদনা কৰক]