টি এছ ইলিয়ট

অসমীয়া ৱিকিপিডিয়াৰ পৰা
টি এছ ইলিয়ট

টি এছ ইলিয়ট, ১৯৩৪
জন্ম থমাছ ষ্টাৰ্নছ এলিয়ট
ছেপ্টেম্বৰ ২৬, ১৮৮৮
ছেণ্ট লুইছ, মিছৌৰী
মৃত্যু জানুৱাৰী ৪, ১৯৬৫ (৭৬ বছৰ)
লণ্ডন, ইংলেণ্ড
পেচা কবি, নাট্যকাৰ, সমালোচক আৰু সম্পাদক
নাগৰিকত্ব জন্মসূত্ৰে আমেৰিকান; ১৯২৭ চনৰপৰা ব্ৰিটিছ
শিক্ষা কলা স্নাতক দৰ্শন বিভাগত
মাতৃশিক্ষায়তন হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়
মেট্ৰন কলেজ, অক্সফৰ্ড
সময় ১৯০৫–১৯৬৫
সাহিত্যিক বিপ্লৱ আধুনিকতাবাদ
উল্লেখনীয় কৰ্মৰাজী The Love Song of J. Alfred Prufrock (১৯১৫), The Waste Land (১৯২২), Four Quartets (১৯৪৪)
উল্লেখযোগ্য বঁটা ন'বেল বঁটা (সাহিত্য), ১৯৪৮ চনত, অৰ্ডাৰ অৱ মেৰিট (১৯৪৮)
দাম্পত্যসংগী ভিভিয়েন হেগ উদ (১৯১৫–১৯৪৭); ভেলেৰী এলিয়ট (১৯৫৭–১৯৬৫)
সন্তান নাই



স্বাক্ষৰ

টি এছ ইলিয়ট (ইংৰাজী: T. S. Eliot, সম্পূৰ্ণ নাম Thomas Stearns Eliot) বিগত অৰ্ধ শতাব্দীৰ কাব্য সাহিত্যৰ সৰ্বশ্ৰেষ্ঠ পুৰুষ আছিল। কবিত্ব আৰু দাৰ্শনিক চিন্তাধাৰাই তেওঁৰ প্ৰতিভা সাৰ্থক কৰি তুলিছে। ইলিয়টৰ শ্ৰেষ্ঠ পৰিচয় হ’ল তেওঁ এগৰাকী কবি। এই যুগৰ কবিতাৰ নতুন ধাৰা প্ৰবৰ্তন কৰা পুৰোহিত। বিশ্বৰ সকলো আধুনিক কবিৰ ওপৰত তেওঁ অসামান্য প্ৰভাৱ বিস্তাৰ কৰে। কাব্য সাহিত্যৰ এক নতুন ধাৰাৰ তেওঁ প্ৰধান প্ৰবক্তা। জীৱনক ভাল পাইও মোহমুক্ত দৃষ্টিৰে জগত আৰু জীৱনৰ যি ধ্ৰুপদী ব্যাখ্যা তেওঁ দিছিল অলংকাৰ বৰ্জিত ভাষাৰে, ইয়েই এই যুগৰ কাব্য-সাহিত্যত যুগান্তৰ সৃষ্টি কৰিছিল। যুদ্ধোত্তৰ যুগৰ অৱসাদ, সংশয় আৰু ক্লেদাক্ত জীৱন যন্ত্ৰণা প্ৰতিফলিত হৈছেল তেওঁৰ কবিতাত। নতুন চিন্তাধাৰাক ৰূপায়িত কৰাৰ বাবে তেওঁ নতুন আঙ্গিক আৰু ৰচনা শৈলীৰ আশ্ৰয় গ্ৰহণ কৰে। কাব্য চিন্তাৰ ক্ষেত্ৰতো ইলিয়টে পূৰ্বসুৰীসকলতকৈ স্বতন্ত্ৰ আৰু মৌলিক আছিল[3]

জন্ম[সম্পাদনা কৰক]

বিশ্ব বিশ্ৰুত কবি গৰাকীৰ জন্ম হয় আমেৰিকাৰ নিউ ইংল্যণ্ডৰ এটি পৰিয়ালত ১৮৮৮ৰ ২৬ ছেপ্তেম্বৰত। তেওঁৰ ককাক আছিল এগৰাকী ধৰ্মযাজক আৰু ৱাশ্বিংটন বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠাতা। ইলিয়ট মাক-দেউতাকৰ ছয়টি সন্তানৰ ভিতৰত কনিষ্ঠপুত্ৰ আছিল। তেওঁৰ পৰিয়াল আছিল শিক্ষা, চৰিত্ৰ, সামাজিক মৰ্য্যাদা আদি সকলো দিশতে সংস্কৃত সম্পন্ন। মাক সমাজ সংস্কাৰৰ লগতে কবি আৰু বিদুষী ৰমণী আছিল। সেয়ে ইলিয়ট মাকৰ কবিত্ব শক্তিৰ এক যোগ্য উত্তৰাধিকাৰী হ’ব পাৰিছিল[3]

শিক্ষা আৰু জীৱিকা[সম্পাদনা কৰক]

১৯০৯ত ইলিয়ট হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ পৰা দৰ্শনত স্নাতক হয় আৰু তাৰ পিছৰ বছৰত স্নাতকোত্তৰ পৰীক্ষাত উত্তীৰ্ণ হৈ তেওঁ পেৰিছৰ চৰবোৰ্ণত প্ৰৱেশ কৰে। সেই ঠাইত কিছুদিন অধ্যয়ন কৰাৰ পিছত তেওঁ অক্সফোৰ্ডৰ মাৰ্টন কলেজত অধ্যয়ন কৰিবলৈ লয়। ছাত্ৰ জীৱনতেই ইলিয়টে ইংৰাজীৰ উপৰিও গ্ৰীক, লেটিন, ফৰাচী, জাৰ্মান ভাষাৰ উপৰিও ইউৰোপৰ চিৰায়ত সাহিত্য সম্পূৰ্ণ অধ্যয়ন কৰে। আনকি তেওঁৰ অধ্যয়ন স্পৃহাৰ পৰা সংস্কৃত ভাষাও বাদ পৰা নাছিল। ইলিয়ট ছাত্ৰ জীৱনতে বহুতো খ্যাতনামা অধ্যাপকৰ সান্নিধ্যলৈ আহে আৰু শিক্ষা জীৱনৰ সমাপ্তিৰ পিছতে শিক্ষকতা আৰম্ভ কৰে। কিন্তু শিক্ষকতাৰ প্ৰতি ইলিয়টৰ প্ৰবল বিতৃষ্ণা আছিল। সেই বাবে চাৰিবছৰ পিছত তেওঁ শিক্ষকতাৰ চাকৰি বাদ দি বেংকৰ চাকৰিত সোমায়। ভৱিষ্যতে কবি হ’বলৈ হেপাহ পুহি ৰখা ইলিয়ট হ’ল এজন বেংকৰ লেজাৰ-কীপাৰ। তেওঁ আঠ বছৰ একেৰাহে এই চাকৰি কৰে[3]

বিবাহ[সম্পাদনা কৰক]

বেংকৰ চাকৰি কৰি থকা সময়তে তেওঁ ভিভিয়েন হেগ নামৰ নৰ্তকী এজনীক বিয়া কৰায়। ভিভিয়েন এগৰাকী বিখ্যাত ইংৰাজ চিত্ৰকৰৰ ছোৱালী আছিল। ইলিয়টৰ বয়স তেতিয়া ২৭ বছৰ। ২৭ বছৰত দাম্পত্য জীৱন আৰম্ভ কৰা ইলিয়টৰ গোটেই জীৱন সুখতেই অতিবাহিত হৈছিল।

কৰ্ম[সম্পাদনা কৰক]

ইলিয়টে চাকৰি জীৱন আৰু দাম্পত্য জীৱনৰ আগৰে পৰাই সাহিত্য চৰ্চাত মনোনিবেশ কৰিছিল। সেয়ে অৱসৰ সময়ত তেওঁ ’ইগ’ইষ্ট’ (Egoist) নামৰ বাতৰি কাকত এখনৰ সম্পাদকীয় বিভাগত যুক্ত হয় আৰু সেই একেই সময়তে তেওঁ ’এথেনিয়াম’ আৰু ’টাইমচ্‌ লিটাৰাৰি চাপ্লিমেণ্ট’ৰ গ্ৰন্থ সমালোচনাৰ দায়িত্ব বহন কৰে। সাহিত্য জগতত বিদগ্ধ সমালোচক হিছাপে প্ৰতিষ্ঠা লাভ কৰা ইলিয়টৰ সাহিত্যিক জীৱন এইদৰে আৰম্ভ হৈছিল।অৱশ্যে ইয়াৰ আগতেই তেওঁ কবিতা লিখা আৰম্ভ কৰিছিল। বেংকৰ চাকৰি কৰিলেও সাহিত্যই অনবৰতে ইলিয়টক আকৰ্ষণ কৰি আছিল। চাকৰি কৰিব নে সাহিত্য কৰ্মত একানপটীয়াকৈ লাগিব-এই দোদুল্যমান অৱস্থাত থাকোঁতেই তেওঁৰ দুই এখন কবিতা পুথি প্ৰকাশ পায় আৰু কবি হিছাপেও কিছু খ্যাতি অৰ্জন কৰে। লণ্ডনৰ সুপ্ৰসিদ্ধ পুথি প্ৰকাশক প্ৰতিষ্ঠান ’ফবাৰ য়্যাণ্ড ফেবাৰ’ৰ পৰাই ইলিয়টৰ কবিতা পুথি কেইখন প্ৰকাশ পাইছিল। প্ৰকাশক গোষ্ঠীয়ে প্ৰথমে এজন অপৰিচিত কবিৰ কবিতাই পঢ়ুৱৈৰ সমাদৰ পাব বুলি ধাৰণা কৰা নাছিল, কিন্তু তেওঁৰ কবিতা পুথি কেইখনে বজাৰ পোৱাৰ লগে লগে হাজাৰে হাজাৰে বিক্ৰী হৈ গ’ল। তেতিয়া সেই প্ৰকাশক গোষ্ঠীৰ পৰা ইলিয়টলৈ এটি অনুৰোধ আহিল, যদি তেওঁ প্ৰকাশক গোষ্ঠীৰ এক ৰিডাৰ হিছাপে কামত যোগ দিয়ে তেনেহ’লে মাহিলী আঢ়ৈশ পাউণ্ড দৰমহা দিবলৈ সন্মত। তেতিয়া ইলিয়টে বেংকৰ চাকৰি বাদ দি ’ফবাৰ য়্যাণ্ড ফেবাৰ’ত যোগ দিয়ে। এই কামত তেওঁ খুউব কম দিনৰ ভিতৰতে নিজৰ দক্ষতা প্ৰদৰ্শন কৰি সঞ্চালকৰ পদ লাভ কৰিলে[3]

ফবাৰ কোম্পানীৰ কামত যোগ দিয়াৰ ফলত যে অকল তেৱেঁই উপকৃত হৈছিল এনে নহয়, সামগ্ৰীক ভাৱে ইংলণ্ডৰ কাব্য জগতো সমানেই লাভাবান হৈছিল। তৰুণ আৰু আধুনিক কবি গোষ্ঠীয়ে ইংলণ্ডৰ কাব্য জগতত লাহে লাহে প্ৰৱেশ কৰাৰ পথ সুগম কৰি দিছিল ফবাৰেৰ অন্যতম ডিৰেক্টৰ স্বয়ং ইলিয়টে। তৰুণ কবিৰ কবিতা মৰ্য্যাদা সহকাৰে প্ৰকাশ পাবলৈ লয়। কাব্যিক জগতত ইলিয়টে যেনেকৈ এটা যুগৰ সৃষ্টি কৰে, কাব্য গ্ৰন্থ প্ৰকাশৰ ক্ষেত্ৰতো তেওঁ তেনেদৰে আগৰণুৱা হৈ পৰে। কুৰি শতিকাৰ ইউৰোপৰ কাব্য জগতক নেতৃত্ব দিয়া ইলিয়টৰ বৈশিষ্ট্যৰ এটা হ’ল তেওঁ নিজস্ব প্ৰতিভা আৰু আনটো হ’ল কোম্পানীৰ সৈতে তেওঁৰ নিবিড় সংযোগ। ১৯২৭ত ইলিয়টে ব্ৰিটিছ নাগৰিকত্ব লাভ কৰে আৰু তেতিয়াৰ পৰাই ইংলণ্ড হ’ল তেওঁৰ দ্বিতীয় মাতৃভূমি[3]

কাব্য জীৱন[সম্পাদনা কৰক]

এই গৰাকী বিদগ্ধ কবিৰ কাব্য চিন্তা বিশ্লেষণ কৰিলে দেখা যায় যে তেওঁ এক নতুন কাব্য দৰ্শন গঢ়ি তোলাত সাফল্য লাভ কৰিছিল। মানুহৰ অন্ত:সাৰশূন্যতা, জীৱনৰ শুষ্কতা আৰু ভঙ্গুৰতাৰ আৰ্তনাদ তেওঁৰ কবিতাত যিমান ধ্বনিত হৈছে, ইলিয়টৰ পূৰ্বৰ কবিৰ কবিতাত সেই ধ্যান ধাৰণা পৰিলক্ষিত হোৱা নাই। আজিৰ দিকভ্ৰান্ত মানুহে পুৰণি সকলো বিশ্বাস হেৰুৱাই পেলাইছে, অথচ জীৱনটো সুকলমে চলাই নিয়াৰ বাবে নতুন কোনো আদৰ্শৰো সন্ধান পোৱা নাই। এই যুগৰ সভ্যতা সেই বাবেই ইলিয়টৰ দৃষ্টিত স্তুপীকৃত ভগ্নমূৰ্তি (Broken images)ৰ বাহিৰে একো নহয়। ’দি ওৱেষ্ট ল্যাণ্ড’ ইলিয়টৰ শ্ৰেষ্ঠ কাব্য গ্ৰন্থ বুলি স্বীকৃত হৈছে। এই কাব্য গ্ৰন্থৰ আঙ্গিকৰ সৈতে ওত:প্ৰোত হৈ আছে তেওঁৰ জীৱন দৰ্শন আৰু নৈতিক জীৱনৰ শুদ্ধতাৰ ওপৰত গভীৰ বিশ্বাস। ইলিয়টৰ কবি মন এই কাব্য গ্ৰন্থত এক উচ্চ শিখৰত আৰোহণ কৰিছে। যুদ্ধোত্তৰ ইউৰোপৰ কিংকৰ্তব্য বিমুঢ়তা, সমস্ত আদৰ্শবাদ মূলক আশা-ভৰসাৰ মূলোচ্ছেদ, পথ-সন্ধানত বিভ্ৰান্তি, চূড়ান্ত অৱসাদ সমসাময়িক ইউৰোপৰ এই সকলো দিশ ইলিয়টৰ কাব্যত মূৰ্ত হৈ উঠিছে। এজৰা পাইণ্ডৰ নামত উৎসৰ্গীত প্ৰথম বিশ্বযুদ্ধোত্তৰ পৃথিৱীৰ ই এক সুন্দৰ মানস দৰ্পণ[3]

ইয়াৰ উপৰিও ১৯২৫ৰ প্ৰকাশিত ’The Hollow men’ কাব্য গ্ৰন্থত আধুনিক যুগৰ মূল্যবোধহীন মানুহৰ অৱস্থা বৰ্ণনা কৰিছে। এই কাব্য গ্ৰন্থখনত তেওঁৰ কবিতাৰ সুৰ উচ্চ পৰ্য্যায়ৰ আৰু বিশ্লেষণো তীক্ষ্ণ। ’দি হ’লো মেন’ক সেয়েহে ’দি ওৱেষ্ট ল্যাণ্ড’ৰ পৰিপূৰক অথবা উপসংহাৰো বুলি কব পাৰি। এই কাব্য গ্ৰন্থত কবিয়ে পৃথিৱীৰ প্ৰতি তেওঁৰ সন্ধানী দৃষ্টি নিক্ষেপ কৰিছে- সেই পৃথিৱী যেন নি:শব্দ ক্লান্ত, পৃথিৱীখনৰ আকাৰ আছে, কিন্তু গঠন নাই, ছাঁ আছে ৰং নাই, আৰু গতিও যেন পক্ষাঘাত গ্ৰস্ত। এই পৃথিৱীৰ ভঙ্গী আছে অথচ আবেগ নাই। ইলিয়টৰ দৃষ্টিত-’They are empty, without vision, they lean together without thought; their dry voices whisper meaninglessly;. ইলিয়টৰ বিশ্বাস এই পৃথিৱীত মানুহে ভালকৈ জীয়াই থাকিবতো নাজানেই, আনকি ভদ্ৰ ভাৱে মৰিবও নাজানে। পঞ্চাশ বছৰৰ দেওনা পাৰ নৌহওতেই ইলিয়টৰ ধ্যান-ধাৰণাই গভীৰতা লাভ কৰে। এইবাৰ অন্য এক দিশ পৰিলক্ষিত হ’ল তেওঁৰ কবিতাত। ইলিয়টে ৰচনা কৰিলে সেই মহান কবিতা-’Four quarters ’ যিটো পঢ়িলে এনে ভাৱ হয় কবিয়ে যেন এক নতুন পোহৰৰ সন্ধান পাইছে, এক উচ্চ আৰু গভীৰতম আধ্যাত্মিক ভাৱনাই তেওঁৰ হৃদয় স্পৰ্শ কৰিছে। বাস্তৱৰ পূজাৰী উদ্ধুদ্ধ হৈছে উচ্চতম দাৰ্শনিক চেতনাত। এই অন্ত:সাৰশূন্য সভ্যতাৰ পৰা মানুহৰ মুক্তিৰ পথ অনুসন্ধান কৰিছে বাইবেলৰ বাণী আৰু উপনিষদৰ সঞ্জীৱনী মন্ত্ৰৰ মাজত। এই কাব্য গ্ৰন্থত কবিতাৰ শিল্পৰূপে আৰু ৰস এই দুয়োটাকে অতিক্ৰম কৰি ফুটি উঠিছে এক মহিমামণ্ডিত জীৱন জিজ্ঞাসা[3]

নাট্যাকাৰ আৰু সমালোচক হিছাপে[সম্পাদনা কৰক]

কবি হিচাপে ইলিয়ট প্ৰসিদ্ধ হ’লেও তেওঁ নাট্যকাৰ আৰু সমালোচক হিছাপেও কম কৃতিত্ব লাভ কৰা নাই। তেওঁৰ মঞ্চ সফল নাটক ‘Murder in the Cathedral, The Cocktail Party, Statesman, Family Reunion আৰু Confidential clerk কাব্য গ্ৰন্থৰ দৰে সমানেই সমাদৰ অৰ্জন কৰিছে। মধ্যযুগৰ ৰহস্য-নাটৰ অনুসৰণত ৰচনা কৰা ’মাৰ্ডাৰ ইন দি ক্যাথেড্ৰাল’ বহুতৰ বিবেচনাত ইলিয়টৰ শ্ৰেষ্ঠ নাট্য কাব্য। এই প্ৰসঙ্গতে এজন খ্যাতনামা সমালোচকৰ উক্তি মন কৰিবলগীয়া। তেওঁ লিখিছে-‘Murder in the Cathedral is a landmark in modern drama. The impact of its revivalism has been strongly felt. It has proved that verse can give to drama a meaning and feeling which prose can never give.’ ধৰ্মীয় শ্বহীদ ক্যাণ্টাৰ্বেৰিৰ টমাস বেকেটৰ কাহিনীক লৈ ৰচনা কৰা এই নাটকত ইলিয়টে প্ৰলোভনৰ যি মনস্তাত্বিক ৰূপ দক্ষতাৰে প্ৰতিফলিত কৰিছে[3]


সমালোচক ৰূপেও ইলিয়টৰ প্ৰতিভাই ইংৰাজী সাহিত্যত এক অভিনৱ ৰীতি প্ৰবৰ্তন কৰিছে। সমালোচক হিছাপে ইলিয়টৰ পৰিচয় আছে তেওঁৰ ‘Selected Essays, On poetry and poets, Poetry and Drama, The Sacred wood. প্ৰভৃতি গ্ৰন্থৰ মাজত। অৱশ্যে ইলিয়টৰ কবিসত্বাৰ পৰা সমালোচক ইলিয়টক পৃথক কৰি ভবা উচিত নহয়, কাৰণ সেই সমালোচনাৰ মাজতেই তেওঁৰ কবি মনৰ ধাৰাটো সু-স্পষ্ট আৰু প্ৰত্যক্ষ হৈ উঠিছে। তেওঁৰ কবিতা ৰচনা আৰু সমালোচনাৰ পদ্ধতি ভিন্ন নহয়। তেওঁৰ মতে কবিতাত কবিৰ ব্যক্তিত্ব বা আবেগ প্ৰকাশিত নহয়, প্ৰকাশ হয় কেৱল শাশ্বত সত্য। ইলিয়টৰ জীৱনৰ অৰ্ধশতাব্দী কালৰ কাব্য সাধনা এই সত্যৰ সন্ধান আৰু অনুশীলন সাৰ্থক উঠিছে।[3]

পুৰস্কাৰ[সম্পাদনা কৰক]

১৯৪৮ চনত তেওঁ সাহিত্যৰ ন’বেল পুৰস্কাৰ লাভ কৰে।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. Hart Crane (1899-1932)
  2. Influences by Seamus Heaney, Bostonreview.net, accessed August 3, 2009.
  3. 3.0 3.1 3.2 3.3 3.4 3.5 3.6 3.7 3.8 গ্ৰন্থ: আধুনিক বিশ্বৰ এশগৰাকী মহান ব্যক্তি: সম্পাদনা - কনকসেন ডেকা, পৃষ্ঠা নং - ৪৪৮ৰ পৰা ৪৫২, প্ৰকাশক: নিৰোদ কুমাৰ ভৰালী, দিছপুৰ প্ৰিণ্ট হাউছ, গুৱাহাটী-৬।


বাহ্যিক সংযোগ[সম্পাদনা কৰক]

জীৱনী[সম্পাদনা কৰক]

কৰ্মাৱলী[সম্পাদনা কৰক]

ৱেবছাইট[সম্পাদনা কৰক]

সংৰক্ষিত[সম্পাদনা কৰক]

অন্যান্য[সম্পাদনা কৰক]