ডিচমেনৰিয়া

অসমীয়া ৱিকিপিডিয়াৰ পৰা


Dysmenorrhea
শ্ৰেণীবিভাজন আৰু বাহ্যিক সমল
আই.চি.ডি.-10 N94.4-N94.6
আই.চি.ডি.-9 625.3
ডিজিজেছ ডে'টাবে'ছ 10634
মেডলাইন প্লাছ 003150
MeSH D004412

ডিচমেনৰিয়া (ইংৰাজী: Dysmenorrhea) হৈছে নাৰীৰ মাহেকীয়া ঋতুস্ৰাৱৰ সময়ত হোৱা বিষ যিয়ে তেওঁৰ দৈনিক কাম-কাজত বাধা জন্মায়।[1][2]। কিন্তু সাধাৰণতে ঋতুস্ৰাৱৰ বিষকে ডিচমেনৰিয়া বুলি কোৱা হয়।[3][4] এই প্ৰবন্ধত প্ৰথম সংজ্ঞাটো ব্যৱহাৰ কৰা হৈছে।

বিশ্বৰ বিভিন্ন ঠাইত চলোৱা সমীক্ষা মতে ৫০% ৰো অধিকাংশ মহিলাৰ এনে বিষ অনুভৱ হয়৷ ডাক্তৰী ভাষাত এই অৱস্থাক বোলে৷ গ্ৰীক শব্দ "ডিচ" মানে হ'ল কষ্টকৰ, "মেন'" মানে হ'ল মাহিলি আৰু ৰিয় মানে হ'ল প্ৰবাহ৷ স্ত্ৰী-ৰোগ বিশেষজ্ঞসকলে মহিলাৰ সততে পোৱা অসুবিধাসমূহৰ ভিতৰত ই হ'ল এবিধ প্ৰমুখ ৰোগ৷ ডিচমেনৰিয়া ঋতুস্ৰাৱৰ কেইবাদিনো আগৰেপৰা হ'ব পাৰে বা লগতে হ'ব পাৰে আৰু সাধাৰণতে ঋতুস্ৰাৱ শেষ হোৱাৰ লগে লগে বিষো কমি যায়। কেতিয়াবা ডিচমেনৰিয়াৰ লগত অতিমাত্ৰা ৰক্তস্ৰাৱ হয়- এনে অৱস্থাক Menorrhagia বোলে৷

কোনো আন ৰোগ বা জৰায়ুৰ গঠনৰ ত্ৰুটিৰ বাবে হোৱা ডিচমেনৰিয়াক "চেকেণ্ডেৰী ডিচমেনৰিয়া" বোলা হয়। আন কোনো কাৰক নাথাকিলে তাক "প্ৰাইমেৰী ডিচমেনৰিয়া" বোলা হয়।

লক্ষণ[সম্পাদনা কৰক]

মাহেকীয়া ঋতুস্ৰাৱ হওঁতে ভূক্তভোগী এইসকল মহিলাই কম-বেচি পৰিমানে তল পেটৰ বিষ অনুভৱ কৰে৷ বিষটো একেলেথাৰিয়েও থাকিব পাৰে নাইবা এৰাধৰাকৈয়ো হব পাৰে৷ বিষটো কৰঙন আৰু পিঠিলৈয়ো বিয়পিব পাৰে৷ মাহেকীয়া আৰম্ভ হোৱাৰ দুই এদিন আগৰ পৰাই বিষ হব পাৰে আৰু মাহেকীয়া চলি থকা দিনকেইটাত বিষ অব্যাহত থাকে৷ শতকৰা দহ ভাগ মহিলাই পেটৰ বিষৰ ফলত স্কুল,কলেজ বা কামৰ ক্ষতি কৰিবলগীয়া হয়৷ আকৌ এক তথ্যমতে প্ৰতি সাতগৰাকী মহিলাৰ ভিতৰত এগৰাকীৰ পেটৰ বিষ তীব্ৰ হয়৷ আনুসংগিক কিছুমান লক্ষণ দেখা পোৱা যাব পাৰে৷ সেইবিলাক হ'ল-ওকালি,বমি,মূৰৰ বিষ,মূৰ-ঘূৰণি,পেটৰ অসুখ হোৱা বা শৌচ কচা হোৱা, ভাগৰ লগা, মানসিক অস্থিৰতা হোৱা, তাপ-ধ্বনি-পোহৰৰ প্ৰতি অসহিষ্ণুতা বা অতি সংবেদনশীল হোৱা, স্তনযুগলত বিষ অনুভৱ হোৱা আদি৷

প্ৰকাৰ[সম্পাদনা কৰক]

ডিচমেনৰিয়া দুই প্ৰকাৰৰ হ'ব পাৰে৷ মহিলাৰ স্বাভাবিক জনন তন্ত্ৰত কোনো নিৰ্দিষ্ট কাৰণ ধৰা নপৰিলে সি হব প্ৰাইমেৰী ডিচমেনৰিয়া৷ জনন তন্ত্ৰৰ বিজুতিৰ ফলত বিষ হলে চেকেণ্ডেৰী ডিচমেনৰিয়া- যাৰ বিভিন্ন কাৰণ হব পাৰে যেনে এণ্ড'মেট্ৰিয়’চিচ, লিয়োমায়মা[5], এডিনোমাইক'চিচ[6], ইউটেৰাইন ফাইব্ৰয়ড,অভেৰিয়ান চিষ্ট[7], গৰ্ভাশয়ৰ ভিতৰত লগোৱা গৰ্ভ নিৰোধক সামগ্ৰী[8][9] আদি৷

এণ্ডমেট্ৰিয়'চিচ ৰোগ চেকেণ্ডৰী ডিচমেনৰিয়াৰ এবিধ প্ৰমুখ কাৰণ৷ এই ৰোগত জৰায়ুৰ কোষ (এণ্ডমেট্ৰিয়েল টিচু) শৰীৰৰ অন্যান্য ঠাইত পোৱা যায়৷ যাৰ ফলত ৰোগীৰ মাহেকীয়াৰ বিষ, অনিয়মীয়া বা বৰ্দ্ধিত ঋতুস্ৰাব, সন্তানহীনতা আদি হোৱা পৰিলক্ষিত হয়৷ ২৫ৰ পৰা ৩৫বছৰত এই ৰোগ হোৱা দেখা যায়৷ পেলভিক পৰীক্ষা, ভেজাইনেল আলট্ৰাচনগ্ৰাফি আৰু পেলভিক লেপাৰস্কপিৰ যোগেদি ৰোগ চিনাক্ত কৰা যায়৷ হৰম'নৰ দ্বাৰা চিকিৎসাৰ ওপৰিও কিছুমান ৰোগীক নিৰাময়ৰ বাবে অপাৰেচন কৰিবলগীয়া হয়৷

প্ৰাইমেৰী ডিচমেনৰিয়া কম বয়সীয়া মহিলাৰ ক্ষেত্ৰতহে হয়৷ ছোৱালীৰ প্ৰথম ঋতু্স্ৰাৱ আৰম্ভ হোৱাক ডাক্তৰী ভাষাত Menarche বোলে৷ ঋতু্মতী হোৱাৰ পৰা কুৰিবছৰ বয়সলৈ নাইবা তাৰ সামান্য ওপৰ বয়সলৈ প্ৰাইমেৰী ডিচমেনৰিয়া হব পাৰে৷ বয়স বঢ়াৰ লগে লগে নাইবা সন্তান প্ৰসৱ কৰাৰ পিছত মাহেকীয়াৰ বিষটো ক্ৰমে কমি আহি নাইকীয়া হৈ পৰে৷

আনহাতে চেকেণ্ডৰী ডিচমেনৰিয়া সাধাৰণতে ৩০ৰ পৰা ৪৫ বছৰীয়া মহিলাৰহে হোৱা দেখা যায়৷ এটা সময়ত বহু বছৰলৈ নিয়মীয়া আৰু বিষ নোহোৱা মাহেকীয়া হোৱা মহিলাৰ লাহে লাহে মাহেকীয়াত বিষ হবলৈ আৰম্ভ কৰে আৰু ক্ৰমে বিষ বেচি হবলৈ ধৰে৷ লগত আনুসংগিক কিছুমান লক্ষণ দেখা দিব পাৰে৷ সেইবিলাক হ'ল- মাহেকীয়া অনিয়মীয়া হোৱা, ৰক্তস্ৰাৱৰ পৰিমাণ বাঢ়ি যোৱা, মাহেকীয়াৰ মাজতো কেতিয়াবা ৰক্তস্ৰাৱ হোৱা, যোনিদ্বাৰে দি স্ৰাব নিৰ্গত হোৱা, যৌন ক্ৰিয়াত কষ্ট অনুভৱ কৰা আদি৷

ৰোগতত্ব[সম্পাদনা কৰক]

জৰায়ুৰ U ভিতৰত প্ৰষ্টাগ্লেণ্ডিন এফ-২ আলফা rostald নামৰ ৰাসায়নিক পদাৰ্থ বিধৰ ক্ৰিয়াৰ ফলত জয়াৰুৰ ভিতৰৰ লাইনিং সাজু হয় গৰ্ভধাৰণৰ বাবে ৷ কিন্তু যেতিয়া সেইটো হৈ নুঠে, ডিম্বকোষ গৰ্ভস্থ নোহোৱাৰ ফলত-তেতিয়া জয়ায়ুৰ মাংসপেশীৰ সংকোচন হয়, জয়াৰুলৈ ৰক্ত সঞ্চালন কমি যায় আৰু মাহেকীয়াৰ ৰক্তস্ৰাৱৰ লগত বিষ হবলৈ ধৰে৷[10] যদিও প্ৰষ্টাগ্লেণ্ডিনৰ নিয়মীয়া প্ৰক্ৰিয়াৰ যোগদিয়েই মহিলাৰ ঋতুস্ৰাৱ হয় - বিষ সেইসকল মহিলাৰহে হয় যাৰ ক্ষেত্ৰত এই বিধ ৰাসায়নিক পদাৰ্থ হয় বেচিকৈ নিৰ্গত হয় নতুবা মহিলাগৰাকী প্ৰষ্টাগ্লেণ্ডিনৰ প্ৰতি বেচি সংবেদনশীল(sensitive )হয়৷ মস্তিষ্কৰ পিটিউটৰি গ্ৰন্থিৰ পৰা ওলোৱা ভেচপ্ৰেচিন নামৰ হৰম'নে প্ৰষ্টাগ্লেণ্ডিনৰ উৎপাদনত ক্ৰিয়া কৰে৷ আন এটা থিয়ৰি মতে জৰায়ুৰ ৰক্তপ্ৰবাহ হ্ৰাস পালে কিছুমান এনে পদাৰ্থৰ উৎপত্তি হয় যাৰ ফলত টাইপ-চি বিষৰ কোষসমূহ সক্ৰিয় হৈ উঠে৷ ইয়াৰ ওপৰিও লিউক'ট্ৰিন Leuti নামৰ আন এবিধ ৰাসায়নিক তত্বৰ উৎপত্তিৰ বাবেও ডিচমেনৰিয়া হয় বুলি ভবাৰ থল আছে৷ বিশেষকৈ সেইসকল মহিলাৰ ক্ষেত্ৰত যাক প্ৰষ্টাগ্লেণ্ডিন বিৰোধী দৰবে Prostagln-inhiodru উপকাৰ নাসাধে৷

ডিচমেনৰিয়াক প্ৰভাৱিত কৰিব পৰা কিছুমান কাৰক হ'ল, সোণকালে অৰ্থাৎত কম বয়সতে ঋতুস্ৰাৱ Menarh আৰম্ভ হোৱা; মাহেকীয়াৰ পৰিমাণ আৰু দিন বেচি হোৱা; ধপাত বা মদৰ সেৱন; মেদবহুলতা; পৰিয়ালত এনে ৰোগ থকা, জয়াৰু যদি বেকা হৈ থাকে Retroverted Uteru; যোনিমুখ যদি বেচি সংকীৰ্ণ Narrow Cervical হয়; মানসিক অস্থিৰতা; এলেহুৱা -শাৰীৰিক শ্ৰম বিমুখতা আদি৷

ৰোগনিৰ্ণয়[সম্পাদনা কৰক]

ৰোগৰ চিনাক্তকৰণ বিশেষ জটিল নহয়৷ প্ৰাইমেৰী ডিচমেনৰিয়াৰ ৰোগীক লক্ষণসমূহ সুধি প্ৰাথমিক পৰীক্ষা কৰিয়েই চিনাক্ত কৰিব পাৰি৷ জনন-তন্ত্ৰৰ পৰীক্ষা তেতিয়াহে কৰাৰ প্ৰয়োজন হয়,যদি চেকেণ্ডৰী ডিচমেনৰিয়া বুলি সন্দেহ কৰাৰ থল থাকে৷ চেকেণ্ডৰী ডিচমেনৰিয়া ৰ বাবে বহুখিনি পৰীক্ষাৰ আৱশ্যকতা হব পাৰে ৷ সেইবিলাক হ'ল তেজৰ টি চি,ডি এল চি, ই এচ আৰ,হিমগ্লবিন, ভি ডি আৰ এল; ভেজাইনেল স্বাব পৰীক্ষা; প্ৰসাৱ পৰীক্ষা; হিষ্ট-চালফিংগ'গ্ৰাম এক্সৰে; পেটৰ আলট্ৰাচাউণ্ড; এণ্ডমেট্ৰিয়েল বায়স্পি; লেপাৰস্কপিক পৰীক্ষা আদি৷ চিকিৎসা- চেকেণ্ডৰী ডিচমেনৰিয়াক তাৰ কাৰণ চিনাক্ত হোৱাৰ পিছত সেইমতে যথোপযুক্ত বিধান দিব লাগিব৷

প্ৰাইমেৰী ডিচমেনৰিয়াৰ চিকিৎসা[সম্পাদনা কৰক]

  • প্ৰয়োজনীয় আশ্বাসনে ৰোগীৰ মনৰ ভিতৰৰ পৰা ভীতি দূৰ কৰিব৷
  • আহাৰ-কম চৰ্বিযুক্ত সুষম নিৰামিষ আহাৰ বেচি উপযোগী৷
  • সহায়ক ঔষধ - ভিটামিন-ই, বি-কমপ্লেস্ক, অমেগা-৩ ফেটি এচিড৷
  • প্ৰধান ঔষধ - ষ্টেৰইড নথকা প্ৰষ্টাগ্লেণ্ডিন বিৰোধী দৰবে NonAnt InflammatoD NIবেচি ভাগ ৰোগীৰে কষ্টৰ উপশম ঘটায়৷ নেপ্ৰস্কেন, আইব্ৰুপ্ৰফেন,কিটোপ্ৰফেন,মেফেনেমিক এচিড,ডাইক্লফেনেক আদি এই শ্ৰেণীত পৰে৷ এনে দৰবে প্ৰষ্টাগ্লেণ্ডিন ৰ উৎপাদনত বাধা দিয়াৰ ফলত ৰোগীৰ বিষৰ উপশম ঘটে৷ সাধাৰণতে এইবিলাকৰ যি কোনো এবিধ দৰব চিকিৎসকে সাধাৰণতে তিনিটা মাহেকীয়া চক্ৰৰ বাবে খাবলৈ কয়৷ বিষ অনুভৱ হোৱাৰ লগে লগে দৰববিধ আৰম্ভ কৰি মাহেকীয়া চলি থকা দিনকেইটাত খাব লাগে৷ চিকিৎসকক নজনোৱাকৈ নিজে দৰব আৰম্ভ কৰিব নালাগে৷ কিয়নো ভুলকৈ বা বেচিকৈ ইয়াৰ সেৱন কৰিলে এচিডিটি,গেষ্ট্ৰাটিচ, হেমাটমেচিচ আদি হব পাৰে৷

কিছুমান ৰোগীক পেৰাচিটামল আৰু এচপিৰিন টেবলেটেও উপকৃত কৰা দেখা গৈছে৷ অৰেল কন্ট্ৰাচেপ্টিভ পিলত অইষ্ট্ৰজেন আৰু প্ৰজেচষ্টৰন হৰম'ন মিহলি থকাৰ ফলত ইয়াক খালে ডিম্বকোষৰ পৰা ডিম্ব প্ৰস্ফুটিত নহয়৷ যাৰ ফলত ৰোগীয়ে বিষ অনুভৱ নকৰে৷ কিছুমান ডিচমেনৰিয়াৰ ৰোগীক চিকিৎসকে এনেদৰে হৰম'নৰ দ্বাৰা চিকিৎসা কৰে৷ অৰ্থাৎত অভোলেচন Ovulatio ৰোধ কৰিলে মাহেকীয়াৰ বিষ নহয়৷এন্টিলিউকট্ৰিন ড্ৰাগছ যেনে মন্টলুকাচ আদিৰ বহল প্ৰয়োগ ডিচমেনৰিয়াত এতিয়ালৈকে হোৱা নাই৷

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. Patient Education Pamphlet: Dysmenorrhea By American Congress of Obstetricians and Gynecologists, retrieved January 2011
  2. TheFreeDictionary > dysmenorrhea Citing:
    • Jonas: Mosby's Dictionary of Complementary and Alternative Medicine. Copyright 2005
  3. TheFreeDictionary > dysmenorrhea Citing:
    • Gale Encyclopedia of Medicine. Copyright 2008
    • Dorland's Medical Dictionary for Health Consumers. Copyright 2007
    • The American Heritage Medical Dictionary Copyright 2007
    • Mosby's Medical Dictionary, 8th edition.
    • McGraw-Hill Concise Dictionary of Modern Medicine. Copyright 2002
  4. eMedicine Specialties > Dysmenorrhea Authors: Andre Holder, Laurel D Edmundson, Mert Erogul. Updated: Dec 31, 2009
  5. Hilário SG, Bozzini N, Borsari R, Baracat EC (2008). "Action of aromatase inhibitor for treatment of uterine leiomyoma in perimenopausal patients". Fertil. Steril. খণ্ড 91 (1): 240–3. doi:10.1016/j.fertnstert.2007.11.006. PMID 18249392. 
  6. Nabeshima H, Murakami T, Nishimoto M, Sugawara N, Sato N (2008). "Successful total laparoscopic cystic adenomyomectomy after unsuccessful open surgery using transtrocar ultrasonographic guiding". J Minim Invasive Gynecol খণ্ড 15 (2): 227–30. doi:10.1016/j.jmig.2007.10.007. PMID 18312998. 
  7. Hacker, Neville F., J. George Moore, and Joseph C. Gambone. Essentials of Obstetrics and Gynecology, 4th ed. Elsevier Saunders, 2004. ISBN 0-7216-0179-0
  8. Hubacher D, Reyes V, Lillo S et al. (2006). "Preventing copper intrauterine device removals due to side effects among first-time users: randomized trial to study the effect of prophylactic ibuprofen". Hum. Reprod. খণ্ড 21 (6): 1467–72. doi:10.1093/humrep/del029. PMID 16484309. 
  9. Johnson BA (2005). "Insertion and removal of intrauterine devices". Am Fam Physician খণ্ড 71 (1): 95–102. PMID 15663031. 
  10. Lethaby A, Augood C, Duckitt K, Farquhar C (2007). Lethaby, Anne. ed. "Nonsteroidal anti-inflammatory drugs for heavy menstrual bleeding". Cochrane Database Syst Rev (4): CD000400. doi:10.1002/14651858.CD000400.pub2. PMID 17943741. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]