ড্ৰুক ছেন্ধেন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
འབྲུག་ཙན་དན་
ড্ৰুক ছেন্ধেন
গাজনি ড্ৰেগনৰ দেশ

 ভূটানৰ ৰাষ্ট্ৰীয় সংগীত
গীতিকাৰ ডাছ' টিনলেয়
সুৰকাৰ আকু টংমি
গ্ৰহণৰ তাৰিখ ১৯৫৩

ড্ৰুক ছেন্ধেন (গাজনি ড্ৰেগনৰ দেশ) ভূটানৰ ৰাষ্ট্ৰীয় সংগীত।

গ্যাল্ডুন ঠিনলে'ই লিখা আৰু আকু টংমিয়ে সুৰ কৰা এই গীতক ১৯৫৩ চনত স্বীকৃতি দিয়া হৈছিল। ভাৰতত শিক্ষিত টংমিক ভাৰতীয় প্ৰধান মন্ত্ৰী জৱাহৰলাল নেহৰুৰ ভ্ৰমণৰ পূৰ্বেই সামৰিক ব্ৰাছ বেণ্ডৰ নেতা নিযুক্ত কৰা হ'ল। এই গীতৰ সুৰ ভূতানৰ পৰম্পৰাগত গীত থ্ৰি ন্যাম্পা মেড পা পেমাই থ্ৰি (সলনি নোহোৱা পদূমৰ সিংহাসন)ৰ দ্বাৰা প্ৰভাৱিত। গিতটোৰ সুৰ পিছলৈ দুবাৰ সলোৱা হ'ল। প্ৰথমে এই গীত ১২ শাৰীৰ আছিল, তাৰ পিছত এই গীত ৬ শাৰীৰ কৰা হ'ল।[1]

টংমিয়ে এই গীতটিৰ বাবে এটি নৃত্যও তৈয়াৰ কৰিছিল।[1][2]


শব্দ[সম্পাদনা কৰক]

জংখা লিপিত[3] অসমীয়া লিপিত অসমীয়া অনুবাদ

འབྲུག་ཙན་དན་བཀོད་པའི་རྒྱལ་ཁབ་ནང་།།
དཔལ་ལུགས་གཉིས་བསྟན་སྲིད་སྐྱོང་བའི་མགོན་།།
འབྲུག་རྒྱལ་པོ་མངའ་བདག་རིན་པོ་ཆེ་།།
སྐུ་འགྱུར་མེད་བརྟན་ཅིང་ཆབ་སྲིད་འཕེལ་།།
ཆོས་སངས་རྒྱས་བསྟན་པ་དར་ཞིང་རྒྱས་།།
འབངས་བདེ་སྐྱིད་ཉི་མ་ཤར་བར་ཤོག་།།

ড্ৰুক ছেন্ধেন কএপেই গ্যেলখাপ না
প্যেল লুগ নিগ ট্যেঞ্চি চংৱেই গ্যেন
ড্ৰুক গ্যেল্প' ঙাডাক ৰিনপ'ছে'
কু জুৰ্মে'য় ট্যেণ্টছিং ছাপ প্যেল
ছে ছাংয়ে' ট্যেনপা ডাৰ্ছিং গ্যেল
বাং ডেইক্যেড ন্যিমা ছা-ৱা ছ'।

দেবদাৰু গছেৰে অলংকৃত ভূতান সাম্ৰাজ্যত
ৰক্ষকজন যিয়ে শাসন কৰে আধ্যাত্মিক আৰু ধৰ্মনিৰপেক্ষ পৰম্পৰাৰ ৰাজত্বত,
তেওঁ মূল্যৱান সাৰ্বভৌম ভূতানৰ ৰজা।
তেওঁৰ অস্তিত্ব সলনি নহওক, আৰু ৰাজ্যই উন্নতি কৰক,
বুদ্ধজনৰ শিক্ষা সমৃদ্ধ হওক,
শান্তি আৰু সুখৰ সূৰ্য সকলোৰে ওপৰত উজ্জ্বলি উঠক।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. 1.0 1.1 Penjore, Dorji; Kinga, Sonam (2002) (PDF). The Origin and Description of The National Flag and National Anthem of The Kingdom of Bhutan. প্ৰকাশক Thimphu: The Centre for Bhutan Studies. পৃষ্ঠা. 14. ISBN 99936-14-01-7. Archived from the original on 2011-07-23. https://web.archive.org/web/20110723163319/http://www.bhutanstudies.org.bt/pubFiles/nationalflag.pdf। আহৰণ কৰা হৈছে: 2011-04-19. 
  2. Blackwell, Amy Hackney (2009). Independence Days: Holidays and Celebrations. Infobase Publishing. পৃষ্ঠা. 15. ISBN 1-60413-101-2. http://books.google.com/books?id=QMyL9Dpp378C। আহৰণ কৰা হৈছে: 2011-10-29. 
  3. "National Anthem". Bhutan Portal. Government of Bhutan. http://www.bhutan.gov.bt/government/abt_nationalanthem.php। আহৰণ কৰা হৈছে: 2011-10-29.