ঢকুৱাখনা
| ঢকুৱাখনা | |||||
| — নগৰ/মহকুমা — | |||||
|
|
|||||
| স্থানাঙ্ক | 27°40′0″N 94°30′0″E / 27.66667°N 94.5°E | ||||
| দেশ | |||||
| অঞ্চল | উজনি অসম | ||||
| ৰাজ্য | Assam | ||||
| জিলা | লখিমপুৰ জিলা | ||||
| সময়াঞ্চল | ভাৰতীয় মান সময় (গ্ৰী.মা.স. ০৫:৩০) | ||||
|
ক'ড
|
|||||
ঢকুৱাখনা লখিমপুৰ জিলাৰ এটি মহকুমা তথা এখন সৰু চহৰ। সংশ্লিষ্ট বিধানসভা সমষ্টি আৰু ৰাজহ খণ্ডটোৰ নামও ঢকুৱাখনা।
সূচী |
[সম্পাদনা কৰক] ভৌগোলিক অৱস্থান
লখিমপুৰ জিলাৰ পূব প্ৰান্তত ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈ সোৱণশিৰিৰ মাজৰ অংশত অৱস্থিত ভূখণ্ডই ঢকুৱাখনা মহকুমা। এই অঞ্চলটো ২৭.৬০0ৰ পৰা ২৭.৩৫0 উত্তৰ অক্ষাংশ আৰু ৯৪.২৪0 ৰ পৰা ৯৪.৪২0 পূৱ দ্ৰাঘিমাংশৰ মাজত অৱস্থিত। ঢকুৱাখনাৰ পূবে মহাবাহু ব্ৰহ্মপুত্ৰ আৰু ধেমাজি, পশ্চিমে সোৱণশিৰি আৰু উত্তৰ লক্ষীমপুৰ মহকুমা,উত্তৰে ধেমাজি অৰু দক্ষিণে ব্ৰহ্মপুত্ৰ আৰু মাজুলী অৱস্থিত।
[সম্পাদনা কৰক] যোগাযোগ
ঢকুৱাখনাক ৫২ নং ৰাষ্ট্ৰীয় ঘাইপথৰ লগত ঘিলামৰা হৈ থকা এটি ৰাজ্যিক গড়কাপ্তানী পথে ধেমাজি জিলাৰ গোগামুখত সংযোগ কৰিছে। এই পথেৰেই ঢকুৱাখনা উত্তৰ লক্ষীমপুৰ নগৰৰ লগত সংযোজিত।ইয়াৰ উপৰিও ঘিলামৰা আৰু মাছখোৱা হৈ থকা দুটা ৰাজ্যিক গড়কাপ্তানী পথৰ দ্বাৰা ঢকুৱাখনা ধেমাজি নগৰৰ লগত সংযোজিত। ঢকুৱাখনাক পৃথিৱীৰ বৃহত্তম নদীদ্বীপ মাজুলীৰ লগত সোণাৰী চাপৰি হৈ মাজুলীৰ জেংৰাইমুখলৈ থকা ৰাজ্যিক পথে সংযোগ কৰিছে। আনহাতে মাতমৰা আৰু টেকেলীফুটা ঘাটৰ যোগেদি জলপথেৰে ঢকুৱাখনাক শিৱসাগৰ জিলাৰ দিচাংমুখৰ লগত সংযোগ কৰিছে।
[সম্পাদনা কৰক] ঢকুৱাখনা নামৰ উৎপত্তি
ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈবোৰে বছৰৰ বেছিভাগ সময় প্লাৱিত কৰি ৰাখে তথা প্ৰাকৃতিক দুৰ্যোগৰ বাবে উপনৈবোৰে সঘনাই গতিপথ সলাই থকাৰ বাবে খ্ৰীষ্টীয় কেইবা শতিকালৈকে ঠাইডোখৰ স্থায়ীভাৱে বসবাসৰ অনুপযোগী আছিল৷ ১৭৫১ খ্ৰীষ্টাব্দৰ আগলৈকে ঢকুৱাখনা অঞ্চলতো হাবুং নামেৰে পৰিচিত আছিল৷ এই শব্দটো তিব্বতবৰ্মী ভাষাগোষ্ঠীৰ অন্তৰ্গত বড়ো ভাষাৰ পৰা অহা৷ হা মানে মাটি আৰু বুং শব্দৰ অৰ্থ পলসুৱা বা আদ্ৰ৷ গতিকে হাবুং মানে পলসুৱা ভূমি৷ প্ৰাচীন হাবুং অঞ্চলটোৰ নাম কালক্ৰমত কেনেকৈ ঢকুৱাখনা নামেৰে জনাজাত হৈছিল তাৰ এটা সৰ্বজন গ্ৰহণযোগ্য তথ্য আজিলৈকে কোনোৱে দিব পৰা নাই৷
যাতায়তৰ সুচল পথ নথকাত আহোম স্বৰ্গদেউৰ বিষয়াসকলে কৰ-কাটল তুলিবলৈ বৰ্তমানৰ ঢকুৱাখনাৰ সকলো ঠাইলৈ অহা-যোৱা কৰিব পৰা নাছিল৷ বৰ্তমানৰ হাৰ্হি দেৱালয়ৰ কাষেৰে অঞ্চলটোৰ জনসাধাৰণৰ পৰা কৰ সংগ্ৰহৰ সুবিধাৰ্থে চাৰিকড়ীয়া আৰু কঢা নৈ সংলগ্ন কৰি উত্তৰমূৱাকৈ বৃহত্তৰ জামুগুৰি অঞ্চলৰ মাজেৰে প্ৰায় পাঁচ কিলোমিটাৰ দৈৰ্ঘ্যৰ এটা জান স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ (১৭৫১-১৭৫৯ খ্ৰীষ্টাব্দ) ৰাজত্ব কালত খন্দা হৈছিল৷ এই জানটো বৰ্তমান ঢকুৱাখনা নগৰৰ পূবত অৱস্থিত৷ এই জানটো খন্দাত জলপথৰ সুবিধা হোৱাৰ উপৰিও বানপানীৰ পৰা খেতি-পথাৰ আৰু ঘৰ-বাৰী ৰক্ষা পৰিছিল৷ জানটোৰ খন্দা মাটিখিনি পাচি-খৰাহীৰ বাহিৰেও তামোলৰ ঢকুৱাৰে পাৰলৈ তোলা হৈছিল বাবে জানটোৰ নাম ঢকুৱাখনা জান হয় আৰু তেতিয়াৰে পৰা দুয়ো পাৰে থকা ঠাইডোখৰৰ নাম ঢকুৱাখনা নামেৰে জনাজাত হৈছিল৷
অন্য এক জনশ্ৰুতি অনুসৰি চাৰিকড়ীয়া আৰু কঢা নৈ সংলগ্ন কৰি ৰাইজে এই জানটো খন্দাৰ উদেশ্য আছিল সেই জানৰ পানী খেতি-পথাৰত যোগান ধৰা৷ দুয়োপাৰে শকত বান্ধ দিছিল যাতে বাৰিষা কালত জানৰ পানী দুয়োপাৰে উপচি পৰি খেতি-পথাৰ নষ্ট কৰিব নোৱাৰে৷ টাই আহোম ভাষাত 'ঢকুৱা' শব্দৰ অৰ্থ হৈছে শকত বান্ধ৷ গতিকে ঢকুৱাখনা জানৰ অৰ্থ হৈছে জান খন্দি দুয়োপাৰে শকত বান্ধ দি খেতি-পথাৰ ৰক্ষা কৰা৷ ঢকুৱাজান খন্দাৰ বাবে ঢকুৱাখনা শব্দৰ সৃষ্টি হৈছে আৰু ভূমিখণ্ড ঢকুৱাখনা নামেৰে খ্যাত হয়৷
[সম্পাদনা কৰক] উল্লেখযোগ্য স্থানসমূহ
বাসুদেৱ থান:
ঐতিহ্যমণ্ডিত বাসুদেৱথান ঢকুৱাখনা মহকুমাৰ গোহাঁই মৌজাৰ দক্ষিণ গোহাঁই অঞ্চলৰ বেবেজীয়াত অৱস্থিত। এই থান চামপৰা নদীৰ কাষত অৱস্থিত। এই থানত শিলেৰে নিৰ্মিত এটা ডাঙৰ বাসুদেৱৰ মূৰ্তি আছে। সুদূৰ নেপালৰ পৰাও এই থানলৈ ভক্তসকলৰ আগমন ঘটে।
প্ৰবাদমতে, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ নৱবৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰিবলৈ নদীয়েদি নাৱেৰে যাওঁতে এই ঠাইত পানীৰ ওপৰত এটা সাপৰ মূৰত এটা ভেকুলী উঠি থকা দেখি মাধৱদেৱক এগছি বন্তি জ্বলাই থৈ যাবলৈ আদেশ দিয়ে। গুৰুজনাৰ আদেশমতে মাধৱদেৱে সেই ঠাইত এগছি বন্তি জ্বলাই থৈ যায়। খৰালি পানী শুকুৱাত সেই ঠাইত খনন কাৰ্য চলোৱাত তাতে বাসুদেৱৰ মূৰ্তি ওলায় আৰু মূৰ্তিটো সেই ঠাইতে প্ৰতিষ্ঠা কৰে। আন এক তথ্যমতে আহোম ৰজা জয়ধ্বজ সিংহই শদিয়াৰ কুণ্ডিলৰ পৰা আনি এই বাসুদেৱৰ মূৰ্তি স্থাপন কৰে।
হাৰ্হি দেৱালয়:
ঢকুৱাখনা আৰু মাছখোৱা মৌজাৰ সীমাত হাৰ্হি নৈৰ পাৰত দেৱলীয়া গাওঁ অঞ্চলত এই দেৱালয় অৱস্থিত। ইয়াত কেইবাটাও শিলত কটা সুন্দৰ মূৰ্তি আছে। ইয়াত শিৱ, দুৰ্গা, গংগা, মনসা, চামুণ্ডা আৰু কালী পাৰ্বতীৰ মূৰ্তি আছে। কিছুমান মূৰ্তিৰ চকুত সোণপানী চৰোৱা আছে। প্ৰবাদ মতে শদিয়াৰ কেঁচাইখাতি গোঁসানীক পূজা দিয়াত অনিয়ম হোৱাত দেৱী ভটিয়াই আহি প্ৰথমে দেওঘৰত আৰু পাছত হাৰ্হিত থাকিবলৈ লয়। এই দেৱালয়ত দুৰ্গাপূজাত হাঁহ, পাৰ, ছাগলী বলি দিয়াৰ উপৰিও ম’হ বলি দিয়াৰ পৰম্পৰা চলি আছে।
গৰখীয়া থান:
গোহাঁই মৌজাৰ চেলাজান কছাৰী গাৱঁত গৰখীয়া থান অৱস্থিত। দাংধৰা নৈৰ পাৰত এই থানখন আছে। এই থানত শিলৰ গোসাঁনী মূৰ্তি আছে। থানত থকা বাকীবোৰ মূৰ্তি বৰ্তমান ভাগি-ছিগি উৱলি গৈ ধ্বংসাৱশেষবোৰহে আছে। থানৰ মন্দিৰটোৰ গড় আৰু ভেটীটো অষ্টকোণীয়া।
গোপালপুৰ সত্ৰ:
এই সত্ৰখন ঢকুৱাখনা মহকুমাৰ ঘিলামৰা অঞ্চলত অৱস্থিত। মাজুলীৰ দক্ষিণপাট সত্ৰত বানপানীয়ে প্ৰায়ে উপদ্ৰৱ কৰি থকাত সেই সত্ৰলৈ অহা যোৱা কৰাত অসুবিধা হোৱাত আহোম স্বৰ্গদেউ চক্ৰধ্বজ সিংহই দক্ষিণপাট সত্ৰৰ গোসাঁই বনমালীদেৱক ঘিলামৰাত গোপালপুৰ সত্ৰ পাতি দিছিল।
গোবিন্দপুৰ সত্ৰ:
ঢকুৱাখনাৰ পৰা প্ৰায় ৪ কিলোমিটাৰ উত্তৰত মছখোৱা ঢকুৱাখনা গড়কাপ্তানী পথৰ কাষত গোবিন্দপুৰ সত্ৰ অৱস্থিত। স্বৰ্গদেউ শিৱসিংহৰ আমোলত আউনিআটী সত্ৰৰ প্ৰতিষ্ঠাতা নিৰঞ্জন বাপুৱে এই সত্ৰ প্ৰতিষ্ঠা কৰিছিল।
বৰদৈবাম বিলমুখ সংৰক্ষিত পক্ষী উদ্যান:
ঘিলামৰা গোগামুখ সংযোগী পথৰ কাষৰ ঢকুৱাখনা মহকুমা আৰু ধেমাজি জিলাৰ সীমান্তৱৰ্তী বৰদৈবাম নামৰ অঞ্চলত এই সংৰক্ষিত পক্ষী উদ্যানখন অৱস্থিত। এই উদ্যানখনত বহুতো স্থানীয় পক্ষীৰ সমাগম ঘটাৰ লগতে বসন্ত কালত বিশ্বৰ বিভিন্ন অঞ্চলৰ পৰা বিভিন্ন পক্ষীৰ আগমন ঘটে। বৰদৈবাম বিলমুখ সংৰক্ষিত পক্ষী উদ্যান হ’ল দীপৰ বিলৰ পাছতে সংৰক্ষিত পক্ষী উদ্যান হিচাপে স্বীকৃতি পোৱা অসমৰ দ্বিতীয়খন পক্ষী উদ্যান।
কুৱাবাৰী পক্ষী উদ্যান:
ঢকুৱাখনা নগৰৰ পৰা মাত্ৰ ২ কিলোমিটাৰ নিলগত ঢকুৱাখনা ঘিলামৰা সংযোগী পথৰ কাষৰ কুৱাবাৰী দলনিত এই পক্ষী উদ্যানখনি অৱস্থিত। এই উদ্যানত বিভিন্ন স্থানীয় পক্ষীৰ লগতে পৰিভ্ৰমী পক্ষীৰ সমাগম ঘটা দেখা যায়। কুৱাবাৰী পক্ষী উদ্যানক সংৰক্ষিত পক্ষী উদ্যান হিচাপে স্বীকৃতিৰ কাৰণে ঢকুৱাখনা মহকুমা কৰ্তৃপক্ষৰ ফালৰ পৰা ইতিমধ্যে প্ৰস্তাব ৰখা হৈছে।
[সম্পাদনা কৰক] ঢকুৱাখনাৰ বিশিষ্ট ব্যক্তিসকল
- মহীচন্দ্ৰ মিৰি
- হোমেন বৰগোহাঞি
- চন্দ্ৰধৰ চমুৱা
- সতীশ চন্দ্ৰ গগৈ
- হেমেন গগৈ
- তোষেশ্বৰ চেতিয়া (ঘিলামৰা)
[সম্পাদনা কৰক] উল্লেখযোগ্য শিক্ষানুষ্ঠানসমূহ
|
ব্যক্তিগত খণ্ডৰ বিদ্যালয়:
|
[সম্পাদনা কৰক] ঢকুৱাখনাৰ ঊল্লেখযোগ্য
- ফাট বিহু
- পাট মুগা (ৰেচম) শিল্প