তবলা

অসমীয়া ৱিকিপিডিয়া -ৰ পৰা
তবলা
Tabla.jpg
তালাশ্ৰয়ী বাদ্য
শ্ৰেণী ভাৰতীয় তালাশ্ৰয়ী বাদ্য
আনুষঙ্গিক বাদ্য
মৃদং, খোল

তবলা ভাৰতীয় সংগীতৰ এটা জনপ্ৰিয় বাদ্য। বহুতৰ মতে দিল্লীৰ সুধাৰ খাঁ (সিদ্ধাৰ খাঁ) ঢাঢ়ীহে তবলাবাদ্যৰ জন্মদাতা। সুধাৰ খাঁ আছিল ষোড়শ শতিকাৰ সম্ৰাট আকবৰৰ দিনৰ তবলাবাদক। সুধাৰ খাঁৰ তবলা আবিষ্কাৰ কৰাৰ সন্দৰ্ভত কাহিনী এটিও আছে। সেই সময়ত দিল্লীত ভগবান দাস নামৰ আৰু এজন পাখোৱাজ বাদক আছিল। তেওঁ সুধাৰ খাঁৰ সমকক্ষ। এই দুয়োজন লোকৰ মাজত এবাৰ পাখোৱাজ বাদনৰ প্ৰতিযোগিতা চলিছিল। প্ৰতিযোগিতাত সুধাৰ খাঁ পৰাজিত হয়। পৰাজিত হৈ খং আৰু বেজাৰত পাখোৱাজটোক দুটুকুৰা কৰে। সিমানতো পাখৌজীয়াজনৰ পাখোৱাজ বজোৱাৰ হেপাহ নপলাল। দুডোখৰ হৈ থকা সেই বাদ্যক হাতৰ তলুৱাৰে নবজাই আঙুলিৰে বজাব পৰাকৈ নিৰ্মাণ কৰে। এইদৰেই তবলাবাদ্য আবিষ্কৃত হ'ল। সুধাৰ খাঁয়েই পাখোৱাজৰবাদন ৰীতি সাল সলনি ঘটাই তাক ফুটাই তুলিলে তবলা বাদ্যত। অৱশ্যে সুধাৰ খাঁৰ সময় আৰু নামৰো মতান্তৰ আছে। কোনো কোনোৰ মতে সুধাৰ খাঁ ষোড়শ শতিকাৰ নহয়; অষ্টাদশ শতিকাৰ প্ৰথম ভাগৰ হে; আৰু সুধাৰ খাঁ নামটো এটা উপনামহে।

সূচী

[সম্পাদনা কৰক] গঠন

[সম্পাদনা কৰক] বায়াঁ বা ডুগী

তবলাৰ যিটো ভাগ বাওঁ হাতেৰে বজোৱা যায়, তাকে বাঁয়া বা ডুগী বোলে। ইয়াৰ উচ্চতা প্ৰায় ন ইঞ্চি মান। অৱশ্যে ইয়াতকৈ ওখ বাঁয়াও কোনো কোনোৱে ব্যৱহাৰ কৰে। বায়াঁ সাধাৰণতে মাটি, এলুমিনিয়াম, তাম বা পিতলৰ হয়। ইয়াৰ মুখখনো চাম্ৰাৰে ছোৱা। বায়াঁৰ প্ৰধান ভাগ বা অঙ্গ আঠটা।

[সম্পাদনা কৰক] ডুগীৰ অংগ

  1. পুড়ী বা ছাউনি - যি ছালেৰে বায়াঁৰ মুখ ঢকা থাকে, তাকে পুড়ী বোলে। সাধাৰণতে বায়াঁৰ পুড়ী দাইনাৰ পুড়ীতকৈ কিছু ডাঠ।
  2. কুড়ী - বায়াঁৰ মাটিৰ, তামৰ বা পিতলৰ অংশটোক কুড়ী বোলে। সাধাৰণতে বায়াঁৰ এই পেটটো (কুড়ী) দাইনাতকৈ ওফোন্দা। বায়াঁৰ কুড়ী সাধাৰণতে দায়াঁতকৈ পাতল।
  3. স্যাহী বা চিয়াঁহী - পূড়ীৰ সোঁমাজত থকা ক'লা গোলাকাৰ পদাৰ্থটোৰ নাম স্যাহী। স্যাহীক লোৰ গুৰি আৰু ভাত বা তেনে আঠাৰে তৈয়াৰী কৰা হয়।
  4. গজৰা বা সিংগাৰ - পুড়ীৰ চাৰিওফালে চামৰাৰ ৰচিৰে গুঠি কৰা গোল পাগুৰি বা মেটটোক গজ্ৰা বা সিংগাৰ বোলে। এই গজৰাৰ ওপৰত আঠটা ঘাট বা ঘৰ থাকে।
  5. লৱ বা মৈদান - স্যাহীৰ চৰিওফালে পুড়ীৰ যি অংশ ওলাই থাকে সেই অংশকে লৱ বা মৈদান বোলে।
  6. চাঁটী বা কিনাৰ - লৱ আৰু গজৰাৰ মাজত প্ৰায় আধা ইঞ্চি বহল যি চালখন লগা থাকে, তাকে চাঁটী বা কিনাৰ বোলে।
  7. বদ্দি - গজ্ৰাৰ ওপৰত ষোলটা ভাগ বা ঘৰ আছে। ঘৰবোৰৰ মাজেৰে চাম্ৰাৰ ফিতা তবলাৰ কাঠৰ গুটি কেইটাৰ ওপৰেদি গৈ তলৰ চাম্ৰাৰ মেৰটোৰ (গুড়ৰী) সৈতে টনা থাকে। এই ফিতাকে বদ্দি বোলে।
  8. গট্টা - বদ্দিক আৱশ্যক অনুযায়ী টানি ৰাখিবৰ বাবে আঠোটা প্ৰায় দুই ইঞ্চি দীঘল কাঠৰ টুকুৰা বা গুটি ব্যৱহাৰ কৰা হয়। এই টুকুৰা বোৰক গট্টা বোলে।
  9. গুড়ৰী - তবলাৰ একেবাৰে তলৰ ভাগৰ চামৰাৰ ৰচিৰে কৰা এটা মেৰ বা পাগুৰী আছে। ইয়াক বদ্দিৰ দ্বাৰা পুড়ীক টানি ৰাখিবৰ বাবে ব্যৱহাৰ কৰা যায়। এই মেৰটোক গুড়ৰী বোলা হয়।

[সম্পাদনা কৰক] ডাঁয়া

[সম্পাদনা কৰক] তবলা মিলোৱাৰ নিয়ম

যি ৰাগ, গত্ বা গীতৰ লগত তবলা বজাবলৈ লোৱা হয়, সেই ৰাগৰ বা গতৰ যৰজ বা পঞ্চমত তবলাৰ (দাইনাৰ সুৰ) মিলাই তবলাৰ সুৰ বান্ধি লব লাগে। সেই ৰাগৰ পঞ্চমত যদি গুৰুত্ব দিয়া নহয় বা পঞ্চম যদি বৰ্জিত হয়, তেনে ক্ষেত্ৰত মধ্যমত তবলাৰ সুৰ বান্ধিব লাগে।

যি সুৰত তবলা বান্ধিবলৈ লোৱা হয় সেই সুৰৰ লগত তবলটোৰ সুৰৰ পাৰ্থক্যনো কিমান, তাকেহে প্ৰথমে নিৰ্দ্ধাৰণ কৰি লোৱাৰ আৱশ্যক। তালৈকে তবলাৰ 'তিন্' বাণীৰ মাতটোক, মিলাবলৈ লোৱা সুৰৰ লগত ৰিজাই চাব লাগিব। তাৰতম্য অধিক যেন দেখিলে প্ৰথমে তবলাৰ গট্টাক হাতুৰিৰ দ্বাৰা উঠুৱা নমোৱা কৰি লব লগিব। ইয়াৰ পিচত 'গজৰা'ত হাতুৰিৰ দ্বাৰা আঘাত কৰি তবলাৰ সুৰ মিলাই লব পৰা যায়। হাতুৰিৰ দ্বাৰা আঘত কৰাৰ নিয়মটো হল, বাওঁহাতত হাতুৰিটো লৈ তাৰে গজৰাত আঘাত কৰি সোঁহাতেৰে, সুৰ মিলিছেনে নাই, তাকে 'তিন্' বাণী বজাই চাব লাগে। গজ্ৰাৰ ওপৰত হাতুৰিৰ আঘাত হলে সুৰ ওপৰলৈ উঠিব আৰু গজ্ৰাৰ তলৰ ফালৰ পৰা আঘাত কৰিলে সুৰ তললৈ নামিব।

[সম্পাদনা কৰক] ঘৰাণা

তবলাৰ ক্ষেত্ৰত পাঁচটা মূখ্য ঘৰাণা দেখিবলৈ পোৱা যায়,


কেইজনমান বিখ্যাত তবলাবাদকৰ তালিকা:

[সম্পাদনা কৰক] তবলাৰ বৰ্ণমালা

[সম্পাদনা কৰক] সোঁহাতেৰে বজোৱা

  • তে/ৰে/টে,
  • তা/না
  • তুন্/থুন্, ড়া
  • তিন্

[সম্পাদনা কৰক] বাওঁহাতেৰে বজোৱা

  • ক/কে
  • গ/গে, ঘ/ঘে
  • গমক

[সম্পাদনা কৰক] দুইহাতেৰে একেলগে বজোৱা

  • ধা (তা/না + গ/গে/ঘ/ঘে)
  • থা (তা/না + ক/কে)
  • ধিন (তিন্ + গ/গে/ঘ/ঘে
  • ধে (তে/ৰে/টে, + গ/গে/ঘ/ঘে )
  • ক্ৰে (কে + তে/ৰে/টে )

[সম্পাদনা কৰক] বিশেষ

  • ত্বকত্বক
  • ধেৰেধেৰে
  • ধেনেঘেনে, দিঙ্

[সম্পাদনা কৰক] তথ্যসুত্ৰ

ব্যক্তিগত সৰঞ্জাম
নামস্থান

বিকল্পসমূহ
কাৰ্য্যসমূহ
দিশ-নিৰ্দেশনা
সা-সঁজুলি
আন ভাষাত