তিনিচুকীয়া জিলা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
তিনিচুকীয়া জিলা
—  জিলা  —
তিনিচুকীয়া জিলাৰ বিখ্যাত টিলিঙা মন্দিৰ
তিনিচুকীয়া জিলাৰ অৱস্থান
দেশ  ভাৰত
ৰাজ্য অসম
সদৰ তিনিচুকীয়া
মাটিকালি
 - মুঠ 3,790 কি.মি. (1,463.3 বৰ্গ মাইল)
জনসংখ্যা (2011)
 - মুঠ 13,16,948
 - জনঘনত্ব 347/কি.মি. (898.7/বৰ্গ মিটাৰ)
সময় অঞ্চল ভাৰতীয় মান সময় (গ্ৰী.মা.স.+5:30)
ৱেবছাইট tinsukia.nic.in

তিনিচুকীয়া জিলা অসমৰ ২৭খন প্ৰশাসনিক জিলাৰ মাজৰ এখন। ইয়াৰ সদৰ স্থান হৈছে তিনিচুকীয়া। তিনিচুকীয়া জিলাৰ মাটিকালি মুঠ ৩৭৯০ বৰ্গ কিলোমিটাৰ (১৪৬০ বৰ্গ মাইল)।[1] ১৯৮৯ চনত তিনিচুকীয়াক অসমৰ ২৩তম জিলা হিচাপে ঘোষণা কৰা হয়। শদিয়া আৰু মাৰ্ঘেৰিটা ইয়াৰ আন দুটা মহকুমা।

ইতিহাস[সম্পাদনা কৰক]

তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাৰ বৃহৎ অংশ পূৰ্বে মটক ৰাজ্যৰ অংশ আছিল। ইয়াৰ ৰাজধানী আছিল বেংমৰা বা চাংমাই পথাৰ।[2] ৰাজ্যখনক "মোৱামৰীয়া জাতিৰ বেংমৰা ৰাজ্য" বুলিও কোৱা হৈছিল। মটক ৰজা সৰ্বানন্দ সিংহই প্ৰথমে তেওঁৰ ৰাজ্যৰ ৰাজধানী গুইজান নদীৰ পাৰৰ ৰঙাগড়ত স্থাপন কৰিছিল। ১৭৯১ চনত তেওঁ বেংমৰালৈ ৰাজধানী উঠাই নিয়ে। সৰ্বানন্দ সিংহই তেওঁৰ মন্ত্ৰী গোপীনাথ বৰবৰুৱা (গোধা)ৰ সহায়ত বেংমৰা নগৰ নিৰ্মাণ কৰোৱাইছিল। এই নগৰৰ অৱস্থিতি বৰ্তমানৰ তিনিচুকীয়া নগৰৰ মাজতে আছিল। সৰ্বানন্দ সংহৰ আদেশত গোধা বৰুৱাই বেংমৰাত এটা ত্ৰিভুজাকৃতিৰ পুখুৰী খন্দাইছিল যাক "তিনিকোণীয়া পুখুৰী" নামেৰে জনা যায়। ১৮৮৪ চনত ডিব্ৰু-চৈখোৱা ৰেল লাইনৰ নিৰ্মাণ হওঁতে এই পুখুৰীৰ কাষতে এটা ষ্টেছন সজা হৈছিল। ইয়াক "তিনিচুকীয়া" বুলি নামাকৰ্ণ কৰা হৈছিল যিটো পিছলৈ নগৰ আৰু জিলাখনৰ নাম হৈ পৰে।[2] সৰ্বানন্দ সিংহৰ দিনত কেইবাটাও পুখুৰী খন্দোৱা হৈছিল- চাউলধোৱা পুখুৰী, কদমণি পুখুৰী, দা ধৰোৱা পুখুৰী, মাহধোৱা পুখুৰী, লাগনী পুখুৰী, ন পুখুৰী, দেৱী পুখুৰী, কুম্ভী পুখুৰী, ৰূপহী পুখুৰী আদি। পুখুৰীসমূহৰ উপৰিও মটক অঞ্চলৰ বিভিন্ন অংশত বহুতো পথ সজা হৈছিল- গোধা বৰবৰুৱা পথ, হাতীআলি পথ, ৰাজগড় পথ আদি।

১৮২৩ চনত ব্ৰিটিছসকলে শদিয়াচাহ গছ আৱিষ্কাৰ কৰে আৰু তিনিচুকীয়াৰ ওচৰৰ চাবুৱাত প্ৰথমে চাহ গছ ৰোপণ আৰম্ভ হয়। "চাহ-বোৱা" শব্দৰ পৰাই এই নগৰখনৰ নাম "চাবুৱা" হৈ পৰে।[3] ১৮৭৬ চনত লিডু আৰু মাৰ্ঘেৰিটাত কয়লা আৱিষ্কাৰ কৰা হয়। ১৮৮২ চনত ডিগবৈত খাৰুৱা তেলৰ আৱিষ্কাৰ হয় আৰু ১৮৮৯ চনত ইয়াত দেশৰ ভিতৰতে প্ৰথম তৈল খাদ খন্দা হয়। ডিগবৈত সজা খাৰুৱা তেলৰ শোধনাগাৰ এছিয়াৰ ভিতৰত প্ৰথম আৰু পৃথিৱীৰ ভিতৰত তৃতীয় হিচাপে পৰিগণিত হয়।[2] ১৮৮২ চনত তিনিচুকীয়াৰ 'অসম ৰেলৱে' আৰু ট্ৰেডিং কোম্পানী'য়ে ডিব্ৰু-চৈখোৱা ৰেলৱে' আৰম্ভ কৰে আৰু উত্তৰ-পূব ভাৰতৰ অৰ্থনৈতিক বিকাশত ই বাৰুকৈয়ে অৰিহণা যোগায়।

১৯৮৯ চনৰ ১ অক্টোবৰত তিনিচুকীয়াক ডিব্ৰুগড় জিলাৰ পৰা আঁতৰাই এখন সুকীয়া জিলাৰ মৰ্যদা দিয়া হয়।[4]

ভৌগোলিক তথ্য[সম্পাদনা কৰক]

তিনিচুকীয়া জিলাৰ মাটিকালি মুঠ ৩৭৯০ বৰ্গকিলোমিটাৰ। ইয়াৰ দক্ষিণ-পূবে আছে অৰুণাচল প্ৰদেশ, দক্ষিণ-পশ্চিমে ডিব্ৰুগড় জিলা আৰু উত্তৰে ব্ৰহ্মপুত্ৰই পৃথক কৰা ধেমাজি জিলা। ব্ৰহ্মপুত্ৰৰ বাহিৰে তিনিচুকীয়াৰ মাজৰে লোহিত, বুঢ়ী দিহিং আৰু ডিব্ৰু নদী উপনৈ বৈ গৈছে। জিলাখনৰ মুখ্য বনাঞ্চলসমূহ হৈছে ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান, তৰানি সংৰক্ষিত বনাঞ্চল, বুঢ়ীদিহিং সংৰক্ষিত বনাঞ্চল, দুৱাৰমৰা সংৰক্ষিত বনাঞ্চল, লক্ষীপথাৰ সংৰক্ষিত বনাঞ্চল, কাকজান সংৰক্ষিত বনাঞ্চল, ফিল'বাৰী সংৰক্ষিত বনাঞ্চল আদি।[3]

জনগাঁথনি[সম্পাদনা কৰক]

২০১১ চনৰ লোকপিয়ল অনুসৰি তিনিচুকীয়া জিলাৰ মুঠ জনসংখ্যা ১,৩১৬,৯৪৮ জন,[5] প্ৰায় মৰিচাছ দেশৰ সমান।[6] ভাৰতৰ মুঠ ৬৪০ খন জিলাৰ ভিতৰত জনসংখ্যাৰ ফালৰপৰা ইয়াৰ স্থান ৩৭১তম।[5] ঘনবসতিৰ প্ৰতি বৰ্গকিলোমিটাৰত ৩৪৭ জন।[5] ২০০১-২০১১ দশকত ইয়াৰ জনসংখ্যা বৃদ্ধিত হাৰ হৈছে ১৪.৫১%।[5] তিনিচুকীয়া জিলাৰ লিঙ্গ অনুপাত প্ৰতি ১০০০জন পুৰুষৰ বিপৰীতে ৯৪৮ গৰাকী মহিলা[5] আৰু সাক্ষৰতাৰ হাৰ ৭০.৯২%।[5]

তিনিচুকীয়াত হিন্দু ধৰ্মৰ লোক ১,০২৯,১৪২ জন, খ্ৰীষ্টান ধৰ্মৰ লোক ৬২,৪০৩ জন আৰু ইছলা ধৰ্মৰ লোক ৪০,০০০ জন আছে। মুখ্য জনজাতিসমূহ হৈছে আহোম জনগোষ্ঠীচুতীয়া জনগোষ্ঠী , চাহ জনগোষ্ঠী, মৰাণ, মটক, চিংফৌ আদি। নেপালী, বিহাৰী, বাংলা আদি সম্প্ৰদায়ৰ লোকে বসবাস কৰে। টাই ফাকে, [খাময়াং]] আদিৰ দৰে সৰু সৰু সম্প্ৰদায় কিছুমানো তিনিচুকীয়া জিলাত আছে।

প্ৰশাসনিক বিভাজন[সম্পাদনা কৰক]

তিনিচুকীয়া জিলাৰ সদৰ স্থানৰ নামো তিনিচুকীয়া। আন দুটা মহকুমা শদিয়া আৰু মাৰ্ঘেৰিটা। জিলাখনৰ আন আন নগৰাঞ্চলসমূহ হৈছে ডিগবৈ, , জাগুন, ডুমডুমা আৰু মাকুম। জিলাখনৰ বৰ্তমানৰ উপায়ুক্ত এছ এছ মীনাক্ষী সুন্দৰম আৰু আৰক্ষী অধীক্ষক পি পি সিং।[7]

অৰ্থনীতি[সম্পাদনা কৰক]

তিনিচুকীয়া অসমৰ এখন ঔদ্যোগিক জিলা। ডিগবৈত ভাৰতৰ ভিতৰতে পুৰণি তেল শোধনাগাৰ থকাৰ উপৰিও লিডু আৰু মাৰ্ঘেৰিটাৰ দৰে ঠাই কয়লা খনিৰ বাবে বিখ্যাত। জিলাখনত থকা কেইটামান বৃহৎ ঔদ্যোগিক প্ৰতিষ্ঠান হৈছে ইণ্ডিয়ান অইল কৰ্প'ৰেছন, ক'ল ইণ্ডিয়া লিমিটেড, ইউনিলিভাৰ আদি। অসমৰ এক অন্যতম বাণিজ্যিক কেন্দ্ৰ হোৱাৰ লগতে ইয়াত যথেষ্ট পৰিমাণৰ চাহ, ধান আৰু কমলাটেঙা উৎপাদন হয়।[8]

যাতায়ত[সম্পাদনা কৰক]

বিমান, পথ আৰু ৰেলেৰে তিনিচুকীয়া জিলাৰ অসমৰ আন ঠাইসমূহৰ লগত যোগাযোগৰ ব্যৱস্থা আছে। অসমৰ ৰাজধানী দিছপুৰৰ পৰা ইয়াৰ পথ দূৰত্ব ৫৩২ কিলিমিটাৰ।[9] ৪০ কিলোমিটাৰ দূৰ্ত্বত অৱস্থিত নিকটতম বিমানকোঠ হৈছে ডিব্ৰুগড়ৰ মোহনবাৰীদিল্লী, ক'লকাতা আৰু গুৱাহাটীৰ পৰা ইয়ালৈ দৈনিক বিমান চলাচল কৰে। তিনিচুকীয়া জিলাৰ মাজৰে তিনিটা ৰাষ্ট্ৰীয় ঘাইপথ ৩৭, ৩৮ আৰু ১৫৩ পাৰ হৈ গৈছে। সকলো পথৰ মুঠ দৈৰ্ঘ্য ৩০৮৬.০৬৪ কিলোমিটাৰ।[7]

শৈক্ষিক প্ৰতিষ্ঠান[সম্পাদনা কৰক]

১৮৯৭ চনত তিনিচুকীয়াৰ প্ৰথম শৈক্ষিক প্ৰতিষ্ঠান "আদৰ্শ প্ৰাথমিক বিদ্যালয়" স্থাপন কৰা হৈছিল।[2] জিলাখনত অৱস্থিত কেইখনমান উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান হ'ল:[10]

  • তিনিচুকীয়া মহাবিদ্যালয়
  • তিনিচুকীয়া আইন মহাবিদ্যালয়
  • তিনিচুকীয়া ছোৱালী মহাবিদ্যালয়
  • তিনিচুকীয়া বাণিজ্য মহাবিদ্যালয়
  • ডুমডুমা মহাবিদ্যালয়
  • ডিগবৈ মহাবিদ্যালয়
  • ডিগবৈ মহিলা মহাবিদ্যালয়
  • মাৰ্ঘেৰিটা মহাবিদ্যালয়
  • শদিয়া মহাবিদ্যালয়
  • লিডু মহাবিদ্যালয় আদি।

উল্লেখযোগ্য স্থান[সম্পাদনা কৰক]

ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান

লোহিত, দিবাং আৰু ডাঙৰী নদীৰ বুকুত থকা এটা নদীদ্বীপ। ইয়াৰ বিস্তৃতি প্ৰায় ৩৪০ বৰ্গ কিলোমিটাৰ। ইয়াত প্ৰায় ৩৫ বিধ স্তন্যপায়ী প্ৰাণী, ৫০২ বিধ চৰাইৰ প্ৰজাতি, ১০৪ বিধ মাছ, ৪৩ বিধ সৰীসৃপ প্ৰাণী, আৰু ৬৮০ বিধ উদ্ভিদৰ প্ৰজাতি পোৱা যায়।[10] ১৯৯৯ চনত ইয়াক ৰাষ্ট্ৰীয় উদ্যানৰ স্বীকৃতি দিয়া হয়।বনৰীয়া ঘোঁৰা আৰু দেওহাঁহৰ বাবে এই উদ্যান বিখ্যাত।

দিহিং-পাটকাই অভয়াৰণ্য

অসমৰ এখন সেমেকা চিৰসেউজ অৰণ্য। জিলাখনৰ দক্ষিণ-পূব অঞ্চলত অৱস্থিত এই অৰণ্যৰ বিস্তৃতি প্ৰায় ৩০০ বৰ্গকিলোমিটাৰ। ইয়াত হলৌ বান্দৰ, গাহৰি-নেজীয়া বান্দৰ, বাঘ, হাতী আদি প্ৰাণী পোৱা যায়।

ডিগবৈ

এশবছৰৰো পুৰণি তৈলখাদ আৰু বিশ্বৰ অন্যতম পুৰণি কাৰ্যক্ষম তেল শোধনাগাৰৰ বাবে ডিগবৈ জনাজাত। তাৰোপৰি ইয়াত ১৮ হ'ল গ'ল্ফ ক'ৰ্ছ আৰু দেশৰ ভিতৰতে প্ৰথমটো তৈল সংগ্ৰহালয় পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰ। নগৰখনৰ ওচৰতে দ্বিতীয় বিশ্বযুদ্ধৰ এক সমাধিও অৱস্থিত।[11]

ষ্টিলৱেল পথ

ইয়াৰ পুৰণি নাম "লিডু ৰোড"। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত আমেৰিকা আৰু তেওঁলোকৰ মিত্ৰ শক্তিবিলাকে চীনা সকলক সাহাৰ্য্য সামগ্ৰী যোগান ধৰিবলৈ বাৰ্মা ৰোডৰ এক বিকল্প ৰাস্তা স্বৰূপে এই পথটিৰ নিৰ্মাণ কৰিছিল।লিডুত আৰম্ভ হোৱা এই পথ ম্যানমাৰৰ কাচিন প্ৰদেশৰ শ্বিংব্ৱিয়াং, ম্যিট্‌ক্যিনা আৰু ভামো হৈ চীনদেশৰ য়ুনান প্ৰদেশৰ কুনমিঙত শেষ হৈছে।[12]

টিলিঙা মন্দিৰ

বৰডুবি গাঁৱত অৱস্থিত এটা শিৱ মন্দিৰ। ভক্তসকলে দান কৰি ওলমাই ৰখা হাজাৰ-হাজাৰ টিলিঙাৰ বাবে ই বিখ্যাত।[10]

ন-পুখুৰী

তিনিচুকীয়া নগৰৰ দক্ষিণ-পূব অঞ্চলত অৱস্থিত ওচৰা-ওচৰিকৈ থকা নটা পুখুৰীকে ন-পুখুৰী বুলি কোৱা হয়। শেষ মটক ৰজা সৰ্বানন্দ সিংহৰ (১৭৮৮-১৮০৫) ৰাজত্বকালত এইবোৰ খন্দা হৈছিল।[10]

মাৰ্ঘেৰিটা

চাহ বাগিছা, প্লাইউড উদ্যোগ আৰু কয়লা খনিসমূহৰ বাবে মাৰ্ঘেৰিটা বিখ্যাত। মাৰ্ঘেৰিটা গ'ল্ফ ক'ৰ্ছ পৰ্যটকৰ বাবে আন এক আকৰ্ষণ।

গেলেৰী[সম্পাদনা কৰক]

(বাওঁফালৰ পৰা সোঁফাললৈ) তিনিকোণীয়া পুখুৰী; ডিব্ৰু নদী, তিনিচুকীয়া মহাবিদ্যালয় আৰু ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. Srivastava, Dayawanti et al. (ed.) (2010). "States and Union Territories: Assam: Government". India 2010: A Reference Annual (54th সম্পাদনা). প্ৰকাশক New Delhi, India: Additional Director General, Publications Division, Ministry of Information and Broadcasting (India), Government of India. পৃষ্ঠা. 1116. ISBN 978-81-230-1617-7. 
  2. 2.0 2.1 2.2 2.3 "The History of Tinsukia". NIC Tinsukia. http://www.tinsukia.nic.in/bangmara.asp। আহৰণ কৰা হৈছে: June 17, 2012. 
  3. 3.0 3.1 "History of Tinsukia District". IndiaNetzone. March 12, 2010. http://www.indianetzone.com/46/history_tinsukia_district.htm। আহৰণ কৰা হৈছে: June 17, 2012. 
  4. Law, Gwillim (2011-09-25). "Districts of India". Statoids. http://www.statoids.com/yin.html। আহৰণ কৰা হৈছে: 2011-10-11. 
  5. 5.0 5.1 5.2 5.3 5.4 5.5 "District Census 2011". Census2011.co.in. 2011. http://www.census2011.co.in/district.php। আহৰণ কৰা হৈছে: 2011-09-30. 
  6. US Directorate of Intelligence. "Country Comparison:Population". https://www.cia.gov/library/publications/the-world-factbook/rankorder/2119rank.html। আহৰণ কৰা হৈছে: 2011-10-01. "Mauritius1,303,717July 2011 est." 
  7. 7.0 7.1 "Tinsukia district administration". NIC Tinsukia. http://www.tinsukia.nic.in/administration.html। আহৰণ কৰা হৈছে: June 17, 2012. 
  8. "Economy of Tinsukia District". IndiaNetzone. March 5, 2010. http://www.indianetzone.com/4/tinsukia.htm। আহৰণ কৰা হৈছে: June 17, 2012. 
  9. "District profile of Tinsukia". NIC Tinsukia. http://www.tinsukia.nic.in/tinsukia1.asp। আহৰণ কৰা হৈছে: June 17, 2012. 
  10. 10.0 10.1 10.2 10.3 "Tinsukia district attractions". Assam Info. http://www.assaminfo.com/districts/25/tinsukia.htm। আহৰণ কৰা হৈছে: June 17, 2012. 
  11. Paresh kumar sahu (June 29, 2011). "Tourism in Tinsukia District of Assam". Assam Spider. http://www.assamspider.com/resources/3860-Tourism-Tinsukia-District-Assam.aspx। আহৰণ কৰা হৈছে: June 17, 2012. 
  12. Bhaumik, Subir (2009-08-11). "India not to reopen key WWII road". BBC News. http://news.bbc.co.uk/2/hi/south_asia/8194622.stm। আহৰণ কৰা হৈছে: 2010-05-07. 

বহিঃ সংযোগ[সম্পাদনা কৰক]