তেজপুৰ

অসমীয়া ৱিকিপিডিয়া -ৰ পৰা


তেজপুৰ
—  নগৰ/মহকুমা  —
তেজপুৰ
তেজপুৰৰ অৱস্থান
অসম আৰু ভাৰত
স্থানাঙ্ক 26.63° N 92.8° E
দেশ  ভাৰত
ৰাজ্য অসম
জিলা শোণিতপুৰ
জনসংখ্যা 1,05,377 (2001)
সময়াঞ্চল ভাৰতীয় মান সময় (গ্ৰী.মা.স. ০৫:৩০)
মাটিকালি

উচ্চতা


48 m (157 ft)

তেজপুৰ শোণিতপুৰ জিলাৰ এখন প্ৰধান নগৰ আৰু সদৰ৷ ই গুৱাহাটীৰ ১৮১ কিলোমিটাৰ পূবত ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰপাৰে অৱিস্থত৷ তেজপুৰৰ দ-পৰ্বতীয়াৰ শৈল দ্বাৰ, অগ্নিগড়, চিত্ৰলেখা উদ্যান, জ্যোতি ভাৰতী আদি ঐতিহাসিক স্মৃতিচিহ্নৰ কাৰণেও বিখ্যাত৷

সূচী

[সম্পাদনা কৰক] তেজপুৰ নামৰ উৎপত্তি

তেজপুৰ নামটোৰ ঐতিহাসিক কাহিনী এনেধৰণৰ৷ এসময়ত তেজপুৰত বা্ণ নামৰ এজন শিবভক্ত অসুৰ ৰজাই ৰাজত্ব কৰিছিল। বাণ ৰজাৰ জীয়ৰী উষাৰ সৌন্দৰ্য্য আছিল জগত বিখ্যাত। সেয়ে তেওঁৰ সূৰক্ষাৰ কাৰণে দেউতাকে অগ্নিগড় নামে এটা অগ্নিৰ দ্বাৰা আবৃত দুৰ্ভেদ্য দুৰ্গৰ ভিতৰত কঠোৰ প্ৰহৰাৰ মাজত ৰাখিছিল।

এদিন ৰাতি সপোনত ঊষাই এজন সুদৰ্শন ৰাজকোঁৱৰক দেখা পায় আৰু প্ৰেমত পৰে৷ প্ৰিয় সখী, চিত্ৰশিল্পী চিত্ৰলেখাই সখীৰ বিৰহ বেদনা দূৰ কৰিবলৈ তেওঁৰ বৰ্ণনা ক্ৰমে ৰাজকোঁৱৰৰ চিত্ৰ আঁকিলে। অনুসন্ধান কৰি গম পোৱা গ'ল যে সেই কোঁৱৰজন বাণৰজাৰ শত্ৰু, দ্বাৰকাৰ ৰজা, ভগৱান কৃষ্ণৰ নাতি অনিৰুদ্ধচিত্ৰলেখাৰ জৰিয়তেই দুয়োৰে মাজত প্ৰত্যক্ষভাবে প্ৰেমৰ সম্পৰ্ক স্থাপিত হয় আৰু দুয়ো গন্ধৰ্ব প্ৰথামতে বিবাহপাশত আবদ্ধ হয়।

বাণ ৰজাই খঙতে অনিৰুদ্ধক বন্দী কৰি ৰাখে৷ নাতিয়েকক উদ্ধাৰ কৰিবলৈ আহি শ্ৰীকৃষ্ণই বাণৰ লগত যুদ্ধত প্ৰবৃত্ত হয়। বানৰজাক সহায় কৰিবলৈ তেওঁৰ ইষ্টদেৱ ভগবান শিৱইও যুদ্ধত লিপ্ত হয়। কৃষ্ণসেনা আৰু সমানেই শক্তিশালী শিৱসেনাৰ মাজত হোৱা এই অভূতপূৰ্ব ভয়ংকৰ যুদ্ধ দেখি ত্ৰিভূবন ত্ৰস্তমান হৈ পৰে। অৱশেষত যুদ্ধৰ প্ৰাবল্যত সৃষ্টি নাশহোৱাৰ উপক্ৰম দেখি বিশ্বৰ সকলো ঋষি, মুনি আৰু দেবগণৰ কাতৰ উপাসনাত দুইজন দেৱতা ক্ষান্ত হয় আৰু যুদ্ধ সম্বৰণ কৰে। বাণৰজায়েও নিজৰ ভুল উপলব্ধি কৰি ঊষাক অনিৰুদ্ধলৈ বিয়া দিয়ে।

লোককথামতে 'হৰি-হৰ যুদ্ধ' (হৰি:কৃষ্ণ, হৰ: শিৱ) বুলি জনাজাত দুই প্ৰবল প্ৰতাপী দেৱতাৰ এই ৰক্তক্ষয়ী যুদ্ধত ইমানেই মানুহৰ মৃত্যু হৈছিল যে যুদ্ধক্ষেত্ৰত হেনো তেজৰ ঢল যেন উঠিছিল। সেয়ে কালক্ৰমত এই স্থান তেজপুৰ বা শোণিতপুৰ বুলি (তেজৰ/শোণিতৰ নগৰ) পৰিচিত হৈ পৰে।

[সম্পাদনা কৰক] কলা, সংস্কৃতি, সাহিত্য

তেজপুৰ কলা, সংস্কৃতি, সাহিত্য আৰু প্ৰাকৃতিক সম্পদৰ ফালৰ পৰা অতি মনমোহা নগৰ৷ ইয়াতেই অসমীয়া সাহিত্যৰ বহুকেইজন বিশিষ্ঠ ব্যক্তিৰ জন্ম হয়৷ অসমৰ প্ৰথমটো বাদ্যযন্ত্ৰীৰ দলে ১৯০৭ চনত তেজপুৰতে জন্মলাভ কৰে । অসমৰ প্ৰথমটো আধুনিক ৰংগ মঞ্চ বাণ ৰঙ্গমঞ্চ ১৯০৬ চনত আৰু অসমৰ প্ৰথমখন সংগীত বিদ্যালয় জ্যোতিকলা কেন্দ্ৰ ১৯৪০ চনত ইয়াতেই স্থাপিত হয় । অসমৰ জাতীয় সংগীত "অ’ মোৰ আপোনাৰ দেশ" প্ৰথমবাৰৰ বাবে সুৰাৰোপিত কৰি তেজপুৰতে গোৱা হৈছিল । "ৰূপকোঁৱৰ"জ্যোতিপ্ৰসাদ আগৰৱালাই তেজপুৰতেই প্ৰথম অসমীয়া চলচিত্ৰ 'জয়মতী'ৰ সকলো কাম সম্পাদনা কৰে৷ আনহাতে শোণিতপুৰ জিলাৰ অন্তৰ্গত 'গহপুৰ'আৰক্ষী চকিত ১৯৪২ চনত ব্ৰিটিছৰ বিৰুদ্ধে আন্দোলন কৰিবলৈ গৈ আৰক্ষী চকিৰ ওপৰত ত্ৰিৰংগ পতাকা উত্তোলন কৰি ১৪ বছৰীয়া কনকলতা বৰুৱা আৰক্ষীৰ গুলিত নিহত হয়৷

[সম্পাদনা কৰক] উল্লেখযোগ্য ব্যক্তি

কেইজনমান উল্লেখযোগ্য ব্যক্তি নাম তলত উল্লেখ কৰা হ’ল|

[সম্পাদনা কৰক] উল্লেখযোগ্য ঠাই

অগ্নিগড়ৰ সন্মূখভাগ
কনকলতা উদ্যান


তেজপুৰ নগৰৰ উল্লেখযোগ্য ঠাই :

  1. চিত্ৰলেখা উদ্যান
  2. অগ্নিগড়
  3. বামুণী পাহাৰ
  4. দ-পৰ্বতীয়াশৈল দ্বাৰ
  5. পদুম পুখুৰী
  6. ত্ৰিমূৰ্তি উদ্যান
  7. হজৰা পুখুৰী
  8. জ্যোতি ভাৰতী
  9. নামেৰী ৰাষ্ট্ৰীয় উদ্যান
  10. বাণ ৰঙ্গমঞ্চ
  11. জিলা সংগ্ৰহালয়,তেজপুৰ

[সম্পাদনা কৰক] উল্লেখনীয় মঠ-মন্দিৰ

গণেশ মন্দিৰ
ভৈৰৱী মন্দিৰ
হলেশ্বৰ মন্দিৰ
গিৰ্জা ঘৰ
  1. মহাভৈৰৱ মন্দিৰ:-অৱস্থিতি: তেজপুৰ চহৰৰ উত্তৰদিশত, দৰং মহাবিদ্যালয়ৰ সমীপত|
  2. ভৈৰৱী মন্দিৰ :-অৱস্থিতি: নতুন কলিবাৰীত ব্ৰহ্মপুত্ৰ নৈৰ পাৰত ভৈৰৱী টিলাৰ ওপৰত|
  3. গণেশ মন্দিৰ:-অৱস্থিতি: ব্ৰহ্মপুত্ৰ নৈৰ পাৰত গণেশ ঘাটত|
  4. হনুমান মন্দিৰ:-অৱস্থিতি: ভৈৰৱী মন্দিৰৰ পূবে ব্ৰহ্মপুত্ৰ নৈৰ পাৰত, গেৰেকী বান্দৰদেৱা পাহাৰৰ এটি সৰু টিলাৰ ওপৰত|
  5. কেতেকেশ্বৰ দেৱালয়:-অৱস্থিতি:কেতেকীবাৰী গাঁও, তেজপুৰ|
  6. শুক্লেশ্বৰ দেৱালয়:-অৱস্থিতি: গটঙা গাঁৱত, তেজপুৰৰ পৰা প্ৰায় ৬ কি:মি আতৰত|
  7. সিদ্ধেশ্বৰ দেৱালয়:-অৱস্থিতি: তেজপুৰ চহৰৰ সমীপত, বামুণ চুবুৰীৰ পৰ্বতীয়া সাউদৰ পাৰ গাঁৱত|
  8. দক্ষিণা কালী মন্দিৰ:-অৱস্থিতি: তেজপুৰ চহৰৰ উত্তৰদিশত, দৰং মহাবিদ্যালয়ৰ সন্মূখত|
  9. ৰুদ্ৰপদ দেৱালয়:-অৱস্থিতি: তেজপুৰ চহৰৰ পৰা ৮ কি:মি: নিলগত, ব্ৰহ্মপুত্ৰ নৈৰ পাৰত ভোমোৰাগুৰি টিলাৰ ওপৰত|
  10. নিকামূল সত্ৰ:-অৱস্থিতি: তেজপুৰ চহৰৰ সমীপত, মাজগাঁও|
  11. চিপহা সত্ৰ:-অৱস্থিতি:কেতেকীবাৰী গাঁও, তেজপুৰ|
  12. বৰালিমৰা সত্ৰ:-অৱস্থিতি: :দআটি গাঁও, তেজপুৰ|
  13. শ্ৰী শ্ৰীসত্যনাৰায়ণ মন্দিৰ:-অৱস্থিতি: তেজপুৰ চহৰৰ সোঁমাজত, জে.বি ৰোডত|
  14. টিঙ্গেশ্বৰ দেৱালয়:-অৱস্থিতি: তেজপুৰৰ পৰা প্ৰায় ৪ কি:মি নিলগত পশ্চিম দক্ষিণ দিশত|
  15. লক্ষ্মীনাৰায়ণ মন্দিৰ:-অৱস্থিতি: তেজপুৰ চহৰৰ সোঁমাজ, কনকলতা অসামৰিক চিকিত্সালয়ৰ সমীপত|
  16. হলেশ্বৰ দেৱালয়:-অৱস্থিতি: তেজপুৰৰ পৰা প্ৰায় ৯ কি:মি নিলগত|
  17. হুদুপৰা থান:-অৱস্থিতি: দেউৰী গাঁও, তেজপুৰ|
  18. হেংগুলেশ্বৰ দেৱালয়:-অৱস্থিতি: তেজপুৰ চহৰৰ পশ্চিমে, ভৈৰৱপুৰ মৌজাত|
  19. কামৰূপীয়া নামঘৰ:-অৱস্থিতি: তেজপুৰ চহৰৰ সোঁমাজত|
  20. নাগশংকৰ মন্দিৰ:-অৱস্থিতি: তেজপুৰৰ পৰা প্ৰায় ৫৮ কি:মি নিলগত, নাগশংকৰ মৌজাত|
  21. কলিয়া গোসাঁইৰ থান:-অৱস্থিতি:বালিপাৰা, মানশিৰি নৈৰ পাৰত|
  22. বুঢ়াগোসাঁই থান:-অৱস্থিতি:প্ৰতাপগড় চাহ বাগিচাৰ সমীপত|
  23. গুপ্তেশ্বৰ মন্দিৰ:-অৱস্থিতি:ঢেকীয়াজুলীৰ পৰা প্ৰায় ১২ কি:মি নিলগত, শিঙৰি টিলাৰ পশ্চিম দক্ষিণ দিশত|
  24. চাৰিদুৱাৰৰ বুঢ়াগোঁসাই থান:- চাৰিদুৱাৰ|
  25. ধ্বান্দি বা ধেন্দাই দ’ল:-অৱস্থিতি:বিশ্বনাথ চাৰিআলিৰ সমীপৰ কলাবাৰী মৌজাত|
  26. নন্দিকেশ্বৰ দেৱালয়:-অৱস্থিতি: জামুগুৰিহাটৰ পৰা প্ৰায় ডেৰ কিলমিটাৰ নিলগত|
  27. নিজ বৰচলা মন্দিৰ:-অৱস্থিতি: বৰচলা গাঁও, নিজ বৰচলা|
  28. বিশ্বনাথ ক্ষেত্ৰ :- অৱস্থিতি: বিশ্বনাথ চাৰিআলি|
  29. ফুলবাৰী দেৱালয় :- অৱস্থিতি: বিশ্বনাথ চাৰিআলিৰ সমীপৰ কলাবাৰীত|
  30. শ্ৰী চৈতন্য গৌড়ীয় মঠ :- অৱস্থিতি: তেজপুৰ চহৰৰ সোঁমাজত|
  31. গুৰুদ্বাৰ:- অৱস্থিতি: কুমাৰগাঁও, তেজপুৰ|
  32. ৰামকৃষ্ণ সেৱাশ্ৰম :- অৱস্থিতি: পাৱাৰ হাউচৰ পশ্চিমে, পদুম পুখুৰীৰ সমীপত এটি টিলাৰ ওপৰত|
  33. মছজিদ :- অৱস্থিতি: তেজপুৰ চহৰৰ সোঁমাজত|
  34. গিৰ্জা / ছাৰ্চ এফিটেনী : অৱস্থিতি: নেহৰু ময়দানৰ দক্ষিণ দিশত, তেজপুৰ|
  35. শলগুৰি সত্ৰ :- অৱস্থিতি: জামুগুৰিৰ শলগুৰি গাঁও|
  36. কৰতিপাৰ সত্ৰ:- অৱস্থিতি: জামুগুৰিহাট|
  37. বৰালিমৰা সত্ৰ :- অৱস্থিতি: তেজপুৰৰ দআটি গাঁও|
  38. আঁহতগুৰি সত্ৰ :- অৱস্থিতি: জামুগুৰিহাটৰ কাষৰ হাতিঙা গাঁও|

[সম্পাদনা কৰক] শৈক্ষিক প্ৰতিষ্ঠান

বিশ্ববিদ্যালয় :

তেজপুৰ বিশ্ববিদ্যালয়
  1. তেজপুৰ বিশ্ববিদ্যালয়

মহাবিদ্যালয়:

দৰং মহাবিদ্যালয়ৰ মূল প্ৰবেশদ্বাৰ
তেজপুৰ মহাবিদ্যালয়
  1. দৰং মহাবিদ্যালয় : তেজপুৰ চহৰৰ উচ্চ শিক্ষাৰ অন্যতম কেন্দ্ৰস্থল হ’ল দৰং মহাবিদ্যালয়| মহাবিদ্যালয়খনি স্থাপিত হয় ১৯৪৫ খ্ৰীষ্টাব্দত| প্ৰতিষ্ঠাপক অধ্যক্ষ কামাখ্যা প্ৰসাদ ত্ৰিপাঠী আছিল|
  2. তেজপুৰ মহাবিদ্যালয়
  3. লোকপ্ৰিয় গোপীনাথ বৰদলৈ কন্যা মহাবিদ্যালয়
  4. তেজপুৰ আইন মহাবিদ্যালয়
  5. বি.টি. কলেজ

উচ্চ মাধ্যমিক/উচ্চতৰ মাধ্যমিক বিদ্যালয়:

তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়
  1. তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়
  2. তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমূখী কন্যা বিদ্যালয়
  3. তেজপুৰ একাডেমি
  4. তেজপুৰ চৰকাৰী উচ্চ মাধ্যমিক বেংগলী বালক বিদ্যালয়
  5. তেজপুৰ চৰকাৰী উচ্চ মাধ্যমিক বেংগলী কন্যা বিদ্যালয়

কাৰিকৰী শৈক্ষিক প্ৰতিষ্ঠান :

  1. আই টি আই
  2. গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অৱ মেনেজমেণ্ট এণ্ড টেকন’লজী, তেজপুৰ

অনান্য শৈক্ষিক প্ৰতিষ্ঠান :

  1. জ্যোতিকলা কেন্দ্ৰ
  2. লোকপ্ৰিয় গোপীনাথ বৰদলৈ আঞ্চলিক মানসিক স্বাস্থ্য প্ৰতিষ্ঠান ইত্যাদি ।

[সম্পাদনা কৰক] চিকিৎসা সেৱা প্ৰতিষ্ঠান

  1. কনকলতা অসামৰিক চিকিত্সালয়
  2. আৰ্মি বেচ হস্পিটাল
  3. মিশ্যন হস্পিটাল বা ব্যপিষ্ট খ্ৰীষ্টান হস্পিটাল, তেজপুৰ


ব্যক্তিগত সৰঞ্জাম
নামস্থান

বিকল্পসমূহ
কাৰ্য্যসমূহ
দিশ-নিৰ্দেশনা
সা-সঁজুলি
আন ভাষাত