তেজপুৰ বিশ্ববিদ্যালয়

অসমীয়া ৱিকিপিডিয়াৰ পৰা
তেজপুৰ বিশ্ববিদ্যালয়
মূলমন্ত্ৰ (motto) विज्ञानं यज्ञं तनुते (সংস্কৃত)
স্থাপিত ১৯৯৪
ধৰণ কেন্দ্ৰীয় বিশ্ববিদ্যালয়
ধৰ্মীয় ভুক্তি ভাৰত চৰকাৰ
আচাৰ্য জানকি বল্লভ পাটনায়ক
উপাচাৰ্য মিহিৰ কান্তি চৌধুৰী
স্থান তেজপুৰ, অসম, ভাৰত
26°42′3″N 92°49′49″E / 26.70083°N 92.83028°E / 26.70083; 92.83028স্থানাংক: 26°42′3″N 92°49′49″E / 26.70083°N 92.83028°E / 26.70083; 92.83028
চৌহদ নপাম ২৪২ একৰ (০.৯৮ বৰ্গ কি.মি.)
ৱেবছাইট http://www.tezu.ernet.in

১৯৯৪ চনত তেজপুৰৰ নপামত স্থাপিত হয় তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়। বৰ্তমান বিশ্ববিদ্যালয়খনত ১৫টা বিভাগেৰে প্ৰায় ২৫০০ ছাত্ৰ-ছাত্ৰীয়ে শিক্ষা গ্ৰহন কৰি আছে। বিশ্ববিদ্যালয়খনৰ বৰ্তমানৰ উপাচাৰ্য্য মিহিৰ কান্তি চৌধুৰী আৰু বিশেষ-উপাচাৰ্য্য অমৰজ্যোতি চৌধুৰী। গৱেষণাৰ দিশত বিশ্ববিদ্যালয়খনৰ ভাৰতৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়সমুহৰ ভিতৰত এক বিশেষ সুনাম আছে। বিশ্ববিদ্যালয় সংগীতৰ কথা আৰু সুৰ ভূপেন হাজৰিকাৰ[1]

ইতিহাস[সম্পাদনা কৰক]

তেজপুৰ বিশ্ববিদ্যালয়ৰ দশম সমাবৰ্তনত অসমৰ মূখ্যমন্ত্ৰী, ৰাজ্যপাল, কেন্দ্ৰীয় মন্ত্ৰী কপিল ছিবাল আৰু বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ১০ ফেব্ৰুৱাৰী ২০১২,

১৯৯৪ চনত তেজপুৰৰ নপামত স্থাপিত হয় তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়। ইয়াক অসম চুক্তিৰ এটি পৰিণাম বুলিও কোৱা হয়[2]

যাতায়াত ব্যবস্থা[সম্পাদনা কৰক]

মূল প্ৰশাসনিক ভৱন
এক শৈক্ষিক গৃহ

তেজপুৰ বিশ্ববিদ্যালয় তেজপুৰ চহৰৰ পৰা ১৫ কি.মি পূবে নপামত অৱস্থিত। তেজপুৰ অসমৰ ৰাজধানী গুৱাহাটীৰ পৰা বাচেৰে প্ৰায় চাৰি ঘণ্টা আৰু বায়ুপথেৰে প্ৰায় 3৫ মিনিটৰ দূৰত্বত অৱস্থিত। ইয়াৰ নিকটতম অসামৰিক বিমানকোঠ শালনি প্ৰায় (8) কি.মি. দূৰত্বত। তেজপুৰলৈ অসমৰ যিকোনো স্থানৰ পৰা বাচ আৰু অন্যান্য বাহনৰ সূচল যোগাযোগ ব্যবস্থাও আছে। স্থানীয়ভাবে তেজপুৰ চহৰত অট'ৰিক্সা আৰু ৰিক্সাৰ সহায়ত কম খৰচতে ভ্ৰমণ কৰিব পাৰি। নপামলৈ যাতায়তৰ বাবে তেজপুৰ চহৰৰ চৰকাৰী বাছ আস্থানৰ পৰা চলা বিশ্ববিদ্যালয়ৰ বাছ আৰু দোলাবাৰীৰ পৰা ব্যক্তিগত বাহনৰ ওপৰত নিৰ্ভৰ কৰিব লগা হয়।

পাঠ্যক্ৰম আৰু অন্তৰ্গত বিদ্যাপীঠসমূহ[সম্পাদনা কৰক]

তেজপুৰ বিশ্ববিদ্যালয়ত নামভৰ্ত্তি কৰিবলৈ এটি সৰ্বভাৰতীয় পৰ্য্যায়ত এটা বাচনি পৰীক্ষাত উৰ্ত্তিন হোৱাতো বাঞ্চনীয়।
স্নাতক পৰ্যায়ৰ পাঠ্যক্ৰম সমূহ:

  • অভিযান্ত্ৰিক বিষয়ত চাৰিবছৰীয়া পাঠ্যক্ৰম
  • পাঁচ বছৰীয়া সন্মিলিত স্নাতকোত্তৰ পাঠ্যক্ৰম

স্নাতকোত্তৰ পৰ্যায়ৰ পাঠ্যক্ৰম সমূহ:

  • কলা বিষয়ত স্নাতকোত্তৰ দুবছৰীয়া পাঠ্যক্ৰম
  • প্ৰায়োগিক আৰু গতানুগতিক বিজ্ঞান বিষয়ত স্নাতকোত্তৰ দুবছৰীয়া পাঠ্যক্ৰম
  • দু বছৰীয়া এম.বি.এ পাঠ্যক্ৰম

উল্লেখযোগ্য যে "কম্পিউটেছনেল চিচ‍ম’ল’জী" বিষয়ত এম.টেক ডিগ্ৰী প্ৰদান কৰা ই ভাৰতৰ একমাত্ৰ বিশ্ববিদ্যালয়। স্নাতকোত্তৰ পৰ্যায়ৰ পাছত বিশ্ববিদ্যালয়ত বিভিন্ন বিভাগত গৱেষনাৰ বাবে আবেদন কৰিব পাৰি।
তেজপুৰ বিশ্ববিদ্যালয়ৰ বিভিন্ন বিভাগ সমূহ কেইখন মান বিদ্যালয়ত বিভক্ত কৰা হৈছে। সেই বিদ্যালয় কেইখন হৈছে-

  • অভিযান্ত্ৰিক বিদ্যাপীঠ
  • মানবীয়তা আৰু সমাজ বিজ্ঞান বিদ্যাপীঠ
  • ব্যৱস্থাপনা বিজ্ঞান বিদ্যাপীঠ
  • বিজ্ঞান আৰু কাৰিকৰী বিদ্যাপীঠ
তেজপুৰ বিশ্ববিদ্যালয়ৰ গণসংযোগ আৰু সাংবাদিকতা বিভাগৰ ভৱন

অভিযান্ত্ৰিক বিদ্যাপীঠ[সম্পাদনা কৰক]

এই বিদ্যাপীঠৰ অন্তৰ্গত বিভাগ সমূহ:

  • পৰিকলন যন্ত্ৰ বিজ্ঞান আৰু অভিযান্ত্ৰিক বিভাগ
  • অসামৰিক অভিযান্ত্ৰিক বিভাগ
  • অণুবিদ্যুত আৰু যোগাযোগীকৰন অভিযান্ত্ৰিক বিভাগ
  • শক্তি বিভাগ
  • খাদ্য অভিযান্ত্ৰিক আৰু প্ৰযুক্তিবিদ্যা বিভাগ
  • যান্ত্ৰিক অভিযান্ত্ৰিক বিভাগ

মানবীয়তা আৰু সমাজ বিজ্ঞান বিদ্যাপীঠ[সম্পাদনা কৰক]

এই বিদ্যাপীঠৰ অন্তৰ্গত বিভাগ সমূহ:

  • সংস্কৃতি অধ্যয়ন বিভাগ
  • ইংৰাজী আৰু বিদেশী ভাষা বিভাগ
  • গণসংযোগ আৰু সাংবাদিকতাবিভাগ
  • সমাজশাস্ত্ৰ বিভাগ
  • হিন্দী বিভাগ
  • অসমীয়া অধ্যয়ন কেন্দ্ৰ

ব্যৱস্থাপনা বিজ্ঞান বিদ্যাপীঠ[সম্পাদনা কৰক]

এই বিদ্যাপীঠৰ অন্তৰ্গত বিভাগ সমূহ:

  • বাণিজ্য প্ৰশাসন বিভাগ
  • দুৰ্যোগ ব্যৱস্থাপনা কেন্দ্ৰ

বিজ্ঞান আৰু কাৰিকৰী বিদ্যাপীঠ[সম্পাদনা কৰক]

এই বিদ্যাপীঠৰ অন্তৰ্গত বিভাগ সমূহ:

  • ৰাসায়নিক বিজ্ঞান বিভাগ
  • প্ৰাকৃতিক বিজ্ঞান বিভাগ
  • গাণিতিক বিজ্ঞান বিভাগ
  • আণৱিক বিজ্ঞান আৰু জৈৱ প্ৰযুক্তি বিভাগ
  • পদাৰ্থ বিজ্ঞান বিভাগ

বিশ্ববিদ্যালয়ত থকা সুবিধা সমূহ[সম্পাদনা কৰক]

ছাত্ৰাবাস আৰু ছাত্ৰীনিবাস, পুথিভৰাল, কম্পিউটাৰ চেণ্টাৰ, wi-fi আৰু LANৰ সুবিধা, বিশ্ববিদ্যালয়ৰ পৰা চহৰলৈ আৰু চহৰৰ পৰা বিশ্ববিদ্যালয়লৈ নিৰ্দিষ্ট সময়ৰ অন্তৰে অন্তৰে বাছৰ সুবিধা, আভ্যন্তৰীন খেলা-ধুলাৰ বাবে অত্যাধুনিক আভ্যন্তৰীন ক্ৰীড়াগৃহ, অত্যাধুনিক ব্যামাগাৰ, দিবা-নৈশ খেলৰ বাবে "ফ্লাদ লাইট"ৰ ব্যৱস্থা থকা খেল পথাৰ, খোৱা-বোৱাৰ সুব্যৱস্থা থকা অত্যাধুনিক ভোজনগৃহ, মনোৰঞ্জন তথা সাংস্কৃতিক উৎকৰ্ষ সাধনৰ অৰ্থে অত্যাধুনিক প্ৰেক্ষাগৃহ (কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা প্ৰেক্ষাগৃহ), প্ৰয়োজনীয় প্ৰায় সকলো সামগ্ৰীৰ বাবে বজাৰগৃহ, সকলোৱে ব্যৱহাৰ কৰিব পৰা অত্যাধুনিক অতিথিগৃহ, স্বাস্থ্য কেন্দ্ৰ ইত্যাদি।

কেন্দ্ৰীয় গ্ৰন্থাগাৰ[সম্পাদনা কৰক]

তেজপুৰ বিশ্ববিদ্যালয়ৰ কেন্দ্ৰীয় গ্ৰন্থাগাৰটি ১৯৯৪ চনত বিশ্ববিদ্যালয়খন স্থাপন হোৱাৰ সময়তে স্থাপন হয়। বৰ্তামান প্ৰায় ৫০০৮২ খন বিভিন্ন বিষয়ৰ প্ৰকাশিত কিতাপ/আন লিখা গ্ৰন্থাগাৰটিত আছে, ৯৩৯ খন জাৰ্নেল (১৬২ খন অফলাইন আৰু ৭৭৮ খন অনলাইন) পুথিভঁৰালত ঊপলব্ধ । UGC-Infonetৰ যোগেদিও প্ৰায় ৭১৬৭ খন ই-জাৰ্নেল ইয়াত পোৱা যায় । তাৰোপৰি INDEST-AICTEৰ এটা ডেটাবেচ আৰু বিভিন্ন দৃশ্য শ্ৰাব্য মাধ্যমৰ ই-কিতাপ পুথিভঁৰালটোত পোৱা যায়। [3]

ছাত্ৰাবাস সমূহ[সম্পাদনা কৰক]

কাঞ্চনজংঘা পুৰুষ আবাস
  1. ব্ৰহ্মপুত্ৰ পুৰুষ আবাস - মহাবাহু ব্ৰহ্মপুত্ৰৰ নামৰ লগত ৰজিতা খুৱাই ৰখা হৈছে। পূৰ্বতে ইয়াৰ নাম আছিল "ব্ৰহ্মপুত্ৰ ছাত্ৰ নিবাস"।
  2. চৰাইদেউ পুৰুষ আবাস- আহোম সাম্ৰাজ্যৰ ইতিহাসত পোৱা এটা নাম। পূৰ্বতে ইয়াৰ নাম আছিল "চৰাইদেউ ছাত্ৰ নিবাস"।
  3. নীলাচল পুৰুষ আবাস- গুৱাহাটীৰ নীলাচল পাহাৰৰ নামৰ লগত ৰজিতা খুৱা ৰখা হৈছে এই নাম।
  4. কাঞ্চনজংঘা পুৰুষ আবাস- পৃথিৱীৰ তৃতীয় সুউচ্চ পৰ্বতমালাৰ নামৰ লগত ৰজিতা খুৱাই ৰখিছে এই নাম।
  5. পাটকাই পুৰুষ আবাস- পাটকাই পৰ্বতৰ লগত ৰজিতা খুৱাই ৰখিছে এই নাম, এই পৰ্বত পাৰ হৈ আহোম সকলে অসমত প্ৰবেশ কৰিছিল।

ছাত্ৰীনিবাস সমূহ[সম্পাদনা কৰক]

  1. বৰদৈচিলা মহিলা আবাস- বৰদৈচিলা (পঁচোৱা)ৰ নামৰ লগত ৰজিতা খুৱাই ৰখা হৈছে। পূৰ্বতে ইয়াৰ নাম আছিল "বৰদৈচিলা ছাত্ৰী নিবাস"।
  2. ধনশিৰি মহিলা আবাস- ধনশিৰি উপনৈৰ নামৰ লগত ৰজিতা খুৱাই ৰখা হৈছে।
  3. প্ৰাগজ্যোতিকা মহিলা আবাস- অসমৰ পুৰনি নাম প্ৰাগজ্যোতিষপুৰৰ লগত ৰজিতা খুৱাই ৰখা হৈছে এই নাম।
  4. সোৱনশিৰি মহিলা আবাস- সোৱনশিৰি উপনৈৰ লগত ৰজিতা খুৱাই এই নাম ৰখা হৈছে।
  5. কপিলি মহিলা আবাস- কপিলি উপনৈৰ লগত ৰজিতা খুৱাই এই নাম ৰখা হৈছে।

বিশ্ববিদ্যালয় সংগীত[সম্পাদনা কৰক]

তেজপুৰ বিশ্ববিদ্যালয় "বিশ্ববিদ্যালয় সংগীতটো" ৰচনা তথা সুৰ কৰিছিল ড° ভূপেন হাজৰিকা দেৱে ১৯৯৪ চনত। এই গীতটিত তেখেতে সুন্দৰ ভাৱে তেজপুৰ চহৰ আৰু বিশ্ববিদ্যালয়ৰ প্ৰতি থকা আশাৰ বিষয়ে বৰ্ণনা আছে।

তেজপুৰ বিশ্ববিদ্যালয় সংগীত
অগ্নিগড়ৰ স্থাপত্য, কলীয়াভোমোৰাৰ সেঁতু নিৰ্মাণ

জ্ঞান জ্যোতিৰ্ময়

সেহি স্থানতে বিৰাজিছে তেজপুৰ বিশ্ববিদ্যালয় |


ভূ-গৰ্ভৰ পৰা গ্ৰহ নক্ষত্ৰত গণনাৰে কৰোঁ বিচৰণ

বিজ্ঞান-জোঁৱাৰৰ অগ্ৰগতিক আহুতিৰে কৰোঁ ৰূপায়ন

আয়ত্ব কৰি কলা-কৌশল

কৰি যাঁও দিক্-নিৰ্ণয়

মানৱতাবাদৰ ধ্যানৰ প্ৰতীক তেজপুৰ বিশ্ববিদ্যালয়

তেজপুৰ বিশ্ববিদ্যালয়


বৰলুইত বৈ যায় কাষেদি আমাৰ

সেই শক্তিৰে উজলাম দুটি পাৰ

সোপান বগাম তীব্ৰ গতিৰে

প্ৰযুক্তিবিদ্যাৰে হৈ নিৰ্ভয়

জীৱন যুঁজত বিজ্ঞান সাৰথি তেজপুৰ বিশ্ববিদ্যালয়

তেজপুৰ বিশ্ববিদ্যালয়।।[4]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]

  1. পাটকাই পুৰুষ আবাস