দক্ষিণপাট সত্ৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
দক্ষিণপাট সত্ৰ
স্থান
দেশ ভাৰত
ৰাজ্য অসম
জিলা যোৰহাট
স্থাপত্য আৰু সংস্কৃতি
মুখ্য দেৱ/ দেৱী যাদৱ ৰায়
প্ৰধান উৎসৱ ৰাসোৎসৱ
স্থাপত্য শৈলী অসমীয়া
খোদাই অসমীয়া,ব্ৰজাৱলী
ইতিহাস
নিৰ্মাণকাল
(বৰ্তমান গৃহ)
আনুমানিক ১৫০০ খ্ৰীষ্টাব্দ
প্ৰতিস্থাপক বনমালীদেৱ

দক্ষিণপাট সত্ৰ অসমৰ চাৰিখন ৰাজ সত্ৰৰ ভিতৰত দ্বিতীয় শাৰীৰ সত্ৰ। শিষ্যৰ সংখ্যা কেওখন ৰাজসত্ৰৰ ভিতৰত আটাইতকৈ বেছি। আহোম ৰজা জয়ধ্বজ সিংহৰ দিনত ১৫৮৪ শকত মাজুলীত স্থাপন কৰা হয়। প্ৰথমজন সত্ৰাধিকাৰ আছিল শ্ৰীশ্ৰী বনমালিদেৱ। স্বৰ্গীয় জয়ধ্বজসিংহই ১৫৭৬ শকৰ পুহ মাহ ভতিয়া পাৰত পুখুৰী খন্দাই সেই পুখুৰীৰ পানী উলিয়াই উৎসৰ্গা কৰাৰ কাৰণে ভাল মহন্ত ব্ৰাহ্মণ বিচৰাত ভেলাই পাচনি নামে এজন লোকে জনালে যে বেহাৰত অতি সাধক মহন্ত ব্ৰাহ্মণ বনমালী নামে আছে , তেওঁকে অনাই পুখুৰীৰ জল উলিয়াই উৎসৰ্গা কৰা ভদ্ৰ। পোন্ধৰজনে সত্ৰাধিকাৰ পদত অধিষ্ঠিত হৈছে।।বৰ্তমানৰ সত্ৰাধিকাৰ হ’ল শ্ৰী শ্ৰী ৰমানন্দ দেৱগোস্বামী। বিভিন্ন কাৰণত এই সত্ৰখন কেইবাবাৰো স্থানান্তৰ কৰিব লগা হৈছে। মূল সত্ৰখন মাজুলীত অৱস্থিত। বৰ্তমান ইয়াৰ এখন শাখাসত্ৰ যোৰহাট জিলাৰ টীয়কৰ চটাইত স্থাপন কৰা হৈছে৷

সত্ৰখনৰ ভিতৰচৰা[সম্পাদনা কৰক]

সত্ৰৰ ইষ্টদেৱতাৰ মুৰ্ত্তি হ’ল শ্ৰী শ্ৰী যাদৱৰাই মহাপ্ৰভু।

সত্ৰাধিকাৰসকলৰ তালিকা[সম্পাদনা কৰক]

ক্ৰমিক নং সত্ৰাধিকাৰৰ নাম অধিষ্ঠিত সময় ফটো
শ্ৰী শ্ৰী বনমালীদেৱ (প্ৰতিষ্ঠাপক সত্ৰাধিকাৰ) ১৪৯৮-১৬০৫ শক
শ্ৰী শ্ৰী ৰামদেৱ গোস্বামী ১৬০৫-১৬১৫ শক
শ্ৰী শ্ৰী কৃষ্ণদেৱ গোস্বামী ১৬২৪-১৬৩৫ শক
শ্ৰী শ্ৰী আত্মাৰামদেৱ গোস্বামী ১৬৩৫-১৬৪৮ শক
শ্ৰী শ্ৰী কামদেৱ গোস্বামী ১৬৪৮-১৬৭৬ শক
শ্ৰী শ্ৰী সহদেৱ গোস্বামী ১৬৭৬-১৬৯১ শক
শ্ৰী শ্ৰী ৰন্তিদেৱ গোস্বামী ১৬৯১-১৭০২ শক
শ্ৰী শ্ৰী বিষ্ণুদেৱ গোস্বামী ১৭০২-১৭৪২ শক
শ্ৰী শ্ৰী বিভূদেৱ গোস্বামী ১৭৪২-১৭৫০ শক
১০ শ্ৰী শ্ৰী বাসুদেৱ গোস্বামী ১৭৫০-১৭৯২ শক
১১ শ্ৰী শ্ৰী শুভদেৱ গোস্বামী ১৭৯২-১৮৩৮ শক
১২ শ্ৰী শ্ৰী নৰদেৱ গোস্বামী ১৮১৭-১৮৪৭ শক
১৩ শ্ৰী শ্ৰী নাৰায়ণদেৱ গোস্বামী ১৮৪৮-১৮৬০ শক
১৪ শ্ৰী শ্ৰী হৰিদেৱ গোস্বামী ১৮৬০-১৮৮৫ শক
১৫ শ্ৰী শ্ৰী ৰমানন্দ দেৱগোস্বামী ১৮৮৫-বৰ্তমান)


লগতে চাওক[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

সহায়ক গ্ৰন্থ[সম্পাদনা কৰক]

  • চাৰি ৰাজসত্ৰৰ বুৰঞ্জী - সম্পাদক : শিৰীষ কুমাৰ ভট্টাচাৰ্য্য , প্ৰকাশক : দক্ষিণপাট সত্ৰ শিষ্য সন্মিলন , প্ৰকাশ কাল : ১৯৯৭ চন ।
  • পৱিত্ৰ অসম - সম্পাদক : ড°মহেশ্বৰ নেওগ , প্ৰকাশক : ড°প্ৰদীপ ভূঞা , প্ৰধান সম্পাদক অসম সাহিত্য সভাৰ হৈ , প্ৰথম প্ৰকাশ : ১৯৬০চন ।
  • প্ৰৱন্ধ "অসমৰ সত্ৰানুষ্ঠান আৰু ৰজাঘৰীয়া পৃষ্ঠাপোষকতা" লিখক : ড°মাধৱ চন্দ্ৰ গোস্বামী ,ৰংপুৰ তিনিশ বছৰ উদযাপন সমিতি , শিৱসাগৰে প্ৰকাশ কৰা স্মৃতিগ্ৰন্থ " বুৰঞ্জীয়ে পৰশা ৰংপুৰত" প্ৰকাশিত , প্ৰকাশ কাল : ২০০০ চন ।