দক্ষিণ মহাসাগৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
দক্ষিণ মহাসাগৰ (পৃথিৱীৰ তলভাগ)

দক্ষিণ মহাসাগৰ বা এণ্টাৰ্কটিক মহাসাগৰ (ইংৰাজী: Southern Ocean) হৈছে পৃথিৱীৰ দক্ষিণ প্ৰান্তত অৱস্থিত মহাসাগৰ। ইণ্টাৰনেশ্যনেল হাইড্ৰ'গ্ৰাফিক অৰ্গেনাইজেশ্যনে এণ্টাৰ্কটিকা মহাদেশক আবৰি ৰখা বিশাল জলৰাশিকে দক্ষিণ মহাসাগৰ ৰূপে চিহ্নিত কৰিছে। সেই অনুসৰি এই মহাসাগৰখন ৬০° দক্ষিণ অক্ষাংশৰ পৰা এণ্টাৰ্কটিকা মহাদেশক আবৰি অৱস্থান কৰি আছে।

দক্ষিণ মহাসাগৰৰ মুঠ ক্ষেত্ৰফল ২,০৩,২৭,০০০ বৰ্গ কিলোমিটাৰ, আৰু উপকূলৰ দৈৰ্ঘ্য ১৭,৯৬৮ কিলোমিটাৰ। আকাৰৰ তুলনাত পাঁচখন মহাসাগৰৰ ভিতৰত ইয়াৰ স্থান চতুৰ্থ।

বহিঃসংযোগ[সম্পাদনা কৰক]