দাদাচাহেব ফাল্কে বঁটা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(দাদা চাহেব ফাল্কে বঁটাৰ পৰা পুনঃনিৰ্দেশিত)
দাদাচাহেব ফাল্কে বঁটা
দাদাচাহেব ফাল্কে বঁটা
বঁটাৰ তথ্য
শ্ৰেণী ভাৰতীয় চলচিত্ৰ
বৰ্ণনা জীৱনযোৰা সাধনাৰ বঁটা
প্ৰতিষ্ঠা ১৯৬৯
প্ৰথমবাৰ প্ৰদান ১৯৬৯
মুঠ প্ৰদানৰ সংখ্যা ৪১
প্ৰদানকৰ্তা ভাৰত চৰকাৰ
নগদ টকা INR ২,০০০,০০০
প্ৰথম প্ৰাপক দেবীকা ৰানী ১৯৬৯ চনত
অন্তিম প্ৰাপক কে. বালাচন্দ্ৰ ২০১০ চনত

ভাৰতীয় চলচ্চিত্ৰৰ জনকৰূপে অভিহিত দাদাচাহেব ফাল্কে[1] স্মৃতি ৰক্ষাৰ্থে প্ৰতিবছৰে এই বঁটা প্ৰদান কৰা হয়৷[2] ভাৰতীয় চলচ্চিত্ৰৰ উৎকৰ্ষ আৰু বিকাশৰ হকে উল্লেখযোগ্য বৰঙণিৰ স্বীকৃতিৰূপে এই বঁটা প্ৰদান কৰা হয়৷ ভাৰতীয় চলচ্চিত্ৰৰ সৰ্বোচ্চ বঁটাৰূপে স্বীকৃত এই বঁটাৰ অৰ্থমূল্য দুই লাখ টকা৷ ইয়াৰ লগতে বিজয়ীজনক এখন প্ৰশক্তি পত্ৰ আৰু এখন আলোৱান প্ৰদান কৰা হয়৷[3]

দাদাচাহেব ফাল্কে বঁটা লাভ কৰাসকল[সম্পাদনা কৰক]

বছৰ বঁটাপ্ৰাপ্ত বৃত্তি
১৯৬৯ দেবীকাৰাণী অভিনেত্ৰী
১৯৭০ বি এন চিৰকাৰ চলচ্চিত্ৰ প্ৰযোজক
১৯৭১ পৃথিৰাজ কাপুৰ অভিনেতা
১৯৭২ পংকজ মল্লিক সংগীত পৰিচালক
১৯৭৩ সুলোচনা ৰুবি অভিনেত্ৰী
১৯৭৪ বি এন ৰেড্ডী চলচ্চিত্ৰ পৰিচালক
১৯৭৫ ধীৰেন গাঙ্গুলী অভিনেতা, চলচ্চিত্ৰ পৰিচালক
১৯৭৬ কানন দেৱী অভিনেত্ৰী
১৯৭৭ নীতি বসু চিত্ৰগ্ৰহণকাৰী, চলচ্চিত্ৰ পৰিচালক, চিত্ৰনাট্যকাৰ
১৯৭৮ আৰ চি বোৰাল সংগীত পৰিচালক, চলচ্চিত্ৰ পৰিচালক
১৯৭৯ ছোৰাব মোদী অভিনেতা, চলচ্চিত্ৰ পৰিচালক, চলচ্চিত্ৰ প্ৰযোজক
১৯৮০ পি জয়ৰাজ অভিনেতা, চলচ্চিত্ৰ পৰিচালক
১৯৮১ নৌশাদ আলি সংগীত পৰিচালক
১৯৮২ এল. বি প্ৰসাদ অভিনেতা, চলচ্চিত্ৰ পৰিচালক, চলচ্চিত্ৰ প্ৰযোজক
১৯৮৩ দুৰ্গা খোটে অভিনেত্ৰী
১৯৮৪ সত্যজিত ৰায় চলচ্চিত্ৰ পৰিচালক
১৯৮৫ ভি চান্তাৰাম অভিনেতা, চলচ্চিত্ৰ পৰিচালক, চলচ্চিত্ৰ প্ৰযোজক
১৯৮৬ বি নাগী ৰেড্ডী চলচ্চিত্ৰ প্ৰযোজক
১৯৮৭ ৰাজ কাপুৰ অভিনেতা, চলচ্চিত্ৰ পৰিচালক
১৯৮৮ অশোক কুমাৰ অভিনেতা
১৯৮৯ লতা মংগেশকাৰ নেপথ্য গায়িকা
১৯৯০ এ নাগেশ্বৰ ৰাও অভিনেতা
১৯৯১ বি এল পেন্দ্বাৰ কাৰ চলচ্চিত্ৰ পৰিচালক, চলচ্চিত্ৰ প্ৰযোজক
১৯৯২ ভূপেন হাজৰিকা চলচ্চিত্ৰ পৰিচালক, নেপথ্য গায়ক
১৯৯৩ মজৰুহ চুলতানপুৰী গীতিকাৰ
১৯৯৪ দিলীপ কুমাৰ অভিনেতা
১৯৯৫ ৰাজ কুমাৰ অভিনেতা
১৯৯৬ শিৱাজী গণেশন অভিনেতা
১৯৯৭ ৰামচন্দ্ৰ নাতায়ণজী দ্বিবেদী গীতিকাৰ
১৯৯৮ বি আৰ চোপ্ৰা চলচ্চিত্ৰ পৰিচালক, চলচ্চিত্ৰ প্ৰযোজক
১৯৯৯ হৃষীকেশ মুখাৰ্জী চলচ্চিত্ৰ পৰিচালক
২০০০ আশা ভোছলে নেপথ্য গায়িকা
২০০১ য়শ ছোপ্ৰা চলচ্চিত্ৰ পৰিচালক, চলচ্চিত্ৰ প্ৰযোজক
২০০২ দেৱানন্দ অভিনেতা, চলচ্চিত্ৰ পৰিচালক, চলচ্চিত্ৰ প্ৰযোজক
২০০৩ মৃনাল সেন চলচ্চিত্ৰ পৰিচালক
২০০৪ আডোৰ গোপালকৃষ্ণন চলচ্চিত্ৰ পৰিচালক
২০০৫ শ্যাম বেঙ্গল চলচ্চিত্ৰ পৰিচালক
২০০৬ তপন শিনহা চলচ্চিত্ৰ পৰিচালক
২০০৭ মান্না দে নেপথ্য গায়ক
২০০৮ ভি. কে মুৰ্তি চিত্ৰগ্ৰহণকাৰী
২০০৯ ডি. ৰামানাইডু চলচ্চিত্ৰ প্ৰযোজক
২০১০ কে. বালাচন্দ্ৰ চলচ্চিত্ৰ পৰিচালক


তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

লগতে চাওক[সম্পাদনা কৰক]