দাৰ্জিলিং হিমালয়ান ৰেলৱে
Darjeeling Himalayan Railway |
|
|
| বাতাছিয়া লুপত লোকোমোটিভ নং ডিএইচআৰ ৭৮০ |
| স্থান |
পশ্চিমবঙ্গ, ভাৰত |
| টাৰ্মিনাছ |
দাৰ্জিলিং |
| বানিজ্যিক পৰিচালনা |
| নাম |
দাৰ্জিলিং হিমালয়ান ৰেল |
| আদি গেজ |
2 ft (610 mm) |
| সংৰক্ষিত পৰিচালনা |
| পৰিচালক |
ভাৰতীয় ৰেল, সহায়তা কৰে দাৰ্জিলিং হিমালয়ান ৰেলৱে সংস্থানে |
| ষ্টেশ্যন |
১৭টি ষ্টেশ্যন আৰু ১৫টি হল্ট ষ্টেশ্যন |
| দৈৰ্ঘ্য |
86 kilometre (53 mi) |
| সংৰক্ষিত গেজ |
2 ft (610 mm) |
| বানিজ্যিক ইতিহাস |
| সংৰক্ষনৰ ইতিহাস |
দাৰ্জিলিং হিমালয়ান ৰেলৱে পশ্চিমবঙ্গৰ শিলিগুড়িৰ পৰা দাৰ্জিলিং চহৰৰ মাজেদি চলাচলকাৰী এখন 2 ft (610 mm) ন্যাৰো গেজ ৰেল পৰিসেৱা। এই ৰেল টয় ট্ৰেন বা পুতলা ৰেল নামে সৰ্বপৰিচিত। দাৰ্জিলিং হিমালয়ান ৰেল ভাৰতীয় ৰেল কৰ্তৃপক্ষৰ দ্বাৰা পৰিচালিত হয়।
১৮৭৯ চনৰ পৰা ১৮৮১ চনৰ মধ্যবৰ্তী সময়ত নিৰ্মান কৰা এই ৰেলপথৰ দৈৰ্ঘ্য ৮৬ কিলোমিটাৰ (৫৩ মাইল)। ইয়াৰ উচ্চতাৰ মাত্ৰা শিলিগুড়িত ১০০ মিটাৰ (৩২৮ ফুট) আৰু দাৰ্জিলিঙত ২,২০০ মিটাৰ (৭,২১৮ ফুট)। বৰ্তমানে এইখন বাষ্পচালিত ইঞ্জিনৰ দ্বাৰা চলে। দাৰ্জিলিঙৰ মেল ট্ৰেনৰ বাবে ডিজেল চালিত ইঞ্জিন ব্যৱহাৰ কৰা হয়।
১৯৯৯ চনত ইউনেস্কো দাৰ্জিলিং হিমালয়ান ৰেলক বিশ্ব ঐতিহ্যৰ তালিকাভুক্ত কৰা হয়। ২০০৫ চনত নীলগিৰি পাৰ্বত্য ৰেলকো ইয়াৰ লগতেই বিশ্ব ঐতিহ্যৰ তালিকাভুক্ত কৰা হয়।
১৮৭৮ চনতষ্টেণ্ডাৰ্ড গেজ ৰেলৰ মাধ্যমৰে কলকাতা আৰু শিলিগুড়ি সংযুক্ত হয়।[1] হিমালয়ৰ পাদদেশত অৱস্থিত শিলিগুড়িৰ পৰা এটা কাৰ্ট ৰোডৰ (নতুনহিল কাৰ্ট ৰোড) মাধ্যমেৰে দাৰ্জিলিং যুক্ত হয়। এই ৰাস্তাত টাঙা পৰিসেৱা চলি আছিল।[2] ফ্ৰ্যাঙ্কলিন প্ৰিষ্টেজ নামৰ ইষ্টাৰ্ন বেঙ্গল ৰেলৱে কোম্পানীৰ জনৈক এজেন্ট চৰকৰৰ ওচৰত বাষ্পচালিত ট্ৰামৰ মাধ্যমেৰে শিলিগুড়িক দাৰ্জিলিঙৰ সৈতে যুক্ত কৰাৰ প্ৰস্তাৱ ৰাখে।[2] বাংলাৰ লেফটনেন্ট গভৰ্নৰ ছাৰ অ্যাশলে ইডেনে এই প্ৰস্তাৱত ইতিবাচক সঁহাৰি এইটো গৃহীত হয়।[2] নিৰ্মানৰ কাম সেই বছৰেই আৰম্ভ কৰা হয়।
দাৰ্জিলিং ষ্টীম ট্ৰামৱে কোম্পানীয়ে হিলকাৰ্ট পথৰ দাঁতিয়েদি দাৰ্জিলিং হিমালয়ান ৰেলৱেৰ নিৰ্মাণ-কাৰ্য আৰম্ভ কৰে ১৮৭৯ চনত। যাত্ৰী পৰিবহনৰ উপৰিও মূলতঃ দৈনন্দিন জীৱনৰ প্ৰয়োজনীয় সামগ্ৰী কঢ়িয়াবলৈ আৰু দাৰ্জিলিঙৰ চাহ উদ্যোগৰ প্ৰতি দৃষ্টি ৰাখিয়ে শিলিগুৰিৰ পৰা দাৰ্জিলিঙলৈ নেৰ'গজৰ এই ৰেলপথ নিৰ্মাণ কৰা হৈছিল। ১৯৬২ চনত ৰেলপথ নিউ জলপাইগুৰিলৈ সম্প্ৰসাৰণ কৰা হয়। ১৯৪৮ চনত ভাৰত চৰকাৰে দাৰ্জিলিং হিমালয়ান ৰেলৱে কিনি লয় আৰু আসাম ৰেলৱেৰ অন্তৰ্ভূক্ত কৰে। ১৯৫৩ চনত সমগ্ৰ ভাৰতীয় ৰেল পৰিবহন ব্যৱস্থাক কিছুমান এলেকাত (Zone) বিভক্ত কৰাত ই প্ৰথমে উত্তৰ পূৱ ৰেলৱেৰ আৰু ১৯৫৮ চনত উত্তৰ পূব সীমান্ত ৰেলৱে গঠন হোৱাত উত্তৰ-পূব সীমান্ত ৰেলৱেৰ অধীনলৈ অনা হয়। উন্নততৰ মটৰ পৰিবহন ব্যৱস্থাৰ বাবে দাৰ্জিলিং হিমালয়ান ৰেলৱে লোকচানৰ সন্মুখীন হোৱাত ১৯৯৩ চনত সামগ্ৰী পৰিবহন সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়ে। আনহাতে ১৯৯৯ চনত ইউনেস্কোৱে (UNESCO) ইয়াক বিশ্ব ঐতিহ্যৰূপে স্বীকৃতি দিয়ে।[3] পুতলা ৰেল নামেৰে জনাজাত এই ৰেলৱে পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰ। [4] [5]
দাৰ্জিলিং হিমালয়ান ৰেলৱে, বিশ্ব ঐতিহ্যবাহী স্থান
বাটাছিয়া লুপ, দাৰ্জিলিং, উত্তৰ-পূৱ সীমান্ত ৰেলৱে ,আলোকচিত্ৰ বিক্ৰমজিত কাকতি
|
|
|
| ৰাজ্য অনুসাৰে |
|
|
| প্ৰকাৰ |
|
|
| লগতে চাওক |
|
|
|
|
|
| প্ৰশাসন |
|
|
|
| অঞ্চল |
|
|
|
|
|
| নেটৱৰ্ক |
|
|
| সেৱাসমূহ |
|
|
| আৰু চাওক |
|
|