দিচাং নদী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
দিচাং নদী
দেশ  ভাৰত
প্ৰদেশ অসম
উৎস পাটকাই পৰ্বতৰ দক্ষিণ অংশ
 - অৱস্থান টিৰাপ জিলা, অৰুণাচল প্ৰদেশ,  ভাৰত
মোহনা ব্ৰহ্মপুত্ৰ নদী
 - অৱস্থান দিচাংমুখ, শিৱসাগৰ জিলা, অসম, ভাৰত

দিচাং নদী হৈছে ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ পাৰৰ উপনদী। এই নদীৰ দৈৰ্ঘ্য ২৩০ কিঃমিঃ আৰু অৱবাহিকাৰ কালি ৩৯৫০ বৰ্গ কিঃমিঃ।

উৎপত্তি[সম্পাদনা কৰক]

দিচাং নদীখন অৰুণাচলৰ টিৰাপ জিলাৰ দক্ষিণ অংশৰ পাটকাই পৰ্বতৰ ২৬০০ মিটাৰ ওখ বুম শৃংগৰ পৰা ওলাইছে ।

গতিপথ[সম্পাদনা কৰক]

তাৰ পাচত অৰুণাচল আৰু অসমৰ সীমাৰ কাষেৰে বৈ আহি দিল্লি নদী নাম লৈ নামৰূপৰ দিল্লিঘাট হৈ নামৰূপ ষ্টেচনৰ পৰা ১ কিঃমিঃ দক্ষিণে বৈ গৈ সাপেখাতী সংৰক্ষিত বনাঞ্চল সীমাইদি বৈ লংপতিয়া হৈ টিমক নদীৰ লগ হয় । ইয়াৰ পৰা ৩০ কিঃমিঃ পশ্চিম-দক্ষিণ দিশত বৈ গৈ টাওকাক নদীৰ লগ হয় । তাৰ পাচত ১২ কিঃমিঃ আহি চফ্ৰাই নদীৰ সৈতে লগ লাগি ৫ কিঃমিঃ ভটিয়াই নঙলামৰা হৈ ৰজাবাৰীত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হৈ ৫ কিঃমিঃ আহি আখৈফুটীয়াৰ বিপৰীত পাৰে বৰ পালেঙী জানৰ লগ হয়। তাৰ পাচত ডিমৌ নদী লগ হৈ ৫ কিঃমিঃ ভটিয়াই আহি দিচাংমুখত ব্ৰহ্মপুত্ৰত পৰিছে।

উপনদী[সম্পাদনা কৰক]

লগতে চাওক[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]