দিনকণা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
দিনকণা (Indian Nightjar)
Indian Nightjar, Caprimulgus asiaticus
সংৰক্ষণ স্থিতি
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Animalia
পৰ্ব: Chordata
শ্ৰেণী: Aves
বৰ্গ: Caprimulgiformes
পৰিয়াল: Caprimulgidae
গণ: Caprimulgus
প্ৰজাতি: C. asiaticus
বৈজ্ঞানিক নাম
Caprimulgus asiaticus
Latham, 1790

দিনকণা (ইংৰাজী: Indian Nightjar, বৈজ্ঞানিক নাম-Caprimulgus asiaticus) এবিধ সৰু আকাৰৰ নিশাচৰ চৰাইৰ প্ৰজাতি৷ ই প্ৰধানত: দক্ষিণ-পূব এছিয়াৰ মুকলি অঞ্চলত প্ৰজনন কৰে৷ ই গধূলি আৰু পুৱতি নিশা ক্লিক ক্লিক ধৰণে শেষলৈ চুটি আৰু অধিক খৰ কৈ মাত মাতে৷ এই মাতটো সাধাৰণতে বৰফাবৃত হ্ৰদ এটাত শিল এটা পৰিলে হোৱা শব্দৰ দৰে শুনা যায়৷

বিৱৰণ[সম্পাদনা কৰক]

দিনকণাৰ আকাৰ সৰু৷ ইয়াৰ নেজ চুটি, ডিঙিত সোণালী পটা আৰু কাষত বগা দাগ থাকে৷ ইয়াৰ মূৰৰ ওপৰৰ অংশৰ বৰণ মুগা আৰু বুকু অঞ্চল মটিয়া ৰঙৰ৷ মতাতকৈ মাইকী দিনকণাৰ দেহটো বেছিকৈ ফুটুকীয়া৷[2]

ই সুৰ্য্য অস্ত যোৱাৰ পিছত নীৰৱে উৰে৷ দিনৰ ভাগত ই মাটিত পৰি থাকে৷ ইয়াৰ দেহৰ বৰণ আৰু বাহ্যিক গঠনে ইয়াক পৰিৱেশৰ লগত মিলি নিজকে লুকুৱাই ৰাখিবলৈ সহায় কৰে৷

টেক্স'নমি[সম্পাদনা কৰক]

দিনকণাৰ গোটসমূহৰ ভিতৰত উত্তৰ-পশ্চিম ভাৰতৰ চৰাইসমূহৰ ৰং শেঁতা হোৱা দেখা যায়৷ শ্ৰীলংকাৰ চৰাইসমূহক eidos আখ্যা দিয়া হয় আৰু ইহঁতৰ বৰণ গাঢ় মটিয়া হোৱা দেখা যায়৷ [2]

বিতৰণ[সম্পাদনা কৰক]

দিনকণা উত্তৰ-পশ্চিম ভাৰতৰ পৰা পাকিস্তান পৰ্যন্ত বিস্তৃত হৈ আছে৷ অৱশ্যে ইয়াক শুকান মৰুভূমি অঞ্চলত দেখা পোৱা নাযায়৷ তাৰোপৰি ইয়াক হিমালয়ৰ দক্ষিণ দিশত তথা বাংলাদেশ, ম্যানমাৰ , শ্ৰীলংকা তথা ভিয়েটনাম আদিত পোৱা যায়৷

বাসস্থান[সম্পাদনা কৰক]

দিনকণা চৰাই সাধাৰণতে মুকলি কাঠনি (open woodland), কাইঁটীয়া বনাঞ্চল (scrub) আৰু খেতি-পথাৰত দেখা পোৱা যায়৷ ই প্ৰায়ে মাটিত বা চাপৰ ডালত জিৰণি লয়৷

আচৰণ[সম্পাদনা কৰক]

খাদ্য[সম্পাদনা কৰক]

দিনকণাই নিশাৰ ভাগত বাটত জিৰণি লয়, কেতিয়াবা বাটৰ বিদ্যুতবাতিৰ প্ৰতি আকৰ্ষিত হৈ কাষ চপা পোক-পতংগ ধৰি খায়৷ [3] ইহঁতৰ জিলিকি থক চকু দুটাৰ বাবে বাটেদি যোৱা গাড়ী-মটৰৰ হেডলাইটৰ পোহৰত দেখা পাবলৈ সুবিধা হয়৷ অৱশ্যে গাড়ী-মটৰৰ তীব্ৰ পোহৰত নেদেখা হৈ বহুতো দিনকণা চৰাইৰ গাড়ীৰ আগত পৰি মৃত্যু হোৱাৰো তথ্য পোৱা যায়৷[4]

প্ৰজনন[সম্পাদনা কৰক]

দিনকণাই সাধাৰণতে ফেব্ৰুৱাৰীৰ পৰা চেপ্টেম্বৰ মাহত প্ৰজনন কৰে৷ ই বাহ নাসাজে৷ উদং মাটিতে ই দুটা গুলপীয়া কণী পাৰে৷ মাকে কাষতে কণী দুটা ৰখি থাকে৷ [5] নতুনকৈ জন্মা পোৱালিৰ গাৰ ওপৰ অংশ মটিয়া আৰু তল অংশ মাখন বৰণৰ পাখিৰে ঢাক খাই থাকে৷ জন্মোতেই ইয়াৰ চকু মেল খাই থাকে আৰু ইহঁতে সৰুকৈ মাতো উলিয়াব পাৰে৷ [6]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. BirdLife International (2012). "Caprimulgus asiaticus". IUCN Red List of Threatened Species. Version 2012.1. International Union for Conservation of Nature. http://www.iucnredlist.org/apps/redlist/details/106002420। আহৰণ কৰা হৈছে: 16 July 2012. 
  2. 2.0 2.1 Rasmussen PC & JC Anderson (2005). Birds of South Asia. The Ripley Guide. Volume 2. Smithsonian Institution and Lynx Edicions. পৃষ্ঠা. 254–255. 
  3. Bharos,AMK (1992). "Feeding by Common Nightjar Caprimulgus asiaticus and Indian Roller Coracias benghalensis in the light of mercury vapour lamps". J. Bombay Nat. Hist. Soc. খণ্ড 89 (1): 124. 
  4. Saxena, R. (1992). "Mortality rate in Common Indian Nightjar in road accidents". Newsletter for Birdwatchers খণ্ড 32 (9–10): 17. http://www.archive.org/stream/NLBW32_910#page/n18/mode/1up. 
  5. Barnes, Alice D (1937). "Breeding of the Little Indian Nightjar Caprimulgus asiaticus asiaticus in the Chingleput District". J. Bombay Nat. Hist. Soc. খণ্ড 39 (4): 865–867. 
  6. Lamba, BS (1967). "Nestling of Common Indian Nightjar (Caprimulgus asiaticus Latham)". J. Bombay Nat. Hist. Soc. খণ্ড 64 (1): 110–111. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]