দিনপঞ্জী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
১৮৭১-১৮৭২ খ্ৰিষ্টাব্দৰ সমসাময়িক এটি হিন্দু কেলেণ্ডাৰৰ পৃষ্ঠা

কেলেণ্ডাৰ হৈছে সময়চক্ৰৰ হিচাব ৰখাৰ বাবে ব্যৱহৃত এক পদ্ধতি। এনে পদ্ধতিত সময়ক সাধাৰণতে দিন, সপ্তাহ, মাহ, আৰু বছৰত ভাগ কৰা হয়। প্ৰতিতো দিনক দিয়া নামক তাৰিখ বুলি জনা যায়। সাধাৰণতে সূৰ্য বা চন্দ্ৰৰ পৰিভ্ৰমণ কালৰ লগত সংগতি ৰাখি কেলেণ্ডাৰত সময়ৰ হিচাপ কৰা হয় (মাহ, বছৰ আদি), অৱশ্যে সেইটো চব কেলেণ্ডাৰতে মানি চলা নহ'বও পাৰে। বিভিন্ন সভ্যতা আৰু সমাজে নিজাকৈ সাজি লোৱা কেলেণ্ডাৰ ব্যৱহাৰ কৰে।

দিন, মাহ, বছৰৰ হিচাপৰ ৰাখিবলৈ ব্যৱহাৰ কৰা বস্তুকো 'কেলেণ্ডাৰ' বোলা হয়। সাধাৰণতে 'কেলেণ্ডাৰ' শব্দটোৰে বেৰত আঁৰি থোৱা দিন-মাহৰ হিচাপ ৰখা তালিকাকহে বুজোৱা হয়। কম্পিউটাৰ, মোবাইল ফোন আদিত দিনৰ হিচাপ ৰখা ছফ্টৱেৰকো কেলেণ্ডাৰ বোলা হয়।

নিৰ্দিষ্ট সময় পঞ্জীকো কেতিয়াবা 'কেলেণ্ডাৰ' বোলা হয়, যেনে বিশ্ববিদ্যালয়ৰ শৈক্ষিক কেলেণ্ডাৰ, আদালতৰ মামলা-মোকৰ্দমাৰ শুনানীৰ বাবে ধাৰ্য্য কৰা কেলেণ্ডাৰ ইত্যাদি।

'কেলেণ্ডাৰ' ইংৰাজী ভাষাৰ শব্দ, লেটিন মূলীয় 'কেলেণ্ডি' (kalendae)-ৰ পৰা আহৰিত। মাহৰ প্ৰথম দিনটোক লেটিন ভাষাক 'কেলেণ্ডি' বোলা হয়।[1]

কেলেণ্ডাৰ পদ্ধতি[সম্পাদনা কৰক]

পূৰ্ণ কেলেণ্ডাৰ সমূহত প্ৰতিটো দিনৰ বাবে একোটা ভিন্ন তাৰিখ থাকে। সেয়ে সপ্তাহৰ নামকেইটা পূৰ্ণ কেলেণ্ডাৰ পদ্ধতি নহয়। একেদৰে চন অবিহনে অকল তাৰিখ উল্লেখ কৰিলেও সি পূৰ্ণ কেলেণ্ডাৰ পদ্ধতি নহয়। কাৰণ এই দুয়োটাতে একেটা নাম বেলেগ দিনৰ বাবেও আহিব পাৰে।

সৰলতম কেলেণ্ডাৰ পদ্ধতি হ'ল কোনো এটা বিশেষ দিনৰপৰা দিনসমূহৰ হিচাপ আৰম্ভ কৰা। জ্যোতিৰ্বিজ্ঞানত ব্যৱহৃত জুলিয়ান দিন এনে এটা বিশেষ দিন। জ্যোতিৰ্বিজ্ঞানৰ 'জুলিয়ান দিন'ৰ পৰা আৰম্ভ কৰি দিনৰ হিচাপ কৰাৰ ব্যৱস্থা আছে। ১২:০০ জানুৱাৰী ১, খ্ৰী.পূ. ৪৭১৩, সোমবাৰৰ দিনটোক 'জুলিয়ান দিন' বুলি কোৱা হয়।[2] এনে কেলেণ্ডাৰত যিকোনো দিনক মূল দিনৰ পৰা যোগ বা বিয়োগ কৰি দেখুৱাব পাৰি।

প্ৰায়বোৰ কেলেণ্ডাৰ পদ্ধতিতে দিনতকৈ 'ডাঙৰ' এটা বা বেছি 'সময়ৰ একক' (পৰ্যায়) ধৰা হয়।

এটা পৰ্যায় থকা কেলেণ্ডাৰঃ

  • সপ্তাহ আৰু সপ্তাহৰ দিনঃ প্ৰতিটো দিনকেই বাৰ আৰু সপ্তাহৰ নামেৰে সূচোৱা হয়। সাধাৰণতে ব্যৱহাৰ কৰা নহয়।
  • বছৰ আৰু বছৰৰ ভিতৰৰ একোটা দিন। উদাহৰণঃ ISO 8601 পদ্ধতি।

দুটা পৰ্যায় থকা কেলেণ্ডাৰঃ

  • বছৰ, মাহ, আৰু দিনঃ বেছি ভাগ কেলেণ্ডাৰত ব্যৱহৃত পদ্ধতি। বহুল ব্যৱহৃত গ্ৰেগোৰিয়ান কেলেণ্ডাৰ, ইছলামীয় কেলেণ্ডাৰ, হিব্ৰু কেলেণ্ডাৰ, শক কেলণ্ডাৰ ইত্যাদি।
  • বছৰ, সপ্তাহ, আৰু বাৰ: উদাহৰণ, ISO সপ্তাহ দিন।

কেলেণ্ডাৰ এখনৰ পৰ্যায়ক্ৰমে অহা চক্ৰক সাধাৰণতে কোনো বাহিৰা চক্ৰৰ লগত সংগতি ৰাখি প্ৰস্তু কৰা হয়।

  • চান্দ্ৰ বছৰীয় কেলেণ্ডাৰ-ত চন্দ্ৰৰ আৱৰ্ত গতিৰ লগত সংগতি ৰাখি চক্ৰ বিভাগ কৰা হয়। উদাহৰণঃ ইছলামীয় কেলেণ্ডাৰ।
  • সৌৰ বছৰীয় কেলেণ্ডাৰ-ত ঋতু সলনিৰ (সূৰ্যক প্ৰদক্ষিণ কৰা পৃথিৱীৰ লগত সম্বন্ধীয়) লগত চক্ৰসমূহ গণনা কৰা হয়। উদাহৰণঃ পাৰস্যদেশীয় কেলেণ্ডাৰ।
  • চান্দ্ৰ-সৌৰ কেলেণ্ডাৰ পদ্ধতিত সৌৰ চক্ৰ আৰু চান্দ্ৰ চক্ৰ দুয়োটা চক্ৰৰ লগতে সামঞ্জস্য ৰখা হয়। উদাহৰণঃ চীনা কেলেণ্ডাৰ, হিন্দু কেলেণ্ডাৰ, আৰু হিব্ৰু কেলেণ্ডাৰ।
  • শুক্ৰ গ্ৰহৰ গতিৰ লগত সম্বন্ধীয় কেলেণ্ডাৰ। উদাহৰণঃ প্ৰাচীন মিছৰীয় কেলেণ্ডাৰ (সম্ভৱতঃ)। এনে কেলেণ্ডাৰ সাধাৰণতে বিষুৱীয় অঞ্চলৰ সভ্যতা সমূহৰ মাজত দেখা গৈছে।
  • সপ্তাহ চক্ৰঃ ইয়াৰ কোনো বাহ্যিক চক্ৰৰ ওপৰত ভিত্তি কৰা হোৱা নাই। (অৱশ্যে চন্দ্ৰ চক্ৰৰপৰা মূলতঃ আহৰণ কৰা হ'ব পাৰে। চন্দ্ৰৰ পৰিভ্ৰমণৰ কালক সমানে চাৰিটা ভাগত ভগালে সাতোটা দিন পোৱা যায়। )

প্ৰায় ভাগ কেলেণ্ডাৰ পদ্ধতিতে চক্ৰীয় আৰু অচক্ৰীয় দুয়োবিধৰ উপাদান থাকে।

বহুতো কেলেণ্ডাৰত আন সৰল পদ্ধতিৰ উপাদান ৰখা দেখা যায়। উদাহৰণ স্বৰূপে, হিব্ৰু কেলেণ্ডাৰ সপ্তাহৰ ভিত্তিত সজা হয়। বহুতো কেলেণ্ডাৰত দুটা বেলেগ পদ্ধতি একে সময়তে ব্যৱহাৰ কৰা হয়। বহুল প্ৰচলিত গ্ৰেগোৰিয়ান কেলেণ্ডাৰত দুটা পদ্ধতি আছে। একেখন গ্ৰেগোৰিয়ান কেলেণ্ডাৰতে সপ্তাহৰ বাবে আৰু মাহৰ বাবে বেলেগ বেলেগ চক্ৰত ভাগ কৰি ৰখা হৈছে। এনে কেলেণ্ডাৰত সপ্তাহৰ চক্ৰ আৰু বছৰৰ চক্ৰ একেসময়তে প্ৰয়োগ কৰা হয়।[3]

সপ্তাহৰ বিভাগক প্ৰায়ভাগ আধুনিক কেলেণ্ডাৰ পদ্ধতিতে মানি চলা হয়।

সৌৰ কেলেণ্ডাৰ[সম্পাদনা কৰক]

সৌৰ কেলেণ্ডাৰত একোটা 'দিন'[সম্পাদনা কৰক]

সৌৰ কেলেণ্ডাৰত প্ৰতিটো 'দিন' গণনা কৰা হয়, সূৰ্যৰ উঠা-নমাৰ লগত। একোটা দিন সূৰ্য উদয়ৰপৰা আস্ত যোৱালৈ ধৰি, তাৰ পাছট একোটা ৰাতিৰ পাছত আকৌ সূৰ্য উঠাৰ পাছত পাছৰ 'দিন'টো গণনা কৰা হয়। কিছুমানত আকৌ দুটা সূৰ্যাস্তৰ মাজৰ সময়খিনিক একোটা দিন বুলি ধৰা হয়। আৰম্ভণি আৰু শেষ পৰিঘটনাৰ সংজ্ঞাৰ লগত বছৰৰ বেলেগ বেলেগ দিনত বেলেগ বেলেগ সময় থাকিব পাৰে। কিছুমান কেলেণ্ডাৰ পদ্ধতিত 'গড় সৌৰ দিন' একোটা হিচাপ কৰা হয়।

কেলেণ্ডাৰ সংস্কাৰ[সম্পাদনা কৰক]

সাধাৰণতে ব্যৱহৃত কেলেণ্ডাৰৰ সংস্কাৰ সাধন কৰি বিশ্ব কেলেণ্ডাৰ, আন্তৰ্জাতিক কেলেণ্ডাৰ, হোলোচিন কেলেণ্ডাৰ আদি ব্যৱহাৰ কৰাৰ প্ৰয়াকে কেলেণ্ডাৰ সংস্কাৰ বুলি জনা যায়। ১৯৫০-ৰ সময়ত বিশ্ব সংঘই এনে সংশোধিত কেলেণ্ডাৰ গ্ৰহণ কৰাৰ প্ৰস্তাৱ ৰাখে যদিও জনপ্ৰিয়তাৰ অভাৱত এই পদ্ধতিক এৰি দিয়ে।

চান্দ্ৰ কেলেণ্ডাৰ[সম্পাদনা কৰক]

চান্দ্ৰ কেলেণ্ডাৰত দিন সমূহক চন্দ্ৰ কলাৰ ওপৰত ভিত্তি কৰি ভগোৱা হয়। চন্দ্ৰকলাৰ কাল সৌৰ বছৰৰ 'পূৰ্ণ ভাজক' নহয় বাবে চান্দ্ৰ কেলেণ্ডাৰৰ দিনসমূহে পৃথিৱীৰ ঋতু পৰিৱৰ্তনৰ লগত সংগতি হেৰুৱাই পেলায়। অৱশ্যে এই সলনি বিষুৱীয় অঞ্চলত বেছি লক্ষণীয় নহয়। অৱশ্যে চান্দ্ৰ কেলেণ্ডাৰে অইন পৰিঘটনা, যেনে, জোৱাৰ-ভাটাৰ লগত পূৰ্ণ সংগতি ৰাখি চলে। ইছলামীয় কেলেণ্ডাৰ এবিধ চান্দ্ৰ কেলেণ্ডাৰ।

চান্দ্ৰ-সৌৰ কেলেণ্ডাৰ[সম্পাদনা কৰক]

চান্দ্ৰ কেলেণ্ডাৰৰ লগত ঋতু পৰিৱৰ্তনৰ সামঞ্জস্য ৰাখিবলৈ কেতিয়াবা এটা অতিৰিক্ত মাহ যোগ দিয়া হয়। হিব্ৰু কেলেণ্ডাৰত এনে পদ্ধতিত ১৯-বৰ্ষীয় সময়চক্ৰ ব্যৱহাৰ কৰা হয়।

অন্যান্য পদ্ধতিৰ কেলেণ্ডাৰ[সম্পাদনা কৰক]

বীজগণিতীয় আৰু জ্যোতিৰ্বিজ্ঞানীয় পদ্ধতিৰ কেলেণ্ডাৰ[সম্পাদনা কৰক]

বীজগণিতীয় পদ্ধতিৰ কেলেণ্ডাৰত একোটা সমীকৰণৰ ওপৰত ভিত্তি কৰি কেলেণ্ডাৰ প্ৰস্তুত কৰা হয়। এনে কেলেণ্ডাৰক 'বিধি-ভিত্তিক কেলণ্ডাৰ'-ও বোলা হয়। ইহুদী কেলেণ্ডাৰ এনে বিধৰ কেলেণ্ডাৰ। এই পদ্ধতিৰ কেলেণ্ডাৰৰ অসুবিধা হৈছে যে এনে সমীকৰণৰ শুদ্ধতা সময়ৰ লগে লগে হেৰাই যায়। আৰু হেজাৰ বছৰতকৈ পাছত এই পদ্ধতিৰ শুদ্ধতা পৃথিৱীৰ পৰিভ্ৰমণ কালৰ সলনিৰ লগে লগে কমি আহে। এনে পদ্ধতিৰ কেলেণ্ডাৰেৰে গণনা কৰি ভৱিষ্যতৰ দিন ধাৰ্য কৰাটো সহজ।

জ্যোতিৰ্বিজ্ঞানীয় পদ্ধতিৰ কেলেণ্ডাৰ[সম্পাদনা কৰক]

এই পদ্ধতিৰ কেলেণ্ডাৰত একোটা প্ৰাকৃতিক পৰিঘটনাৰ পৰ্যবেক্ষণৰ ওপৰত নিৰ্ভৰ কৰি হিচাপ আৰম্ভ কৰা হয়। ইছলামীয় ধৰ্মীয় কেলেণ্ডাৰ আৰু পুৰণী ইহুদী ধৰ্মীয় কেলেণ্ডাৰ এই পদ্ধতিৰ কেলেণ্ডাৰ। এই পদ্ধতিত শুদ্ধতা অক্ষুণ্ণ থাকে যদিও পৰ্যবেক্ষণ ভিত্তিক হোৱা হেতুকে ভৱিষ্যতৰ দিন হিচাপ কৰাত অসুবিধা হয়।

সম্পূৰ্ণ আৰু অসম্পূৰ্ণ কেলেণ্ডাৰ[সম্পাদনা কৰক]

সম্পূৰ্ণ কেলেণ্ডাৰত প্ৰতিটো দিনকে বিশেষ ভাৱে নিৰ্দেশ কৰিব পাৰি। প্ৰথমাৱস্থাৰ ৰোমান কেলেণ্ডাৰত শীত কালৰ মাহসমূহৰ নামকৰণ হোৱা নাছিল বাবে শীতৰ দিনবোৰক নিৰ্দেশ কৰাটো সম্ভৱ নাছিল। এনে কেলেণ্ডাৰক অসম্পূৰ্ণ কেলেণ্ডাৰ বোলে।

তথ্য উৎস[সম্পাদনা কৰক]

  1. New Shorter Oxford English Dictionary
  2. http://quasar.as.utexas.edu/BillInfo/JulianDatesG.html
  3. Zerubavel, The Seven Day Circle (University of Chicago Press, 1985).