দিবালোক সংৰক্ষণ সময়

অসমীয়া ৱিকিপিডিয়াৰ পৰা
World map. Europe, Russia, most of North America, parts of southern South America and southern Australia, and a few other places use DST. Most of equatorial Africa and a few other places near the equator have never used DST. The rest of the land mass is marked as formerly using DST.
যদিও পৃথিৱীৰ অধিকাংশ দেশতেই ডিএসটি ব্যবহৃত নহয়, কিন্তু উত্তৰ অক্ষাংশৰ উচ্চ অক্ষাংশৰ দেশবোৰত দিবালোক সংৰক্ষণ সময় এক সাধাৰণ বিষয়।
  ডিএসটি প্ৰচলিত
  ডিএসটি প্ৰচলিত নহয়
  ডিএসটি কেতিয়াও প্ৰচলিত নহয়


দিবালোক সংৰক্ষণ সময় বা ডেলাইট চেভিং টাইম (ইংৰাজী: Daylight Saving Time), সংক্ষেপে ডিএসটি (DST) হ’ল ঘড়ীৰ সময় ১ অথবা ২ ঘন্টা আগুৱাই দিয়াৰ এক ৰীতি, যাতে ঘড়ীৰ কাটাৰ হিছাপে সূৰ্যোদয় আৰু সূৰ্যাস্ত উভয়েই এক ঘণ্টা পাছত ঘটে আৰু আবেলি সময়ত অলপ অতিৰিক্ত সময় সূৰ্যৰ পোহৰ পোৱাৰ সুবিধা হয়। সাধাৰণতে এই নীতিতে পৃথিৱীৰ উত্তৰ গোলাৰ্ধত বসন্তকালত ঘড়ীৰ কাঁটা ১ ঘণ্টা আগুৱাই দিয়া হয় আৰু শৰতত পুনৰ আগৰ অবস্থালৈ ঘূৰাই নিয়া হয়। ১৭৮৪ খৃষ্টাব্দত বেঞ্জামিন ফ্ৰেঙ্কলিনে তেওঁৰ এটি খামখেয়ালিপূৰ্ণ প্ৰবন্ধত প্ৰথম এই নাটকীয় ব্যৱস্থাৰ ধাৰণা তুলি ধৰিছিল; পৰবৰ্তি সময়ত এই ধাৰণাটি প্ৰথম ১৯০৭ খৃষ্টাব্দত জনগণৰ আগত তুলি ধৰিছিল উইলিয়াম উইলেট নামৰ এজন ব্ৰিটিছ নিৰ্মাতাই ৱেস্ট অফ ডেলাইট (waste of Day light) নামৰ এক প্যামপ্লেটত।[1]

প্ৰয়োগ[সম্পাদনা কৰক]

Diagram of a clock showing a transition from 2:00 to 3:00.
মধ্য ইউৰোপৰ য’ত ডিএসটি আৰম্ভ হয়, ঘড়ীক মধ্য ইউৰোপীয় সময় (CET) ৰাতি ২টা বজাৰ পৰা মধ্য ইউৰোপীয় গ্ৰীষ্মকালীন সময় (CEST) ৰাতি ৩টাত আগুৱাই দিয়া হয়।
Diagram of a clock showing a transition from 3:00 to 2:00.
মধ্য ইউৰোপ য’ত ডিএসটি শেষ হয়, ঘড়ীৰ সময়ক ৰাতি ৩টাত সিইএসটি পৰা ৰাতি ২টাত সিইটি পিছুৱাই নিয়া হয়। অন্যান্য অঞ্চলত বিভিন্ন সময়ত সলনি কৰা হয়।

দিবালোক সংৰক্ষণ সময় প্ৰথম বিশ্বযুদ্ধৰ পৰাই মাৰ্কিন যুক্তৰাষ্ট্ৰ আৰু অন্যান্য ইউৰোপীয় দেশবোৰত ব্যৱহাৰ কৰা হৈছিল, এই পদ্ধতিৰ আৰম্ভ হয় শক্তি উৎপাদনৰ দহন খৰছ কমোৱাৰ বাবে। কোনো কোনো অঞ্চলত পাছত প্ৰকৃত সময়লৈ উভতাই আনিলেও অনেক দেশে এই পদ্ধতিৰ ব্যৱহাৰ কৰি থাকে। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত যুক্তৰাষ্ট্ৰ কংগ্ৰেছে এখন আইন প্ৰণয়ন কৰে, যাতে গোটেই দেশকে "ৰণ সময়"-অৰ অধীন কৰি তোলা হয়, যাতে গোটেই যুদ্ধকালীন সময়ত দেশৰ সময়ক একঘণ্টা আগুৱাই নিয়া হয়। এই ধাৰাবাহিকতাৰ পদ্ধতিটি যুক্তৰাজ্যও অনুসৰণ কৰে, য’ত গ্ৰীষ্মকালীন সময়ত স্বাভাবিক সময়ৰ পৰা সময়ক আৰু এক ঘন্টা (অৰ্থাৎ ২ ঘণ্টা) আগুৱাই নিয়া হয়। পৰবৰ্তিকালত শান্তিকালীন সময় ৰণ সময় এক বিতৰ্কৰ বিষয় হিছাপে পৰিগণিত হয়[1]

যুক্তৰাষ্ট্ৰ[সম্পাদনা কৰক]

যুক্তৰাষ্ট্ৰত প্ৰথম বিশ্বযুদ্ধৰ পৰাই দিবালোক সংৰক্ষণ সময় (ডিএসটি) দেশখনৰ বিভিন্ন অঙ্গৰাজ্যসমূহত প্ৰয়োগ কৰি আহিছে। বিতৰ্কিত আৰু সমস্যাপূৰ্ণ এই পদ্ধতিটোৰ বিতৰ্ক অৱসানৰ বাবে বিভিন্ন অঙ্গৰাজ্যত আৰু ইয়াৰ অধীন ৰাজ্যসমূহত মধ্যকাৰ সমস্যা দূৰ কৰি ১৯৬৬ খৃষ্টাব্দত যুক্তৰাষ্ট্ৰত কংগ্ৰেছ 'ইউনিফৰ্ম টাইম এক্ট' প্ৰযোজ্য কৰে। এই বিধান অনুসৰি সকলো অঙ্গৰাজ্যৰ বাবে কেৱলমাত্ৰ এক নিৰ্দিষ্ট সময়ত ডিএসটি অনুসৰণ কৰা হ’ব আৰু একমাত্ৰ সেই অঞ্চলটোৰ বাহিৰে ৰাজ্যখন ইয়াৰ পৰা মুক্ত থাকিব, য’ত ৰাজ্যখনৰ আইনগত বা ৰাজনৈতিক পৰিচালকে আইনখনৰ ব্যৱহাৰৰ অসম্মতি জনাব পাৰিব। যাৱতীয় সিদ্ধান্ত অনুসৰি ১৯৮৬ খৃষ্টাব্দত যুক্তৰাষ্ট্ৰত দিবালোক সংৰক্ষণ সময় এপ্ৰিল মাহৰ প্ৰথম ৰবিবাৰৰ ৰাতি ২টা বজাত আৰম্ভ হয় আৰু অক্টোবৰ মাহৰ শেষ ৰবিবাৰে ৰাতি ২টা বজাত শেষ হয় [1]

বাংলাদেশ[সম্পাদনা কৰক]

২০০৯ চনৰ ২০ জুনলৈ বাংলাদেশত প্ৰথমবাৰৰ বাবে দিবালোক সংৰক্ষণ সময় (ডিএসটি) ব্যবহৃত হয়। কিন্তু এই নিয়ম দেশখনত জনপ্ৰিয় নহল আৰু পৰবৰ্তী চৰকাৰে আগৰ অৱস্থালৈ উভতাই নিয়ে। পৰবৰ্তী সময়ত এই দেশত পুনৰ দিবালোক সংৰক্ষণ সময় প্ৰৱৰ্তন কৰা নহৱ বুলি চৰকাৰী সিদ্ধান্ত গৃহীত হয়।

যুক্তি[সম্পাদনা কৰক]

বিতৰ্ক থকা সত্ত্বেও এই পদ্ধতিটোৰ পক্ষে যিবোৰ যুক্তি দেখুওৱা হয়, তাৰ ভিতৰত উল্লেখযোগ্য হ’ল আবেলিৰ সময়ত বেছি সময় পোহৰ থাকিলে ৰাস্থাত দূৰ্ঘটনাৰ পৰিমান কমি যায়; আৰু স্বাস্থ্য আৰু অপৰাধমূলক কৰ্মকাণ্ডত ইয়াৰ প্ৰভাৱ অস্পষ্ট।

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 Daylight Saving, Microsoft Encarta Encyclopedia 2004 Deluxe, CD Version. পৰিদৰ্শনৰ তাৰিখ: ২৮ ছেপ্টেম্বৰ, ২০১১

বহিঃসংযোগ[সম্পাদনা কৰক]