দীঘলতী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
দীঘলতী
Litsea salicifolia
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Plantae
(অশ্ৰেণীকৃত): Angiosperms
(অশ্ৰেণীকৃত): Magnoliids
বৰ্গ: Laurales
পৰিয়াল: Lauraceae
গণ: Litsea
প্ৰজাতি: L. salicifolia
বৈজ্ঞানিক নাম
Litsea salicifolia
(Roxburgh ex Nees) Hook. f.
সমাৰ্থক

Tetranthera lanceifolia Roxb.

দীঘলতী বা দীঘলতি (বৈজ্ঞানিক নাম: Litsea salicifolia) ল'ৰেচি পৰিয়ালৰ এবিধ মজলীয়া আকাৰৰ বনৰীয়া গছ।[1][2]ই এবিধ বহুবৰ্ষজীৱী, গুল্মজাতীয় উদ্ভিদ। অসম আৰু ইয়াৰ ওচৰ-পাঁজৰৰ কিছু অঞ্চলত এই গছ পোৱা যায়। অসমৰ জাতীয় উৎসৱ ৰঙালী বিহুৰ সময়ত গৰু ধুওৱাৰ বাবে এই গছৰ সৰু ডালেৰে কোবাই গৰু ধুওৱাটো এক পৰম্পৰা। [3] অসমৰ বিভিন্ন বনাঞ্চলত এই উদ্ভিদ বিস্তৃত হৈ আছে। অসমৰ ব'হাগ বিহুত এই উদ্ভিদে এক গুৰুত্বপূৰ্ণ ভূমিকা বহন কৰে।

বৰ্ণনা[সম্পাদনা কৰক]

দীঘলতী এজোপা বহুবৰ্ষজীৱী বৃক্ষসদৃশ গছ। গছজোপা জোপোহাতকৈ কিছু ডাঙৰ কিন্তু জোপোহাতকৈ চাপৰ। গা-গছ বা ডালবোৰ কিছু দুৰ্বল আৰু লেহুকা। পাতবোৰ দীঘলীয়া হোৱা বাবেই ইয়াৰ নাম দীঘলতী হোৱা বুলি স্থানীয় লোকসকলে ভাবে। গছজোপাৰ পাত পক্ষল; মাখিপাত যুৰীয়া, দীঘলীয়া লেঞ্চ আকৃতিৰ[3] আৰু সামান্য বহল। এই উদ্ভিদৰ প্ৰধান গা-গছ আৰু ঠাল-ঠেঙুলিবিলাকৰ বাকলিৰ বৰণ মদৰুৱা।[1]

ইয়াৰ বৈজ্ঞানিক নাম Litsea salicifolioa (Syn Tetranthera lanceifolia Roxb.)। ই Lauraceae পৰিয়ালৰ অন্তৰ্গত।[4]

ঔষধি গুণ[সম্পাদনা কৰক]

  1. এই গছৰ পাতৰ ৰস চৰ্মৰোগত উপযোগী। [3]
  2. গ্ৰহণী (Chronic dysentery)ৰ বাবে দীঘলতীৰ পাতৰ ৰস, ডালিমৰ পাত আৰু দুধমৌৰ পাতৰ মিশ্ৰণৰ ক্কাথ সেৱন কৰিব লাগে। [3]
  3. এন্দুৰীয়া ঘাঁ‌ৰ (Curbuncle) বাবে এই গছৰ ৰস গাখীৰৰ লগত মিহলাই লগাব লাগে। [3]
  4. প্ৰসৱ বেদনা কিছু পৰিমাণে প্ৰশমনৰ বাবে দীঘলতীৰ শিপাৰ ৰস উপযোগী। [3]
  5. কাহ-জ্বৰৰ বাবে এই গছৰ ছাল, পিপ্‌লি, জালুক আৰু কঁ‌ঠাল গছৰ শিপাৰ লগত খালে উপশম পোৱা যায়। [3]
  6. দীঘলতি গছৰ বাকলি হাপানী বা এজমাৰ উপশমৰ বাবেও ব্যৱহাৰ কৰা হয়।[2][5]

আন উপযোগিতা[সম্পাদনা কৰক]

  1. দীঘলতীত থকা কিছুমান জৈৱ – ৰাসায়নিক দ্ৰব্যৰ পতংগ বিতাড়ন ক্ষমতা আছে। গতিকে দীঘলতীক অনিষ্টকাৰী পোক-পতংগ আঁতৰাই ৰাখিবৰ বাবে ব্যৱহাৰ কৰিব পাৰি। [3]
  2. মুগা পলুৱে ইয়াৰ পাত খাই জীয়াই থাকিব পাৰে।[3]

ৰঙালী বিহু আৰু দীঘলতী[সম্পাদনা কৰক]

অসমৰ জাতীয় উৎসৱ ৰঙালী বিহুৰ প্ৰথম দিনা অৰ্থাৎ গৰু বিহুৰ দিনাখন দীঘলতী আৰু মাখিয়তী পাতেৰে কোবাই গৰু ধুওৱাটো এটা পৰম্পৰা। তদুপৰি সন্ধিয়া গোহালিত দীঘলতীৰে জাগ দিয়া হয়। ই পোহনীয়া জীৱ-জন্তুক ম’হ, মাখি, দাঁ‌হ আদি পতংগৰপৰা আঁতৰাই ৰখাত সহায় কৰে। [3]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. 1.0 1.1 'অসমৰ উদ্ভিদ কোষ'- ফটিক চন্দ্ৰ গগৈ; অসম প্ৰকাশন পৰিষদ, প্ৰথম প্ৰকাশ: ডিছেম্বৰ ২০০৭
  2. 2.0 2.1 http://www.assamplants.com/All%20Species/Litsea%20salicifolia.htm
  3. 3.00 3.01 3.02 3.03 3.04 3.05 3.06 3.07 3.08 3.09 প্ৰকৃতি কোলাৰ ঔষধি দীঘলতী: কবীন্দ্ৰ নাথ দাস, সঞ্জীৱনী, দৈনিক অসম, ১২ জুন, ২০১২
  4. "Litsea salicifolia (Nees) Hook. fil.". India Biodiversity Portal. https://indiabiodiversity.org/species/show/253579। আহৰণ কৰা হৈছে: 25 মে' 2019. 
  5. Assamplants.com