দুৰ্গা পূজা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
দুৰ্গাপূজা
দুৰ্গাপূজা
বগ বজাৰ সাৰ্বজনীন দুৰ্গা প্ৰতিমা, ২০১০
অন্য নাম শাৰদোৎসৱ, বিজয়া দশমী, দশেৰা
পালন কৰে হিন্দু সম্প্ৰদায়ে
প্ৰকাৰ হিন্দু উৎসৱ
(প্ৰধানত পশ্চিমবংগ, অসম আৰু বিহাৰত উদযাপন কৰা হয়)
আৰম্ভ হয় সাধাৰণতে মহা ষষ্ঠীত (ক্ষেত্ৰ বিশেষে কুলাচাৰ অনুসৰি, ভাদৰ কৃষ্ণাষ্টমী বা মহালয়া)
শেষ হয় বিজয়া দশমী
তাৰিখ আহিনৰ শুক্ল পক্ষ অথবা চ'তৰ শুক্ল পক্ষ
উৎসৱ প্ৰথা অনুসাৰে পালন কৰা হয়, দহ বা পাঁচ দিন
সম্পৰ্কিত মহালয়া, দশেৰা, জগদ্ধাত্ৰী পূজা

হিন্দু দেৱী দুৰ্গাৰ আৰাধনাকে কেন্দ্ৰ কৰি অনুষ্ঠিত হয় হিন্দু সম্প্ৰদায়ৰ বৃহত্তম ধৰ্মীয় আৰু সামাজিক উৎসৱ দুৰ্গা পূজা বা দুৰ্গোৎসৱ। শাস্ত্ৰ মতে আহিন মাহৰ শুক্ল পক্ষত বা চ’ত মাহৰ শুক্ল পক্ষত দুৰ্গাপূজা পালন কৰা হয়। চ’ত অৰ্থাৎ বসন্তকালৰ দুৰ্গাপূজাক বাসন্তী দুৰ্গা পূজা আৰু আহিন অৰ্থাৎ শৰৎ কালৰ দুৰ্গা পূজাক শাৰদীয় দুৰ্গা পূজা নামে জনাজাত। ভাৰতীয় উপমহাদেশৰ একাধিক ৰাষ্ট্ৰই দুৰ্গা পূজা পালন কৰে। ভাৰতৰ পশ্চিমবংগ, অসম ত্ৰিপুৰা বিহাৰ ঝাৰখাণ্ড আৰু উৰিষ্যাদুৰ্গাপূজা সৰ্বাধিক জাকত জিলিকা হয় আৰু ৫ দিন যোৰা বাৰ্ষিক বন্ধৰ দিন হিচাপেও ঘোষনা কৰা হয়। বাংলাদেশৰ সংখ্যালঘু হিন্দু সকলেও দুৰ্গা পূজা পালন কৰে।

সাধাৰনতে আহিনৰ শুক্ল পক্ষৰ ষষ্ঠ তম দিন তথা ষষ্ঠীৰ পৰা আৰম্ভ হৈ দশমী পৰ্যন্ত থাকে এই দুৰ্গোৎসৱ। এই পাঁচ দিন যথাক্ৰমে দুৰ্গা ষষ্ঠী, মহাসপ্তমী, মহাষ্টমী, মহানৱমী আৰু বিজয়া দশমী নামে জনাজাত। এই পক্ষ টোক দেৱীপক্ষ নামেৰেও জনা যায় । পূৰ্বৱৰ্তী অমাবস্যাৰ দিনা এই দেৱীপক্ষৰ সুচনা হয় আৰু ইয়াক মহালয়া বুলিও জনা হয়। আৰু পুৰ্ণিমাৰ দিনাক লক্ষ্মী পূজাৰ দিন হিচাপে গণ্য কৰা হয় ।

পৌৰাণিক উপাখ্যান[সম্পাদনা কৰক]

কলকাতাৰ একোটা পূজামণ্ডপত মহাষষ্টীৰ দেবী প্ৰতিমা, ২০০৬

ব্ৰহ্মবৈবৰ্ত পুৰাণ[সম্পাদনা কৰক]

ব্ৰহ্মবৈবৰ্ত পুৰাণত উল্লেখ থকা অনুসাৰে এই দুৰ্গা পূজাৰ প্ৰৱৰ্তক স্বয়ং শ্ৰীকৃষ্ণ। দুৰ্গা পূজাৰ প্ৰবৰ্তনৰ একোটা কথিত আখ্যানো এই পুৰাণত পোৱা যায়। কোৱা উচিত হব যে, এই ইতিহাসৰ কোনো প্ৰামাণিক তথ্য নাই । [1]

দেৱী ভাগৱত পুৰাণ[সম্পাদনা কৰক]

দেৱী ভাগৱত অনুসৰি ব্ৰহ্মাৰ মানস পুত্ৰ মনুৱে পৃথিৱীৰ শাসনভাৰ পাই ক্ষীৰদধি তীৰত দেৱী দুৰ্গাৰ মৃণ্ময় মূৰ্তী নিৰ্মান কৰি আৰাধনা কৰে। আৰু এই সময় খিনিত তেওঁ তিনি বাগ্ভব বীজ জপ কৰে লগতে আহাৰ আৰু শ্বাস গ্ৰহন পৰিত্যাগ কৰি বছৰ বছৰ ধৰি তেওঁ ঘোৰ তপস্যা কৰে। আৰু তাতে দেৱী দুৰ্গা প্ৰসন্ন হৈ মনুৰ আগত উপস্থিত হৈ মনুক বৰ দিলে “হে মহাবাহু, তোমাৰ প্ৰাৰ্থনা সিদ্ধ হওঁক। মই তোমাৰ সকলো প্ৰাৰ্থনীয় বিষয় দান কৰিছো। বৎস! তোমাৰ ৰাজ্য নিষ্কণ্টক হওক আৰু তুমি পুত্ৰ লাভ কৰা।” [2]

এটা দুৰ্গা প্ৰতিমা,২০০৯

মূৰ্তি সমূহ[সম্পাদনা কৰক]

দুৰ্গা দেৱীৰ মূৰ্তিটো সাধাৰণতে দুৰ্গাৰ পৰিয়ালৰ লগতে থকা দেখা যায়। এই মূৰ্তি সমূহৰ মধ্য স্থানত দেৱী দুৰ্গা থাকে আৰু তেওঁৰ সোফালে থাকে দেৱী লক্ষ্মী আৰু গণেশ আনহাতে বাওঁফালে থাকে দেৱী সৰস্বতী আৰু কাৰ্তিক। কলিকতাত পোন প্ৰথমবাৰৰ বাবে ১৬১০ চনত সাবৰ্ণ ৰায়চৌধুৰী পৰিয়ালে এই প্ৰথাৰ প্ৰচলন কৰিছিল ।

দুৰ্গা[সম্পাদনা কৰক]

‘দ’-আখৰে দৈত্য নাশ, ‘ঊ’-কাৰে বিঘ্ননাশক, ‘ৰেফ’ ৰোগনাশক, ‘গ’-আখৰে পাপনাশক, আৰু ‘অ’-কাৰে ভয় তথা শত্ৰুনাশক। অৰ্থাৎ, দৈত্য, বিঘ্ন, ৰোগ, পাপ আৰু ভয়-শত্ৰুৰ পৰা যিয়ে ৰক্ষা কৰে সেয়ে দুৰ্গা।[3] দেৱী দুৰ্গা হ’ল সৃষ্টিৰ আদি। পিতামহ ব্ৰহ্মা, ভগৱান বিষ্ণু আৰু ভগৱান শংকৰে তেখেতৰে শক্তিৰে এই সৃষ্টিৰ স্ৰজন, পালন-পোষণ আৰু সংহাৰ কৰে। আই দুৰ্গা দেৱীৰ ৰূপ ন বিধ। শাস্ত্ৰত বৰ্ণনা কৰা মতে সেইবোৰৰ নাম আৰু বৈশিষ্ট হ’ল-

১.শৈলপুত্ৰী, ২.ব্ৰহ্মচাৰিণী, ৩.চন্দ্ৰঘণ্টা, ৪.কুষ্মাণ্ডা, ৫.স্কন্দমাতা, ৬.কাত্যায়নী, ৭.কালৰাত্ৰি, ৮.মহাগৌৰী, ৯.সিদ্ধিদাত্ৰী।

১.“শৈলপুত্ৰী” :

মা দুৰ্গা নিজৰ প্ৰথম স্বৰূপত “শৈলপুত্ৰী” নামেৰে জনাজাত। পৰ্ব্বত ৰাজ হিমালয়ৰ তাত পুত্ৰী ৰূপে জন্ম লোৱা বাবে এই “শৈলপুত্ৰী” নাম হৈছিল। বৃষভৰ ওপৰত স্থিতা শৈলপুত্ৰী মাতৃৰ সোঁ হাতত শূল আৰু বাওঁহাতত কমল পুষ্প সুশোভিত। ন-গৰাকী দুৰ্গাৰ মাজত এখেত হ’ল প্ৰথম দুৰ্গা । ইয়াৰ পূৰ্ব জন্মত এখেতে প্ৰজাপতি দক্ষৰ কন্যা ৰূপে জন্ম গ্ৰহণ কৰিছিল। তেতিয়া এখেতৰ নাম আছিল “সতী”। ভগৱান শংকৰৰ সৈতে এখেতৰ বিবাহ হৈছিল। কিন্তু প্ৰজাপতি এই বিবাহৰ সম্পূৰ্ণ বিৰোধী আছিল। এবাৰ প্ৰজা পতি দক্ষই বৰ ডাঙৰকৈ এটা যজ্ঞ অনুষ্ঠিত কৰিছিল। কিন্তু ভগৱান শংকৰক তেওঁ নিমন্ত্ৰিত নকৰিলে। পিছে সতীৰ প্ৰৱল আগ্ৰহ দেখি ভগৱান শংকৰে তেওঁক পিতৃ-গৃহলৈ যোৱাৰ বাবে অনুমতি প্ৰদান কৰিলে। পিতৃ-গৃহলৈ গৈ দেখিলে যে তাত প্ৰতিটো ক্ষেত্ৰত, চাৰিওপিনে ভগৱান শংকৰৰ প্ৰতি তিৰস্কাৰৰ ভাৱহে পৰিপূৰ্ণ। নিজৰ স্বামী ভগৱান শংকৰৰ প্ৰতি এনে ঘোৰ অপমান তেওঁৰ অসহ্য হৈ উঠিল। তেওঁ তৎক্ষনাৎ তাত যোগাগ্নি প্ৰজ্বলিত কৰি নিজৰ সেই ৰূপটোকে ভস্মীভূত কৰি পেলালে। যোগাগ্নিৰে নিজ শৰীৰক ভস্মীভূত কৰাৰ পিছত সতী শৈলৰাজ হিমালয়ৰ পুত্ৰী ৰূপে পৰবৰ্তী জন্ম গ্ৰহণ কৰিলে। তেওঁ তেতিয়া “শৈলপুত্ৰী”নামেৰে জনাজাত হ’ল। ‘পাৰ্বতী’, ‘হৈমৱতী’ও তেখেতৰে নাম। উপনিষদৰ এটি আখ্যান অনুসৰি ‘হৈমৱতী’ স্বৰূপ ধাৰণ কৰি দেৱতা সকলৰ দৰ্প চূৰ্ণ কৰিছিল। ‘শৈলপুত্ৰী’ৰ বিবাহো ভগৱান শংকৰৰ সৈতেহে হৈছিল। ন-গৰাকী দুৰ্গাৰ মাজত প্ৰথম ‘শৈলপুত্ৰী’ দুৰ্গাৰ মহিমা আৰু শক্তি অনন্ত। নৱৰাত্ৰি পূজনৰ প্ৰথম দিৱসত এই শৈলপুত্ৰীৰ পূজা আৰু উপাসনা কৰা হয় ।

২.“ব্ৰহ্মচাৰিণী” :

মাতৃ দুৰ্গাৰ ন শক্তিৰ দ্বিতীয় স্বৰূপটো হ’ল ‘ব্ৰহ্মচাৰিণী’ৰ। ইয়াত ‘ব্ৰহ্ম’ শব্দৰ অৰ্থ হ’ল তপস্যা। ব্ৰহ্মচাৰিণী অৰ্থাৎ তপচাৰিণী, তপস্যা কৰা তপস্বিনী। “বেদস্তত্ত্ব তপো ব্ৰহ্ম।” এই ব্ৰহ্মচাৰণী দেৱীৰ স্বৰূপ পূৰ্ণ জ্যোতিৰ্ময় আৰু অত্যন্ত ভব্য। এখেতৰ সোঁহাতত জপ মালা আৰু বাওঁহাতত কমণ্ডলু বিদ্যমান। হিমালয়ৰ তাত পুত্ৰী ৰূপে উৎপন্ন হোৱাত নিজৰ এই পৰৱৰ্ত্তী জন্মতো নাৰদৰ উপদেশ মতে ভগৱান শংকৰক পতিৰূপে পাবলৈ তেখেতে অতি প্ৰচণ্ড তপস্যা কৰিছিল। তেনে দুষ্কৰ তপস্যা কৰা বাবেহে তেখেতক “তপচাৰিণী” বা “ব্ৰহ্মচাৰিণী” নামেৰে অভিহিত কৰা হৈছিল। মা-দুৰ্গাৰ এই দ্বিতীয় স্বৰূপটো ভক্ত আৰু সিদ্ধ সকলৰ অনন্ত ফলপ্ৰদ। ব্ৰহ্মচাৰিণীৰ উপাসনা কৰিলে মানুহৰ তপস্যা, যোগ, বৈৰাগ্য, সদাচাৰ আৰু সংযম বৃদ্ধি পায় । জীৱনৰ কঠিন সংঘাত বোৰতো তেওঁৰ মন কৰ্তব্য পথৰ পৰা বিচ্যুত নহয়। দুৰ্গাপূজাৰ দ্বিতীয় দিৱসত এখেতৰে স্বৰূপৰ উপাসনা কৰা হয় ।

৩.“চন্দ্ৰঘন্টা”:

মা দুৰ্গাৰ তৃতীয় শক্তিৰ নাম হ’ল ‘চন্দ্ৰঘণ্টা’। নৱৰাত্ৰিৰ উপাসনাত তৃতীয় দিনা এখেতৰে বিগ্ৰহৰ পূজা-আৰাধনা কৰা হয়। এখেতৰ এই স্বৰূপ পৰম শান্তিদায়ক আৰু কল্যাণকাৰী। এখেতৰ মস্তকত ঘণ্টাৰ আকৃতিৰ অৰ্ধচন্দ্ৰ থাকে। সেইকাৰণে তেখেতক ‘চন্দ্ৰঘণ্টা দেৱী’ বোলা হয়। এখেতৰ শৰীৰৰ বৰণ সূবৰ্ণৰ দৰে উজ্জ্বল। এখেত দশভুজা। এই দহো খন হাত খড়্গ আদি শস্ত্ৰৰেৰে আৰু বাণ আদি অস্ত্ৰৰেৰে বিভূষিত। এখেতৰ বাহন হ’ল সিংহ। যুদ্ধৰ বাবে সদায় সাজু হৈ থকা এখেতৰ ভাৱ-মুদ্ৰা! ঘণ্টাৰ নিচিনা এখেতৰ প্ৰচণ্ড ধ্বনিত অত্যাচাৰী দানৱ-দৈত্য-ৰাক্ষস সদায় প্ৰকম্পিত হৈ থাকে। নৱৰাত্ৰিৰ দুৰ্গা-উপাসনাত তৃতীয় দিনাৰ পূজাৰ মহত্ব অত্যধিক।

৪.“কূষ্মাণ্ডা”:

মা দুৰ্গাৰ চতুৰ্থ স্বৰূপৰ নাম হ’ল কূষ্মাণ্ডা। নিজৰ মৃদু–মন্দ হাঁহিৰে অণ্ড অৰ্থাৎ ব্ৰহ্মাণ্ড উৎপন্ন কৰা হেতুকে তেখেতক দেৱী কূষ্মাণ্ডা নামেৰে অভিহিত কৰা হৈছে। সৃষ্টিৰ অস্তিত্বই যেতিয়া নাছিল, চাৰিওপিনে অন্ধকাৰ, কেৱল অন্ধকাৰ হে পৰিব্যাপ্ত হৈ আছিল, তেতিয়া এই দেৱীয়েই নিজৰ ‘ঈষৎ’ হাঁহিৰে ব্ৰহ্মাণ্ড ৰচনা কৰিছিল। গতিকে এখেত হে হ’ল সৃষ্টিৰ আদি স্বৰূপা, আদি শক্তি। এখেতৰ আঠখন হাত থকা বাবে এখেত অষ্টভুজা দেৱী নামেৰেও বিখ্যাত। এখেতৰ সাতো খন হাতত আছে ক্ৰমে কমণ্ডলু, ধেনু, কাঁড়, কমল পুষ্প, অমৃত পূৰ্ণ কলহ, চক্ৰ আৰু গদা। সকলো সিদ্ধি আৰু নিধি প্ৰদান কৰোঁতা জপ মালা থাকে এখেতৰ বাওঁহাতত। এখেতৰ বাহন হ’ল সিংহ । সংস্কৃত ভাষাত কূষ্মাণ্ডৰ অৰ্থ হ’ল কোমোৰা। বলি সমূহৰ ভিতৰত কোমোৰা-বলি এখেতৰ আটাইতকৈ প্ৰিয়। নৱৰাত্ৰিৰ চতুৰ্থ দিনত এই কূষ্মাণ্ডা দেৱীৰ স্বৰূপৰ উপাসনা কৰা হয় ।

৫.“স্কন্দমাতা”:

মাতৃ দুৰ্গাদেৱীৰ পঞ্চম স্বৰূপটো ‘স্কন্দমাতা’ নামেৰে জনাজাত। ভগৱান স্কন্দ ‘কুমাৰ কাৰ্তিকেয়’ নামেৰেও জনাজাত। প্ৰসিদ্ধ দেৱা সুৰ সংগ্ৰামত এখেত দেৱ–সেনাপতি হৈছিল। পুৰাণ বোৰত ‘কুমাৰ’ আৰু ‘শক্তি ধৰ’ আখ্যা দি এখেতৰ মহিমা বৰ্ণোৱা হৈছে। এখেতৰ বাহন হ’ল, ‘ময়ূৰ’ বা ম’ৰা চৰাই। সেইকাৰণে ‘ময়ূৰ-বাহন’ নামেৰেও অভিহিত। এই ভগৱান স্কন্দৰ মাতৃ হোৱা বাবে মা দুৰ্গাদেৱীৰ উক্ত পঞ্চম স্বৰূপটো ‘স্কন্দমাতা’ নামেৰে জনাজাত। এখেতৰ উপাসনা নৱৰাত্ৰি পূজাৰ পঞ্চম দিনা অনুষ্ঠিত হয়। ভগৱান স্কন্দ শিশু ৰূপে কোলাত বহি থকাটো এখেতৰ বিগ্ৰহত দৰ্শিত হয়। স্কন্দমাতৃস্বৰূপিণী দেৱী চতুৰ্ভুজা।

৬.“কাত্যায়নী”:

মা দুৰ্গাদেৱীৰ ষষ্ঠ স্বৰূপৰ নাম হ’ল, “কাত্যয়নী”। এখেতৰ নাম ‘কাত্যায়নী’ হোৱাৰ আখ্যান টো হ’ল এনে ধৰণৰ— ‘কত’ নামৰ এজন প্ৰসিদ্ধ মহৰ্ষি আছিল। তেওঁৰ পুত্ৰ হ’ল,ঋষি কাত্য। এই কাত্য গোত্ৰত বিশ্বপ্ৰসিদ্ধ মহৰ্ষি কাত্যায়ন উৎপন্ন হৈছিল। ভগৱতৰ উপাসনাত বহু বছৰ ব্যাপী তেওঁ বৰ কঠিন তপস্যা কৰিছিল। “আই ভগৱতী তেওঁৰ কোলাত পুত্ৰী ৰূপে জন্ম লওক”-তেওঁৰ মনোকামনা এয়ে আছিল। আই ভগৱতীয়ে তেওঁৰ প্ৰাৰ্থনা স্বীকাৰ কৰিছিল। কিছু কালৰ পিছত পৃথিৱীত দানৱ মহিষাসুৰৰ অত্যাচাৰ বৰকৈ বাঢ়ি যোৱাত, ভগৱান বিষ্ণু, ব্ৰহ্মা আৰু মহেশ্বৰ এই তিনিও গৰাকীয়ে নিজ-নিজ তেজৰ অংশ প্ৰদান কৰি মহিষাসুৰ বিনাশ হেতু এগৰাকী দেৱীক উৎপন্ন কৰিলে। মহৰ্ষি কাত্যায়নে সৰ্ব প্ৰথমে এই দেৱীৰ পূজা-অৰ্চনা কৰিছিল। তাৰ বাবে এখেতে ‘কাত্যায়নী’ আখ্যা পালে। মহৰ্ষি কাত্যায়নৰ তাত পুত্ৰী ৰূপেও এখেত উপজিল বুলি আখ্যানো আছে। আহিন মাহৰ কৃষ্ণ পক্ষৰ চতুৰ্দশী তিথিত জন্ম গ্ৰহণ কৰি, শুক্ল পক্ষৰ সপ্তমী, অষ্টমী আৰু নৱমী লৈ তিনিদিন তেখেতে কাত্যায়ন ঋষিৰ পূজা গ্ৰহণ কৰি দশমী তিথিৰ দিনা মহিষাসুৰক বধ কৰিছিল। দুৰ্গাপূজাৰ ষষ্ঠ দিনা খন এখেতৰ স্বৰূপৰ উপাসনা কৰা হয় ।

৭.“কালৰাত্ৰি”:

মা দুৰ্গাৰ সপ্তম শক্তি ‘কালৰাত্ৰি’ ৰূপে জনাজাত। এখেতৰ শৰীৰৰ বৰণ ঘন অন্ধকাৰৰ নিচিনা সম্পূৰ্ণৰূপে ক’লা। মূৰৰ চুলিবোৰ অবিন্যস্ত। গলত বিদ্যুতৰ দৰে জিলিকি থাকে মালা ধাৰি। এখেত ত্ৰিনেত্ৰা, তিনিওটা চকু ব্ৰহ্মাণ্ডৰ নিচিনা ঘূৰণীয়া। সেইবোৰৰ পৰা বিদ্যুতৰ নিচিনা উজ্জ্বল ৰশ্মি বিকিৰিত হৈ থাকে। এখেতৰ নাসিকাৰ উশাহ-নিশাহৰ পৰা ভয়ংকৰ প্ৰচণ্ড অগ্নি শিখা বোৰ ওলাই থাকে। এখেতৰ বাহন হ’ল গৰ্দভ অৰ্থাৎ গাধ। আই ‘কালৰাত্ৰি’ৰ স্বৰূপ দেখাত অতি ভয়ংকৰ কিন্তু তেখেতে সদায় শুভ ফল হে প্ৰদান কৰে। তাৰ কাৰণে এখেতৰ এটা নাম হ’ল ‘শুভঙ্কৰী’ । গতিকে ভক্ত সকলে মাতৃ কালৰাত্ৰিৰ স্বৰূপ দেখি ভয়ভীত বা আতংকিত হব নালাগে। দুৰ্গাপূজাৰ সপ্তম দিনা আই কালৰাত্ৰিৰ উপাসনাৰ বিধান আছে ।

৮.“মহাগৌৰী”:

মা দুৰ্গাদেৱীৰ অষ্টম শক্তিৰ নাম হ’ল ‘মহাগৌৰী’। এখেত সম্পূৰ্ণৰূপে গৌৰ বৰ্ণা। এই গৌৰ বৰণৰ গৌৰতাৰ উপমা শংখ, চন্দ্ৰ আৰু কুন্দ ফুলৰ সৈতে দিয়া হয়। মান্যতা অনুসৰি এখেত হ’ল আঠ বছৰীয়া। এখেতৰ সকলো বস্ত্ৰ আৰু আ-অলঙ্কাৰো শ্বেত বৰ্ণৰ। নিজৰ পৰৱৰ্তী ৰূপত এখেতে ভগৱান শিৱক পতি ৰূপে পাবলৈ বৰ কঠোৰ তপস্যা কৰিছিল। এনে কঠোৰ তপস্যা কৰা হেতু এখেতৰ বৰণ সম্পূৰ্ণৰূপে ক’লা পৰি গ’ল। এখেতৰ তপস্যাত প্ৰসন্ন আৰু সন্তুষ্ট হৈ যেতিয়া ভগৱান শিৱই এখেতৰ শৰীৰক ঘঁহি-ঘঁহি গংগাৰ পবিত্ৰ পানীৰে গা ধুৱালে, তেতিয়া তেখেতৰ শৰীৰ বিদ্যুত প্ৰভাৰ নিচিনা অতি কান্তি মান গৌৰ হৈ উঠিল। তেতিয়াৰ পৰা এখেতৰ নাম ‘মহাগৌৰী’ হ’ল। দুৰ্গাপূজাৰ অষ্টম দিনা ‘মহাগৌৰী’ৰ উপাসনাৰ বিধান আছে।

৯.“সিদ্ধিদাত্ৰী”:

মা দুৰ্গাদেৱীৰ নৱম শক্তিৰ নাম হ’ল,- ‘সিদ্ধিদাত্ৰী’। এখেতে সকলো প্ৰকাৰৰ সিদ্ধি প্ৰদান কৰে। মাৰ্কণ্ডেয় পুৰাণৰ মতে অণিমা, মহিমা, গৰিমা, লঘিমা, প্ৰাপ্তি, প্ৰাকাম্য, ঈশিত্ব আৰু ৱশিত্ব-সিদ্ধি এই আঠ বিধ। ব্ৰহ্মবৈবৰ্ত পুৰাণৰ শ্ৰীকৃষ্ণ জন্ম খণ্ডত এনে সিদ্ধিৰ সংখ্যা ওঠৰ বুলি কোৱা হৈছে। সেইবোৰৰ নাম—-

১.অণিমা, ২.লঘিমা, ৩.প্ৰাপ্তি, ৪.প্ৰাকা্ম্য, ৫.মহিমা, ৬.ঈশিত্ব, ৭.সৰ্ৱকামাৱসায়িতা, ৮.সৰ্বজ্ঞত্ব, ৯.দূৰ শ্ৰৱণ, ১০.পৰকায়প্ৰৱেশন, ১১.বাক্ সিদ্ধি, ১২.কল্পবৃক্ষত্ব, ১৩.সৃষ্টি, ১৪.সংহাৰ কৰণ সামৰ্থ্য, ১৫.অমৰত্ব, ১৬.সৰ্ব নায়কত্ব, ১৭.ভাৱনা আৰু ১৮.সিদ্ধি।

ভক্ত আৰু সাধক সকলক আই সিদ্ধিদাত্ৰীয়ে উক্ত সকলো ধৰণৰ সিদ্ধি প্ৰদান কৰিবলৈ সমৰ্থ। দেবী পুৰাণৰ মতে এখেতৰে কৃপাত ভগৱান শিৱই এইবোৰ সিদ্ধি লাভ কৰিছিল। এখেতৰে অনুকম্পাত ভগৱান শিৱৰ অৰ্ধ শৰীৰ দেৱীৰ হৈছিল আৰু তাৰে বাবে তেওঁ অৰ্ধ নাৰীশ্বৰ নামেৰে বিশ্ব প্ৰসিদ্ধ হৈছিল। আই সিদ্ধিদাত্ৰী চতুৰ্ভুজা। বাহন হ’ল সিংহ। নৱ দুৰ্গাৰ মাজত আই সিদ্ধিদাত্ৰী হ’ল অন্তিম। অন্য অষ্ট দুৰ্গাৰ পূজা-উপাসনা শাস্ত্ৰীয় বিধি-বিধানেৰে কৰাৰ পিছত ভক্তই দুৰ্গা পূজাৰ নৱম দিনা এখেতৰ উপাসনাত প্ৰবৃত্ত হয়। এই সিদ্ধিদাত্ৰী আইৰ উপাসনা পূৰ্ণ হোৱাত ভক্ত আৰু সাধকৰ সকলো বিধ মনোকামনা পূৰণ হৈ যায়।


সিংহ

উত্তৰ কলিকতাৰ কাশীপুৰৰ এটা মণ্ডপত তাপসীবেশীৰে সিংহবাহিনী মহিষমৰ্দিনী

দেৱী দুৰ্গাৰ বাহন সিংহ ।

মহিষাসুৰ মহিষাসুৰ এটা অসুৰ। তেওঁ দেৱী প্ৰতিমাৰ ভৰিৰ তলত থাকে । মহিষাসুৰ অসুৰ হলেও দুৰ্গোৎসৱৰ সময়ত তেওঁক পূজা কৰাৰ থল আছে।[4]

গণেশ গণেশ সিদ্ধিৰ দেৱতা। গণেশ পূজা নকৰাকে অন্য কোনো পূজা কৰাৰ বিধান নাই।

লক্ষ্মী লক্ষ্মী হৈছে শ্ৰী, সমৃদ্ধি আৰু বিকাশৰ প্ৰতীক।

সৰস্বতী সৰস্বতী জ্ঞানৰ প্ৰতীক।

কাৰ্তিক কাৰ্তিক সৌন্দৰ্য্যৰ প্ৰতীক।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. প্ৰবন্ধ শব্দাঞ্জলিত দুৰ্গা পূজা, হৰিপদ ভৌমিক, নতুন বাংলাৰ মুখ পত্ৰিকা, আহিন ১৪১৪, অক্টোবৰ ২০০৭, পৃ. ১৬৩ দ্ৰঃ
  2. প্ৰবন্ধ শব্দাঞ্জলিতে দুৰ্গাপূজা, হৰিপদ ভৌমিক, নতুন বাংলাৰ মুখ পত্ৰিকা, আহিন ১৪১৪, অক্টোবৰ ২০০৭, পৃ. ১৬৩-৬৪ দ্ৰঃ
  3. শব্দকল্পদ্ৰুম ৩।১৬৬৬; পূজা-বিজ্ঞান, স্বামী প্ৰমেয়ানন্দ, উদ্বোধন কাৰ্যালয়, কলকাতা, ১৯৯৯, পৃষ্ঠা ৪৪ পৰা উদ্ধৃত
  4. মহিষাসুৰ, সঞ্জয় ভুঁইয়া, বৰ্তমান পত্ৰিকা (বৰ্তমান দেওবাৰ), ২৮ ছেপ্তেম্বৰ, ২০০৮ দ্ৰঃ

বাহ্যিক সংযোগ[সম্পাদনা কৰক]