দেৰগাঁও

অসমীয়া ৱিকিপিডিয়াৰ পৰা
দেৰগাঁও
—  নগৰ  —
দেৰগাঁও is located in Assam
দেৰগাঁও
ভাৰতঅসমত দেৰগাঁৱৰ অৱস্থান
ভৌগোলিক স্থানাংক: 26°42′N 93°58′E / 26.7°N 93.97°E / 26.7; 93.97স্থানাংক: 26°42′N 93°58′E / 26.7°N 93.97°E / 26.7; 93.97
দেশ  ভাৰত
ৰাজ্য অসম
জিলা গোলাঘাট জিলা
উচ্চতা ৮২ মিটাৰ (২৬৯.০৩ ফুট)
জনসংখ্যা (২০০১)
 - মুঠ ১৩,৩৬৪ জন
ভাষা
 - চৰকাৰী অসমীয়া
সময় অঞ্চল ভাৰতীয় মান সময় (গ্ৰী.মা.স.+5:30)
785614

দেৰগাঁও(ইংৰাজী: Dergaon) (IPA: ˈdɜːˌgɑ̃ʊ)উজনি অসমগোলাঘাট জিলাত অৱস্থিত এখন ঐতিহাসিক ঠাই৷ হেমকোষ প্ৰণেতা ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱা, জ্ঞানপীঠ বঁটাপ্ৰাপ্ত কবি নীলমণি ফুকন, গল্প সম্ৰাট চৈয়দ আব্দুল মালিক, প্ৰফুল্ল চন্দ্ৰ বৰা, নৃত্যাচাৰ্য যতীন গোস্বামীকে আদি কৰি অসমীয়া সমাজ-সংস্কৃতিৰ জগতখনত অনবদ্য অৱদান আগবঢ়োৱা কেইবাজনো বৰেণ্য ব্যক্তিৰ জন্মস্থান হৈছে দেৰগাঁও।[কোন ?]

ভৌগোলিক বিৱৰণ[সম্পাদনা কৰক]

দেৰগাঁও 26°42′N 93°58′E / 26.7°N 93.97°E / 26.7; 93.97ত অৱস্থিত৷ [1] ইয়াৰ সাগৰ পৃষ্ঠৰ পৰা উচ্চতা প্ৰায় ৮২ মিটাৰ (২৬৯ ফুট)৷ দেৰগাঁৱৰ উত্তৰে দিচৈ নৈ, দক্ষিণে গণকপুখুৰী, পূবে যোৰহাট জিলা আৰু পশ্চিমে বাদুলীপাৰ।

জনসংখ্যা[সম্পাদনা কৰক]

২০০১ চনৰ ভাৰতৰ লোকপিয়ল অনুসৰি দেৰগাঁৱৰ জনসংখ্যা ১৩,৩৬৪ জন৷ [2] ইয়াৰে ৫৬% পুৰুষ আৰু ৪৪% মহিলা৷ দেৰগাঁৱৰ গড় সাক্ষৰতাৰ হাৰ ৮৫%, পুৰুষ আৰু মহিলাৰ ক্ৰমান্বয়ে ৮৮% আৰু ৮১%৷ দেৰগাঁৱৰ মুঠ জনসংখ্যাৰ প্ৰায় ১০% ছয়বছৰৰ অনুৰ্ধৰ৷

ৰাজনীতি[সম্পাদনা কৰক]

দেৰগাঁও কলিয়াবৰ (লোকসভা সমষ্টি)ৰ অন্তৰ্ভুক্ত৷[3]

যাতায়ত[সম্পাদনা কৰক]

৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথটো দেৰগাঁৱৰ মাজেদি পাৰ হৈ গৈছে৷ ইয়াৰ নিকটতম ৰেলৱে ষ্টেচন হৈছে বৰুৱাবামুণ গাঁও ৰেলৱে ষ্টেচন৷ দেৰগাঁৱৰ নিকটবৰ্ত্তী বিমানবন্দৰ হৈছে যোৰাহাটৰ ৰৰৈয়া বিমানবন্দৰ

শিক্ষা[সম্পাদনা কৰক]

দেৰগাঁৱৰ প্ৰধান শিক্ষানুষ্ঠানসমূহ হৈছে-

  • দেৰগাঁও কমল দুৱৰা মহাবিদ্যালয় (website),
  • আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয় (website) Archived 2009-02-20 at the Wayback Machine
  • ৰেডিয়েণ্ট কলেজ
  • উদয়ণ একাডেমী
  • ৰয়েল একাডেমী কনিষ্ঠ মহাবিদ্যালয়
  • দেৰগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়
  • দেৰগাঁও টাউন উচ্চ বুনিয়াদী বিদ্যালয়
  • দেৰগাঁও বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়
  • ইন্দ্ৰানী দেৱী উচ্চতৰ মাধ্যমিক বিদ্যালয়
  • দেৰগাঁও টাউন অভ্যসন নিম্ন বুনিয়াদী বিদ্যালয়
  • শংকৰদেৱ শিশু নিকেতন, কাকডোঙা
  • দেৰগাঁও জাতীয় বিদ্যালয়
  • শিশু ভাৰতী হাইস্কুল
  • ডন বস্ক' হাইস্কুল
  • শংকৰদেৱ শিশু নিকেতন, দেৰগাঁও [4]
  • এলপাইন ইংৰাজী স্কুল
  • মাৰিয়া নিৱাস স্কুল

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. Falling Rain Genomics, Inc - Dergaon
  2. "Census of India 2001: Data from the 2001 Census, including cities, villages and towns (Provisional)". Census Commission of India. Archived from the original on 2004-06-16. http://web.archive.org/web/20040616075334/http://www.censusindia.net/results/town.php?stad=A&state5=999। আহৰণ কৰা হৈছে: 2008-11-01. 
  3. "List of Parliamentary & Assembly Constituencies". Assam. Election Commission of India. Archived from the original on 2006-05-04. https://web.archive.org/web/20060504181808/http://archive.eci.gov.in/se2001/background/S03/AS_ACPC.pdf। আহৰণ কৰা হৈছে: 2008-10-06. 
  4. Shishu Shiksha Samiti Assam,vbassam.org