দেৱদাসী নৃত্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
দেৱদাসী নৃত্য

১৯২০ চনত তোলা তামিলনাডুৰ দুগৰাকী দেৱদাসী নৰ্ত্তকীৰ আলোকচিত্ৰ
দেশ ভাৰত

মন্দিৰৰ দেৱতাৰ সন্তুষ্টিৰ বাবে মন্দিৰ বিশেষে এক শ্ৰেণীৰ নৰ্ত্তকী ছোৱালী নিয়োগ কৰা হৈছিল। তেওঁলোকক দেৱদাসী (দেৱতাৰ দাসী) বোলা হৈছিল আৰু তেওঁসকলে কৰা নৃত্য দেৱদাসী নৃত্য নামেৰে জনা গৈছিল। কলহনৰাজতৰংগিণী, কৌটিল্যঅৰ্থশাস্ত্ৰ, দামোদৰ গুপ্তকুট্টনীমতম্‌আদি গ্ৰন্থত আৰু সোমনাথ মন্দিৰত দেৱদাসী নৃত্য থকাৰ কথা জনা যায়। পদ্ম পুৰাণ আৰু ভৱিষ্য পুৰাণতো ইয়াৰ কথা উল্লেখ আছে। কালিদাসে মেঘদূত কাব্যত এই নৃত্যৰ কথা উল্লেখ কৰিছে। ভাৰতৰ বিভিন্ন ঠাইত প্ৰচলিত এই নৃত্যৰ নাম ঠাই বিশেষে বেলেগ বেলেগ।

অসমত দেৱদাসী নৃত্য[সম্পাদনা কৰক]

অসমত দেৱদাসী নৃত্যৰ প্ৰচলন কেতিয়াৰ পৰা হ’ল তাক সঠিক ভাৱে জনা নগলেও ইয়াক ঘাইকৈ শৈৱ ধৰ্মৰ প্ৰভাৱৰ ফল বুলি কব পাৰি। দেৱদাসী সকলক মন্দিৰৰ কামত নিয়োগ কৰিব পৰাটো সৌভাগ্যৰ কাৰণ বুলি ভবা হৈছিল আৰু সেয়ে অসমৰ ৰজা সকলে শিৱ মন্দিৰ স্থাপন কৰি তাত নৰ্ত্তকী নিয়োগ কৰিছিল দেৰগাঁৱনেঘেৰিটিং, বিশ্বনাথৰ শিৱ মন্দিৰ আৰু বজালীৰ নিকটৱৰ্ত্তী ডুবি পৰিহৰেশ্বৰ দেৱালয়ৰ দেৱদাসী নৃত্য বিখ্যাত। দেৱদাসী নৰ্ত্তকী সকলে কঁকালত লহঙা বা মেখেলা ব্যৱহাৰ কৰিছিল। গাত হাতৰ সৰু গাঠিলৈকে ঢকা দীঘল বগা গা-চোলা পিন্ধে আৰু বুকুত এখন ৰিহা টানি মেথনি মাৰি মূৰৰ খোপালৈকে পাৰ কৰি নিয়ে। হাত, কান, নাক, হাতৰ আঙুলি, ভৰিৰ আঙুলি আদিত নানা তৰহৰ বস্তু বা আ-অলংকাৰ ব্যৱহাৰ কৰে। এই নৃত্যত মন্দিৰৰ ওচৰৰ পুখুৰীত স্নান কৰি, পানীৰ দাপোনত নিজৰ প্ৰতিবিম্ব চাই, নিজকে সু-সজ্জিত কৰি, কেশ-বিন্যাসেৰে বিভিন্ন প্ৰসাধন সামগ্ৰী ব্যৱহাৰ কৰি লাস্যময়ী হৈ মন্দিৰৰ বিগ্ৰহক পূজা কৰা যেন দেখুৱা হ’য়। ইয়াৰ বেশ-ভূষা আৰু লয়-লাস ভঙ্গী বৰ চিত্তাকৰ্ষক। নৃত্যৰ লগত খোল, তাল, শংখ আৰু বৰকাঁহৰ ব্যৱহাৰৰ কথা জনা যায়। খোলৰ বাৰতা ঘাতৰ নৃত্যৰ বিভিন্ন অংশ প্ৰদৰ্শন কৰা হয়। [1]

প্ৰসংগ পুথি[সম্পাদনা কৰক]

  1. 'অসমৰ সংস্কৃতি কোষ: ড° নাৰায়ন দাস, ড° পৰমানন্দ ৰাজবংশী'

বাহ্যিক সংযোগ[সম্পাদনা কৰক]