দেৱানন্দ বৰুৱা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
দেৱানন্দ বৰুৱা
জন্ম ১৯২২ চনৰ ৫ ছেপ্টেম্বৰ
শিৱসাগৰ জিলা
মৃত্যু ২০১২ চনৰ ২৫ ফেব্ৰুৱাৰী
পেচা হেমকোষ অভিধানৰ সম্পাদক-প্ৰকাশক, প্ৰশাসনিক বিষয়া
ভাষা অসমীয়া
ৰাষ্ট্ৰীয়তা ভাৰতীয়
উল্লেখনীয় কৰ্মৰাজি হেমকোষ সম্পাদনা

দেৱানন্দ বৰুৱা আছিল অসমৰ অগ্ৰণী প্ৰকাশন গোষ্ঠী হেমকোষ প্ৰিণ্টাৰ্ছৰ প্ৰতিষ্ঠাপক আৰু হেমকোষৰ প্ৰকাশক আৰু বৰ্ধিত সংস্কৰণৰ সম্পাদক৷[1] তাৰোপৰি তেখেতে শিক্ষা বিভাগৰ প্ৰশাসনিক বিষয়া হিছাপেও কাৰ্যনিৰ্বাহ কৰিছিল।[2]

জন্ম আৰু শিক্ষা[সম্পাদনা কৰক]

ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ নাতি দেৱানন্দ বৰুৱাৰ জন্ম হয় ১৯২২ চনৰ ৫ ছেপ্টেম্বৰত শিৱসাগৰ জিলাত৷ তেওঁৰ পিতৃ -মাতৃ আছিল আনন্দৰাম বৰুৱা আৰু সাৰদা বালা দেৱী৷ শিৱসাগৰৰ টাউন প্ৰাইমেৰী স্কুলত প্ৰাথমিক শিক্ষা গ্ৰহণ কৰা বৰুৱাই ১৯৪৩ চনত শিৱসাগৰ হাইস্কুলৰ পৰা মেট্ৰিক, ১৯৪৫ চনত যোৰহাটজগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ পৰা প্ৰথম বিভাগত আই এ আৰু ১৯৪৯ চনত কটন মহাবিদ্যালয়ৰ পৰা বি এ পৰীক্ষাত উত্তীৰ্ণ হয়৷[1]

কৰ্মজীৱন[সম্পাদনা কৰক]

১৭ বছৰ বয়সত মহাত্মা গান্ধীৰ আহ্বানত ভাৰত ত্যাগ আন্দোলনত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি সমান্তৰালভাৱে বৰুৱাই 'ৰংপুৰ বুক বাইণ্ডিং' নামৰ এটা ছপা প্ৰতিষ্ঠান আৰম্ভ কৰে৷ আন্দোলনৰ বাবে তেওঁ কাৰাবৰণ কৰিবলগীয়াও হয়৷ জে'লৰ পৰা ওলায়েই ১৯৪৭ চনত শিৱসাগৰ মহাবিদ্যালয় স্থাপনত আগভাগ লয়৷ ১৯৫৪ চনত শিক্ষা বিভাগৰ সামাজিক শিক্ষা বিষয়া পদত যোগদান কৰে৷ পিছলৈ তেওঁ দণ্ডাধীশ পদলৈ পদোন্নতি লাভ কৰে আৰু হামৰেণ মহকুমাৰ প্ৰথম দণ্ডাধীশ হিচাপে যোগদান কৰে৷ ১৯৮০ চনত তেওঁ স্বেচ্ছমূলকভাৱে চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰে৷[1]

হেমকোষ কাষত লৈ শেষ শয়নত দেৱানন্দ বৰুৱা

১৯৬০ চনত পিতৃৰ মৃত্যুৰ পিছত তেওঁ হেমকোষ প্ৰিণ্টাৰ্ছ স্থাপন কৰি হেমকোষৰ প্ৰকাশনৰ দায়িত্ব গ্ৰহণ কৰে৷ ১৯৬৫ চনৰ পৰা ২০১১ চনলৈ হেমকোষৰ ১০টা সংবৰ্ধিত সংস্কৰণ প্ৰকাশ হয় আৰু এই অভিধানত বৰুৱাই ৮০ হাজাৰৰো অধিক শব্দৰ সংযোগ কৰে৷[3] চাকৰিৰ পৰা অৱসৰৰ পিছত তেওঁ গুৱাহাটীত হিন্দুস্তান প্ৰেছ নামৰ এটা প্ৰতিষ্ঠান আৰম্ভ কৰে৷ ১৯৮৯ চনত পুত্ৰ জয়ন্ত বৰুৱাৰ সৈতে সাপ্তাহিক সাদিন আৰু ১৯৯৫ চনত দৈনিক কাকত অসমীয়া প্ৰতিদিন প্ৰকাশ কৰে৷ পৰৱৰ্তী সময়ত এই প্ৰতিষ্ঠানৰ পৰাই নন্দিনী আৰু সাতসৰী নামৰ দুখন আলোচনীও প্ৰকাশ কৰে৷[1]

মৃত্যু[সম্পাদনা কৰক]

২০১২ চনৰ ২৫ ফেব্ৰুৱাৰী তাৰিখে পুৱা ১০:৫১ বজাত গুৱাহাটীৰ হায়াট হাস্পতালত বাৰ্ধক্যজনিত ৰোগত দেৱানন্দ বৰুৱাৰ মৃত্যু হয়৷ মৃত্যুৰ সময়ত তেওঁ বয়স আছিল ৮৯ বছৰ৷[3]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 1.3 আমাৰ অসম সংবাদ-পত্ৰ, গুৱাহাটী, ২৬ ফেব্ৰুৱাৰী ২০১২
  2. "Debananda Barua passes away". Dy365. February 25, 2012. http://www.dy365.in/news/news.php?aID=17004। আহৰণ কৰা হৈছে: February 28, 2012. [সংযোগবিহীন উৎস]
  3. 3.0 3.1 "Debananda Baruah dies at 89". The Sentinel. February 25, 2012. http://www.sentinelassam.com/ghy_city/story.php?sec=2&subsec=4&id=108348&dtP=2012-02-26&ppr=1। আহৰণ কৰা হৈছে: February 28, 2012. [সংযোগবিহীন উৎস]