দ্য থ্ৰি মিচটেকচ অফ মাই লাইফ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
দ্য থ্ৰি মিচটেকচ অফ মাই লাইফ  
লেখক চেতন ভগত
দেশ  ভাৰত
প্ৰকাৰ কল্পকাহিনী
প্ৰকাশক ৰূপা এণ্ড কোম্পানী
প্ৰকাশ মে', ২০০৮
মিডিয়া প্ৰকাৰ মুদ্ৰণ
পৃষ্ঠা সংখ্যা ২৫৮ (বেটুপাতক নধৰাকৈ )

দ্য থ্ৰি মিচটেকচ অফ মাই লাইফ (ইংৰাজী: The 3 Mistakes of My Life) হৈছে চেতন ভগত ৰচিত তৃতীয়খন উপন্যাস। ২০০৮ চনৰ মে' মাহত ইয়াৰ প্ৰথম ৪ লাখ ২০ হাজাৰটা কপি প্ৰকাশ হৈ ওলায়। পশ্চিম ভাৰতৰ আহমেদাবাদৰ পটভূমিত ৰচিত এই উপন্যাসখনিত তিনিজন বন্ধুৰ কাহিনী বৰ্ণিত হৈছে।

চেতন ভগতৰ এইখন তৃতীয় সৰ্বাধিক বিক্ৰী হোৱা উপন্যাস।

কাহিনীভাগ[সম্পাদনা কৰক]

তিনিজন বন্ধু আৰু তিনিওৰে লক্ষ্য বেলেগ বেলেগ। গোবিন্দৰ লক্ষ্য হ'ল টকা উপাৰ্জন কৰা; ইশানে আকৌ প্ৰতিভাৱান খেলুৱৈ আলিক এজন সফল ক্ৰিকেটাৰ হিচাপে গঢ়ি তুলিবলৈ বিচাৰে; আনহাতে ওমিয়ে মাত্ৰ তাৰ বন্ধুসকলৰ লগত থাকিব বিচাৰে। কেন্দ্ৰীয় চৰিত্ৰ গোৱিন্দে বক্তা হৈ কিতাপৰ কাহিনীভাগ বৰ্ণনা কৰে যিটো কাহিনী সি কৰা তিনিটা ভুল তথা তাৰ ধৰ্ম সংক্ৰান্তিয় বিভিন্ন ঘটনাকলৈ সৃষ্টি হয়।

প্ৰধান চৰিত্ৰসমূহ[সম্পাদনা কৰক]

গোৱিন্দ : গোৱিন্দ পেটেল আন দহজন মানুহৰ দৰেই এজন সাধাৰণ ল'ৰা। তাৰ প্ৰয়োজনসমূহ সীমিত কিন্তু প্ৰয়োজনসমূহ পূৰণ কৰিবলৈ সি বদ্ধপৰিকৰ। এজন ব্যৱসায়ী হোৱাটোৱেই তাৰ জীৱনৰ লক্ষ্য আৰু যিহেতু সি এজন গুজৰাটী,তাৰ মতে এয়া তাৰ তেজতেই বৈ আছে। ওমি আৰু ঈশান তাৰ অন্তৰংগ বন্ধু। সি এজন অজ্ঞেয়বাদী। সি আৰু মাক তাৰ দেউতাকৰ পৰা বেলেগে থাকে আৰু মাকে ঘৰতে বনোৱা খাদ্যৰ ব্যৱসায় কৰে। মাকক আৰ্থিকভাৱে সহায় কৰিবলৈ সি গণিতৰ টিউশ্যন কৰে। ক্ৰিকেটৰ সামগ্ৰীৰ ব্যৱসায় আৰম্ভ কৰাৰ পিছতো সি টিউশ্যন কৰিয়েই থাকে। সিয়েই কিতাপখনৰ বক্তা আৰু সিয়েই সেই বিশেষ 'তিনিটা ভুল' কৰে। ঘটনাৰ পাকচক্ৰত সি টিউশ্যন কৰা ঈশানৰ ভনীয়েক বিদ্যাৰ প্ৰতি সি আকৰ্ষিত হয়।

ঈশান : ঈশান হ'ল ক্ৰিকেটৰ মহাভক্ত আৰু এজন দেশপ্ৰেমিক। সি সেই অঞ্চলৰ শ্ৰেষ্ঠ ক্ৰিকেটাৰ আৰু সিয়েই সিহঁতৰ দোকানখনৰ নাম "টীম ইণ্ডিয়া ক্ৰিকেট শ্বপ" ৰাখে। বিদ্যা তাৰ সৰু ভনী যাক সি ৰক্ষণাবেক্ষণ দিয়ে। যেতিয়া সি আলি নামৰ ল'ৰাটোৰ ক্ৰিকেট প্ৰতিভাৰ কথা গম পাই,আলিক সঠিক প্ৰশিক্ষণ দিবলৈ যিকোনো গভীৰতালৈ যাবলৈ সাজু হয়।

ওমি : ওমি হ'ল স্থানীয় মন্দিৰৰ পুৰোহিতৰ ল'ৰা। সকলো মানুহে সিহঁতক সন্মান কৰে। ওমিৰ মাক দেউতাক আৰু মোমায়েকৰ সহায়তেই সিহঁত তিনিওৱে দোকানৰ মাটিখিনি পায়। সি অলপ মুৰ্খ আৰু তাৰ কোনো উচ্চাকাংখ্যা নাই। সি খুবেই ধাৰ্মিক আৰু মোমায়েক বিট্টু মামাৰ ধৰ্মীয় ৰাজনীতিবোৰতো সি অংশগ্ৰহণ কৰে।

বিদ্যা : বিদ্যা ঈশানৰ সৰু ভনী। তাই স্বাধীনমনা ছোৱালী আৰু মধ্যবিত্ত সমাজৰ সকলো বাধা নিষেধ অতিক্ৰমি তাই মুম্বাইলৈ গৈ স্বাবলম্বী হ'বলৈ বিচাৰে। কিন্তু তাই গণিতত কেঁচা আৰু সেয়েহে ঈশে গোৱিন্দক তাইক পঢ়াই দিবলৈ কয়। কিন্তু টিউশ্যনৰ মাজেৰেই দুয়ো প্ৰেমত পৰে আৰু দুয়োৰে মাজত শাৰীৰিক সম্বন্ধ স্থাপন হয়। এই সম্পৰ্ক কেৱল ওমিয়েহে জানে আৰু ঈশানে গম পালে যে পৰিণতি বিষম হ'ব সেয়া সি গোবিন্দক সঁকীয়াই দিয়ে।

আলি : আলি হ'ল ঈশানৰ ক্ৰিকেট প্ৰশিক্ষণ শ্ৰেণীৰ বিৰল ক্ৰিকেট প্ৰতিভা থকা ছাত্ৰ। কিন্তু সি কম সময় খেলিয়েই ভাগৰি পৰে আৰু মাৰ্বল খেলিও ভাল পায়। সি এজন মুছলমান আৰু ঈশক সি গুৰু বুলি মানে। ঈশৰ দৰেই সিয়ো দেশপ্ৰেমিক আৰু ভাৰতৰ হৈ খেলিবৰ মন থকা বাবে সি অষ্ট্ৰেলিয়ান বৃত্তি এটা প্ৰত্যাখ্যান কৰে।

বিট্টু মামা : ওমিৰ মোমায়েক। তেওঁ মন্দিৰৰ পুঁজি চলাই আৰু ক্ৰিকেটৰ ব্যৱসায়ৰ বাবে তেওঁ সিহঁত তিনিওকে ঠাইখিনি ভাড়ালৈ দিবলৈ মান্তি হয়। তেওঁ এটা হিন্দু ৰাজনৈতিক দলৰ সক্ৰিয় সদস্য আৰু সংখ্যালঘু সম্প্ৰদায়ৰ আলিৰ দেউতাকৰ প্ৰতি বিষম মনোভাৱ পোষণ কৰে। তেওঁ গোৱিন্দক পছন্দ নকৰে আৰু কিতাপখনৰ প্ৰধান ঋণাত্মক চৰিত্ৰ।

গোৱিন্দৰ মাক : এগৰাকী গুজৰাটী মহিলা। তেওঁ পুতেকক এজন অভিযন্তা হোৱাটো বিচাৰে আৰু ঘৰতে বনোৱা খাদ্য সামগ্ৰীৰ ব্যৱসায় কৰে।

আলিৰ দেউতাক : এওঁ এজন মুছলমান আৰু এটা সংখ্যালঘু দলৰ হৈ কাম কৰে। তেওঁ এজন দয়ালু ব্যক্তি আৰু আলিয়ে তাৰ শিক্ষা ভালদৰে লাভ কৰাটো বিচাৰে।

ফ্ৰেড লী : অষ্ট্ৰেলিয়ান ক্ৰিকেট দলৰ সদস্য। গোৱাত তেওঁ তিনি বন্ধুক লগ পায় আৰু অষ্ট্ৰেলিয়ালৈ আমন্ত্ৰণ জনায়। তেওঁ আলিৰ প্ৰতিভাৰ উমান পায় আৰু অষ্ট্ৰেলিয়াৰ এটা অনুষ্ঠানত শিক্ষা গ্ৰহণ কৰাত তাক সহায় কৰিবলৈ বিচাৰে।

সঁহাৰি[সম্পাদনা কৰক]

ভগতৰ আনবোৰ কিতাপৰ বিপৰীতে এইখনে প্ৰধানকৈ ধনাত্মক সঁহাৰিয়েই লাভ কৰে। সকলোৱে ইয়াক আদৰি লয়। বহু বিৰতিৰ মূৰত এখন ভাল উপন্যাস লিখা বুলি ভগতে ভূয়সী প্ৰশংসা পায়।

অনুবাদ[সম্পাদনা কৰক]

আহমেদাবাদ আৰু মুম্বাইত অৱস্থিত অগ্ৰণী গুজৰাটী প্ৰকাশন গোষ্ঠী এম.বি.ডি.য়ে এই বেষ্টচেলাৰ উপন্যাসখন গুজৰাটী ভাষাত প্ৰকাশ কৰে। ডায়মণ্ড পকেট বুকছে ইয়াক হিন্দীত প্ৰকাশ কৰে।[1] ২০১০ চনৰ মাৰ্চ মাহত Cherche Midi প্ৰকাশনে "Les 3 erreursde ma vie" শীৰ্ষকেৰে ইয়াৰ ফৰাছী অনুবাদো প্ৰকাশ কৰিছে।

চলচ্চিত্ৰ অভিযোজন[সম্পাদনা কৰক]

এই উপন্যাসখনৰ আধাৰত নিৰ্মিত ছবিখনৰ নামকাই প' চে!অভিষেক কাপুৰ নিৰ্দেশিত এই ছবিত অভিনয় কৰিছে সুশান্ত সিং ৰাজপুত, ৰাজ কুমাৰ যাদৱ, অমিত সাধ আদিয়ে। ২০১৩ চনৰ ফেব্ৰুৱাৰীত ছবিখনে মুক্তি লাভ কৰে।

লগতে চাওক[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]