দৰং জিলা ভাৰতৰ অসম ৰাজ্যৰ সাতাইশখন জিলাৰ ভিতৰত এখন।
পূৰ্বৰ দৰং জিলাৰ পৰা ১৯৮৩ চনত শোণিতপুৰ জিলা আৰু ২০০৪ চনত ওদালগুৰি জিলা পৃথক হয়।
দৰং ২০ ডিগ্ৰী 9 মিনিট উত্তৰৰ পৰা ২৬ ডিগ্ৰী ৯৫ মিনিট উত্তৰলৈ আৰু ৯১ ডিগ্ৰী ৪৫ মিনিট পূৱৰ পৰা ৯২ ডিগ্ৰী ২২ মিনিট পূৱৰ মাজত অৱস্থিত মধ্য অসমৰ এখন জিলা। জিলা সদৰ মঙ্গলদৈ। ৬ টা ৰাজহ চক্ৰত খণ্ডিত জিলাখনৰ মাটিকালি ১৪২০.৫১ বৰ্গ কি.মি.। ২০০১ চনৰ পৰিসংখ্যা মতে জিলাখনৰ মুঠ জনসংখ্যা ৭,৫৯,৭১২ জন আৰু শিক্ষিতৰ হাৰ ৫৫ শতাংশ ।
মঙ্গলদৈ, দলগাঁও, খাৰুপেটীয়া, ছিপাঝাৰ, পথৰুঘাট
অতীজৰে পৰা পৰম্পৰাগত ভাবে দৰং জিলা বিশেষকৈ মঙ্গলদৈ অঞ্চলৰ জনসাধাৰণৰ মাজত প্ৰবৰ্ত্তন হৈ অহা গীত আৰু কথাৰ ৰুপত মানহৰ মুখে মুখে বাগৰি প্ৰকাশ লাভ কৰা ব্যাসৰ ওজাপালি, সুকন্নানী ওজাপালি, দেওধনী নৃত্য, বৰঢুলীয়া, ঢেপাঢুলীয়া, কালীয়া,খুলীয়া ভাউৰীয়া, বিয়া গীত, নাঙেলী গীত, মহৌখুন্দা গীত, আইনাম, অপেশ্বৰীৰ নাম, চেওঁচাপৰি নাম,থিয়ানাম, আৰু চেৰাঢেক আদিয়ে হ’ল দৰঙী কলা-কৃষ্টি ৰুপে খ্যাত। দৰঙী কলা-কৃষ্টিত সাধাৰণতে ব্যক্তি মনৰ ভাব চিন্তা আৰু অনুভূতি আদি প্ৰকাশিত হোৱাৰ পৰিবৰ্ত্তে লোক জীৱনৰ আশা নিৰাশা, হৰ্ষ বিষাদ, ভয় ভক্তি, প্ৰেম প্ৰণয় আনন্দ উৎসৱ, লোক বিশ্বাস, চিন্তাধাৰা আৰু সহজ সৰল জীৱন পদ্ধতি আদি লোক জীৱনৰ সমগ্ৰতা প্ৰকাশ হৈ আছে।
|
|
|
| থোৰতে |
|
|
|
| ৰাজধানী |
|
|
| জিলা |
|
|
| মহকুমা |
|
|
| মুখ্য নগৰ |
|
|