ধনগুলৈ

অসমীয়া ৱিকিপিডিয়াৰ পৰা

ধনগুলৈ (ইংৰাজী: jack-o’-lantern, friar’s lantern, will-o’-the-wisp[1]) পচা বস্তু আদি থকা জেকা ঠাইৰ পৰা ওলোৱা এবিধ বায়ু বাষ্পৰ সংস্পৰ্শত জ্বলি উঠাৰ ফলত সৃষ্টি হোৱা জুই৷ পতিত বা পৰিত্যক্ত জলাহভূমিত মাজে মাজে ৰাতি এনে অস্থায়ী অগ্নিশিখা দেখা যায়৷ ইয়াক অন্যান্য নাম যেনে- উকা, ধনগুলৈ, গুলৈ, আধামূৰী, আধা-মূৰীয়া, আধামুণ্ডী আদিৰেও জনা যায়৷[2]

সৃষ্টিৰ প্ৰক্ৰিয়া[সম্পাদনা কৰক]

জৈৱ পদাৰ্থৰ, বিশেষকৈ, প্ৰাণীদেহৰ পচনৰ ফলত ফছফিন বা মিথেন বা মাৰ্ছ গেছ উৎপন্ন হয় ( শুকান ঠাইত সাধাৰণতে ফছফিন আৰু জলাহ অঞ্চল হ'লে মিথেন গেছ উৎপন্ন হয় )৷ এই দুয়োবিধ গেছ স্বাভাৱিকভাৱেই অক্সিজেনৰ সংস্পৰ্শলৈ আহি এটা বিস্ফোৰক মিশ্ৰণৰ সৃষ্টি কৰে৷ এই বিস্ফোৰক মিশ্ৰণ উৎপন্ন হোৱা ঠাইত যদি ফচফৰাছ-ডাই-অক্সাইড উৎপন্ন হৈ বায়ুৰ সংস্পৰ্শলৈ আহে,তেতিয়া তৎক্ষণাৎ আপোনা-আপুনি জুই জ্বলি উঠে৷ ইয়াকে ধনগুলৈ বুলি কোৱা হয়৷ এই জুইৰ আঁচ পোৱা মাত্ৰে ফছফিন আৰু মাৰ্চ গেছৰ বিস্ফোৰক মিশ্ৰণটোও মুহূৰ্তৰ ভিতৰত জ্বলি উঠে৷ ৰাতিৰ অন্ধকাৰত অ'ত-ত'ত এই জুই বহুদূৰৰ পৰা দেখা যায়৷ প্ৰবল বৰষুণতো ধনগুলৈৰ শিখা কমি বা নুমাই নাযায়৷ অৱশ্যে গেছ মিশ্ৰণটো এসময়ত জ্বলি-পুৰি শেষ হৈ যায়৷ তেতিয়াই হঠাৎ দপকৈ ধনগুলৈ নুমাই যায়৷


লোকবিশ্বাস[সম্পাদনা কৰক]

অতীজৰেপৰাই ধনগুলৈয়ে সাধাৰণ মানুহৰ মনত ভয়ৰ সঞ্চাৰ কৰি আহিছে৷ আগেয়ে মানুহে বিশ্বাস কৰিছিল যে কোনো কৃপণ মানুহে মাটিত পুতি থোৱা ধন-সোনবোৰ এনেদৰে জুই হৈ জ্বলে৷ সেয়ে ইয়াৰ নাম ধনগুলৈ৷[3]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. http://xobdo.org/
  2. http://xobdo.org/
  3. "জ্ঞানাঞ্জন, ৩২শ বছৰ (১৬শ সংখ্যা),২০১৩ ( ১৬-৩১ জুলাই) প্ৰান্তিক পৃষ্ঠা নং ৪৪"