ধনুষ

অসমীয়া ৱিকিপিডিয়াৰ পৰা


ধনুষ
জন্ম ভেঙ্কটেশ প্ৰভু কস্তুৰী ৰাজা
২৮ জুলাই, ১৯৮৩ (৪০ বছৰ)
চেন্নাই, তামিল নাডু, ভাৰত
বাসগৃহ চেন্নাই, তামিল নাডু, ভাৰত
ৰাষ্ট্ৰীয়তা ভাৰতীয়
পেচা অভিনেতা, পৰিচালক, গীতিকাৰ, নেপথ্য গায়ক
সক্ৰিয় হৈ থকা সময় ২০০২– বৰ্তমানলৈ
ধৰ্ম হিন্দু
দাম্পত্যসঙ্গী ঐশ্বৰ্য ৰজনীকান্ত
(২০০৪– বি:২০২২)
পিতৃ-মাতৃ কস্তুৰী ৰাজা (পিতৃ)
বিজয়ালক্ষ্মী (মাতৃ)
সন্তান [1]
আত্মীয়-স্বজন সেলভাৰাঘবান (ভাতৃ)
সৌন্দৰ্য আৰ. অশ্বিন (পত্নীৰ ভগ্নী)
ৰজনীকান্ত (শহুৰ)
বঁটা, সন্মান, পুৰস্কাৰ আদি ফিল্মফেয়াৰ বঁটা
ৰাজ্যিক চলচ্চিত্ৰ বঁটা

ধনুষ (তামিল: தனுஷ்; জন্ম ২৮ জুলাই, ১৯৮৩) হৈছে ভাৰতীয় এজন তামিল চলচ্চিত্ৰ অভিনেতা, চলচ্চিত্ৰ পৰিচালক, গীতিকাৰ আৰু নেপথ্য গায়ক। এখেতৰ জন্ম হয় ১৯৮৩ চনৰ ২৮ জুলাই তামিলনাডুৰ চেন্নাইত। ২০১১ চনত, তেওঁ তামিল চলচ্চিত্ৰ 'আদুকালাম'ৰ বাবে শ্ৰেষ্ঠ অভিনেতা হিচাবে জাতীয় চলচ্চিত্ৰ পুৰস্কাৰ লাভ কৰে আৰু একে বছৰতে তেওঁৰ “হোৱাই দিছ কোলাৱেৰী ডি” শীৰ্ষক গীতটো ইউটিউবত সৰ্বাধিক দেখা ভাৰতীয় গানলৈ পৰিণত হোৱাৰ বাবে তেওঁ আন্তৰ্জাতিক মনোযোগ পায়। ২০১৪ চনত, তেওঁ দক্ষিণত দুটা ফিল্মফেয়াৰ বঁটা লাভ কৰে। ২০১৫ চনত শ্ৰেষ্ঠ শিশু চলচ্চিত্ৰ (কাকা মুত্তাই) -ৰ প্ৰযোজনাৰ বাবে তেওঁ দ্বিতীয়বাৰ জাতীয় পুৰস্কাৰ লাভ কৰে।

ব্যক্তিগত জীৱন[সম্পাদনা কৰক]

তামিল চলচ্চিত্ৰৰ পৰিচালক ও প্ৰযোজক কাস্তুৰি ৰাজাৰ পুত্ৰ ধনুষৰ জন্ম হয় ১৯৮২ চনৰ ২৮ জুলাইত। তেওঁ ভাতৃ, পৰিচালক সেলভাৰাঘবানৰ কাষ চপাৰ পিছত তেওঁ অভিনয়ত প্ৰৱেশ কৰিছিল।[2]

ধনুষ ১৮ নৱেম্বৰ ২০০৪-ৰ ৰজনীকান্তৰ জ্যেষ্ঠ ছোৱালী ঐশ্বৰ্য ৰজনীকান্তৰ সৈতে বিবাহপাশত আবদ্ধ হয়। তেওঁৰ দুই সন্তান যাত্ৰা আৰু লিঙ্গা, যাৰ ২০০৬ আৰু ২০১০ চনত জন্মগ্ৰহণ কৰিছিল।[3][1]

২০১৬ চনত, মেলুৰৰ এক প্ৰবীণ দম্পতী ধনুষক সিহঁতৰ পুত্ৰ সন্তান হিচাবে দাবি কৰিছিল আৰু তাৰ বাবে ৬৫ হাজাৰ টকা দাবী কৰিছিল। এই কেচটো ২০১৭ চনৰ এপ্ৰিলত মাদ্ৰাজ হাইকোৰ্টৰ মাদুৰাই শাখাৰ দ্বাৰা প্ৰমাণৰ অভাৱৰ বাবে দ্ৰুতভাৱে খাৰিজ কৰা হৈছিল।[4]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. 1.0 1.1 Dhanush's son named Linga – Tamil Movie News. Indiaglitz.com (2 July 2010). Retrieved 10 April 2013.
  2. "K. Selvaraghavan". Internet Movie Database. http://ia.rediff.com/movies/2005/mar/29spice.htm। আহৰণ কৰা হৈছে: 31 May 2007. "their father Kasturi Raja" 
  3. Tamil Nadu / Chennai News : Rajnikanth turns grandfather Archived 24 September 2009 at the Wayback Machine. The Hindu (13 October 2006). Retrieved 10 April 2013.
  4. "Dhanush wins paternity case, HC quashes claims of couple claiming to be his parents" (en ভাষাত). The Indian Express. 2017-04-21. https://indianexpress.com/article/entertainment/tamil/dhanush-wins-paternity-case-hc-quashes-claims-of-couple-claiming-to-be-his-parents-4622119/। আহৰণ কৰা হৈছে: 2020-07-01. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]