নবীন চন্দ্ৰ বৰদলৈ

অসমীয়া ৱিকিপিডিয়াৰ পৰা


নবীন চন্দ্ৰ বৰদলৈ
জন্ম ১৮৭৫ চন
উত্তৰ গুৱাহাটী, অসম
মৃত্যু ১৯৩৬ চন
ৰাষ্ট্ৰীয়তা  ভাৰত
অন্য নাম কৰ্মবীৰ
শিক্ষা কলিকতা বিশ্ববিদ্যালয়,
প্ৰেছিডেন্সী কলেজ
জনা যায় ভাৰতীয় স্বাধীনতা আন্দোলন
ধৰ্ম হিন্দু ধৰ্ম


নবীন চন্দ্ৰ বৰদলৈ (জন্ম:১৮৭৫ মৃত্যু:১৯৩৬) হৈছে ভাৰতৰ স্বাধীনতা আন্দোলনৰ নেতা, সমাজসেৱক আৰু এগৰাকী দক্ষ অধিবক্তা। অসমৰ প্ৰতি তেখেতৰ কৰ্ম আৰু অৱদানৰ চিনস্বৰূপে তেখেতক কৰ্মবীৰ উপাধিৰে সন্মানিত কৰা হয় ।

জন্ম আৰু শিক্ষা[সম্পাদনা কৰক]

১৮৭৫ চনত উত্তৰ গুৱাহাটীত নবীন চন্দ্ৰ বৰদলৈৰ জন্ম হৈছিল। পিতৃ ৰায়বাহাদুৰ মাধৱ চন্দ্ৰ বৰদলৈ হাকিম আছিল। ১৮৯২ চনত তেজপুৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰপৰা কলিকতা বিশ্ববিদ্যালয়ৰ বাছনি পৰীক্ষাত বৃত্তি সহকাৰে উত্তীৰ্ণ হয়। ১৮৯৪ চনত ছেইণ্ট জেভিয়াৰ্ছ কলেজৰপৰা এফ.এ. পৰীক্ষাত উত্তীৰ্ণ হয়; আৰু ১৮৯৬ চনত প্ৰেছিডেন্সী কলেজৰপৰা বি.এ. ডিগ্ৰী লাভ কৰে। ১৮৯৯ চনত ৰিপন কলেজৰপৰা আইনৰ বি.এল. ডিগ্ৰী লাভ কৰে।

কৰ্মজীৱন[সম্পাদনা কৰক]

শিক্ষা সাং কৰি তেওঁ গুৱাহাটীলৈ উভতি আহে। চৰকাৰে তেওঁক হাকিমৰ পদ যাচে যদিও তেখেতে স্বাধীন ভাৱে কাম কৰাৰ ইচ্ছাৰ বাবে চাকৰিত যোগদান নকৰি ওকালতি আৰম্ভ কৰে। ১৯০৮ চনত তেখেত কলিকতালৈ গৈ কলিকতা উচ্চ ন্যায়ালয়ত ওকালতি কৰিবলৈ লয়। ১৯১৮ চনত তেখেতে আকৌ গুৱাহাটীলৈ উভতি আহে।

ৰাজনৈতিক জীৱন[সম্পাদনা কৰক]

দুটা দশকৰ ওকালতিৰ পাছত তেখেতে ৰাজনৈতিক ক্ষেত্ৰত যোগ দিয়ে। ১৯১৭ চনত ডিব্ৰুগড়ত হোৱা অসম সভাৰ (Assam Association) অধিবেশনত সভাপতিত্ব কৰে। ব্ৰিটিছৰ সাম্ৰাজ্যবাদী নীতিৰ বিৰূদ্ধে প্ৰতিবাদী সংস্থা হিচাপে ১৯০৩ চনত অসম সভা গঠন কৰা হৈছিল। নবীন চন্দ্ৰ বৰদলৈৰ নেতৃত্বত 'অসম সভা'-ৰ কামকাজ ঠন ধৰি উঠে। সেই বছৰতে অসমৰ বাবে স্বকীয় শাসনৰ দাবী লৈ ভাৰতৰ উপ-সচিব মণ্টেগুৰ (Montague, Secretary of State for India) ওচৰলৈ যোৱা অসমৰ প্ৰতিনিধি দলটোৰ তেখেত আছিল অন্যতম সদস্য। ১৯১৮ চনত 'সংস্কাৰ আঁচনি'ৰ (Reforms Scheme) নীতি নিৰ্ধাৰণৰ বাবে 'সংসদীয় সমিতি'ৰ (Parliamentary Committee) আগত ওকালতি কৰিবলৈ তেখেতক 'অসম সভা'ই মনোনীত কৰে।

'সংস্কাৰ আঁচনি'ৰ অধীনত অসমক 'গভৰ্নৰ শাসিত ৰাজ্য'ৰ (Governor's Provice) মৰ্য্যদা দিবলৈ 'অসম সভা'ই প্ৰস্তাৱ দিয়ে। এই প্ৰস্তাৱৰ হকে ইংলেণ্ডহাউছ ওফ লৰ্ড্‌ছ্‌ৰ (House of Lords) 'লৰ্ড ছেলবোৰ্ণ সমিতি'ৰ (Lord Selbourne Committee) আগত বক্তব্য ৰাখিবলৈ নবীন চন্দ্ৰ বৰদলৈক মনোনীত কৰা হয়। নবীন চন্দ্ৰ বৰদলৈয়ে সাফল্য সহকাৰে এই কাম সম্পন্ন কৰে।

'অসম সভা'ৰ সম্পাদক হিচাপে নবীন চন্দ্ৰ বৰদলৈয়ে পাঞ্জাৱজালিয়ানৱালাবাগ হত্যাকাণ্ডক কঠোৰ ভাষাৰে গৰিহণা দিয়ে। তেখেতে ১৯২০ চনত নাগপুৰত হোৱা 'ভাৰতীয় জাতীয় কংগ্ৰেছ'ৰ সভাত অসমক প্ৰতিনিধিত্ব কৰে আৰু তাতেই মহাত্মা গান্ধীঅসহযোগ আন্দোলনৰ প্ৰতি সমৰ্থন আগবঢ়ায়। সেই বছৰেই ৰাজনৈতিক ক্ৰিয়াকলাপৰ বাবে চৰকাৰে তেখেতক গ্ৰপ্তাৰ কৰে।

নবীন চন্দ্ৰ বৰদলৈৰ নেতৃত্বত অসমতো অসহযোগ আন্দোলনে ৰাইজৰ পূৰ্ণ সঁহাৰি লাভ কৰে। ১৯২২ চনত তেখেতক দ্বিতীয় বাৰৰ বাবে গ্ৰেপ্তাৰ কৰা হয়, আৰু তেখেতে দুটা বছৰ কাৰাবাস বৰণ কৰে।

১৯২৬ চনত অসমত প্ৰথম বাৰৰ বাবে ভাৰতীয় জাতীয় কংগ্ৰেছৰ মহাসভা অনুষ্ঠিত হয়। অসমৰ কংগ্ৰেছী সকলৰ দলপতি আছিল নবীন চন্দ্ৰ বৰদলৈ।

১৯৩১ চনত ঘূৰণীয়া মেজমেলৰপৰা শূণ্যহাতে উভতি অহা মহাত্মা গান্ধীয়ে ১৯৩২ চনত আইন অমান্য আন্দোলন আৰম্ভ কৰে। অসমৰ নেতাসকলেও এই আন্দোলনত যোগ দিয়ে, আৰু নবীন চন্দ্ৰ বৰদলৈ তৃত্বীয় বাৰৰ বাবে বন্দী হ'বলগীয়া হয়।

১৯৩২ চনত পণ্ডিত মদন মোহন মালৱ্যই স্থাপন কৰা কংগ্ৰেছ নেচনেলিষ্ট পাৰ্টিত অসমৰ কেইজনমান নেতাই যোগ দিয়ে। নবীন চন্দ্ৰ বৰদলৈয়ে ভাৰতীয় জাতীয় কংগ্ৰেছৰ পক্ষত থাকে। ১৯৩৪ চনত তেখেতে বিপক্ষৰ তৰুণৰাম ফুকন-ক নিৰ্বাচনত হৰুৱাই 'কেন্দ্ৰীয় সভা'লৈ (Central Legislature) নিৰ্বাচিত হয়।

কেন্দ্ৰীয় সভাৰ সদস্য হিচাপে নবীন চন্দ্ৰ বৰদলৈয়ে নিজৰ বাগ্মীতা আৰু যুক্তিনিষ্ঠতাৰে দূৰদৰ্শী নেতা হিচাপে চিনাকী দিবলৈ সক্ষম হৈছিল।

তেখেতে কেইবাবছৰ ধৰি গুৱাহাটী লোকেল বোৰ্ডৰ অধ্যক্ষৰ পদভাৰ বহন কৰিছিল।

মৃত্যু[সম্পাদনা কৰক]

১৯৩৬ চনত নবীন চন্দ্ৰ বৰদলৈৰ পৰলোকপ্ৰাপ্তি ঘটে।

অন্যান্য অৱদান[সম্পাদনা কৰক]

ভাৰতৰ স্বাধীনতা আন্দোলনত অসমক নেতৃত্ব দিয়াৰ উপৰিও নবীন চন্দ্ৰ বৰদলৈয়ে গুৱাহাটীৰ মংগলৰ বাবে কেবাটাও প্ৰকল্পত সক্ৰিয় ভাৱে হাত উজান দিছিল। কটন কলেজ আৰু আৰ্ল ল কলেজ প্ৰতিষ্ঠাৰ বাবে তেওঁ মাত মাতিছিল। গুৱাহাটীৰ কুমাৰ ভাস্কৰ নাট্য মন্দিৰৰ আধাৰশিলা তেখেতেই স্থাপন কৰিছিল। তেখেতে উত্তৰ গুৱাহাটীৰ আনন্দ লাইব্ৰেৰী আৰু কমলদেৱ প্ৰতিষ্ঠানৰ প্ৰতিষ্ঠাৰ গুৰি ধৰিছিল। প্ৰচলিত আলোচনী জোনাকী, বিজুলী আদিত নিয়মীয়াকৈ প্ৰবন্ধ লিখিছিল।

কৰ্মব্যস্ত নবীন চন্দ্ৰ বৰদলৈক কৰ্মবীৰ বুলি কোৱা হয়। ভুলাভাই দেসাই-এ তেখেতক অসমৰ মুকুট-বিহীন ৰজা বুলি অভিহিত কৰিছিল।

তথ্য সমল[সম্পাদনা কৰক]

  • Acharya, (Dr.) N.N., Glories of Assam, Bina Library, Guwahati