নাথিং লাষ্টছ ফৰেভাৰ (১৯৯৪ উপন্যাস)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নাথিং লাষ্টছ ফৰেভাৰ  
লেখক ছিডনী শ্বেলডন
দেশ আমেৰিকা
ভাষা ইংৰাজী
প্ৰকাৰ অপৰাধ,চিকিত্‍সা বিজ্ঞান উপন্যাস
প্ৰকাশক ৱিলিয়াম ম’ৰ’
প্ৰকাশ ১৯৯৪
মিডিয়া প্ৰকাৰ মূদ্ৰণ (পকাবন্ধা আৰু কেঁচাবন্ধা)
পৃষ্ঠা সংখ্যা 398 pp
আই.এচ.বি.এন. ISBN 978-0-688-08491-2
অ.চি.এল.চি নং 29845917
ডুৱি ডেচিমেল 813/.54 20
এল চি শ্ৰেণীকৰণ PS3569.H3927 N67 1994
পূৰ্বৱৰ্তী দ্য ষ্টাৰ্ছ শ্বাইন ডাউন
পৰৱৰ্তী মৰ্ণিং,নুন এণ্ড নাইট

নাথিং লাষ্টছ ফৰেভাৰ (ইংৰাজী: Nothing Lasts Forever) ১৯৯৪ চনত ছিডনী শ্বেলডন ৰচিত এখন থ্ৰিলাৰ উপন্যাস।[1] পুৰুষ নিয়ন্ত্ৰিত এক বৃত্তিত তিনিগৰাকী মহিলা চিকিত্সকে নিজকে প্ৰমাণ কৰাৰ এক কাহিনী ইয়াত বৰ্ণিত হৈছে। তেওঁলোক তিনিওৰে এক নিজস্ব কাহিনী আছে। কিন্তু হঠাত্ সকলো ওলট-পালট হৈ যায় ; এগৰাকীৰ মৃত্যু হয়,এগৰাকীৰ কাৰণে হস্পিতাল খন বন্ধ হোৱাৰ উপক্ৰম হয় আৰু আন গৰাকী হত্যাৰ অভিযোগত অভিযুক্ত হয়। এক শ্বেলডনধৰ্মী আওঁপকীয়া সামৰণিৰে কাহিনীৰ সমাপ্তি ঘটে।

কাহিনীৰ সাৰাংশ[সম্পাদনা কৰক]

তিনিগৰাকী কমবয়সীয়া মহিলা চিকিত্সকে ছান-ফ্ৰান্সিছকোৰ এম্বাৰ্কেডাৰো কাউন্টী হস্পিতালত পাঁচ বছৰীয়া প্ৰশিক্ষণ আৰম্ভ কৰে। তিনিও খুব সোনকালে বন্ধু হৈ পৰে আৰু এটা ঘৰতে থাকিবলৈ লয়। পুৰুষ নিয়ন্ত্ৰিত সেই পৰিবেশত নিজৰ এক চিনাকি ডাঙি ধৰিবলৈ তিনিও বদ্ধপৰিকৰ হয়।

ডা° পেইজ টেইলৰ : যন্ত্ৰণাত ভূগি থকা এজন কোটিপতিক টেইলৰে তেওঁৰ ইচ্ছাতেই মৃত্যুবৰণত সহায় কৰে আৰু তেওঁৰ সকলো সম্পত্তিৰ গৰাকী হৈ পৰে। কিন্তু ইয়াৰ কোনো প্ৰমাণ নথকাত ডা° টেইলৰ হত্যাৰ অভিযোগত অভিযুক্ত হয়। বিচাৰৰ শেষ মুহুৰ্তলৈকে হতাশাগ্ৰস্ত হৈ থকা টেইলৰে তেতিয়াহে সকাহ পায় যেতিয়া তাই শত্ৰু জ্ঞান কৰি অহা জ্যেষ্ঠ চিকিত্সক এজনে তাইৰ সপক্ষে মিছা সাক্ষী দি তাইক ৰক্ষাকৰে।

ডা° কেট হাণ্টাৰ : এক দুখগ্ৰস্ত শৈশৱৰ ফলশ্ৰুতিত “কেতিয়াও কোনো পুৰুষক কাষ চাপিব নিদিওঁ” বুলি কেটে শপত খায়। কিন্তু এক প্ৰাণঘাতী বাজীৰ পৰিণতিত কেটে প্ৰাণ হেৰুৱাব লগা হয় আৰু অসম্ভৱক সম্ভৱ কৰি পেইজ টেইলৰে হত্যাকাৰীক কৰায়ত্ত কৰাত সহায় কৰে।

ডা° হানী টাফ্ট : চিকিত্সা বিজ্ঞানক বৃত্তি হিচাপে ল’বলৈ মগজৰ দৰকাৰ। এয়া হানীয়ে জানে। কিন্তু হানীয়ে এয়াও জানে যে কেৱল মগজতকৈ তাইক ভগৱানে বহুত কিবাকিবি দিছে আৰু এগৰাকী চিকিত্সক হোৱাৰ সপোন পূৰণ কৰিবলৈ তাই নিজৰ সকলো ব্যৱহাৰ কৰে।

মতামত[সম্পাদনা কৰক]

গুডৰীডছ ডট কমে ইয়াক পাঁচটাৰ ভিতৰত ৩.৭টা তৰা দিয়ে আৰু কয় যে “জীৱন-মৰণৰ সংগ্ৰাম জৰিত অস্ত্ৰোপচাৰ কক্ষৰ পৰা মানসিক-দুঃচিন্তা জৰ্জৰিত হত্যাকাণ্ডৰ বিচাৰ প্ৰক্ৰিয়ালৈকে,ছিডনী শ্বেলডনৰ নাথিং লাষ্টছ ফৰেভাৰে ৰক্ষক আৰু ভক্ষক,প্ৰেমিক আৰু প্ৰতাৰকৰ লক্ষ্য আৰু ভয়সমুহক নগ্নভাৱে প্ৰতিফলিত কৰিছে।”[2] গুগলবুকছে ইয়াক তিনিটা তৰা[3] আৰু বাৰ্ণছ এণ্ড নোবলছে ইয়াক ৪.৫ টা তৰা দিয়ে।[4] অলৰীডাৰ্ছৰ এলেক্সিছ ফষ্টাৰে কয় “ৰহস্যৰ চাকনৈয়া আৰু আওঁপকীয়া কাহিনীৰ এই সংমিশ্ৰণেৰে শ্বেলডনে আকৌ এবাৰ মোৰ সন্মতি পালে। এইখন কিতাপ সকলোৱে পঢ়া উচিত।“[5] কিৰকাছে কয় “শ্বেলডনৰ অনুৰাগী সকলৰ ওপৰত এই কৌশল চলিব কিন্তু ই কোনো পৰিৱৰ্তন আনিব নোৱাৰে”।[6]

লগতে চাওক[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]