নাহৰফুটুকী বাঘ
| নাহৰফুটুকী বাঘ Leopard জীৱাশ্ম কাল: Late Pliocene or Early Pleistocene to Recent |
|
|---|---|
| সংৰক্ষণ স্থিতি | |
| জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
| জগৎ/ৰাজ্য: | Animalia |
| পৰ্ব: | Chordata |
| শ্ৰেণী: | Mammalia |
| বৰ্গ: | Carnivora |
| পৰিয়াল: | Felidae |
| গণ: | Panthera |
| প্ৰজাতি: | P. pardus |
| বৈজ্ঞানিক নাম | |
| Panthera pardus (Linnaeus, 1758) |
|
| নাহৰফুটুকী বাঘৰ বিতৰণ, পূৰ্বৰ[কেতিয়া ?] (ৰঙা), বৰ্তমান (সেউজীয়া), আৰু অনিশ্চিত (হালধীয়া) | |
| সমাৰ্থক | |
|
Felis pardus Linnaeus, 1758 |
|
নাহৰফুটুকী বাঘ (ইংৰাজী: Leopard, বৈজ্ঞানিক নাম: Panthera pardus) ফেলিডি (Felidae) গোত্ৰৰ বৃহৎ মেকুৰী (big cat)ৰ চাৰিটা প্ৰজাতিৰ আটাইতকৈ সৰু সদস্য৷ বাকী তিনিটা হৈছে ঢেকীয়াপতীয়া বাঘ, সিংহ আৰূ জাগুৱাৰ (jaguar)৷ পূৰ্বতে নাহৰফুটুকী বাঘ এছিয়া আৰু আফ্ৰিকাৰ ছাইবেৰিয়াৰ পৰা দক্ষিণ আফ্ৰিকা জুৰি বিস্তৃত আছিল যদিও বৰ্তমান বাসস্থানৰ অভাৱ তথা চোৰাংচিকাৰৰ ফলত ইয়াৰ বিস্তৃতি বহুখিনি হ্ৰাস পাইছে৷ বৰ্তমান ইয়াক প্ৰধানকৈ আফ্ৰিকাৰ কিছু অঞ্চলত আৰু ভাৰত উপমহাদেশ, শ্ৰীলংকা, মালয়েছিয়া, ইণ্ডোনেছিয়া, আৰু চীনত দেখা পোৱা যায়৷ ইয়াৰ দ্ৰুত জনসংখ্যা হ্ৰাসৰ প্ৰতি লক্ষ্য ৰাখি নাহৰফুটুকী বাঘক আই.ইউ. চি. এনৰ ৰেড লিষ্টত বিপথগামী (Near Threatened) বুলি অভিহিত কৰা হৈছে৷[1]
সূচী |
বিৱৰণ [সম্পাদনা কৰক]
নাহৰফুটুকী বাঘ এবিধ দ্ৰুতগামী আৰু সদাসতৰ্ক (agile and stealthy) ভক্ষক (predator)৷ পেন্থেৰা (Panthera') গোত্ৰৰ অন্য জন্তু সমূহতকৈ ই আকাৰত সৰু যদিও ইহঁতে শক্তিশালী মাংসপেশী (jaw muscles) ৰ বাবে ডাঙৰ জন্তুও আহাৰ হিচাপে গ্ৰহণ কৰিব পাৰে৷ দেহৰ দৈৰ্ঘ্য ৯৫-১৬৫ ছে:মি: আৰু নেজৰ দৈৰ্ঘ্য ৬০-১১০ ছে: মি: পৰ্য্যন্ত হব পাৰে৷ [2] মতা বাঘ বাঘিনীতকৈ আকাৰত ডাঙৰ৷[3]
দেহৰ বৰণ (coat color) আৰু আঁচ (rosette patterns)ৰ ক্ষেত্ৰত নাহৰফুটুকী বাঘৰ মাজত যথেষ্ট ভিন্নতা দেখা যায়৷ হালধীয়া ছালখন মৰুভূমি অঞ্চলৰ নাহৰফুটুকী বাঘৰ ক্ষেত্ৰত শেঁতা হোৱাৰ বিপৰীতে চিৰসেউজীয়া বনাঞ্চলৰ বাঘৰ ক্ষেত্ৰত গাঢ় সোণালী হোৱা দেখা যায়৷ সাধাৰণতে পেট অংশৰ নোমৰ বৰণ দেহৰ অন্যান্য অংশতকৈ পাতল হয়৷[4]
টেক্সনমি তথা ক্ৰমবিৱৰ্তন [সম্পাদনা কৰক]
১৭৫৮ চনত প্ৰকাশিত লিনিয়াছ (Carl Linnaeus) ৰ Systema Naturae গ্ৰন্থৰ দশম প্ৰকাশনত বৰ্ণনা কৰা আধুনিক জৈৱবৈজ্ঞানিক শ্ৰেণীবিভাজন পদ্ধতি অনুসৰি উল্লিখিত প্ৰাণীসমূহৰ ভিতৰত নাহৰফুটুকী বাঘ অন্যতম৷ লিনিয়াছে ইয়াক ফেলিছ (Felis) গোত্ৰৰ অন্তৰ্ভুক্ত কৰছিল৷[5] তথ্য অনুসৰি ফেলিডি (Felidae) গোত্ৰৰ ১১ মিলিয়ন বৰ্ষৰ পূৰ্বে বিভাজন আৰম্ভ হয়৷ সিংহ, ঢেঁকীয়াপতীয়া বাঘ, নাহৰফুটুকী বাঘ, জাগুৱাৰ, গোধাফুটুকী বাঘ (snow leopard) আৰু clouded leopard ৰ মূল পূৰ্বপুৰুষ ৬.৩৭ মিলিয়ন বছৰৰ আগতে উদ্ভৱ হৈছিল বুলি জনা যায়৷ পেন্থেৰা (Panthera)গোত্ৰৰ এছিয়াত উদ্ভৱ হৈছিল আৰু তাৰ পিছতেই নাহৰফুটুকী বাঘ আৰু বাকী মেকুৰী প্ৰজাতি সমূহৰ আফ্ৰিকালৈ প্ৰব্ৰজন ঘটে৷ [6]
ক্ৰমবিৱৰ্তনৰ বিশ্লেষণ অনুসৰি নাহৰফুটুকী বাঘ সিংহৰ সৈতে ওচৰ বংশোদ্ভৱ (closely related)৷ [7] অৱশ্যে শেহতীয়াকৈ মাইট'কণ্ড্ৰিয়াৰ ডি. এন. এৰ অন্য এটা গৱেষণাই প্ৰকাশ কৰিছে যে নাহৰফুটুকী বাঘ আৰু গোধাফুটুকী বাঘ (snow leopard) হে ওচৰ সম্পৰ্কীয়৷ [8]
বৰ্তমানলৈকে নাহৰফুটুকী বাঘৰ নটা উপ-প্ৰজাতি চিনাক্ত কৰা হৈছে৷ আই. ইউ. চি. এনৰ স্বীকৃতি প্ৰাপ্ত এই উপ-প্ৰজাতি সমূহ হ'ল-[9]
- আফ্ৰিকাৰ নাহৰফুটুকী বাঘ (African leopard) (P. p. pardus), (Linnaeus, 1758) — উপ-চাহাৰা আফ্ৰিকা (sub-Saharan Africa);
- ভাৰতীয় নাহৰফুটুকী বাঘ (Indian leopard) (P. p. fusca), (Friedrich Albrecht Anton Meyer, 1794) — ভাৰত উপমহাদেশ (Indian Subcontinent);
- জাভাৰ নাহৰফুটুকী বাঘ (Javan leopard) (P. p. melas), (Georges Cuvier|Cuvier, 1809) — জাভা, ইণ্ডোনেছিয়া
- আৰবিয়ান নাহৰফুটুকী বাঘ (Arabian leopard) (P. p. nimr), (Wilhelm Hemprich|Hemprich আৰু Christian Gottfried Ehrenberg|Ehrenberg, 1833) — আৰৱ (Arabian Peninsula);
- আমোৰ নাহৰফুটুকী বাঘ (Amur leopard) (P. p. orientalis), (Hermann Schlegel|Schlegel, 1857) — কোৰিয়া (Korean), উত্তৰ-পূব চীন (Northeast China)
- উত্তৰ চিনীয় নাহৰফুটুকী বাঘ (North Chinese leopard) (P. p. japonensis), (John Edward Gray|Gray, 1862) — উত্তৰ চীন
- ককেছিয়ান নাহৰফুটুকী বাঘ (Caucasian leopard) (P. p. ciscaucasica), (Konstantin Alexeevitsch Satunin|Satunin, 1914)— ককেছাছ (Caucasus), টুৰ্কমেনিষ্টান (Turkmenistan) আৰু ইৰাণ[10]
- ইণ্ডো-চাইনীজ নাহৰফুটুকী বাঘ (Indochinese leopard) (P. p. delacouri), (Pocock, 1930) — দক্ষিণ-পূব এছিয়া
- শ্ৰীলংকাৰ নাহৰফুটুকী বাঘ (Sri Lankan leopard) (P. p. kotiya), (Paules Edward Pieris Deraniyagala|Deraniyagala), 1956) —শ্ৰীলংকা
তাৰোপৰি নাহৰফুটুকীৰ খোলা (skull) ৰ বাহ্যিক গঠনগত এটা গৱেষণাত আৰু দুটা উপ-প্ৰজাতি যোগ কৰা হৈছে[10]
- আনাত'লিয়ান নাহৰফুটুকী বাঘ (Anatolian leopard) (P. p. tulliana), (Achille Valenciennes|Valenciennes, 1856) —তুৰ্কী
- বেল'কিষ্টান নাহৰফুটুকী বাঘ (Balochistan leopard) (P. p. sindica), (Pocock, 1930) —পাকিস্তান, আফগানিস্তান আৰু ইৰাণ৷
বিতৰণ তথা বসতিস্থল [সম্পাদনা কৰক]
বনৰীয়া মেকুৰীৰ প্ৰজাতি সমূহৰ ভিতৰত নাহৰফুটুকী বাঘ আটাইতকৈ বহুলভাৱে বিস্তৃত প্ৰজাতি৷ ই আফ্ৰিকা আৰু এছিয়া মহাদেশত ভিন্ন বসতিস্থলত বাস কৰে৷ অৱশ্যে উত্তৰ আফ্ৰিকাত ইয়াৰ জনবসতি প্ৰায় নোহোৱা হৈ পৰিছে৷ এছিয়া মহাদেশত দক্ষিণ-পশ্চিম আৰু কেন্দ্ৰীয় ভাগত নাহৰফুটুকী সৰু সৰু জনসংখ্যাৰ গোটত বিভক্ত হৈ আছে৷ উত্তৰ-পূব এছিয়াত নাহৰফুটুকী বাঘ বিপথগামী (critically endangered) অৱস্থাত আছে৷ অৱশ্যে ভাৰতবৰ্ষ, দক্ষিণ-পূব এছিয়া আৰু চীনত এই বাঘ বৰ্তমানে বিপদমুক্ত [1]
নাহৰফুটুকী বাঘ সাধাৰণতে ঘাঁহনি (grassland), কাঠনি (woodland) তথা নদীকাষৰীয়া বনাঞ্চল সমূহত পোৱা যায়৷ এই প্ৰজাতিটো প্ৰধানকৈ চাভানা (savanna) আৰু চিৰসেউজীয়া বনাঞ্চল (rainforest) দেখা যায় ৷ নাহৰফুটুকী বাঘ অভিযোজন (adaptation)ত অত্যন্ত পাকৈত আৰু সেয়ে ইয়াক অন্যান্য বাসস্থান যেনে পৰ্ণপাতী অৰণ্যতো নিজকে সুন্দৰকৈ খাপ খুৱাই বসবাস কৰা দেখা যায়৷
আচৰণ [সম্পাদনা কৰক]
নাহৰফুটুকী বাঘ সাধাৰণতে নিশাচৰ আৰু ই অকলশৰে থাকে৷ [11] বাসস্থান আৰু খাদ্য ভেদে ইয়াৰ আচৰণ ভিন্ন হোৱা দেখা যায়৷ পশ্চিম আফ্ৰিকাত কৰা ৰেডিঅ' ট্ৰেকিং (Radio-tracking) আৰু মল বিশ্লেষণ (scat analysis) ৰ পৰা তথ্য অনুসৰি চিৰসেউজীয়া অঞ্চলৰ নাহৰফুটুকী বাঘৰ দিনত সক্ৰিয় (Diurnal) হোৱাৰ প্ৰবণতা বেছি৷ তদুপৰি ঋতু অনযায়ীও ইহঁতৰ আচৰণৰ পাৰ্থক্য দেখা যায়৷ [12]
নাহৰফুটুকী বাঘ গছত বগাব পৰা ক্ষমতাৰ বাবে খ্যাত৷ দিনৰ ভাগত ইহঁতে গছৰ ডালত জিৰণি লৈ থাকে, খাদ্যও গছৰ ওপৰলৈ নি খোৱা দেখা যায়৷ [13] ই সাঁতোৰা, বেগ, আৰু জপিওৱাত খুবেই শক্তিশালী৷ [14] ই কেইবাধৰণৰ মাত (vocalizations) উলিয়াব পাৰে, যেনে- গোঁজৰণি (growls), grunts, roars,meows, আৰু কৰতেৰে কটা ধৰণৰ শব্দ (sawing)৷[15]
মতা বাঘৰ বিচৰণ স্থল (Home ranges) 30 বৰ্গ কি.মি. (12 বৰ্গ মিটাৰ) ৰ পৰা 78 বৰ্গ কি.মি. (30 বৰ্গ মিটাৰ) পৰ্যন্ত আৰু বাঘিনীৰ 15. হয়৷[3]তথ্য অনুসৰি মতা বাঘৰ বিচৰণ স্থল বাঘিনীটকৈ ডাঙৰ হয়৷ মতা বাঘৰ বিচৰণ স্থলী মাজত সাধাৰণতে উপৰা-উপৰি (overlap) নহয়৷ কিন্তু মতা- মাইকীৰ মাজত হয়৷ ৰেডিঅ' কলাৰৰ যোগেদি কৰা এটা গৱেষণাত বাঘিনীৰ বিচৰণস্থলী সম্পূৰ্ণকৈ মতা বাঘৰ বিচৰণস্থলীৰ ভিতৰতে পৰা দেখা গৈছিল৷[16][17]
নাহৰফুটুকী বাঘ সুযোগসন্ধানী চিকাৰী (opportunistic hunters) আৰু ইয়াৰ খাদ্য বিভিন্ন৷ ই গুবৰুৱা (dung beetles) ৰ পৰা আৰম্ভ কৰি বৃহৎ তৃণভোজী প্ৰাণী লৈকে সকলো খাব পাৰে৷ [3] নাহৰফুটুকী বাঘে সাধাৰণতে তৃণভোজী প্ৰাণী, বান্দৰ, নিগনি (rodent), সৰীসৃপ (reptile), উভচৰ (amphibian), চৰাই-চিৰিকটি আদি খাদ্য হিচাপে গ্ৰহণ কৰে৷[18] ই নীৰৱে চিকাৰক আক্ৰমণ কৰে আৰু ডিঙিত দ্ৰুত কামোৰ বহুৱাই হত্যা কৰে৷ [19]
নাহৰফুটুকী বাঘৰ প্ৰজননৰ সময় ঠাই ভেদে বেলেগ বেলেগ হ'লেও ই সাধাৰণতে বছৰজুৰি প্ৰজনন কৰিব পাৰে৷ [20] [21] এবাৰত ২ টাৰ পৰা ৪ টাকৈ পোৱালি জন্ম হয়৷ [22]
মানুহৰ সৈতে সম্পৰ্ক [সম্পাদনা কৰক]
ইতিহাসৰ পাতত নাহৰফুটুকী বাঘৰ বহুলভাৱে উল্লেখ আছে৷ বহু দেশৰ কলা-কৃষ্টি, লোকগীত আদিত ইয়াৰ বৰ্ণনা পোৱা যায়৷ বৰ্তমান আফ্ৰিকাত ইয়াক খেল-ধেমালিত প্ৰতীক হিচাপে ব্যবহাৰ কৰে৷
যদিও সাধাৰণভাৱে স্বাস্থ্যৱান নাহৰফুটুকী বাঘে মানুহক আক্ৰমণ নকৰে কিন্তু আঘাতপ্ৰাপ্ত বা বুঢ়া বাঘে সহজ খাদ্যৰ আশাত মানুহ আক্ৰমণ কৰে৷ পৰ্য্যায়ক্ৰমে ইহঁত মানুহৰ মাংস ভক্ষণত অভ্যস্ত হৈ নৰখাদক হৈ পৰে৷ ভাৰতৰ উল্লেখযোগ্য নৰখাদক নাহৰফুটুকী বাঘৰ ভিতৰত ৰুদ্ৰপ্ৰয়াগৰ নৰখাদক (Leopard of Rudraprayag)' আৰু পানাৰ নৰখাদক (Panar Leopard)নাহৰফুটুকী বাঘে ক্ৰমান্বয়ে ১২৫ আৰু ৪০০ ৰ ওপৰৰ মানুহ হত্যা কৰিছিল৷ [23][24] বিখ্যাত চিকাৰী জিম কৰবেটে দুয়োটা নৰখাদকক মাৰিবলৈ সক্ষম হয়৷ [25]
আলোকচিত্ৰ [সম্পাদনা কৰক]
-
Amur leopard kept in Colchester Zoo
তথ্য সংগ্ৰহ [সম্পাদনা কৰক]
- ↑ 1.0 1.1 1.2 Henschel, P., Hunter, L., Breitenmoser, U., Purchase, N., Packer, C., Khorozyan, I., Bauer, H., Marker, L., Sogbohossou, E., Breitenmoser-Würsten, C. (2008). "Panthera pardus". IUCN Red List of Threatened Species. Version 2011.2. International Union for Conservation of Nature. http://www.iucnredlist.org/apps/redlist/details/15954.
- ↑ Boitani, L. (1984). Simon & Schuster's Guide to Mammals. Simon & Schuster/Touchstone Books. ISBN 978-0671428051.
- ↑ 3.0 3.1 3.2 Nowell, K.; Jackson, P. (1996). "Leopard Panthera pardus (Linnaeus, 1758)". Wild Cats: status survey and conservation action plan. প্ৰকাশক Gland, Switzerland: IUCN/SSC Cat Specialist Group. http://lynx.uio.no/lynx/catsgportal/cat-website/catfolk/ssaprd01.htm.
- ↑ "Jaguar (Panthera onca)". Our animals. Akron Zoo. http://www.akronzoo.org/learn/jaguar.asp। আহৰণ কৰা হৈছে: 27 March 2010.
- ↑ Linnaeus, C. (1760). Caroli Linnæi Systema naturæ per regna tria naturæ, secundum classes, ordines, genera, species, cum characteribus, differentiis, synonymis, locis. I. প্ৰকাশক Halae Magdeburgicae. পৃষ্ঠা. 41. http://www.archive.org/stream/carolilinnaeisys11linn#page/n96/mode/1up.
- ↑ Johnson, W. E.; Eizirik, E.; Pecon-Slattery, J.; Murphy, W. J.; Antunes, A.; Teeling, E.; O'Brien, S. J. (2006). "The Late Miocene radiation of modern Felidae: A genetic assessment". Science খণ্ড 311 (5757): 73–7. doi:10.1126/science.1122277. PMID 16400146.
- ↑ Bininda-Emonds, O. R. P.; Decker-Flum, D. M. (2001). "The utility of chemical signals as phylogenetic characters: an example from the Felidae". Biological Journal of the Linnean Society খণ্ড 72: 1–15. doi:10.1111/j.1095-8312.2001.tb01297.x. http://www.personal.uni-jena.de/~b6biol2/Publications/FatCats.pdf। আহৰণ কৰা হৈছে: 2008-06-07.
- ↑ Yu, L.; Zhang, Y. P. (2005). "Phylogenetic studies of pantherine cats (Felidae) based on multiple genes, with novel application of nuclear beta-fibrinogen intron 7 to carnivores" (PDF). Molecular Phylogenetics and Evolution খণ্ড 35 (2): 483–95. doi:10.1016/j.ympev.2005.01.017. PMID 15804417. Archived from the original on 2 January 2012. http://www.webcitation.org/64OWLaPAD.
- ↑ Miththapala, Sriyanie; Seidensticker, John; O'Brien, S. J. (August 1996). "Phylogeographic Subspecies Recognition in Leopards (P. pardus): Molecular Genetic Variation". Conservation Biology খণ্ড 10 (4): 1115–1132. doi:10.1046/j.1523-1739.1996.10041115.x. http://www.blackwell-synergy.com/links/doi/10.1046/j.1523-1739.1996.10041115.x। আহৰণ কৰা হৈছে: 6 June 2008.
- ↑ 10.0 10.1 Khorozyan, I. G., Gennady, F., Baryshnikov, G. F. and Abramov, A. V. (2006) Taxonomic status of the leopard, Panthera pardus (Carnivora, Felidae) in the Caucasus and adjacent areas. Russian Journal of Theriology 5(1): 41–52
- ↑ Hunter, L.; Balme, G.; Walker, C.; Pretorius, K.; Rosenberg, K. (2003). "The landscape ecology of leopards (Panthera pardus) in northern KwaZulu-Natal, South Africa: A preliminary project report". Ecological Journal খণ্ড 5: 24–30. http://www.biolsci.monash.edu.au/research/leopards/docs/ecojournal-2003.pdf.
- ↑ Jenny, D., Zuberbühler, K. (September 2005). "Hunting behaviour in West African forest leopards". African Journal of Ecology খণ্ড 43 (3): 197–200. doi:10.1111/j.1365-2028.2005.00565.x. http://www.blackwell-synergy.com/doi/abs/10.1111/j.1365-2028.2005.00565.x.
- ↑ "Leopard (Panthera pardus); Physical characteristics and distribution". Comparative Mammalian Brain Collections. http://brainmuseum.org/Specimens/carnivora/leopard/index.html.
- ↑ "Animal bytes – Panthera pardus". Sea World. http://www.seaworld.org/animal-info/Animal-bytes/animalia/eumetazoa/coelomates/deuterostomes/chordata/craniata/mammalia/carnivora/leopard.htm। আহৰণ কৰা হৈছে: 6 June 2008.
- ↑ Estes, R. (1991). The Behavior Guide to African Mammals, Including Hoofed Mammals, Carnivores, Primates. প্ৰকাশক Los Angeles: The University of California Press.
- ↑ Jenny, D. (1996). "Spatial organization of leopards Panthera pardus in Tai National Park, Ivory Coast: Is rainforest habitat a "tropical haven"?". Journal of Zoology খণ্ড 240 (3): 427–440. doi:10.1111/j.1469-7998.1996.tb05296.x. http://md1.csa.com/partners/viewrecord.php?requester=gs&collection=ENV&recid=4026878&q=Panthera+pardus+habitat&uid=1040057&setcookie=yes.
- ↑ Odden, M., Wegge, P. (2005). "Spacing and activity patterns of leopards Panthera pardus in the Royal Bardia National Park, Nepal". Wildlife Biology খণ্ড 11 (2): 145–152. doi:10.2981/0909-6396(2005)11[145:SAAPOL]2.0.CO;2. ISSN 0909-6396. http://wild-cat.org/pardus/infos/Odden+Wegge2005-Leopards-spacing+activity-BardiaNP.pdf.
- ↑ "Leopard savaging a crocodile caught on camera". The Telegraph. 18 July 2011. http://www.telegraph.co.uk/earth/earthnews/3347532/Leopard-savaging-a-crocodile-caught-on-camera.html.
- ↑ Schaller, G. (1972). Serengeti: a kingdom of predators. প্ৰকাশক New York: Knopf. ISBN 039447242X.
- ↑ Sadleir, R. (1966). "Notes on the Reproduction of the larger Felidae". International Zoo Yearbook: Vol 6. Zoological Society of London. পৃষ্ঠা. 184–87.
- ↑ Hemmer, H. (1976). "Gestation period and postnatal development in felids. Pp 143–165 in R.L. Eaton, ed.". The world’s cats. Vol 3. Carnivore Research Institute, Univ. Washington, Seattle.
- ↑ Eaton, R.L. (1977). "Reproductive biology of the leopard". Zoologischer Garten খণ্ড 47 (5): 329–351.
- ↑ Hart, Donna; Robert W. Sussman (2005). Man the Hunted: Primates, Predators, and Human Evolution. Westview Press. ISBN 0813339367.
- ↑ Tougias, p.147
- ↑ Capstick, Peter Hathaway (1978). Death in the Long Grass. St. Martin's Press. ISBN 0312186134.
অন্যান্য উৎস [সম্পাদনা কৰক]
- Allsen, Thomas T. (2007). "Natural History and Cultural History: The Circulation of Hunting Leopards in Eurasia, Seventh-Seventeenth Centuries". In Mair, Victor H.. Contact and Exchange in the Ancient World. প্ৰকাশক Honolulu: University of Hawai'i Press. পৃষ্ঠা. 116–135. ISBN 9780824828844.
- Khalaf-von Jaffa, Norman Ali Bassam Ali Taher (June 2005). "The Arabian Leopard (Panthera pardus nimr)" (in German ভাষাত). Gazelle: the Palestinian Biological Bulletin (42): 1–8.
- Khalaf-Sakerfalke von Jaffa, Norman Ali Bassam Ali Taher (December 2006). "The Chinese leopard (Panthera pardus japonensis, Gray 1862) in Neunkirchen Zoo, Neunkirchen, Saarland, Germany". Gazelle: the Palestinian Biological Bulletin (60): 1–10.
- Nowell, K; Jackson, P., ed (1996). "Wild Cats. Status Survey and Conservation Action Plan". প্ৰকাশক Gland, Switzerland: IUCN/SSC Cat Specialist Group. http://carnivoractionplans1.free.fr/wildcats.pdf.
- Partridge, Eric (1983). Origins: a Short Etymological Dictionary of Modern English. প্ৰকাশক New York: Greenwich House. ISBN 0-517-414252.
- Schaller, George B. (1972). The Serengeti Lion. প্ৰকাশক Chicago: University of Chicago Press. ISBN 0226736393.
- DeRuiter, D. J.; Berger, L. R. (2000). "Leopards as Taphonomic Agents in dolomitic Caves—Implications for bone Accumulations in the Hominid-bearing Deposits of South Africa". Journal of Archaeological Science খণ্ড 27 (8): 665–684. doi:10.1006/jasc.1999.0470.
- Sanei, A. (2007) (in Persian ভাষাত). Analysis of leopard (Panthera pardus) status in Iran. প্ৰকাশক Tehran: Sepehr Publication Center. ISBN 9789646123748. https://docs.google.com/viewer?a=v&pid=explorer&chrome=true&srcid=0B7Vwy9iDuZifNjliMzYzNTQtZWFjYy00ODgzLWJkNWQtZmY4ZTUzOTY1MTc2&hl=en.
- Sanei, A.; Zakaria, M.; Yusof, E.; and Roslan, M. (2011). "Estimation of leopard population size in a secondary forest within Malaysia's capital agglomeration using unsupervised classification of pugmarks". Tropical Ecology খণ্ড 52 (1): 209–217. http://www.tropecol.com/pdf/open/PDF_52_2/Jour-07-F.pdf.
- Sunquist, Melvin E.; Sunquist, Fiona (2002). Wild Cats of the World. প্ৰকাশক Chicago: University of Chicago Press. ISBN 0-226-77999-8.
- P., Taylor; Barrientos, Stephanie; Dolan, Catherine (2005). Beyond Conservation: A Wildland Strategy. Earthscan. ISBN 1844071979.
- Tougias, M. (2007). When Man Is the Prey: True Stories of Animals Attacking Humans. Macmillan. ISBN 0312373007.
- Zakaria, M.; Sanei, A. (2011). "Conservation and management prospects of the Persian and Malayan leopards". Asia Life Sciences খণ্ড Supplement 7: 1–5. https://docs.google.com/viewer?a=v&pid=explorer&srcid=0BzbFC60TvnMcNGExNDJjNzItZmM1MC00ODkzLTkzZWMtNjQ3OTAyMzlmOTcz.
বাহ্যিক সংযোগ [সম্পাদনা কৰক]
| ৱিকিপ্ৰজাতিত Panthera pardus সম্পৰ্কে অধিক তথ্য আছে |
| ৱিকিমিডিয়া কমন্সত ‘Panthera pardus’ সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- Asian Leopard Specialists' Newsletter
- The Animal Files: Leopard
- Leopards: wild-cat.org — Anthology about research and conservation of leopards in Asia
- Asian Leopard Specialist Society — Research, conservation and management of Asian leopard subspecies