নিউ বঙাইগাঁও জংচন ৰেল ষ্টেচন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(নিউ বঙাইগাঁও ৰেল জংচনৰ পৰা পুনঃনিৰ্দেশিত)
নিউ বঙাইগাঁও
ভাৰতীয় ৰেলৰ জংচন ষ্টেচন

নিউ বঙাইগাঁও ৰেল ষ্টেচনৰ নিশাৰ দৃশ্য
ষ্টেচনৰ তথ্য
ঠিকনা বালাজী মন্দিৰ ৰোড, বঙাইগাঁও, অসম
ভাৰত
স্থানাংক 26°28′33″N 90°32′10″E / 26.4757°N 90.5360°E / 26.4757; 90.5360
উচ্চতা ৫৮ মিটাৰ (190 ফুট)
লাইন বাৰাউনী - গুৱাহাটী পথ
নিউ বঙাইগাঁও -যোগীঘোপা-কামাখ্যা শাখা
নিউ বঙাইগাঁও -আলিপুৰ দুৱাৰ-শিলিগুৰি পথ
গঠনৰ প্ৰকাৰ সাধাৰণ মাটিত
প্লে'টফৰ্ম
পাৰ্কিং আছে
চাইকেলৰ সুবিধা আছে
Baggage check আছে
আন তথ্য
মুকলি ১৯৬৫
ষ্টেচন ক'ড NBQ
ডিভিজন ৰঙিয়া
অধিকাৰিত্ব ভাৰতীয় ৰেল
অ'পাৰেটৰ উত্তৰ-পূব সীমান্ত ৰেলৱে
ষ্টেচন স্থিতি কাৰ্যক্ষম
অৱস্থান
নিউ বঙাইগাঁও জংচন ৰেল ষ্টেচন is located in Assam
অসমৰ মানচিত্ৰত নিউ বঙাইগাঁও জংচন ৰেল ষ্টেচনৰ অৱস্থান

নিউ বঙাইগাঁও ৰেল জংচন বঙাইগাঁও নগৰৰ পশ্চিম প্ৰান্তত অৱস্থিত। এই জংচনটো অসমৰ দ্বিতীয় বৃহত আৰু নামনি অসমৰ বৃহত্তম ষ্টেচন। উক্ত ষ্টেচনত অসমলৈ অহা সকলো ধৰণৰ যাত্ৰীবাহী ৰেল ৰখোৱা হয় যেনে - ৰাজধানী এক্সপ্ৰেছ, নৰ্থ-ইষ্ট এক্সপ্ৰেছ, কামৰূপ এক্সপ্ৰেছ ইত্যাদি।

ইতিহাস[সম্পাদনা কৰক]

১৯৬৩ৰ পৰা ১৯৬৫ৰ ভিতৰত নিৰ্মাণ কৰা ২৬৫ কিঃমিঃ দীঘল নিউ জলপাইগুৰি-যোগীঘোপা লাইনৰে অসমত ব্ৰডগ'জ ৰেলপথৰ সূচনা কৰা হৈছিল। বঙাইগাঁও ৰেল ষ্টেচনটো এই পথৰ বাহিৰত পৰা বাবে নিউ বঙাইগাঁও ৰেল ষ্টেচন স্থাপন কৰা হৈছিল।[1] নিউ বঙাইগাঁওৰ পৰা গুৱাহাটীলৈ নিৰ্মাণ কৰা ব্ৰডগ'জ পথ ১৯৮৪ত মুকলি কৰা হৈছিল।[2] মূলতঃ মিটাৰগ'জ ৰেলপথৰ বাবে নিৰ্মাণ কৰা শৰাইঘাট দলং ১৯৬২ত মুকলি কৰা হৈছিল। পিছলৈ এই মিটাৰগ'জ পথটো ব্ৰডগ'জলৈ সলনি কৰা হৈছিল।[3]

দ্বৈত ৰেলপথ[সম্পাদনা কৰক]

নিউ বঙাইগাঁওৰ পৰা ৰঙিয়া হৈ কামাখ্যালৈ দ্বৈত ৰেলপথ নিৰ্মাণৰ বাবে ২০১৩-১৪ বৰ্ষৰ ৰেল বাজেটত ধন অনুমোদন কৰা হৈছে।[4] শামুকতলা ৰোড আৰু নিউ বঙাইগাঁও ষ্টেচনৰ মাজত ইতিমধ্যে দ্বৈত পথ নিৰ্মাণ কৰা হৈছে।[5]

সা-সুবিধা[সম্পাদনা কৰক]

এইটো ষ্টেচনত দুটা দুখন বিচনাযুক্ত ৰিটায়াৰিং কোঠা আছে।[6]

কাৰখানা[সম্পাদনা কৰক]

নিউ বঙাইগাঁও ষ্টেচনৰ পৰা ২ কিঃমিঃ পশ্চিমে ইঞ্জিন আৰু ডবা কাৰখানা অৱস্থিত। এইটো ষাঠিৰ দশকতে স্থাপিত এই কাৰখানাত মেৰামতিৰ উপৰিও উত্পাদনৰো সুবিধা আছে।[7]

তথ্যউৎস[সম্পাদনা কৰক]

  1. Moonis Raza & Yash Aggarwal. "Transport Geography of India: Commodity Flow and the Regional Structure of Indian Economy". page 60. Concept Publishing Company, A-15/16 Commercial Block, Mohan Garden, New Delhi - 110059. ISBN 81-7022-089-0. http://books.google.co.in/books?id=v21-4YYgocUC&pg=PA60&lpg=PA60&dq=Muri-Chandrapura+line&source=bl&ots=2lfbxydpeo&sig=k1wlrhY-A8FVApK4K4u1NYGqLGY&hl=en&sa=X&ei=nx9yUca-D4iErQeVn4G4CA&ved=0CDgQ6AEwAjge#v=onepage&q=Muri-Chandrapura%20line&f=false। আহৰণ কৰা হৈছে: 12 May 2013. 
  2. "IR History: Part V (1970-19950". IRFCA. http://www.irfca.org/faq/faq-history5.html। আহৰণ কৰা হৈছে: 12 May 2013. 
  3. "50 years of Saraighat bridge". The Times of India, 7 November 2012. Archived from the original on 3 January 2013. https://archive.today/20130103140000/http://articles.timesofindia.indiatimes.com/2012-11-07/guwahati/34971728_1_bridge-stretches-assam-governor-brahmaputra। আহৰণ কৰা হৈছে: 12 May 2013. 
  4. "Rail budget 2013: Wait for electric trains in India’s North-East gets longer". First post economy. http://www.firstpost.com/economy/rail-budget-2013-wait-for-electric-trains-in-indias-north-east-gets-longer-640672.html। আহৰণ কৰা হৈছে: 12 May 2013. 
  5. "Rajya Sabha unstarred question no. 1677 to be answered on 7 December 2012". Ministry of Railways. http://164.100.47.5:8080/members/website/quest.asp?qref=185965। আহৰণ কৰা হৈছে: 12 May 2013. 
  6. "Retiring rooms in Northeast Frontier Railway". Indian Railways. http://www.indianrailways.gov.in/railwayboard/uploads/retiring/retnefr1.jsp। আহৰণ কৰা হৈছে: 12 May 2013. 
  7. "C&W Workshop, New Bongaigaon". C&W Workshop. Archived from the original on 3 November 2014. https://web.archive.org/web/20141103040547/http://cwmnbq.com/Wc48bc1ce2faa3.htm। আহৰণ কৰা হৈছে: 12 May 2013. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]