নীলমণি ফুকন (কনিষ্ঠ)
| নীলমণি ফুকন (কনিষ্ঠ) | |
|---|---|
![]() |
|
| জন্ম | ১০ ছেপ্টেম্বৰ ১৯৩৩ দেৰগাঁও, গোলাঘাট জিলা, অসম |
| পেচা | কবি, শিল্পী, সমালোচক, অধ্যাপক |
| ভাষা | অসমীয়া |
| ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
| নাগৰিকত্ব | ভাৰতীয় |
| শিক্ষা | এম.এ |
| উল্লেখযোগ্য বঁটা | সাহিত্য অকাডেমী বঁটা[1], পদ্মশ্ৰী, অসম উপত্যকা সাহিত্য বঁটা |
নীলমণি ফুকন (কনিষ্ঠ) অসমীয়া ভাষাৰ এজন কবি, সমালোচক, অধ্যাপক আৰু সাহিত্যিক৷ তেওঁ অসমীয়া কবিতাত প্ৰতিকবাদ আৰু চিত্ৰকল্পবাদৰ সুদূৰপ্ৰসাৰী প্ৰভাৱ পেলাই৷ তেখেতৰ উল্লেখযোগ্য কৰ্ম হ'ল সূৰ্য হেনো নামি আছে এই নদীয়েদি', কবিতা, আৰু গোলাপী জামুৰ লগ্ন৷
কবিতা শীৰ্ষক স্বনিৰ্বাচিত কাব্যগ্ৰন্থৰ কাৰণে তেওঁক ১৯৮১ চনত সাহিত্য অকাডেমী বঁটা প্ৰদান কৰা হয়৷ ১৯৯০ চনত ভাৰত চৰকাৰে পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰে৷ ইয়াৰোপৰি ১৯৯১ চনত ছগনলাল জৈন বঁটা, ১৯৯৭ চনত অসম উপত্যকা সাহিত্য বঁটা আৰু সাহিত্য অকাডেমীৰ ফালৰ পৰা শ্ৰেষ্ঠ সাহিত্যিক সন্মান সাহিত্য অকাডেমীৰ ফেল' ২০০২ চনত প্ৰদান কৰা হয়৷[2]
সূচী |
প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা [সম্পাদনা কৰক]
ফুকনৰ জন্ম হয় অসমৰ গোলাঘাট জিলাৰ দেৰগাঁওত৷ তেওঁ ইতিহাস বিষয়ত ১৯৬১ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে৷ তেওঁ ১৯৫০ চনৰ পৰাই কবিতা লিখিবলৈ আৰম্ভ কৰে৷ ১৯৬৪ চনত তেওঁ গুৱাহাটীৰ আৰ্য বিদ্যাপীঠ মহাবিদ্যালয়ত অধ্যাপক হিচাপে যোগদান কৰে৷ ১৯৯২ চনত অৱসৰ গ্ৰহণ কৰে৷[3]
গ্ৰন্থপঞ্জী[4] [সম্পাদনা কৰক]
কবিতা
- সূৰ্য হেনো নামি আহে এই নদীয়েদি, ১৯৫৩
- নিৰ্জনতাৰ শব্দ, ১৯৬৫
- আৰু কি নৈশব্দ, ১৯৬৮
- জাপানী কবিতা, ১৯৭১
- ফুলি থকা সূৰ্যমুখী ফুলৰ ফালে, ১৯৭৩
- কাঁইট গোলাপ আৰু কাঁইট, ১৯৭৫
- গোলাপী জামুৰ লগ্ন, ১৯৭৭
- কবিতা, ১৯৮০
- গছীয়া লৰকাৰ কবিতা, ১৯৮১
- নৃত্যৰত পৃথিৱী, ১৯৮৫
- সাগৰতলিৰ শংখ (হীৰেন গোঁহাঞিৰ দ্বাৰা নিৰ্বাচিত কবিতাৰ সংগ্ৰহ), ১৯৯৪
- চীনা কবিতা, ১৯৯৬
- অলপ আগতে আমি কি কথা পাতি আছিলোঁ, ২০০৩
কবিতাৰ সম্পাদনা
- কুৰি শতিকাৰ অসমীয়া কবিতা, ১৯৭৭
- অৰণ্যৰ গান, ১৯৯৩
অন্যান্য
- লোক কল্পদৃষ্টি (অসমীয়া কলা-স্থাপত্যৰ পৰিচয়), ১৯৮৭
- ৰূপ বৰ্ণ বাক (কলা আৰু কলাকাৰৰ প্ৰবন্ধ), ১৯৮৮
- শিল্পকলাৰ উপলব্ধি আৰু আনন্দ, ১৯৯৭
- শিল্পকলাৰ দৰ্শন, ১৯৯৮
তথ্যসূত্ৰ [সম্পাদনা কৰক]
- ↑ "সাহিত্য অকাডেমি বঁটা বিজয়ী অসমীয়াসকলৰ তথ্য". সাহিত্য অকাডেমি. http://sahitya-akademi.gov.in/sahitya-akademi/showSearchAwardsResult.jsp?year=&author=&awards=AA&language=ASSAMESE। আহৰণ কৰা হৈছে: নৱেম্বৰ ১৬, ২০১২.
- ↑ জানানে, শান্তনু কৌশিক বৰুৱা, ২০০৬
- ↑ [1] Poems by Nilmani Phookan, তথ্য সংগ্ৰহৰ সময়- ৩০ জানুৱাৰী ২০১২
- ↑ [2] Poems by Nilmani Phookan, তথ্য সংগ্ৰহৰ সময়- ৩০ জানুৱাৰী ২০১২
বৰ্হি সংযোগ [সম্পাদনা কৰক]
- Exploring Life, poems by Nilmani Phookan [3] at Assam Tribune
