নীলিমকান্ত বৰুৱা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নীলিমকান্ত বৰুৱা
জন্ম ১৯৩১
গোলাঘাট, অসম
পেচা প্ৰশাসনিক বিষয়া, লেখক
ৰাষ্ট্ৰীয়তা ভাৰতীয়

ড° নীলিমকান্ত বৰুৱা অসমৰ এগৰাকী বিশিষ্ট পৰিসংখ্যাবিদ, লেখক তথা প্ৰাক্তন প্ৰশাসনিক বিষয়া।[1]

প্ৰাৰম্ভিক জীৱন[সম্পাদনা কৰক]

১৯৩১ চনত গোলাঘাটত জন্মগ্ৰহণ কৰে৷ তেওঁ স্কুলীয়া শিক্ষা গোলাঘাট, তিতাবৰ আৰু যোৰহাটত গ্ৰহণ কৰি ১৯৪৬ চনত প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হয়৷ ১৯৪৮ চনত কটন কলেজৰ পৰা এই এছ চি আৰু ১৯৫০ চনত বি এছ চি পাছ কৰে৷ ১৯৫৩ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা পৰিসংখ্যা বিজ্ঞান বিভাগত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে৷ 'এ ছেঞ্চুৰি অৱ প্ৰাইমেৰী এডুকেশ্যন ইন আছাম' শীৰ্ষক বিষয়ত গৱেষণা কৰি ১৯৮২ চনত তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা পি এইচ ডি ডিগ্ৰী লাভ কৰে।[2]

কৰ্মজীৱন[সম্পাদনা কৰক]

১৯৫৪ চনত জগন্নাথ বৰুৱা মহাবিদ্যালয়ত পৰিসংখ্যা বিজ্ঞান বিভাগত প্ৰবক্তা হিচাপে কৰ্মজীৱন আৰম্ভ কৰে৷ পিছত কটন কলেজত প্ৰবক্তা হিচাপে যোগ দিয়ে৷ ১৯৫৫ চনত শ্বিলঙত ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ পৰিসংখ্যা বিষয়া হিচাপে নিযুক্তি লাভ কৰে৷ ১৯৮১ চনত তেওঁ মুখ্যমন্ত্ৰী সচিবালয়ৰ বিশেষ নিৰ্দেশনা কোষৰ বিশেষ কৰ্তব্যৰত বিষয়া ৰূপে নিযুক্তি লাভ কৰে৷ ১৯৮৬ চনত বৰুৱা ভাৰতীয় প্ৰশাসনিক সেৱালৈ নিৰ্বাচিত হয়৷

১৯৮৯ চনত তেওঁ চৰাকাৰী চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰে৷ ১৯৯১ চনলৈকে অধ্যাপনা কৰে৷ অৱসৰৰ পিছত তেওঁ লিখা-মেলাত মনোনিবেশ কৰে আৰু যথেষ্ট সংখ্যক উৎকৃষ্ট গ্ৰন্থ ৰচনা কৰে।[2]

মৃত্যু[সম্পাদনা কৰক]

দীৰ্ঘদিন ধৰি হৃদৰোগত আক্ৰান্ত হৈ থাকি ২০১৪ চনৰ ১ জানুৱাৰী তাৰিখে নীলিমকান্ত বৰুৱাৰ দিছপুৰৰ ঊষানগৰৰ নিজ বাসগৃহত মৃত্যু হয়।[1]

অৱদান[সম্পাদনা কৰক]

ইংৰাজী ভাষাৰ গ্ৰন্থ[সম্পাদনা কৰক]

  • ইভালুৱেশ্বন অৱ মনিটৰিং
  • প্লেনিং ইন আছাম
  • ডিচেন্ট্ৰেলাইজড প্লেনিং
  • প্লেনিং ইন ইণ্ডিয়া
  • ইম্পেক্ট অৱ প্লেন ইমপ্লিমেন্টেশ্বন ইন আছাম
  • ডেভেলপমেন্ট অৱ প্ৰেইমেৰী এডুকেশ্বন ইন আছাম এণ্ড নৰ্থ ইষ্ট ইণ্ডিয়া

অসমীয়া ভাষাৰ গ্ৰন্থ[সম্পাদনা কৰক]

  • বিশ্ববিজয়ী ভাৰতীয়
  • এজন অখ্যাত ব্যক্তিৰ জীৱন টোকা
  • হংকং আৰু চীন ভ্ৰমণৰ অভিজ্ঞতা-প্ৰগতিৰ এক অবিশ্বাস্য বিস্ময়কৰ কাহিনী
  • ওঠৰজন ওপৰৱালা

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. 1.0 1.1 "আমাৰ অসমত প্ৰকাশিত বাতৰি". G L Publications. ২ জানুৱাৰী, ২০১৪. পৃষ্ঠা ১. Archived from the original on 2016-03-04. https://web.archive.org/web/20160304124933/http://www.amarasom.glpublications.in/Details.aspx?id=16215&boxid=124947218। আহৰণ কৰা হৈছে: 2 জানুৱাৰী 2014. 
  2. 2.0 2.1 "আমাৰ অসমত প্ৰকাশিত বাতৰি". G L Publications. ২ জানুৱাৰী, ২০১৪. পৃষ্ঠা ৮. Archived from the original on 2016-03-04. https://web.archive.org/web/20160304124759/http://www.amarasom.glpublications.in/Details.aspx?id=16226&boxid=123517781। আহৰণ কৰা হৈছে: 2 জানুৱাৰী 2014.