নেলীৰ হত্যাকাণ্ড
|
|
ৱিকিপিডিয়াৰ নিৰপেক্ষ দৃষ্টিভংগী নীতি (NPOV)ৰ দিশৰপৰা এই প্ৰবন্ধৰ নিৰপেক্ষতা সম্পৰ্কে সন্দেহৰ থল আছে। অনুগ্ৰহ কৰি আলোচনা পৃষ্ঠাত চাওক। এই বিতৰ্ক দুৰ নোহোৱালৈকে এই বাৰ্তা ইয়াৰ পৰা আতৰাই নিদিয়ে যেন। (14 অক্টোবৰ 2011) |
নেলীৰ হত্যাকাণ্ড[1] বুলিলে ১৯৮৩ চনত অসমৰ নগাঁও জিলাৰ নেলীত সংঘটিত হোৱা সন্দেহযুক্ত অবৈধ অনুপ্ৰৱেশকাৰীৰ হত্যাকাণ্ডক বুজায়। ১৮ ফেব্ৰুৱাৰীৰ দিনা ছঘণ্টা জুৰি চলা এই হত্যালীলাত ২,১৯১ জন লোকৰ প্ৰাণ হানি হৈছিল[2][3](বেচৰকাৰী সূত্ৰৰ মতে এই সংখ্যা প্ৰায় ৫০০০)। আক্ৰান্ত ১৪ খন গাঁও আছিল আলিসিংহ, খোলাপথাৰ, বসুন্ধাৰী, বুগডুবা বিল, বুগডুবা হাবি, বৰজলা, বুতুনী, ইন্দুৰমাৰী, মাটি পৰ্বত, মুলাধাৰী, মাটি পৰ্বত নং ৮, শিলভেটা, বৰবুৰী আৰু নেলী[4]। আক্ৰান্তসকলৰ বেছিভাগেই অসমলৈ বাংলাদেশৰ পৰা প্ৰবজন কৰা মুছলমান সম্প্ৰদায়ৰ লোক আছিল বুলি কোনো কোনো সূত্ৰই কয়।[5][6] আন কিছুমানৰ মতে সংখ্যালঘূ সম্প্ৰদায়ৰ লোকক পৰিকল্পিতভাৱে বিদেশী আখ্যা দিয়া হৈছিল।[7] সেই এলেকাদি পাৰ হৈ যোৱা সংবাদদাতাৰ এটা দল নেলীৰ হত্যাকাণ্ডৰ প্ৰত্যক্ষদৰ্শী আছিল[8]।
সূচী |
ইতিহাস [সম্পাদনা কৰক]
অতিৰিক্ত তথ্য: অসম আন্দোলন
১৯৮৩ চনত অসম আন্দোলনৰ সময়ত অনুষ্ঠিত হোৱা সাধাৰণ নিৰ্বাচনৰ ফলস্বৰূপে অসমৰ ঠায়ে ঠায়ে হিংসাত্মক ঘটনাৱলী সংঘটিত হৈছিল। নেলীৰ হত্যাকাণ্ডও আছিল ইয়াৰে অংশ। অসম আন্দোলনৰ নেতাসকলে অবৈধ অনুপ্ৰবেশকাৰীৰ নাম ভোটাৰ তালিকাৰ পৰা আঁতৰাই নিদিয়া পৰ্যন্ত নিৰ্বাচন স্থগিত ৰাখিবলৈ চৰকাৰক অনুৰোধ জনাইছিল। কিন্তু চৰকাৰে নিৰ্বাচন পাতিবলৈ সিদ্ধান্ত গ্ৰহণ কৰাত ৰাজ্যজুৰি ব্যাপক গণ-আন্দোলনৰ সূত্ৰপাত ঘটে। ১৯৮৫ চনত অসম চুক্তি স্বাক্ষৰিত হোৱাৰ পিছত এই নিৰ্বাচনৰ ফলাফলক বাতিল কৰি নতুন নিৰ্বাচন অনুষ্ঠিত হয়।
তদন্ত [সম্পাদনা কৰক]
চৰকাৰে নেলীৰ হত্যাকাণ্ডত নিহত লোকৰ পৰিয়ালক ৫,০০০ টকাকৈ সাহাৰ্য প্ৰদান কৰে। এই ঘটনাৰ তদন্ত কৰিবলৈ ত্ৰিভুৱন প্ৰসাদ টিৱাৰীৰ অধীনত গঠন কৰা "তিৱাৰী কমিচন"এ ১৯৮৫ চনত অসম চৰকাৰক ৬০০ পৃষ্ঠাজোৰা প্ৰতিবেদন দাখিল কৰে। কিন্তু হিতেশ্বৰ শইকীয়াৰ নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰে এই প্ৰতিবেদন ৰাজহুৱা নকৰিবলৈ সিদ্ধান্ত লয়। হত্যাকাণ্ডৰ পিছত ৬৮৮টা অপৰাধী গোচৰ ৰুজু কৰা হৈছিল আৰু ৩১০ জনকহে চাৰ্জশ্বীট দিয়া হৈছিল। বাকী ৩৭৮ টা গোচৰ প্ৰমাণ নোহোৱাৰ দোহাই দি বন্ধ কৰা হয়। চাৰ্জশ্বীট দিয়া ৩১০টা গোচৰো অসম চুক্তিমতে ১৯৮৫ চনত গঠিত অসম গণ পৰিষদ চৰকাৰে বাতিল কৰে[2]। নেলীৰ হত্যাকাণ্ডৰ লগত জড়িত কোনো লোকৰ সেইবাবে আজিলৈকে বিচাৰ হোৱা নাই।
আৰু চাওক [সম্পাদনা কৰক]
টোকা [সম্পাদনা কৰক]
- ↑ (Kumura 2007)
- ↑ 2.0 2.1 [1]It is 26 years since Nellie massacre:victims still await justice, আহৰণ ১১.১০.২০১১
- ↑ (Assam Tribune 2008)
- ↑ (Rehman 2006)
- ↑ (Lahkar 2008)
- ↑ Harsh Mander (December 14, 2008). "Nellie: India’s forgotten massacre". The Hindu. http://www.hindu.com/mag/2008/12/14/stories/2008121450100300.htm। আহৰণ কৰা হৈছে: June 19, 2012.
- ↑ Anju Azad and Diganta Sharma (February 21, 2009). "Who is responsible for Nellie massacre?". Twocircles.net. http://twocircles.net/2009feb20/who_responsible_nellie_massacre.html। আহৰণ কৰা হৈছে: June 19, 2012.
- ↑ (Lahkar 2008)
প্ৰসংগ [সম্পাদনা কৰক]
- Assam Tribune (2008-02-19), "’83 polls were a mistake: KPS Gill", The Assam Tribune, http://www.assamtribune.com/scripts/details.asp?id=feb1908/at02, r কৰা হৈছে: 2008-02-19
- Lahkar, Bedabrata (2008-02-18), "Recounting a Nightmare", The Assam Tribune, http://www.assamtribune.com/scripts/details.asp?id=feb1808\edit3, r কৰা হৈছে: 2008-03-24
- Gokhale, Nitin (2005-07-02), "The Simple Safety of Numbers", Tehelka, http://www.tehelka.com/story_main13.asp?filename=Ne070205The_simple.asp, r কৰা হৈছে: 2008-03-24
- "Review of the book 25 years on...Nellie still haunts" ([সংযোগবিহীন উৎস]), The Statesman, 2008-03-31, http://www.thestatesman.net/page.arcview.php?clid=14&id=224178&usrsess=1
- Gokhale, Nitin (2005-07-16), "Vote banks pay dividends", Tehelka, http://www.tehelka.com/story_main13.asp?filename=Ne071605Vote_banks.asp, r কৰা হৈছে: 2008-02-19
- Kumura, Makiko (2007-03), "The Nellie Massacre" ([সংযোগবিহীন উৎস] – Scholar search), Himal Southasian (Kathmandu) খণ্ড 20 (3), http://www.himalmag.com/2007/march/specilareport6.htm, r কৰা হৈছে: 2008-02-19[সংযোগবিহীন উৎস]
- Rehman, Teresa (2006-09-30), "Nellie Revisited: The Horror's Nagging Shadow", Tehelka, http://www.tehelka.com/story_main19.asp?filename=Ne093006the_horrors.asp, r কৰা হৈছে: 2008-02-19
- Chadha, Vivek, Low Intensity Conflicts in India. Sage Publications, 2005.
- Saksena, N.S. "Police and Politicians" in Alexander, P.J. (ed.) Policing India in the New Millennium. Allied Publishers, 2002.