নৱকান্ত বৰুৱা

অসমীয়া ৱিকিপিডিয়া -ৰ পৰা
নৱকান্ত বৰুৱা
জন্ম ১৯২৬ চন
নগাঁও, অসম
ছদ্মনাম নৱকান্ত বৰুৱা
পেচা সহিত্যিক, কবি, ঔপন্যাসিক
ভাষা অসমীয়া
ৰাষ্ট্ৰীয়তা ভাৰতীয়
নাগৰিকত্ব ভাৰতীয়
উল্লেখনীয় কৰ্মৰাজী ককাদেউতাৰ হাড়
উল্লেখযোগ্য বঁটা সাহিত্য অকাডেমি বঁটা (১৯৭৫)
অসম উপত্যকা সাহিত্য বঁটা (১৯৯৩)

নৱকান্ত বৰুৱাক আধুনিক অসমীয়া কবিতাক ঐশ্বৰ্য আৰু সুষমাৰে মণ্ডিত কৰা প্ৰজ্ঞাৰ্নব খনিকৰ বুলিব পাৰি৷ অধ্যয়নপুষ্ট মন আৰু সংবেদনশীল হৃদয়, এই দুয়োটা উপাদানেৰে পুষ্ট তেওঁৰ কবিতাবোৰে অসমীয়া আধুনিক কবিতাক এক অনন্য মাত্ৰা প্ৰদান কৰিছে৷ ব্যক্তিগত অনুভূতিৰ গভীৰতাত আৰু সমূহীয়া চিন্তাৰ বিশালতা তেওঁৰ কবিতাত দেখা পোৱা যায়৷ নগৰীয়া জীৱনৰ ক্লান্তি, নিসংগতা, জীৱনৰ সৌন্দৰ্য, প্ৰেমৰ মাধুৰী, মৃত্যু ৰহস্য আদি বিবিধ বিষয়ে তেওঁৰ কবিতাক কৰি তুলিছে অতুলনীয়৷ সুন্দৰ চিত্ৰকল্প আৰু প্ৰতীকৰ মায়াজালে তেওঁৰ কবিতাসমূহক কৰি তুলিছে অনুপম৷ তেওঁৰ কবিতাবোৰত ৰবীন্দ্ৰনাথ ঠাকুৰ, এলিয়ট, হুইটমেন, মায়কভস্কি, জীৱনানন্দ তথা খলিল জিব্ৰানকবিতাৰ প্ৰভাৱ দেখা পোৱা গ’লেও সেইবোৰত তেওঁৰ নিজস্ব স্বকীয়তা অক্ষুণ্ণ ৰখাত সফল হৈছে৷ তেওঁ সীমা দত্ত ছদ্মনামেৰেও কবিতা ৰচনা কৰিছিল৷ ধ্বংস, গ্লানি আদিৰ চিত্ৰ তেওঁৰ কবিতাত বিদ্যমান, তাৰ সমান্তৰাল ভাৱে আছে নিজে সৃষ্টি কৰি লোৱা অতৃপ্তিৰ পৰা দুপলক আঁতৰি কোনোবা শান্তিৰ মাজুলীত জিৰণী লোৱাৰ অদম্য হেঁপাহ৷ নাৰীৰ মমতা তেওঁৰ বাবে জীৱনৰ মূল্যৱান সম্পদ৷ মৃত্যুৰ সীমাৰে ঘেৰা জীৱনক সকলো দুখ আৰু ৰমণীয়তাৰে সৈতে তেওঁ বুকুৰ উম ঢালি গ্ৰহণ কৰিছে আৰু কবিতাসমূহ নিৰ্মাণ কৰিছে৷ ইয়াত নদী আছিল, পলস, এটা প্ৰেমৰ পদ্য, ৰাৱন, মহাকাব্যৰ পাণ্ডুলিপি, ক্ৰমশঃ আদি তেওঁৰ জনপ্ৰিয় কবিতাসমূহৰ দুটিমান কবিতা৷

সূচী

[সম্পাদনা কৰক] জন্ম

১৯২৬ চন নগাঁও ৷ পিতৃ নীলকান্ত বৰুৱা ৷

[সম্পাদনা কৰক] শিক্ষা

নগাঁও চৰকাৰী এম ভি হাইস্কুলৰ পৰা ১৯৪১ চনত মেট্ৰিকুলেচন পাছ৷ শান্তিনিকেতনৰ পৰা আই এ৷ ইংৰাজী অনাৰ্চসহ স্নাতক, কলিকতা বিশ্ববিদ্যালয়ৰ, আলীগড় মুছলিম বিশ্ববিদ্যালয়ৰৰ পৰা ইংৰাজীত স্নাতকোত্তৰ(১৯৫৩)৷

[সম্পাদনা কৰক] কৰ্মজীৱন

শিকোহাবাদ এ কে কলেজ, যোৰহাট জগন্নাথ বৰুৱা কলেজ, কটন কলেজত অধ্যাপনা৷

[সম্পাদনা কৰক] গ্ৰন্থৰাজী

  • কবিতা- হে অৰণ্য হে মহানগৰ(১৯৫১), যতি আৰু কেইটামান স্কেচ্ছ(১৯৬০), এটি দুটি এঘাৰটি তৰা(১৯৫৭), ৰত্নাকৰ(১৯৮৬), ৰাৱন(১৯৬৩), সূৰ্যমুখীৰ অঙ্গীকাৰ(১৯৯০), মোৰ আৰু পৃথিৱী(১৯৭৩), এখন স্বচ্ছ মুখাৰে(১৯৬০), দলঙৰ তামীঘৰা(১৯৯১), সম্ৰাট(১৯৬২)
  • উপন্যাস- কপিলীপৰীয়া সাধু(১৯৫২), ককাদেউতাৰ হাড়(১৯৭৩), গড়মা কুৱঁৰী(১৯৮০), মানুহ আটাইবোৰ দ্বীপ(১৯৮০), পটাচাৰা, অপদাৰ্থ, অহিংসাৰ জুই(অসমাপ্ত)
  • অন্যান্য গ্ৰন্থ- অসমীয়া ছন্দশিল্পৰ ভুমিকা(১৯৬২), শিয়ালী পালেগৈ ৰতনপুৰ(১৯৫৪), আখৰৰ জখলা(১৯৫৬), মনৰ খবৰ(১৯৬০), ভত ওকাৰে ভূ(১৯৬৮), জনা নজনাৰ খেল(১৯৭০)
  • অনুবাদ- এশ কবিতা, আহত মৰাল, নজৰুল ইছলামৰ কবিতা, মুক্তধাৰা, কবিৰাই কয়

গাঢ় লেখা

[সম্পাদনা কৰক] স্বীকৃতি আৰু সন্মান

[সম্পাদনা কৰক] মৃত্যু

২০০১ চন৷

[সম্পাদনা কৰক] তথ্যসংগ্ৰহ-

  • সঞ্চয়ন(ড০ মহেশ্বৰ নেওগ, পৃষ্ঠা ৪৫০)
  • অসমীয়া সাহিত্যঃ আধুনিক যুগ(পৃষ্ঠা ৯৩)
  • গৰীয়সী(মে’ ২০০৬, পৃষ্ঠা নং ৮)


ব্যক্তিগত সৰঞ্জাম
নামস্থান

বিকল্পসমূহ
কাৰ্য্যসমূহ
দিশ-নিৰ্দেশনা
সা-সঁজুলি
আন ভাষাত