নৱগ্ৰহ মন্দিৰ, গুৱাহাটী
নৱগ্ৰহ মন্দিৰ অসমৰ গুৱাহাটী মহানগৰৰ চিত্ৰাচল পাহাৰ (নৱগ্ৰহ পাহাৰ)ত থকা এক প্ৰাচীন মন্দিৰ৷ ইয়াত সূৰ্যকে ধৰি নটা গ্ৰহৰ শিলাচিহ্ন আছে৷ ইয়াত থকা বিভিন্ন গ্ৰহৰ শিলাচিহ্নবোৰ হ'ল- সূৰ্য, চন্দ্ৰ, মঙ্গল, ৰাহু, শনি, কেতু, বৃহস্পতি, বুধ আৰু শুক্ৰ৷
সূচী |
[সম্পাদনা কৰক] ইতিহাস
এই মন্দিৰ অতিকৈ প্ৰাচীন আৰু ঐতিহ্যসম্পন্ন৷ নৱগ্ৰহ মন্দিৰৰ লগত ভালেমান কিংবদন্তি আৰু জনশ্ৰুতি জড়িত হৈ আছে৷ এই মন্দিৰ কোনে কেতিয়া প্ৰতিষ্ঠা কৰিছিল তাৰ সঠিক তথ্য পাবলৈ নাই৷ এই মন্দিৰৰ প্ৰাংগণত থকা এক শিলালিপি অনুসৰি ১৭৫২ চনত আহোম স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই মন্দিৰটো ন-কৈ নিৰ্মাণ কৰোৱাইছিল বুলি জনা যায়৷ ১৮৯৭ চনত বৰ ভূঁইকঁপত এই মন্দিৰটোৰ বিস্তৰ ক্ষতি হয় আৰু পাছত ধৰ্মপ্ৰাণ ৰাইজৰ সহযোগত পুনৰ মেৰামতি কৰি নতুন কৰা হয়৷
[সম্পাদনা কৰক] মন্দিৰৰ কাৰ্যপন্থা
মন্দিৰত দৈনিক নৱগ্ৰহৰ পূজা-পাতল হোৱাৰ উপৰিও প্ৰতি বছৰে মাঘ-ফাগুনৰ সংক্ৰান্তিত মহা সমাৰোহেৰে তিনিদিনিয়াকৈ মহাযজ্ঞ অনুষ্ঠিত হয়৷ এই মন্দিৰত কোনো বলি-বিধানৰ ব্যৱস্থা নাই যদিও ছাগলী, হাঁহ, পাৰ আদি উছৰ্গা কৰাৰ উপৰি ব্যক্তিগত যাগ-যজ্ঞ হোম আদি কৰা হয়৷
[সম্পাদনা কৰক] প্ৰসঙ্গ পুথি
- বিশ্ব ঐতিহ্য, শান্তনু কৌশিক বৰুৱা
[সম্পাদনা কৰক] বৰ্হি সংযোগ
- http://www.templenet.com/Assam/navagraha.html আহৰণ কৰা তাৰিখ: ২৮ ছেপ্টেম্বৰ, ২০১১
- http://www.north-east-india.com/assam/navagraha-temple.html আহৰণ কৰা তাৰিখ: ২৮ ছেপ্টেম্বৰ, ২০১১
|
|||||