পাঠশালা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
পাঠশালা
—  নগৰ  —
পাঠশালা
পাঠশালাৰ অৱস্থান
অসম আৰু ভাৰত
স্থানাঙ্ক 26°29′58″N 91°10′45″E / 26.499382°N 91.179271°E / 26.499382; 91.179271
দেশ  ভাৰত
ৰাজ্য অসম
জিলা বজালী
জনসংখ্যা 11,242 (2011)
সময় অঞ্চল ভা.মা.স. (গ্ৰী.মা.স.+০৫:৩০)
ক'ড

পাঠশালা ভাৰতঅসম ৰাজ্যৰ বজালী জিলাৰ অন্তৰ্গত এখন নগৰ। ই বজালী জিলাৰ সদৰ ঠাই। ভ্ৰাম্যমাণৰ বাটকটীয়া আৰু নামনি অসমৰ শিক্ষাৰ প্ৰাণকেন্দ্ৰস্বৰূপ এই নগৰ।

ভৌগোলিক অৱস্থিতি[সম্পাদনা কৰক]

২৬.৫০৩১৫ ডিগ্ৰী অক্ষাংশ আৰু ৯১.১৪৯৫ ডিগ্ৰী দ্ৰাঘিমাংশত পাঠশালা নগৰ অৱস্থিত। [1]

জনগাঁঠনি[সম্পাদনা কৰক]

২০০১ চনৰ লোকপিয়ল[2] মতে পাঠশালাৰ মুঠ জনসংখ্যা ৯৬৫২জন । ইয়াৰে প্ৰায় ৫৩% পুৰুষ আৰু ৪৭% মহিলা । পাঠশালাৰ মুঠ সাক্ষৰতাৰ হাৰ প্ৰায় ৬৮%, উল্লেখ্য যে এই হাৰ ৰাজ্যৰ সাক্ষৰতাৰ হাৰ (৫৯.৫%)তকৈ বেছি । পুৰুষৰ সাক্ষৰতাৰ হাৰ ৭২% আৰু মহিলাৰ ৬১%, মুঠ জনসংখ্যাৰ প্ৰায় ৪৭% লোকৰ বয়স ৬ বছৰতকৈ কম । পাঠশালাৰ প্ৰায় ৯০% লোকেই অসমীয়া লোক; বাকীখিনি প্ৰধানতঃ বঙালী আৰু মাৰোৱাৰী সম্প্ৰদায়ৰ।

শিক্ষানুষ্ঠান, কাৰ্য্যালয় ইত্যাদি[সম্পাদনা কৰক]

বৰপেটা জিলাৰ শিক্ষাৰ অন্যতম কেন্দ্ৰস্থল পাঠশালা। ইয়াত কেইবাখনো প্ৰাথমিক, মজলীয়া বিদ্যালয় আৰু মহাবিদ্যালয়ৰ লগতে কিছুসংখ্যক ব্যক্তিগত পৰ্য্যায়ৰ বিদ্যালয় আৰু কনিষ্ঠ মহাবিদ্যালয় আছে। সেইসমূহ হৈছে:

বিদ্যালয়
  1. পাঠশালা মজলীয়া বিদ্যালয়,
  2. বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়
বিশ্ববিদ্যালয়
  1. ভট্টদেৱ বিশ্ববিদ্যালয়
মহাবিদ্যালয়
  1. পাঠশালা মহাবিদ্যালয়
ব্যক্তিগত পৰ্য্যায়ৰ বিদ্যালয় আৰু কনিষ্ঠ মহাবিদ্যালয়
  1. বজালী একাডেমী অব একচিলেঞ্চ,
  2. আনন্দৰাম বৰুৱা একাডেমী
  3. কৃষ্ণকান্ত সন্দিকৈ জুনিয়ৰ কলেজ


তাৰোপৰি পাঠশালাত কেইবাটাও চৰকাৰী কাৰ্য্যালয়, আৰক্ষী চকী আদি আছে ।

মঠ-মন্দিৰ[সম্পাদনা কৰক]

পাঠশালাৰ পৰা ৩ কিঃমিঃ নিলগত অৱষ্ঠিত পৰিহৰেশ্বৰ দেৱালয় । জনবিশ্বাস মতে, গা‍ই এজনীয়ে ঘৰত গাখীৰ খিৰাবলৈ নিদিয়ে । এদিন গৃহস্থই দেখিলে যে ওচৰৰে ঘাহনি এডৰাত তাইৰ ওহাৰৰ পৰা আপোনা-আপুনি গাখীৰ ওলায় আৰু এইটো লক্ষ্য কৰি গৃহস্থই এদিন তাত খান্দি চোৱাত তাত শিৱ মূৰ্ত্তি এটা পায় আৰু তাতেই এই মন্দিৰ প্ৰতিষ্ঠা কৰে । মন্দিৰটোৰ আন এটা বৈশিষ্ট হ'ল ওচৰৰে প্ৰায় ৩ কঠা মাটি আৱৰি থকা কেতেকী বাৰীখন ।

কলা-কৃষ্টি[সম্পাদনা কৰক]

পাঠশালা অসমৰ ভ্ৰাম্যমান থিয়েটাৰৰ জন্মস্থান। অচ্যুত লহকৰৰ প্ৰচেষ্টাত ১৯৬২ চনত নটৰাজ থিয়েটাৰ নামেৰে প্ৰথমটো ভ্ৰাম্যমান থিয়েটাৰ দলৰ জন্ম হৈছিল[3]। বৰ্তমান পাঠশালাত কহিনুৰ থিয়েটাৰ, আৱাহন থিয়েটাৰকে ধৰি কেইবাটাও ভ্ৰাম্যমান নাট্যদল আছে।


উল্লেখযোগ্য ব্যক্তি[সম্পাদনা কৰক]

তথ্য উৎস[সম্পাদনা কৰক]

  1. "whoyiz.com". Whoyiz. Archived from the original on 2016-03-04. https://web.archive.org/web/20160304235110/http://www.whoyiz.com/india/Assam/Pathsala/16715। আহৰণ কৰা হৈছে: 2012-07-11. 
  2. "Census of India 2001: Data from the 2001 Census, including cities, villages and towns (Provisional)". Census Commission of India. Archived from the original on 2004-06-16. http://web.archive.org/web/20040616075334/http://www.censusindia.net/results/town.php?stad=A&state5=999। আহৰণ কৰা হৈছে: 2008-11-01. 
  3. এলেক্স ফিগো (অনুলেখক), মহানায়ক অচ্যুত লহকৰৰ আত্মজীৱনী ভ্ৰাম্যমাণ থিয়েটাৰ, বুক ৱৰ্ল্ড পাব্লিকেশ্বন, পাঠশালা (২০১০)