পাঠশালা

অসমীয়া ৱিকিপিডিয়া -ৰ পৰা
পাঠশালা
—  নগৰ  —
পাঠশালা
পাঠশালাৰ অৱস্থান
Assam
স্থানাঙ্ক 26.499382° N 91.179271° E
দেশ  ভাৰত
ৰাজ্য Assam
জিলা বৰপেটা
জনসংখ্যা 9,652 (2001)
সময়াঞ্চল ভাৰতীয় মান সময় (গ্ৰী.মা.স. ০৫:৩০)

পাঠশালা ভাৰতঅসম ৰাজ্যৰ বৰপেটা জিলাৰ অন্তৰ্গত এখন নগৰ । ই বৰপেটা জিলাৰ বজালী মহকুমাৰ সদৰ ঠাইও ।

সূচী

[সম্পাদনা কৰক] জনগাঁঠনি

২০০১ চনৰ লোকপিয়ল[1] মতে পাঠশালাৰ মুঠ জনসংখ্যা ৯৬৫২জন । ইয়াৰে প্ৰায় ৫৩% পুৰুষ আৰু ৪৭% মহিলা । পাঠশালাৰ মুঠ সাক্ষৰতাৰ হাৰ প্ৰায় ৬৮%, উল্লেখ্য যে এই হাৰ ৰাজ্যৰ সাক্ষৰতাৰ হাৰ (৫৯.৫%)তকৈ বেছি । পুৰুষৰ সাক্ষৰতাৰ হাৰ ৭২% আৰু মহিলাৰ ৬১%, মুঠ জনসংখ্যাৰ প্ৰায় ৪৭% লোকৰ বয়স ৬ বছৰতকৈ কম । পাঠশালাৰ প্ৰায় ৯০% লোকেই অসমীয়া লোক; বাকীখিনি প্ৰধানতঃ বঙালী আৰু মাৰোৱাৰী সম্প্ৰদায়ৰ।

[সম্পাদনা কৰক] শিক্ষানুষ্ঠান, কাৰ্য্যালয় ইত্যাদি

বৰপেটা জিলাৰ শিক্ষাৰ অন্যতম কেন্দ্ৰস্থল পাঠশালা । ইয়াত কেইবাখনো প্ৰাথমিক আৰু মজলীয়া বিদ্যালয় আৰু মহাবিদ্যালয় আছে । বিদ্যালয়সমূহৰ ভিতৰত পাঠশালা মজলীয়া বিদ্যালয়, বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয় আদি উল্লেখযোগ্য । ইয়াৰে পাঠশালা মজলীয়া বিদ্যালয় এখন শতবৰ্ষ গৰকা বিদ্যালয় আৰু অতীজৰে পৰা দূৰ দূৰণিৰ ছাত্ৰ ছাত্ৰীৰ অধ্যয়নৰ কেন্দ্ৰবিন্দু হিচাপে পৰিগণিত হৈ আহিছে । ইয়াত থকা মহাবিদ্যালয় দুখন হ'ল - বজালী মহাবিদ্যালয় আৰু পাঠশালা মহাবিদ্যালয় । দুয়োখনেই বিভিন্ন ক্ষেত্ৰত পাঠশালাৰ নাম উজলাবলৈ সক্ষম হৈছে। বৰ্তমান পাঠশালাত কেইবাখনো ব্যক্তিগত পৰ্য্যায়ৰ বিদ্যালয় আৰু কনিষ্ঠ মহাবিদ্যালয় গঢ় লৈ উঠিছে । ইয়াৰ ভিতৰত বজালী একাডেমী অব একচিলেঞ্চ, আনন্দৰাম বৰুৱা একাডেমী আৰু কৃষ্ণকান্ত সন্দিকৈ জুনিয়ৰ কলেজেই উল্লেখযোগ্য ।

তাৰোপৰি পাঠশালাত কেইবাটাও চৰকাৰী কাৰ্য্যালয়, আৰক্ষী চকী আদি আছে ।

[সম্পাদনা কৰক] মঠ-মন্দিৰ

পাঠশালাৰ পৰা ৩ কিঃমিঃ নিলগত অৱষ্ঠিত পৰিহৰেশ্বৰ দেৱালয় । জনবিশ্বাস মতে, গা‍ই এজনীয়ে ঘৰত গাখীৰ খিৰাবলৈ নিদিয়ে । এদিন গৃহস্থই দেখিলে যে ওচৰৰে ঘাহনি এডৰাত তাইৰ ওহাৰৰ পৰা আপোনা-আপুনি গাখীৰ ওলায় আৰু এইটো লক্ষ্য কৰি গৃহস্থই এদিন তাত খান্দি চোৱাত তাত শিৱ মূৰ্ত্তি এটা পায় আৰু তাতেই এই মন্দিৰ প্ৰতিষ্ঠা কৰে । মন্দিৰটোৰ আন এটা বৈশিষ্ট হ'ল ওচৰৰে প্ৰায় ৩ কঠা মাটি আৱৰি থকা কেতেকী বাৰীখন ।

[সম্পাদনা কৰক] কলা-কৃষ্টি

পাঠশালা অসমৰ ভ্ৰাম্যমান থিয়েটাৰৰ জন্মস্থান। অচ্যুত লহকৰৰ প্ৰচেষ্টাত ১৯৬২ চনত নটৰাজ থিয়েটাৰ নামেৰে প্ৰথমটো ভ্ৰাম্যমান থিয়েটাৰ দলৰ জন্ম হৈছিল[2]। বৰ্তমান পাঠশালাত কহিনুৰ থিয়েটাৰ, আৱাহন থিয়েটাৰকে ধৰি কেইবাটাও ভ্ৰাম্যমান নাট্যদল আছে।


[সম্পাদনা কৰক] উল্লেখযোগ্য ব্যক্তি

[সম্পাদনা কৰক] তথ্য উৎস

  1. "Census of India 2001: Data from the 2001 Census, including cities, villages and towns (Provisional)". Census Commission of India. Archived from the original on 2004-06-16. http://web.archive.org/web/20040616075334/http://www.censusindia.net/results/town.php?stad=A&state5=999. Retrieved 2008-11-01. 
  2. এলেক্স ফিগো (অনুলেখক), মহানায়ক অচ্যুত লহকৰৰ আত্মজীৱনী ভ্ৰাম্যমাণ থিয়েটাৰ, বুক ৱৰ্ল্ড পাব্লিকেশ্বন, পাঠশালা (২০১০)
ব্যক্তিগত সৰঞ্জাম
নামস্থান

বিকল্পসমূহ
কাৰ্য্যসমূহ
দিশ-নিৰ্দেশনা
সা-সঁজুলি